শতঞ্জীৱ দাস -(১)- ভাৰতবৰ্ষ মাত্ৰ এখন দেশ নহয়৷ ই এক মহাদেশ৷ সুপ্ৰাচীন ইয়াৰ সভ্যতা৷ পিছে, এই সভ্যতাৰ মৰ্মবাণী হৈছে গ্ৰহণ, -বৰ্জন নহয়৷ ৰবীন্দ্ৰ...
শতঞ্জীৱ দাস
-(১)-
ভাৰতবৰ্ষ মাত্ৰ এখন দেশ নহয়৷ ই এক মহাদেশ৷ সুপ্ৰাচীন ইয়াৰ সভ্যতা৷ পিছে, এই সভ্যতাৰ মৰ্মবাণী হৈছে গ্ৰহণ, -বৰ্জন নহয়৷ ৰবীন্দ্ৰনাথ ঠাকুৰে ‘ভাৰতবৰ্ষৰ ইতিহাস’ শীৰ্ষক নিৱন্ধত লিখিছে, “ঐক্যমূলক যি সভ্যতা মানৱজাতিৰ চৰম সভ্যতা, ভাৰতবৰ্ষই চিৰদিন ধৰি বিচিত্ৰ উপকৰণেৰে ইয়াৰ ভেটি নিৰ্মাণ কৰি আহিছে৷ পৰ বুলি সি কাকো দূৰ কৰি দিয়া নাই, অনাৰ্য বুলি সি কাকো বহিষ্কৃত কৰা নাই, অসংগত বুলি সি কাকো উপহাস কৰা নাই৷ ভাৰতবৰ্ষই সকলো গ্ৰহণ কৰিছে, সকলো স্বীকাৰ কৰি লৈছে৷” আজিৰ সময়ত এই কথাখিনি পূৰ্বতকৈ বহু বেছি প্ৰাসঙ্গিক হৈ পৰিছে৷ কাৰণ আজি ‘ভাৰতীয় সভ্যতা’ আৰু ‘ঐতিহ্য’ ৰক্ষাৰ নামত বৰ্তমানৰ শাসকবৃন্দৰ পৃষ্ঠপোষকতাত কিছুমান উগ্ৰ সংকীৰ্ণতাবাদী ধৰ্মান্ধ শক্তিয়ে ভাৰতীয় সভ্যতাৰ এই মৰ্মবাণীক মছি দিব বিচাৰিছে৷ ইতিহাসৰ বহু যুগ ধৰি অনেক সভ্যতা আৰু সংস্কৃতিৰ সংমিশ্ৰণ আৰু মিলনৰ মাজেদিয়েই ভাৰতীয় সভ্যতা আৰু সংস্কৃতি গঢ় লৈ উঠিছে আৰু বিকশিত হৈছে৷ যুগ যুগ ধৰি বহু মানুহৰ ধাৰা আহি ভাৰতীয় সত্তাত বিলীন হৈ গৈছে৷ এই ঐতিহাসিক প্ৰক্ৰিয়াৰ বাস্তৱতাক বিশ্বকবিয়ে তেওঁৰ অনুপম অভিব্যক্তিৰে ‘ভাৰততীৰ্থ’ কবিতাত লিখি থৈ গৈছে৷‘কেহ নাহি জানে কাৰ আহবানে কত মানুষেৰ ধাৰা
দুৰ্বাৰ স্ৰোতে এল কোথা হতে, সমুদ্ৰে হল হাৰা৷
হেথায় আৰ্য, হেথা অনাৰ্য, হেথায় দ্ৰাবিড় চীন-
শক-হুন-দল পাঠান মোগল এক দেহে হল লীন৷”
অথবা একেই কথা বিখ্যাত উৰ্দু কবি ফিৰাখ গোৰখপুৰীৰ [আচল নাম ৰঘুপতি সহায়] ভাষাত:
‘চৰ-জমীন-এ-হিন্দ পৰ অকোৱাম-এ-আলম কে ফিৰাখ
কাফিলে বচতে গয়ে, হিন্দোস্তা বনতা গয়া৷’
(On the Soil of Hindusthan, oh Firaq
Caravans from all over the world kept coming
And so was Hindusthan Built)
ভাৰতীয় সভ্যতা-সংস্কৃতিৰ জন্ম আৰু বিকাশত অনাৰ্য, দ্ৰাবিড় আৰু জনজাতি সকলৰ অৱদান যেনেকৈ আছে, ঠিক তেনেকৈ এটি নিৰ্দিষ্ট ঐতিহাসিক কালপৰ্বত বাহিৰৰ পৰা অহা আৰ্য, শক, হুন, তুৰ্কী, পাঠান, মোগল ইত্যাদিৰো প্ৰভূত অৱদান আছে৷ এওঁলোকৰ কাকো বাদ দি ভাৰতীয় সভ্যতা-সংস্কৃতিৰ কথা ভাৱিবই নোৱাৰোঁ৷ স্বনামধন্য জ্ঞানপীঠ বঁটা বিজয়ী কানাড়ী সাহিত্যিক শিৱৰাম কাৰান্থে খুব প্ৰাঞ্জলভাৱে লিখিছে–
“Indian culture today is so varied as to be called ‘cultures’. The roots of this culture go back to ancient times; and it was developed through contact with many races and peoples. Hence among its many ingredients, it is impossible to say surely what is native and what is alien, What is borrowed out of love and what has been imposed by force. If we view Indian Culture thus, we realise that there is no place for chauvinism”.
ভাৰতীয় সভ্যতা আৰু সংস্কৃতি আবহমান কাল ধৰি বহু জাতি-জনগোষ্ঠী-ধৰ্মাৱলম্বী মানুহৰ মিলন আৰু সংমিশ্ৰণৰ মাজেদি গঢ়ি উঠিছে৷ ইয়াত জাতি-দম্ভ বা উগ্ৰজাতীয়তাৰ [যিটো আজিৰ শাসকদল আৰু তেওঁলোকৰ মতাদৰ্শৰ অনুগামীসকলে অহৰ্নিশে প্ৰকাশ কৰি থাকে] কোনো স্থান নাই৷ প্ৰাচীন যুগৰ পৰা আৰম্ভ কৰি আজিলৈকে ভাৰতবৰ্ষৰ অন্তৰ্নিহিত সত্য আৰু বাস্তৱতা হৈছে, ‘বৈচিত্ৰ্যৰ মাজত ঐক্য’৷ এনেকুৱা বৈচিত্ৰ্য বোধকৰো বিশ্বৰ অইন কোনো দেশতেই নাই৷ এইখন দেশত সাংবিধানিক স্বীকৃতি প্ৰাপ্ত ভাষাই হৈছে ২২ টা, কিন্তু চৰকাৰী তথ্য মতেই মুঠ প্ৰচলিত ভাষাৰ সংখ্যা হৈছে ১৬১৮ টা৷ সামাজিক বৰ্ণৰ সংখ্যা হৈছে ৬৪০০ টা৷ ছ’টা মুখ্য ধৰ্ম আছে, যাৰ ভিতৰত চাৰিটাৰ উদ্ভৱ হৈছে এই দেশৰ মাটিতেই৷ কমপক্ষেও ২৯ টা প্ৰধান ধৰ্মীয় উৎসৱ পালিত হয় এইখন দেশত৷ নৃতাত্বিকভাৱে চিহ্নিত ৬ টা পৃথক গোষ্ঠীৰ দেশ এই ভাৰতবৰ্ষ৷ এনে বহুধা বৈচিত্ৰ্যক স্বীকাৰ আৰু উদ্যাপন কৰাৰ মাজেদিয়েই ভাৰতীয় ঐক্যৰ ধাৰণা গঢ়ি উঠিছে৷
(২)
এনে ঐক্য আৰু ভাৰতীয়ত্বৰ ধাৰণাক সংহত আৰু সুদৃঢ় কৰিছে আমাৰ দেশৰ শতিকাজোৰা বৃটিছ ঔপনিৱেশিক আৰু সাম্ৰাজ্যবাদ বিৰোধী স্বাধীনতা সংগ্ৰামে৷ এই সংগ্ৰাম আছিল বিংশ শতিকাৰ বৃহত্তম গণ আন্দোলন৷ স্বাধীনতা সংগ্ৰামেই ভাৰতীয় জাতীয়তাবাদক গঢ় দিছিল আৰু বিকশিত কৰিছিল৷ এই জাতীয়তাবাদ হৈছে গ্ৰহণমূলক বা ‘ইনক্লুচিভ’, -বৰ্জনমূলক বা ‘এক্সক্লুজিভ’ নহয়৷ ভাৰতবৰ্ষৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত যিসকলে বসবাস কৰে, জাতি-ধৰ্ম-ভাষা-বৰ্ণ-অঞ্চল নিৰ্বিশেষে তেওঁলোক ভাৰতীয় আৰু নাগৰিক হিচাবে তেওঁলোকৰ মৰ্যাদা আৰু অধিকাৰ সমান৷ এনে ভাৰতীয় জাতীয়তাবাদৰ লগত সমান্তৰালভাৱে স্বাধীনতা সংগ্ৰামে গঢ় দিছে ভাষাভিত্তিক জাতিসত্তা আৰু জাতীয়তাবাদ৷ সৰ্বভাৰতীয় চেতনাৰ সমান্তৰালকৈ অসমীয়া, বাঙালী, গুজৰাটী, তামিল, মালায়লী, উৰিয়া, কানাড়ী, মাৰাঠি ইত্যাদি ভাষিক জাতীয়তাবাদী চেতনাও এই সময়তে জাগ্ৰত হয়৷ এই দুই বিধৰ চেতনা আৰু সত্তাৰ সমন্বয় সাধন কৰিবলৈ স্বাধীনতা আন্দোলনেই ভাষাভিত্তিক ৰাজ্য আৰু যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ ধাৰণা সৃষ্টি কৰে৷ ইতিহাসৰ পাত লুটিয়ালে দেখা যায় যে ১৯২০ চনৰ ডিচেম্বৰত নাগপুৰত অনুষ্ঠিত বৰ্ধিত অধিৱেশনত ভাৰতীয় জাতীয় কংগ্ৰেছে ভাষাৰ ভিত্তিত ৰাজ্য গঠণৰ প্ৰস্তাৱ গ্ৰহণ কৰে আৰু কংগ্ৰেছৰ সংবিধানতো এই নীতি সন্নিৱিষ্ট কৰে৷ কোৱা বাহুল্য যে সেই সময়ত বৃটিছ শাসকবৰ্গই সিহঁতৰ ঔপনিৱেশিক শোষণ-শাসনৰ স্বাৰ্থত ভাৰতক ভাগ কৰিছিল বিভিন্ন প্ৰশাসনিক এলেকাত, যিবোৰ আছিল বহুভাষিক৷ ১৯৪২ চনৰ বিখ্যাত ‘কুইট ইণ্ডিয়া’ প্ৰস্তাৱত ভাৰতীয় জাতীয় কংগ্ৰেছে স্বাধীন ভাৰতৰ সংবিধানৰ কাঠামো সম্পৰ্কে উল্লেখ কৰিবলৈ গৈ যুক্তৰাষ্ট্ৰীয়তাৰ নীতি আৰু ৰাজ্যবিলাকৰ অটোনমিৰ বিষয়টোক উৰ্ধত তুলি ধৰে৷ প্ৰস্তাৱটোত কোৱা হয় যে, “This constitution, According to the Congress view should be a federal one, with the largest measure of autonomy for the federating units and with the residuary power vested in the states”.
স্বাধীনতা সংগ্ৰামৰ এই আকাংক্ষাই পৰৱৰ্তীকালত অভিব্যক্তি লাভ কৰে স্বাধীন ভাৰতৰ সংবিধানত৷ ভাষাভিত্তিক ৰাজ্যগঠণ আৰু এইবিলাকৰ অটোনমিৰ প্ৰস্তাৱে এই বাস্তৱতাকেই তুলি ধৰে যে ভাৰতবৰ্ষ হৈছে এটি বহুভাষিক, বহুজাতিক, বহুসাংস্কৃতিক দেশ আৰু ইয়াৰ অঙ্গৰাজ্যবিলাকৰ বিকাশৰ প্ৰশ্নৰ লগত সাঙোৰ খাই আছে বিভিন্ন জাতি-জনগোষ্ঠীৰ সমমৰ্যাদা, সমানাধিকাৰ আৰু সমবিকাশৰ গুৰুত্বপূৰ্ণ প্ৰশ্নটো৷ এনে সমবিকাশ সুনিশ্চিত কৰিব পাৰে একমাত্ৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আৰু গাঁথনিয়ে৷ সেয়েহে বহুজাতিক, বহুভাষিক, বহুসাংস্কৃতিক, বহুধৰ্মীয় বিশাল বৈচিত্ৰময় এই দেশখনৰ ‘বৈচিত্ৰ্যৰ মাজত ঐক্য’ ৰক্ষা আৰু সুদৃঢ় কৰাৰ একমাত্ৰ ৰক্ষাকবচ হৈছে যুক্তৰাষ্ট্ৰীয়তা আৰু ধৰ্মনিৰপেক্ষতাৰ নীতি৷ এইবোৰৰ কোনো বিকল্প নাই৷ ভাৰতীয় গণতন্ত্ৰৰো এই দুটাই হৈছে মূল চাবিকাঠি৷
ধৰ্মনিৰপেক্ষতাৰ নীতিৰো নানা ধৰণৰ অপব্যাখ্যা আজিৰ ৰজাঘৰীয়া মহলে আগবঢ়ায়৷ পিছে, ধৰ্মনিৰপেক্ষতাৰ নীতিৰ মূল কথাটো হৈছে যে ধৰ্ম নাগৰিকৰ ব্যক্তিগত বিশ্বাসৰ বিষয়৷ কিন্তু ৰাষ্ট˜, প্ৰশাসন বা সমাজে ধৰ্মৰ ভিত্তিত কোনো নাগৰিকক বৈষম্য বা বঞ্চিত কৰা নচলিব৷ এজন নাগৰিকৰ যেনেকৈ নিজৰ বিশ্বাস অনুযায়ী ধৰ্মানুসৰণ কৰাৰ মৌলিক অধিকাৰ আছে তেনেকৈ ৰাষ্ট, প্ৰশাসন ইত্যাদি হ’ব লাগিব ধৰ্মনিৰপেক্ষ৷ এইটোৱেই হৈছে এটি আধুনিক গণতান্ত্ৰিক ৰাষ্ট্ৰৰ মৌলিক চৰ্ত৷ স্বাধীন ভাৰতবৰ্ষই ধৰ্মনিৰপেক্ষতাৰ পথ গ্ৰহণ কৰিছিল এই কাৰণেই যে আমাৰ ঔপনিৱেশিক শাসন-শোষণ বিৰোধী জাতীয় মুক্তি আন্দোলনৰ লক্ষ্যয়েই আছিল, ঔপনিৱেশিক শাসনৰ পৰা মুক্ত এনে এখন ৰাষ্ট্ৰ নিৰ্মাণ কৰা য’ত নাগৰিকসকল হ’ব স্বাধীন আৰু সমমৰ্যাদা সম্পন্ন৷ ধৰ্মনিৰপেক্ষতা আৰু গণতন্ত্ৰ হৈছে যমজ ভ্ৰাতৃ৷ কোনো ধৰ্মক বিশেষ মৰ্যাদা প্ৰদান নকৰি ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ এখনে গণতন্ত্ৰৰ বাট মুকলি কৰে৷ ভাৰতবৰ্ষৰ দৰে এখন বৈচিত্ৰ্যময় বহুধৰ্মাৱলম্বী মানুহৰ দেশত গণতন্ত্ৰ আৰু জাতীয় ঐক্য-সংহতিৰ বাবে ধৰ্মনিৰপেক্ষতাৰ নীতিৰ কোনো বিকল্প হ’ব নোৱাৰে৷ ‘বৈচিত্ৰ্যৰ মাজত ঐক্য’ৰ যি মহান ধাৰা ভাৰতবৰ্ষত নিৰন্তৰ প্ৰবহমান আছিল, তাকেই আমাৰ স্বাধীনতা সংগ্ৰামে নতুন ৰূপত দৃঢ়তৰ কৰিছে৷
(মুঠ পাঁচ খণ্ডৰ নিৱন্ধটো তিনিটা ভাগত প্ৰকাশ কৰা হ’ব৷ পৰৱৰ্তী ভাগ কাইলৈ প্ৰকাশ কৰা হ’ব)
No comments