১ বহাগ ১৯৪৭ শক
১৪ এপ্ৰিল ২০২৫
আ-হে’ সভাসদ
আমাৰ বিষয়ে যৎকিঞ্চিত
ভাৰতৰ এগৰাকী সচেতন নাগৰিক হিচাপে সমাজত ক্ৰমাগতভাৱে বাঢ়ি অহা অসহিষ্ণুতা আৰু ধৰ্মনিৰপেক্ষ মূল্যবোধৰ পতনত আমি সকলোৱে উদ্বিগ্ন৷ শতিকাজোৰা বৈচিত্ৰতা, বহুত্বতাবাদ, সহিষ্ণুতা আৰু ধৰ্মনিৰপেক্ষ মূল্যবোধৰ মাজেৰে গঢ়ি উঠা গৰিমাময় ‘ভাৰত ধৰাণা’ আজি আক্ৰান্ত৷ প্ৰচাৰ মাধ্যম, সাহিত্য, সংস্কৃতি, মানৱ অধিকাৰকে ধৰি সমাজ জীৱনৰ সকলো ক্ষেত্ৰই এই বিপদজনক প্যৱনতাৰ গ্ৰাসত৷ এখন অপৰিচিত ভাৰত আৰু অনিশ্চিত ভৱিষ্যতলৈ আমাক ঠেলি দিয়া হৈছে৷
এনে পৰিস্থিতিত ব্যক্তি স্বাধীনতাৰ মৌলিক অধিকাৰৰ প্ৰসাৰ আৰু সংবিধান প্ৰদত্ত গণতন্ত্ৰ, ধৰ্মনিৰপেক্ষতা আৰু সমাজতান্ত্ৰিক আদৰ্শক ৰক্ষা কৰাৰ উদ্দেশ্য সমূখত ৰাখি অসমীয়া আৰু ইংৰাজী ভাষাত দ্বিভাষিক ডিজিটেল আলোচনীখন প্ৰকাশ কৰা হৈছে৷ আলোচনীখনৰ নাম ৰখা হৈছে “আ-হে’ সভাসদ”৷ ইংৰাজীত নামাকৰণ কৰা হৈছে ‘We the People’ ৷
আমাৰ ডিজিটেল আলোচনীখনত বৰ্তমান সময়ৰ আন্তৰ্জাতিক, ৰাষ্ট্ৰীয়, অসম তথা উত্তৰ পূব ভাৰতৰ অৰ্থনীতি, ৰাজনীতি, সমাজ, সাহিত্য-সংস্কৃতি পাৰিপাৰ্শ্বিকতাৰ বিভিন্ন দিশ সামৰি লবলৈ বিচৰা হৈছে৷ ‘আ-হে সভাসদ’ত বিশুদ্ধ নিৰপেক্ষতা অৱলম্বন কৰাৰ বিপৰীতে লিখনি আৰু দৃশ্য-শ্ৰব্য মাধ্যমত যথাসম্ভৱ নিৰ্ভিকতাৰে গণতন্ত্ৰ, ধৰ্মনিৰপেক্ষতা আৰু সহিষ্ণুতাৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়োৱা হ’ব৷
“আ-হে’ সভাসদ”ৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়াইছে The Blossom নামৰ সামাজিক দিশত এটি সক্ৰিয় ন্যাসে৷ ন্যাসে শৈক্ষিক দিশত বহু গৰীৱ ছাত্ৰক সহায় কৰি তেওঁলোকক জীৱনত প্ৰতিষ্ঠা লাভত বিশেষ ভূমিকা পালন কৰি আহিছে৷ বৌদ্ধিক দিশত সমাজখন সঠিক দিশত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত ভূমিকা পালনৰ প্ৰয়াস কৰি “আ-হে’ সভাসদ”লৈ পৃষ্ঠপোষকতা আগবঢ়াইছে৷৷ ন্যাসৰ সদস্য সকল হৈছে যথাক্ৰমে শ্ৰী ৰবীন দত্ত অধ্যাপক আব্দুল মান্নান শ্ৰী আহচান হাজৰিকা আৰু শ্ৰী খনীন্দ্ৰ তালুকদাৰ৷
উপদেষ্টাঃ
ড০ হীৰেন গোহাঁই, ড০ অপূৰ্ব বৰুৱা, ড০ মনোৰমা শৰ্মা
মূখ্য সম্পাদকঃ
ড০ ইন্দ্ৰাণী দত্ত
কাৰ্যবাহী সম্পাদকঃ
মছদ্দৰ হুছেইন