শতঞ্জীৱ দাস -(৩)- স্বাধীনতা আন্দোলনৰ এই ‘ভাৰতৰ ধাৰণা’ৰেই অভিব্যক্তি ঘটিছে আমাৰ দেশৰ সংবিধানত৷ সেয়েহে ধৰ্মনিৰপেক্ষতা , যুক্তৰাষ্ট্ৰীয়...
শতঞ্জীৱ দাস
-(৩)-
স্বাধীনতা আন্দোলনৰ এই ‘ভাৰতৰ ধাৰণা’ৰেই অভিব্যক্তি ঘটিছে আমাৰ দেশৰ সংবিধানত৷ সেয়েহে ধৰ্মনিৰপেক্ষতা, যুক্তৰাষ্ট্ৰীয়তা, প্ৰজাতান্ত্ৰিক গণতন্ত্ৰ, ইত্যাদিক সংবিধান আৰু ভাৰত ৰাষ্ট্ৰৰ অপৰিবৰ্তনীয় মৌলিক বৈশিষ্ট্য হিচাবে দেশৰ সৰ্ব্বোচ্চ ন্যায়ালয়ে বাৰেপতি চিহ্নিত কৰিছে৷ সংবিধানৰ প্ৰথম অনুচ্ছেদৰ প্ৰথম শাৰীতেই ভাৰতবৰ্ষৰ বৈচিত্ৰ্যক স্বীকাৰ কৰি কোৱা হৈছে, ‘India, that is Bharath, Shall be a Union of States’৷ অৰ্থাৎ ভাৰত হৈছে ৰাজ্যবিলাকৰ যুক্তৰা্ষ্ট্ৰ৷ সংবিধানে সপ্তম অনুসূচীৰ যোগেদি তিনিখন তালিকা প্ৰস্তুত কৰি কেন্দ্ৰ, ৰাজ্য আৰু যৌথ তালিকাৰ অন্তৰ্ভূক্ত বিষয়বোৰ বান্ধি দিয়ে৷ আনহাতে সংবিধানৰ চৈধ্যৰ পৰা উনৈশ নম্বৰ ধাৰাবিলাকত ধৰ্মনিৰপেক্ষতাৰ নীতি উৰ্ধত তুলি ধৰে আৰু ধৰ্ম, জাতি, লিঙ্গ, বৰ্ণ ইত্যাদিৰ ভিত্তিত নাগৰিকসকলৰ ওপৰত কৰা সকলো ধৰণৰ বৈষম্যক নিষিদ্ধ কৰে৷ অৰ্থাৎ এক কথাত সংবিধানে স্বাধীনতা আন্দোলনৰ ‘ভাৰত-ভাৱনা’ক আনুষ্ঠানিক ৰূপ দিছে৷
-(৪)-
কিন্তু আজি এই ‘ভাৰতৰ ধাৰণা’ বৰ্তমান শাসকবৰ্গ আৰু তেওঁলোকৰ ‘হিন্দুত্ববাদী’ মতাদৰ্শৰ পৰা এক মাৰাত্মক প্ৰত্যাহবানৰ সন্মুখীন হৈছে৷ এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে হিন্দু ধৰ্ম আৰু হিন্দুত্ববাদ একে নহয়৷ এই কথাটো ‘হিন্দুত্ববাদ’ৰ আদি প্ৰৱক্তা বিনায়ক দামোদৰ চাভাৰকাৰে তেখেতৰ লিখিনিত লিখি থৈ গৈছে৷ ‘হিন্দুত্ব’ বা ‘হিন্দুত্ববাদ’ হৈছে এটি চৰম সোঁপন্থী ৰাজনৈতিক আঁচনি যাৰ অন্তিম লক্ষ্য হৈছে ভাৰতবৰ্ষৰ বুকুত ‘হিন্দুৰাষ্ট্ৰ’ৰ নামত এটি মধ্যযুগীয় বৰ্ণাশ্ৰম প্ৰথা ভিত্তিক স্বৈৰতান্ত্ৰিক ধৰ্মীয় ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা৷ ইয়াৰ আহিলা হৈছে পৰধৰ্মবিদ্বেষ আৰু সাম্প্ৰদায়িক ৰাজনীতি৷ ‘হিন্দুত্ব’ৰ মতাদৰ্শই ধৰ্মৰ ভিত্তিত জাতি, ৰাষ্ট্ৰ আৰু সভ্যতাক সংজ্ঞায়িত কৰে৷ এই মতাদৰ্শৰ প্ৰৱক্তাসকলে ভাৰতৰ বৈচিত্ৰ্যক স্বীকাৰ নকৰে আৰু ভাৰতীয় সভ্যতাক ‘হিন্দু’ সভ্যতা হিচাবে উপস্থাপন কৰিব বিচাৰে৷ অথচ ‘হিন্দু’ শব্দটোৰ উৎপত্তিৰ লগত ধৰ্মৰ কোনো সম্পৰ্ক নাই৷ এই শব্দটোৰ উদ্ভৱ হৈছে সিন্ধু শব্দৰ পৰা, যাৰ অৱবাহিকাই ধাৰণ কৰিছিল খ্ৰীষ্টপূৰ্ব তিনি হেজাৰ বছৰ আগৰ বিকশিত সিন্ধু সভ্যতাক৷ প্ৰাচীন গ্ৰীক আৰু পাৰস্যবাসীসকলে সিন্ধু নদীৰ সিপাৰৰ [অৰ্থাৎ ভাৰতবৰ্ষৰ মানুহক ‘হিন্দু’ আখ্যা দিছিল৷ বিশ্ববিখ্যাত বুদ্ধিজীৱী ড॰ অমৰ্ত্য সেনে লিখিছে, “এটা সময়ত ভাৰতৰ মুছলমানসকলকো ‘হিন্দভী’ মুছলমান বুলি কোৱা হৈছিল আৰবী আৰু ফাৰ্চী ভাষাত৷ বৃটিছ ৰাজত্বৰ প্ৰথম যুগৰ নথিপত্ৰত ‘হিন্দু মুছলমান’ আৰু হিন্দু খ্ৰীষ্টান’ আদিৰ প্ৰচুৰ উল্লেখ আছে৷ ইয়াৰ উদ্দেশ্য আছিল তেওঁলোকৰ বৈশিষ্ট্যৰ লগত ভাৰতৰ বাহিৰৰ বসবাসকাৰী মুছলমান আৰু খ্ৰীষ্টানসকলৰ পাৰ্থক্য সূচিত কৰা৷” পিছে, ‘হিন্দুত্ব’বাদী শিৱিৰে ভাৰতীয় সভ্যতাক ‘হিন্দু’ সভ্যতা হিচাবে তুলি ধৰিবলৈ ইতিহাস বিকৃতিৰ আশ্ৰয় লৈছে৷ বাহিৰৰ পৰা অহা আৰ্যক খিলঞ্জীয়া বনাইছে আৰু ভাৰতৰ আদিবাসীসকলক ‘বনবাসী’ আখ্যা দিছে৷ ‘হিন্দুত্ব’ৰ তত্ত্বই ভাৰতীয় সভ্যতাৰ সমন্বয় আৰু মিলনমুখী ঐতিহ্যক অস্বীকাৰ কৰে৷ এই তত্ত্বৰ অনুগামী সংগঠণবোৰে, সেয়া হিন্দু মহাসভা বা আৰ এছ এছেই হওঁক, তেওঁলোকে ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ বিপৰীত মেৰুত অৱস্থান কৰিছিল৷ যিসময়ত আসমুদ্ৰ হিমাচলত জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে ভাৰতবাসী ঐক্যৱদ্ধ হৈছিল উমৈহতীয়া শত্ৰু বৃটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে, সেই সময়তে এওঁলোকে মুছলমান, খ্ৰীষ্টানৰ দৰে অইন ধৰ্মাৱলম্বী ভাৰতবাসীক শত্ৰু হিচাবে চিহ্নিত কৰিছিল৷ গতিকে স্বাধীনতা সংগ্ৰামে যি ঐক্যমূলক বা ‘ইনক্লুচিভ’ ভাৰতৰ ধাৰণাৰ জন্ম দিছিল তাৰ পৰা বহু লক্ষ যোজন দূৰত তেওঁলোকৰ অৱস্থান৷ আৰ এছ এছ-ৰ ‘গুৰু’ গোলৱালকাৰে ১৯৩৯ চনত প্ৰকাশিত তেওঁৰ ‘উই অ’ৰ আৱাৰ নেচনহুড ডিফাইনড’ নামৰ গ্ৰন্থখনত লিখিছে, “আমাৰ জাতিগত ধাৰণা’ৰ গুৰিত যি ভৌগোলিক জাতীয়তাবাদ আৰু উমৈহতীয়া বিপদৰ তত্ত্ব ৰৈ আছে, সি প্ৰকৃত হিন্দু জাতিত্বৰ ইতিবাচক আৰু প্ৰেৰণাদায়ক মৰ্মবস্তুৰ পৰা আমাক বঞ্চিত কৰিছে৷ এই তত্ত্বই স্বাধীনতাৰ আন্দোলনক বৃটিছ-বিৰোধী আন্দোলনত পৰিণত কৰিছে৷ বৃটিছ-বিৰোধীতাৰ লগত দেশপ্ৰেম আৰু জাতীয়তাবাদক সমাৰ্থক কৰি চোৱা হৈছে৷ আমাৰ স্বাধীনতা সংগ্ৰামৰ সমগ্ৰ ধাৰা, ইয়াৰ নেতৃবৃন্দ আৰু সাধাৰণ ৰাইজৰ ওপৰত এই প্ৰতিক্ৰিয়াশীল মতৰ প্ৰভাৱ হৈছে সৰ্বনশীয়া৷” মন্তব্য নিষ্প্ৰয়োজন৷
‘হিন্দুত্ববাদী’ শিৱিৰে ইছলাম ধৰ্মাৱলম্বী সকলক শত্ৰু হিচাবে থিয় কৰাবলৈ মোগল সাম্ৰাজ্যক বিদেশী লুণ্ঠনকাৰী হিচাবে চিহ্নিত কৰিছে আৰু এতিয়া ভাৰতবৰ্ষৰ ইতিহাসৰ পৰা মোগল সাম্ৰাজ্যৰ কালচোৱা সম্পূৰ্ণৰূপে বাদ দিয়াৰ ব্যৱস্থা কৰিছে৷ আমাৰ প্ৰধানমন্ত্ৰীয়ে বিভিন্ন সময়ত ‘এহেজাৰ বছৰৰ গোলামীৰ’ কথা কৈ থাকে৷ অথচ বাবৰে মোগল সাম্ৰাজ্যৰ সূত্ৰপাত কৰাৰ পিছত মোগলসকল আৰু নিজ দেশলৈ কাহানিও ঘূৰি যোৱা নাই৷ ভাৰতবৰ্ষকেই নিজৰ স্বদেশ বুলি আকোঁৱালি লৈছিল৷ ভাৰতীয় স্থাপত্য, চিত্ৰকলা, সংগীত, শিল্প-সংস্কৃতিৰ বিভিন্ন দিশকে ধৰি অৰ্থনীতিতো মোগল সাম্ৰাজ্য আৰু মোগলসকলৰ অনন্য অৱদান আছে৷ এই প্ৰসংগত হিন্দু ধৰ্মৰ বিশিষ্ট দাৰ্শনিক ঋষি অৰবিন্দৰ মন্তব্য প্ৰণিধানযোগ্য৷ মোগল সাম্ৰাজ্য সম্পৰ্কে তেওঁ লিখিছে, ‘মুছলমান আধিপত্য শীঘ্ৰেই বিদেশী শাসনৰ ভূমিকা পৰিত্যাগ কৰিছিল....... মোগল সাম্ৰাজ্য প্ৰতিষ্ঠিত হৈছিল এটি মহান আৰু অপূৰ্ব সুন্দৰ নিৰ্মাণ ৰূপে৷ উচ্চ মাৰ্গৰ ৰাজনৈতিক মেধা আৰু প্ৰতিভা সেই সাম্ৰাজ্যৰ সৃজন আৰু ৰক্ষণাবেক্ষণৰ লগত যুক্ত আছিল৷ সেই নিৰ্মাণ এপিনে আছিল আকৰ্ষণীয়, শক্তিশালী আৰু উপকাৰী আৰু আনপিনে, যি অতিৰিক্তভাৱে কোৱা প্ৰয়োজন, সেয়া হৈছে ঔৰঙ্গজেবৰ ধৰ্মীয় উন্মাদনাক অতিক্ৰম কৰি সেই সাম্ৰাজ্য আছিল মধ্যযুগৰ বা তৎকালীন ইউৰোপৰ যিকোনো ৰাজ্য বা সাম্ৰাজ্যৰ তুলনাত বহু বেছি উদাৰ আৰু সহিষ্ণু [সূত্ৰঃ দি স্পিৰিট এণ্ড ফৰ্ম অৱ ইণ্ডিয়ান পলিটি- শ্ৰী অৰবিন্দ৷ যিসময়ত [১৬০০ খ্ৰীষ্টাব্দ] বৃটেনে বিশ্বৰ মুঠ ঘৰুৱা উৎপাদনৰ [জি ডি পি] মাত্ৰ ১.৮ শতাংশ সৃষ্টি কৰিছিল, সেই সময়ত মোগল শাসনাধীন ভাৰতে উৎপাদন কৰিছিল বিশ্ব জি ডি পিৰ ২২.৫ শতাংশ৷ প্ৰখ্যাত শিক্ষাবিদ ক্ষীতিমোহন সেনৰ [এসময়ত বিশ্বভাৰতীৰ উপাচাৰ্য আৰু ড॰ অমৰ্ত্য সেনৰ প্ৰপিতামহ] ভাষাত ভাৰত হৈছে হিন্দু-মুছলমানৰ মিলিত সাধনাৰ ফচল৷ তেওঁ লিখিছে, “ভাৰতত যেতিয়া হিন্দু আৰু মুছলমানৰ সাধনাৰ মিলন ঘটিছে তেতিয়াই নানা ঐশ্বৰ্য সৃষ্টি হৈছে৷ যেতিয়াই এই দুয়োৰ মাজত বিচ্ছেদ আৰু বিৰোধ ঘটিছে তেতিয়াই কেৱল প্ৰলয় আৰু সৰ্বনাশ আহিছে৷” সেই একেই কথা হিন্দু ধৰ্মৰ প্ৰচাৰক স্বামী বিবেকানন্দয়ো কৈ গৈছে৷ ১৮৯৮ চনত তেওঁৰ এগৰাকী বন্ধুলৈ লিখা পত্ৰ এখনত বিবেকানন্দই লিখিছিল, “আমাৰ নিজৰ মাতৃভূমিৰ বাবে হিন্দু আৰু ইছলাম ধৰ্মৰূপী এই দুই মহান মতৰ সমন্বয়েই হৈছে একমাত্ৰ আশা৷” এনে সমন্বয়মুখী চিন্তাৰ কোনো স্থান ‘হিন্দুত্ব’বাদী সকলৰ অভিধানত নাই৷
ধৰ্মৰ ভিত্তিত জাতি আৰু ৰাষ্ট্ৰ গঠণৰ এক ইতিহাসবিৰোধী, বিদ্বেষধৰ্মী,
অবাস্তৱ
তত্ত্বৰ প্ৰৱক্তা আৰু অনুগামী হোৱা হেতুকে ‘হিন্দুত্ববাদী’ শিবিৰ ভাষাভিত্তিক
ৰাজ্য আৰু যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰো দুৰ্ঘোৰ বিৰোধী৷ তেওঁলোক এককেন্দ্ৰিক ৰাষ্ট্ৰ ব্যৱস্থাৰ প্ৰৱক্তা৷ তেওঁলোকৰ শ্ল’গান হৈছে,
‘এক
ৰাষ্ট্ৰ, এক দেশ, এক সংস্কৃতি, এক ধৰ্ম’ অথবা স্থুলভাৱে হিন্দি-হিন্দু-হিন্দুস্থান৷ অৰ্থাৎ এক কথাত তেওঁলোকে
ভাৰতীয় সমাজৰ বৈচিত্ৰ্যক স্বীকাৰ নকৰে৷ প্ৰায় তিনি দশক পূৰ্বে আৰ এছ এছৰ তদানীন্তন
সৰসংঘচালক [১৯৯৪-২০০০] ৰাজেন্দ্ৰ সিঙে এক সাক্ষাতকাৰত কৈছিল যে, ‘চৰকাৰী
দলিলবিলাকত ভাৰতবৰ্ষৰ সংস্কৃতিক সংমিশ্ৰিত সংস্কৃতি [Composite Culture] বুলি
কোৱা হয়৷ কিন্তু আমাৰ সংস্কৃতি কোনোপধ্যেই সংমিশ্ৰিত সংস্কৃতি হ’ব নোৱাৰে৷
সংস্কৃতি কাপোৰ পিন্ধা বা ভাষা কোৱাৰ দৰে বিষয় নহয় [সূত্ৰঃ ইণ্ডিয়ান এক্সপ্ৰেছ ১৪
জানুৱাৰী, ১৯৯৩]৷ সেয়েহে হিন্দুত্ববাদীসকল ‘ভাৰতৰ-ধাৰণা’ৰ দুটা মৌলিক উপাদান
যুক্তৰাষ্ট্ৰীয়তা আৰু ধৰ্মনিৰপেক্ষতাৰ চৰম বিৰোধী৷ যোৱা এঘাৰ বছৰত আমি প্ৰত্যক্ষ
কৰিছো কি ধৰণে এই দুটা উপাদান প্ৰচণ্ড মাধমাৰৰ চিকাৰ হৈছে৷ অথচ এই দুয়োটা হৈছে
ভাৰতীয় গণতন্ত্ৰৰ দুটা লাইখুটা৷ পূৰ্বতেই উল্লেখ কৰিছো যে ভাৰতৰ সংবিধানৰ
অপৰিবৰ্তনীয় মৌলিক বৈশিষ্ট্য বিলাকৰ অন্যতম হৈছে যুক্তৰাষ্ট্ৰীয়তা, ধৰ্মনিৰপেক্ষতা
আৰু গণতন্ত্ৰ৷ হিন্দুত্ববাদী শিৱিৰৰ লগত সেয়েহে ভাৰতৰ প্ৰজাতান্ত্ৰিক সংবিধানৰ
বিৰোধ মৌলিক৷ আৰম্ভণিৰ পৰাই তেওঁলোকে এই সংবিধানৰ বিৰোধীতা কৰিছে৷ সংবিধানখন গৃহীত
হৈছিল ১৯৪৯ চনৰ ২৬ নৱেম্বৰত৷ ইয়াৰ চাৰিদিনৰ মূৰত ৩০ নৱেম্বৰত আৰ এছ এছে ইয়াৰ
মুখপত্ৰ ‘অৰ্গানাইজাৰ’ত এটি নিৱন্ধেৰে সংবিধানৰ তীব্ৰ বিৰোধিতা কৰিছিল৷ লিখিছিল, “The worst thing about the new
constitution of Bharath is that there is nothing Bharatiya about it. … In our constitution there is no mention
of the unique constitutional development in ancient Bharat. Manu’s laws were written long before Lycurgus of Sparta or Solon of
Persia, To these days these laws as enunciated
in Manusmriti excite the admiration of the world and elicit spontaneous
obedience and conformity. But to our constitutional Pundits that means
nothing.”
অৰ্থাৎ আৰ এছ আছ আৰু হিন্দুত্ববাদী শিৱিৰৰ মতে দেশৰ সংবিধান হ’ব লাগে ‘মনুস্মৃতি’ৰ ভিত্তিত৷ ই সৰ্বজনবিদিত যে ‘মনুস্মৃতি’ৰ বিধান হৈছে এখন বৰ্ণাশ্ৰমভিত্তিক সমাজ আৰু ৰাষ্ট্ৰ, য’ত থাকিব উচ্চ বৰ্ণৰ আধিপত্য আৰু শূদ্ৰ আৰু মহিলাসকল বঞ্চিত হ’ব সকলো অধিকাৰৰ পৰা৷ জাতপাতৰ বৈষম্যপীড়িত আৰু সমাজৰ সিংহভাগ মানুহৰ গোলামীৰ ওপৰত প্ৰতিষ্ঠিত এনে এখন সমাজৰ লগত আমাৰ মহান স্বাধীনতা সংগ্ৰামৰ ‘ভাৰতৰ ধাৰণা’ৰ মৌলিক বিৰোধ আছে৷ দুয়োৰে অৱস্থান দুই বিপৰীত মেৰুত৷ সেয়েহে আমাৰ দেশৰ সংবিধানৰ মুখ্য স্থপতি বাবাসাহেব আম্বেদকাৰে এটা সময়ত মনুস্মৃতি-দাহ অভিযান সংগঠিত কৰিছিল৷ দুৰ্ভাগ্যক্ৰমে আজি মনুস্মৃতিৰ সমৰ্থক সকলেই দেশৰ ৰাজনৈতিক ক্ষমতা দখল কৰিছে৷ সেয়েহে স্বাধীনতা সংগ্ৰামৰ ‘ভাৰতৰ ধাৰণা’ তথা গণতান্ত্ৰিক প্ৰমূল্যসমূহ আজি সন্মুখীন হৈছে এক ভয়ংকৰ প্ৰত্যাহবানৰ৷ বিপন্ন হৈ পৰিছে দেশৰ প্ৰজাতান্ত্ৰিক সংবিধান৷ গণতান্ত্ৰিক আৰু দেশপ্ৰেমিক ভাৰতীয়সকলৰ ঐক্যৱদ্ধ আৰু শক্তিশালী হস্তক্ষেপেই মাথোন ৰক্ষা কৰিব পাৰে আমাৰ সংবিধান আৰু ‘ভাৰতৰ ধাৰণা’৷
এটা সময়ত মনুস্মৃতি-দাহ অভিযান সংগঠিত কৰিছিল৷ দুৰ্ভাগ্যক্ৰমে আজি
মনুস্মৃতিৰ সমৰ্থকসকলেই দেশৰ ৰাজনৈতিক ক্ষমতা দখল কৰিছে৷ সেয়েহে স্বাধীনতা
সংগ্ৰামৰ ‘ভাৰত-ভাৱনা’ তথা গণতান্ত্ৰিক প্ৰমূল্যসমূহ আজি সন্মুখীন হৈছে এক ভয়ংকৰ
প্ৰত্যাহবানৰ৷ বিপন্ন হৈ পৰিছে দেশৰ প্ৰজাতান্ত্ৰিক সংবিধান৷ গণতান্ত্ৰিক আৰু
দেশপ্ৰেমিক ভাৰতীয় সকলৰ ঐক্যৱদ্ধ আৰু শক্তিশালী হস্তক্ষেপেই মাথোন ৰক্ষা কৰিব পাৰে
আমাৰ সংবিধান আৰু ‘ভাৰতৰ ধাৰণা’৷
(মুঠ পাঁচ খণ্ডৰ নিৱন্ধটো তিনিটা ভাগত প্ৰকাশ কৰা হৈছে৷ পৰৱৰ্তী তথা
শেষৰ অংশ কাইলৈ প্ৰকাশ কৰা হ’ব)
স্বাধীনতা আন্দোলনৰ এই ‘ভাৰতৰ ধাৰণা’ৰেই অভিব্যক্তি ঘটিছে আমাৰ দেশৰ
সংবিধানত৷ সেয়েহে ধৰ্মনিৰপেক্ষতা, যুক্তৰাষ্ট্ৰীয়তা, প্ৰজাতান্ত্ৰিক
গণতন্ত্ৰ, ইত্যাদিক সংবিধান আৰু ভাৰত ৰাষ্ট্ৰৰ অপৰিবৰ্তনীয় মৌলিক বৈশিষ্ট্য
হিচাবে দেশৰ সৰ্ব্বোচ্চ ন্যায়ালয়ে বাৰেপতি চিহ্নিত কৰিছে৷ সংবিধানৰ প্ৰথম
অনুচ্ছেদৰ প্ৰথম শাৰীতেই ভাৰতবৰ্ষৰ বৈচিত্ৰ্যক স্বীকাৰ কৰি কোৱা হৈছে,
‘India, that is Bharath, Shall be a Union of States’৷ অৰ্থাৎ ভাৰত
হৈছে ৰাজ্যবিলাকৰ যুক্তৰা্ষ্ট্ৰ৷ সংবিধানে সপ্তম অনুসূচীৰ যোগেদি তিনিখন তালিকা
প্ৰস্তুত কৰি কেন্দ্ৰ, ৰাজ্য আৰু যৌথ তালিকাৰ অন্তৰ্ভূক্ত বিষয়বোৰ বান্ধি দিয়ে৷ আনহাতে
সংবিধানৰ চৈধ্যৰ পৰা উনৈশ নম্বৰ ধাৰাবিলাকত ধৰ্মনিৰপেক্ষতাৰ নীতি উৰ্ধত তুলি ধৰে
আৰু ধৰ্ম, জাতি, লিঙ্গ, বৰ্ণ ইত্যাদিৰ ভিত্তিত নাগৰিকসকলৰ ওপৰত কৰা সকলো ধৰণৰ বৈষম্যক
নিষিদ্ধ কৰে৷ অৰ্থাৎ এক কথাত সংবিধানে স্বাধীনতা আন্দোলনৰ ‘ভাৰত-ভাৱনা’ক আনুষ্ঠানিক
ৰূপ দিছে৷
-(৪)-
কিন্তু আজি এই ‘ভাৰতৰ ধাৰণা’ বৰ্তমান শাসকবৰ্গ আৰু তেওঁলোকৰ
‘হিন্দুত্ববাদী’ মতাদৰ্শৰ পৰা এক মাৰাত্মক প্ৰত্যাহবানৰ সন্মুখীন হৈছে৷ এইখিনিতে
উল্লেখ কৰা প্ৰয়োজন যে হিন্দু ধৰ্ম আৰু হিন্দুত্ববাদ একে নহয়৷ এই কথাটো
‘হিন্দুত্ববাদ’ৰ আদি প্ৰৱক্তা বিনায়ক দামোদৰ চাভাৰকাৰে তেখেতৰ লিখিনিত লিখি থৈ
গৈছে৷ ‘হিন্দুত্ব’ বা ‘হিন্দুত্ববাদ’ হৈছে এটি চৰম সোঁপন্থী ৰাজনৈতিক আঁচনি যাৰ
অন্তিম লক্ষ্য হৈছে ভাৰতবৰ্ষৰ বুকুত ‘হিন্দুৰাষ্ট্ৰ’ৰ নামত এটি
মধ্যযুগীয় বৰ্ণাশ্ৰম প্ৰথা ভিত্তিক স্বৈৰতান্ত্ৰিক ধৰ্মীয় ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা৷
ইয়াৰ আহিলা হৈছে পৰধৰ্মবিদ্বেষ আৰু সাম্প্ৰদায়িক ৰাজনীতি৷ ‘হিন্দুত্ব’ৰ মতাদৰ্শই
ধৰ্মৰ ভিত্তিত জাতি, ৰাষ্ট্ৰ আৰু সভ্যতাক সংজ্ঞায়িত কৰে৷ এই মতাদৰ্শৰ
প্ৰৱক্তাসকলে ভাৰতৰ বৈচিত্ৰ্যক স্বীকাৰ নকৰে আৰু ভাৰতীয় সভ্যতাক ‘হিন্দু’ সভ্যতা
হিচাবে উপস্থাপন কৰিব বিচাৰে৷ অথচ ‘হিন্দু’ শব্দটোৰ উৎপত্তিৰ লগত ধৰ্মৰ কোনো
সম্পৰ্ক নাই৷ এই শব্দটোৰ উদ্ভৱ হৈছে সিন্ধু শব্দৰ পৰা, যাৰ অৱবাহিকাই
ধাৰণ কৰিছিল খ্ৰীষ্টপূৰ্ব তিনি হেজাৰ বছৰ আগৰ বিকশিত সিন্ধু সভ্যতাক৷ প্ৰাচীন
গ্ৰীক আৰু পাৰস্যবাসীসকলে সিন্ধু নদীৰ সিপাৰৰ [অৰ্থাৎ ভাৰতবৰ্ষৰ মানুহক ‘হিন্দু’
আখ্যা দিছিল৷ বিশ্ববিখ্যাত বুদ্ধিজীৱী ড॰ অমৰ্ত্য
সেনে লিখিছে, “এটা সময়ত ভাৰতৰ মুছলমানসকলকো ‘হিন্দভী’ মুছলমান বুলি কোৱা হৈছিল আৰবী
আৰু ফাৰ্চী ভাষাত৷ বৃটিছ ৰাজত্বৰ প্ৰথম যুগৰ নথিপত্ৰত ‘হিন্দু মুছলমান’ আৰু হিন্দু
খ্ৰীষ্টান’ আদিৰ প্ৰচুৰ উল্লেখ আছে৷ ইয়াৰ উদ্দেশ্য আছিল তেওঁলোকৰ বৈশিষ্ট্যৰ লগত
ভাৰতৰ বাহিৰৰ বসবাসকাৰী মুছলমান আৰু খ্ৰীষ্টানসকলৰ পাৰ্থক্য সূচিত কৰা৷” পিছে,
‘হিন্দুত্ব’বাদী
শিৱিৰে ভাৰতীয় সভ্যতাক ‘হিন্দু’ সভ্যতা হিচাবে তুলি ধৰিবলৈ ইতিহাস বিকৃতিৰ আশ্ৰয়
লৈছে৷ বাহিৰৰ পৰা অহা আৰ্যক খিলঞ্জীয়া বনাইছে আৰু ভাৰতৰ আদিবাসীসকলক ‘বনবাসী’
আখ্যা দিছে৷ ‘হিন্দুত্ব’ৰ তত্ত্বই ভাৰতীয় সভ্যতাৰ সমন্বয় আৰু মিলনমুখী ঐতিহ্যক
অস্বীকাৰ কৰে৷ এই তত্ত্বৰ অনুগামী সংগঠণবোৰে, সেয়া হিন্দু মহাসভা বা আৰ এছ এছেই হওঁক,
তেওঁলোকে ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ বিপৰীত
মেৰুত অৱস্থান কৰিছিল৷ যিসময়ত আসমুদ্ৰ হিমাচলত জাতি, ধৰ্ম, ভাষা,
বৰ্ণ
নিৰ্বিশেষে ভাৰতবাসী ঐক্যৱদ্ধ হৈছিল উমৈহতীয়া শত্ৰু বৃটিছ ঔপনিৱেশিক শাসনৰ
বিৰুদ্ধে, সেই সময়তে
এওঁলোকে মুছলমান, খ্ৰীষ্টানৰ দৰে অইন ধৰ্মাৱলম্বী ভাৰতবাসীক শত্ৰু হিচাবে চিহ্নিত
কৰিছিল৷ গতিকে স্বাধীনতা সংগ্ৰামে যি ঐক্যমূলক বা ‘ইনক্লুচিভ’ ভাৰতৰ ধাৰণাৰ জন্ম
দিছিল তাৰ পৰা বহু লক্ষ যোজন দূৰত তেওঁলোকৰ অৱস্থান৷ আৰ এছ এছ-ৰ ‘গুৰু’ গোলৱালকাৰে
১৯৩৯ চনত প্ৰকাশিত তেওঁৰ ‘উই অ’ৰ
আৱাৰ নেচনহুড ডিফাইনড’ নামৰ গ্ৰন্থখনত লিখিছে, “আমাৰ জাতিগত ধাৰণা’ৰ গুৰিত যি ভৌগোলিক
জাতীয়তাবাদ আৰু উমৈহতীয়া বিপদৰ তত্ত্ব ৰৈ আছে, সি প্ৰকৃত হিন্দু জাতিত্বৰ ইতিবাচক আৰু
প্ৰেৰণাদায়ক মৰ্মবস্তুৰ পৰা আমাক বঞ্চিত কৰিছে৷ এই তত্ত্বই স্বাধীনতাৰ আন্দোলনক
বৃটিছ-বিৰোধী আন্দোলনত পৰিণত কৰিছে৷ বৃটিছ-বিৰোধীতাৰ লগত দেশপ্ৰেম আৰু জাতীয়তাবাদক
সমাৰ্থক কৰি চোৱা হৈছে৷ আমাৰ স্বাধীনতা সংগ্ৰামৰ সমগ্ৰ ধাৰা, ইয়াৰ
নেতৃবৃন্দ আৰু সাধাৰণ ৰাইজৰ ওপৰত এই প্ৰতিক্ৰিয়াশীল মতৰ প্ৰভাৱ হৈছে সৰ্বনশীয়া৷”
মন্তব্য নিষ্প্ৰয়োজন৷
‘হিন্দুত্ববাদী’ শিৱিৰে ইছলাম ধৰ্মাৱলম্বী সকলক শত্ৰু হিচাবে থিয়
কৰাবলৈ মোগল সাম্ৰাজ্যক বিদেশী লুণ্ঠনকাৰী হিচাবে চিহ্নিত কৰিছে আৰু এতিয়া
ভাৰতবৰ্ষৰ ইতিহাসৰ পৰা মোগল সাম্ৰাজ্যৰ কালচোৱা সম্পূৰ্ণৰূপে বাদ দিয়াৰ ব্যৱস্থা
কৰিছে৷ আমাৰ প্ৰধানমন্ত্ৰীয়ে বিভিন্ন সময়ত ‘এহেজাৰ বছৰৰ গোলামীৰ’ কথা কৈ থাকে৷ অথচ
বাবৰে মোগল সাম্ৰাজ্যৰ সূত্ৰপাত কৰাৰ পিছত মোগলসকল আৰু নিজ দেশলৈ কাহানিও ঘূৰি
যোৱা নাই৷ ভাৰতবৰ্ষকেই নিজৰ স্বদেশ বুলি আকোঁৱালি লৈছিল৷ ভাৰতীয় স্থাপত্য, চিত্ৰকলা,
সংগীত,
শিল্প-সংস্কৃতিৰ
বিভিন্ন দিশকে ধৰি অৰ্থনীতিতো মোগল সাম্ৰাজ্য আৰু মোগলসকলৰ অনন্য অৱদান আছে৷ এই
প্ৰসংগত হিন্দু ধৰ্মৰ বিশিষ্ট দাৰ্শনিক ঋষি অৰবিন্দৰ মন্তব্য প্ৰণিধানযোগ্য৷ মোগল
সাম্ৰাজ্য সম্পৰ্কে তেওঁ লিখিছে, ‘মুছলমান আধিপত্য শীঘ্ৰেই বিদেশী শাসনৰ
ভূমিকা পৰিত্যাগ কৰিছিল....... মোগল সাম্ৰাজ্য প্ৰতিষ্ঠিত হৈছিল এটি মহান আৰু
অপূৰ্ব সুন্দৰ নিৰ্মাণ ৰূপে৷ উচ্চ মাৰ্গৰ ৰাজনৈতিক মেধা আৰু প্ৰতিভা সেই
সাম্ৰাজ্যৰ সৃজন আৰু ৰক্ষণাবেক্ষণৰ লগত যুক্ত আছিল৷ সেই নিৰ্মাণ এপিনে আছিল
আকৰ্ষণীয়, শক্তিশালী আৰু উপকাৰী আৰু আনপিনে, যি অতিৰিক্তভাৱে
কোৱা প্ৰয়োজন, সেয়া হৈছে ঔৰঙ্গজেবৰ ধৰ্মীয় উন্মাদনাক অতিক্ৰম কৰি সেই সাম্ৰাজ্য
আছিল মধ্যযুগৰ বা তৎকালীন ইউৰোপৰ যিকোনো ৰাজ্য বা সাম্ৰাজ্যৰ তুলনাত বহু বেছি উদাৰ
আৰু সহিষ্ণু [সূত্ৰঃ দি স্পিৰিট এণ্ড ফৰ্ম অৱ ইণ্ডিয়ান পলিটি- শ্ৰী অৰবিন্দ৷
যিসময়ত [১৬০০ খ্ৰীষ্টাব্দ] বৃটেনে বিশ্বৰ মুঠ ঘৰুৱা উৎপাদনৰ [জি ডি পি] মাত্ৰ ১.৮
শতাংশ সৃষ্টি কৰিছিল, সেই সময়ত মোগল শাসনাধীন ভাৰতে উৎপাদন কৰিছিল বিশ্ব জি ডি পিৰ ২২.৫
শতাংশ৷ প্ৰখ্যাত শিক্ষাবিদ ক্ষীতিমোহন সেনৰ [এসময়ত বিশ্বভাৰতীৰ উপাচাৰ্য আৰু ড॰ অমৰ্ত্য সেনৰ প্ৰপিতামহ] ভাষাত ভাৰত হৈছে
হিন্দু-মুছলমানৰ মিলিত সাধনাৰ ফচল৷ তেওঁ লিখিছে, “ভাৰতত যেতিয়া হিন্দু আৰু মুছলমানৰ সাধনাৰ
মিলন ঘটিছে তেতিয়াই নানা ঐশ্বৰ্য সৃষ্টি হৈছে৷ যেতিয়াই এই দুয়োৰ মাজত বিচ্ছেদ আৰু
বিৰোধ ঘটিছে তেতিয়াই কেৱল প্ৰলয় আৰু সৰ্বনাশ আহিছে৷” সেই একেই কথা হিন্দু ধৰ্মৰ
প্ৰচাৰক স্বামী বিবেকানন্দয়ো কৈ গৈছে৷ ১৮৯৮ চনত তেওঁৰ এগৰাকী বন্ধুলৈ লিখা পত্ৰ
এখনত বিবেকানন্দই লিখিছিল, “আমাৰ নিজৰ মাতৃভূমিৰ বাবে হিন্দু আৰু ইছলাম ধৰ্মৰূপী এই দুই মহান মতৰ
সমন্বয়েই হৈছে একমাত্ৰ আশা৷” এনে সমন্বয়মুখী চিন্তাৰ কোনো স্থান ‘হিন্দুত্ব’বাদী
সকলৰ অভিধানত নাই৷
ধৰ্মৰ ভিত্তিত জাতি আৰু ৰাষ্ট্ৰ গঠণৰ এক ইতিহাসবিৰোধী, বিদ্বেষধৰ্মী,
অবাস্তৱ
তত্ত্বৰ প্ৰৱক্তা আৰু অনুগামী হোৱা হেতুকে ‘হিন্দুত্ববাদী’ শিবিৰ ভাষাভিত্তিক
ৰাজ্য আৰু যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰো দুৰ্ঘোৰ বিৰোধী৷ তেওঁলোক এককেন্দ্ৰিক ৰাষ্ট্ৰ ব্যৱস্থাৰ প্ৰৱক্তা৷ তেওঁলোকৰ শ্ল’গান হৈছে,
‘এক
ৰাষ্ট্ৰ, এক দেশ, এক সংস্কৃতি, এক ধৰ্ম’ অথবা স্থুলভাৱে হিন্দি-হিন্দু-হিন্দুস্থান৷ অৰ্থাৎ এক কথাত তেওঁলোকে
ভাৰতীয় সমাজৰ বৈচিত্ৰ্যক স্বীকাৰ নকৰে৷ প্ৰায় তিনি দশক পূৰ্বে আৰ এছ এছৰ তদানীন্তন
সৰসংঘচালক [১৯৯৪-২০০০] ৰাজেন্দ্ৰ সিঙে এক সাক্ষাতকাৰত কৈছিল যে, ‘চৰকাৰী
দলিলবিলাকত ভাৰতবৰ্ষৰ সংস্কৃতিক সংমিশ্ৰিত সংস্কৃতি [Composite Culture] বুলি
কোৱা হয়৷ কিন্তু আমাৰ সংস্কৃতি কোনোপধ্যেই সংমিশ্ৰিত সংস্কৃতি হ’ব নোৱাৰে৷
সংস্কৃতি কাপোৰ পিন্ধা বা ভাষা কোৱাৰ দৰে বিষয় নহয় [সূত্ৰঃ ইণ্ডিয়ান এক্সপ্ৰেছ ১৪
জানুৱাৰী, ১৯৯৩]৷ সেয়েহে হিন্দুত্ববাদীসকল ‘ভাৰতৰ-ধাৰণা’ৰ দুটা মৌলিক উপাদান
যুক্তৰাষ্ট্ৰীয়তা আৰু ধৰ্মনিৰপেক্ষতাৰ চৰম বিৰোধী৷ যোৱা এঘাৰ বছৰত আমি প্ৰত্যক্ষ
কৰিছো কি ধৰণে এই দুটা উপাদান প্ৰচণ্ড মাধমাৰৰ চিকাৰ হৈছে৷ অথচ এই দুয়োটা হৈছে
ভাৰতীয় গণতন্ত্ৰৰ দুটা লাইখুটা৷ পূৰ্বতেই উল্লেখ কৰিছো যে ভাৰতৰ সংবিধানৰ
অপৰিবৰ্তনীয় মৌলিক বৈশিষ্ট্য বিলাকৰ অন্যতম হৈছে যুক্তৰাষ্ট্ৰীয়তা, ধৰ্মনিৰপেক্ষতা
আৰু গণতন্ত্ৰ৷ হিন্দুত্ববাদী শিৱিৰৰ লগত সেয়েহে ভাৰতৰ প্ৰজাতান্ত্ৰিক সংবিধানৰ
বিৰোধ মৌলিক৷ আৰম্ভণিৰ পৰাই তেওঁলোকে এই সংবিধানৰ বিৰোধীতা কৰিছে৷ সংবিধানখন গৃহীত
হৈছিল ১৯৪৯ চনৰ ২৬ নৱেম্বৰত৷ ইয়াৰ চাৰিদিনৰ মূৰত ৩০ নৱেম্বৰত আৰ এছ এছে ইয়াৰ
মুখপত্ৰ ‘অৰ্গানাইজাৰ’ত এটি নিৱন্ধেৰে সংবিধানৰ তীব্ৰ বিৰোধিতা কৰিছিল৷ লিখিছিল, “The worst thing about the new
constitution of Bharath is that there is nothing Bharatiya about it. … In our constitution there is no mention
of the unique constitutional development in ancient Bharat. Manu’s laws were written long before Lycurgus of Sparta or Solon of
Persia, To these days these laws as enunciated
in Manusmriti excite the admiration of the world and elicit spontaneous
obedience and conformity. But to our constitutional Pundits that means
nothing.”
অৰ্থাৎ আৰ এছ আছ আৰু হিন্দুত্ববাদী শিৱিৰৰ মতে দেশৰ সংবিধান হ’ব লাগে
‘মনুস্মৃতি’ৰ ভিত্তিত৷ ই সৰ্বজনবিদিত যে ‘মনুস্মৃতি’ৰ বিধান হৈছে এখন
বৰ্ণাশ্ৰমভিত্তিক সমাজ আৰু ৰাষ্ট্ৰ, য’ত
থাকিব উচ্চ বৰ্ণৰ আধিপত্য আৰু শূদ্ৰ আৰু মহিলাসকল বঞ্চিত হ’ব সকলো অধিকাৰৰ পৰা৷
জাতপাতৰ বৈষম্যপীড়িত আৰু সমাজৰ সিংহভাগ মানুহৰ গোলামীৰ ওপৰত প্ৰতিষ্ঠিত এনে এখন
সমাজৰ লগত আমাৰ মহান স্বাধীনতা সংগ্ৰামৰ ‘ভাৰতৰ ধাৰণা’ৰ মৌলিক বিৰোধ আছে৷ দুয়োৰে
অৱস্থান দুই বিপৰীত মেৰুত৷ সেয়েহে আমাৰ দেশৰ সংবিধানৰ মুখ্য স্থপতি বাবাসাহেব
আম্বেদকাৰে এটা সময়ত মনুস্মৃতি-দাহ অভিযান সংগঠিত কৰিছিল৷ দুৰ্ভাগ্যক্ৰমে আজি
মনুস্মৃতিৰ সমৰ্থক সকলেই দেশৰ ৰাজনৈতিক ক্ষমতা দখল কৰিছে৷ সেয়েহে স্বাধীনতা
সংগ্ৰামৰ ‘ভাৰতৰ ধাৰণা’ তথা গণতান্ত্ৰিক প্ৰমূল্যসমূহ আজি সন্মুখীন হৈছে এক ভয়ংকৰ
প্ৰত্যাহবানৰ৷ বিপন্ন হৈ পৰিছে দেশৰ প্ৰজাতান্ত্ৰিক সংবিধান৷ গণতান্ত্ৰিক আৰু
দেশপ্ৰেমিক ভাৰতীয়সকলৰ ঐক্যৱদ্ধ আৰু শক্তিশালী হস্তক্ষেপেই মাথোন ৰক্ষা কৰিব পাৰে
আমাৰ সংবিধান আৰু ‘ভাৰতৰ ধাৰণা’৷
এটা সময়ত মনুস্মৃতি-দাহ অভিযান সংগঠিত কৰিছিল৷ দুৰ্ভাগ্যক্ৰমে আজি
মনুস্মৃতিৰ সমৰ্থকসকলেই দেশৰ ৰাজনৈতিক ক্ষমতা দখল কৰিছে৷ সেয়েহে স্বাধীনতা
সংগ্ৰামৰ ‘ভাৰত-ভাৱনা’ তথা গণতান্ত্ৰিক প্ৰমূল্যসমূহ আজি সন্মুখীন হৈছে এক ভয়ংকৰ
প্ৰত্যাহবানৰ৷ বিপন্ন হৈ পৰিছে দেশৰ প্ৰজাতান্ত্ৰিক সংবিধান৷ গণতান্ত্ৰিক আৰু
দেশপ্ৰেমিক ভাৰতীয় সকলৰ ঐক্যৱদ্ধ আৰু শক্তিশালী হস্তক্ষেপেই মাথোন ৰক্ষা কৰিব পাৰে
আমাৰ সংবিধান আৰু ‘ভাৰতৰ ধাৰণা’৷
(মুঠ পাঁচ খণ্ডৰ নিৱন্ধটো তিনিটা ভাগত প্ৰকাশ কৰা হৈছে৷ পৰৱৰ্তী তথা
শেষৰ অংশ কাইলৈ প্ৰকাশ কৰা হ’ব)
No comments