Page Nav

HIDE
Monday, April 28

Pages

শেহতীয়া:
latest

Ads Place

প্ৰত্যাহ্বানৰ মুখত ‘ভাৰতৰ ধাৰণা’ (Idea of India) (শেষ খণ্ড) -শতঞ্জীৱ দাস

    -(৫)-     আনহাতে আৰু এটি দিশৰ পৰাও এই ‘ভাৰতৰ ধাৰণা’ মাৰাত্মক প্ৰত্যাহবানৰ  সন্মূখীন  সেয়া হৈছে নব্যউদাৰবাদী আৰ্থিক নীতি যি ‘জনকল্য...

 


 

-(৫)-


   

আনহাতে আৰু এটি দিশৰ পৰাও এই ‘ভাৰতৰ ধাৰণা’ মাৰাত্মক প্ৰত্যাহবানৰ সন্মূখীন সেয়া হৈছে নব্যউদাৰবাদী আৰ্থিক নীতি যি ‘জনকল্যাণমূলক ৰাষ্ট্ৰৰ [Welfare State] ধাৰণাটোকেই বিদায় দিবলৈ ওলাইছে৷ মুক্ত বজাৰ অৰ্থনীতিৰ নামত এই নীতিৰ অগ্ৰধিকাৰ হৈছে দেশী-বিদেশী বৃহৎ কৰ্পৰেট গোষ্ঠীবিলাকৰ সৰ্বাধিক মুনাফা নিশ্চিত কৰা৷ যোৱা এটা দশকত এই আৰ্থিক নীতি অত্যন্ত আক্ৰমণাত্মকভাৱে কাৰ্যকৰী কৰা হৈছে৷ বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট হৈছে,  ই বজাৰ মৌলবাদ আৰু ধৰ্মীয় মৌলবাদৰ এক বিপজ্জনক ককটেল৷ স্বাধীনতা সংগ্ৰামৰ ‘ভাৰতৰ ধাৰণা’ৰ লগত সম্পৃক্ত হৈ আছে কোটি কোটি শ্ৰমজীৱী ৰাইজৰ অৰ্থনৈতিক মুক্তিৰ প্ৰশ্নটো৷ ১৯৩১ চনতেই ভাৰতীয় জাতীয় কংগ্ৰেছৰ কৰাচী অধিৱেশনৰ জাতীয় অৰ্থনৈতিক কাৰ্যসূচী সংক্ৰান্ত প্ৰস্তাৱত কোৱা হৈছিল যে, ‘জনগণৰ ওপৰত শোষণৰ অৱসান কৰিব লাগিলে ৰাজনৈতিক স্বাধীনতাৰ অন্তৰ্ভূক্ত কৰিব লাগিব কোটি কোটি বুভুক্ষু জনগণৰ প্ৰকৃত অৰ্থনৈতিক স্বাধীনতাৰ বিষয়টো৷” আমাৰ দেশৰ সংবিধানৰ নিৰ্দেশাত্মক নীতিসমূহৰ অধ্যায়ত জনগণৰ বাবে পৰ্যাপ্ত জীৱিকা, কৰ্মসংস্থান, সামাজিক সুৰক্ষা, সমান কামৰ বাবে সমান মজুৰী ইত্যাদি নিশ্চিত কৰিবলৈ ৰাষ্ট্ৰক নিদ্দেৰ্শ দিয়া হৈছে৷ যদিও এনে নিৰ্দেশাত্মক নীতিবোৰ আইনগতভাৱে ন্যায়পালিকাৰ যোগেদি কাৰ্যকৰী কৰিব পৰা নেযায়, তথাপি এইবোৰে ৰাষ্ট্ৰৰ নীতিৰ অভিমুখ  কি হ’ব লাগে সেয়া স্থিৰ কৰি দিছে৷ দৃষ্টান্তস্বৰূপে এই অধ্যায়ৰ ৩৯ [বি] আৰ [চি] ধাৰাত দুটা গুৰুত্বপূৰ্ণ নীতিৰ বিষয়ে উল্লেখ কৰা হৈছে৷ কোৱা হৈছে,

 

“The state shall, in particular, direct its policy towards securing-

(b) that the ownership and control of the material resources of the community are so distributed as best to subserve the common good.

(c) that the operation of the economic system does not result in the concentration of wealth and means of production to the common detriment”.

 

পিছে, নব্যউদাৰবাদী আৰ্থিক নীতিৰ পৰিণতিত এক সম্পূৰ্ণ বিপৰীত চিত্ৰ আমি আজি দেখিবলৈ পাইছো৷ ৰাষ্ট্ৰই বৃহৎ কৰ্পৰেটবোৰৰ মুনাফা বৃদ্ধি কৰিবলৈ বিশাল পৰিমাণৰ জাতীয় আৰু ৰাজহুৱা সম্পদ প্ৰায় বিনামূল্য সিহঁতৰ হাতত গতাই দিব ধৰিছে৷ Common Good’ বা সামুহিক কল্যাণ নহয়, ব্যক্তিগত মুনাফাই আৰ্থিক নীতিত প্ৰাধান্য লাভ কৰিছে৷ দেখা দিছে নজিৰবিহীন আৰ্থিক বৈষম্য৷ সম্পদ, আয় আৰু উৎপাদনৰ উপায়সমূহ কেন্দ্ৰীভূত হৈছে এমুঠিমান কৰ্পৰেট তথা ধনকুবেৰৰ হাতত৷ দেশৰ আটাইতকৈ ধনী এক শতাংশ লোকে দেশৰ মুঠ সম্পদৰ ৪০ শতাংশৰো বেছি কুক্ষিগত কৰিছে আৰু আনহাতে দেশৰ জনসংখ্যাৰ ৫০ শতাংশ [যিসকলে আচলতে সম্পদ সৃষ্টি কৰে] মানুহৰ হাতত আছে মুঠ সম্পদৰ মাত্ৰ তিনি শতাংশ৷ তেনেকৈ ১৪০ কোটি মানুহৰ দেশত মাত্ৰ ১৬২ গৰাকী ধনকুবেৰে [ডলাৰ বিলিঅনেয়াৰ] মুঠ জাতীয় আয়ৰ ২৫ শতাংশ হস্তগত কৰিছে আৰু ইয়াৰ বিপৰীতে তলৰ ৫০ শতাংশ মানুহৰ হাতত আছে মুঠ আয়ৰ মাত্ৰ ১৫ শতাংশ [সূত্ৰঃ অক্সফাম]৷ এনে চৰম আৰ্থিক বৈষম্য দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি ভাবুকিস্বৰূপ হৈ পৰিছে৷ সংবিধান সভাত সমাপ্তি ভাষণত ডবি. আৰ. আম্বেদকাৰে এটি সতৰ্কবাৰ্তা উচ্চাৰণ কৰিছিল৷ তেওঁ কৈছিল, “১৯৫০ৰ ২৬ জানুৱাৰীত আমি এক দ্বন্দ্ব-বিৰোধৰ জীৱনত প্ৰৱেশ কৰিবলৈ ওলাইছো৷ ৰাজনীতিত আমি লাভ কৰিম সমতা আৰু সামাজিক-অৰ্থনৈতিক জীৱনত বৈষম্য৷ ৰাজনীতিত আমি এক ব্যক্তি, এক ভোট আৰু প্ৰতিটো ভোটৰ সমান মূল্যৰ নীতি স্বীকাৰ কৰিম৷ আনহাতে বৰ্তমানৰ আৰ্থ সামাজিক ব্যৱস্থাৰ কাৰণে আমাৰ সামাজিক-অৰ্থনৈতিক জীৱনত আমি এক ব্যক্তি, এক মূল্যৰ নীতিক অস্বীকাৰ কৰি যাম৷ কিমান দিন আমি এই দ্বন্দ্ব-বিৰোধৰ জীৱনযাপন কৰিম?  কিমান দিনলৈকে আমি আমাৰ সামাজিক-অৰ্থনৈতিক জীৱনত সমতাৰ নীতিক অস্বীকাৰ কৰিম? যদি দীৰ্ঘদিন আমি এই নীতিক অস্বীকাৰ কৰোঁ তেনেহলে আমাৰ ৰাজনৈতিক গণতন্ত্ৰকেই আমি বিপদাপন্ন কৰি তুলিম৷”

 

আজি সেইটোৱেই হ’বলৈ গৈছে৷ বৃহৎ কৰ্প’ৰেট-বান্ধৱ আৰ্থিক নীতিয়ে গণতান্ত্ৰিক কাঠামোৰ গৰাখহনীয়া কৰিবলৈ ধৰিছে৷ ‘হিন্দুত্ব’বাদী মতাদৰ্শৰ দৰে বৃহৎ কৰ্পৰেটবিলাকো ভাৰতৰ বৈচিত্ৰ্যৰ বিৰোধী৷ এইবিলাকে বিচাৰে এটি ‘হোমোজেনাচ’ বা সমধৰ্মী বজাৰ৷ সেয়েহে নিজস্ব শ্ৰেণীস্বাৰ্থত বৃহৎ কৰ্পৰেটবিলাক হৈছে এককেন্দ্ৰিক ৰাষ্ট˜ব্যৱস্থাৰ পক্ষপাতী আৰু যুক্তৰাষ্ট্ৰীয়তাৰ নীতিৰ বিৰোধী৷ এই ক্ষেত্ৰত কৰ্প’ৰেটতন্ত্ৰ আৰু হিন্দুত্ববাদী শিবিৰৰ মাজত বিৰাজ কৰিছে এক অবিচ্ছেদ্য বান্ধোন৷ আনহাতে কৰ্প’ৰেটতন্ত্ৰয়ো নিজৰ মুনাফা আৰু শোষণৰ স্বাৰ্থত বিচাৰে এক বিভাজিত জনসমষ্টি, যিটো হিন্দুত্ববাদী শিবিৰৰ সাম্প্ৰদায়িক আৰু ভেদবাদী কৰ্মপন্থাই বাস্তৱ কৰি তোলে৷ সেয়েহে এই দুটাই হৈছে আমাৰ মহান স্বাধীনতা সংগ্ৰাম আৰু সংবিধানৰ ‘ভাৰতৰ ধাৰণা’ৰ বাবে অত্যন্ত বিপদজনক৷ সেয়েহে এই ‘ভাৰতৰ ধাৰণা’ক ৰক্ষা কৰিবলৈ হ’লে হিন্দুত্ববাদৰ সাম্প্ৰদায়িক মতাদৰ্শৰ বিৰুদ্ধে সংগ্ৰামক নব্যউদাৰবাদী আৰ্থিক নীতি আৰু কৰ্প’ৰেটতন্ত্ৰৰ বিৰুদ্ধে চলা সংগ্ৰামৰ লগত যুক্ত কৰিব লাগিব৷ নান্যঃ পন্থা৷

No comments

Latest Articles