Page Nav

HIDE

শেহতীয়া:

latest

Ads Place

এজন প্ৰান্তিক লোকৰ স্মৃতি ৰোমন্থন

আব্দুল মান্নান মই এজন প্ৰান্তিক লোক। স্মৃতি ৰোমন্থন কৰাৰ ক্ষমতা বা ধৃষ্টতা মোৰ নাই বুলি স্বীকাৰ কৰি এই লেখাটো পাঠকলৈ আগবঢ়ালো।  অবিভক্ত নগাঁ...

আব্দুল মান্নান


মই এজন প্ৰান্তিক লোক। স্মৃতি ৰোমন্থন কৰাৰ ক্ষমতা বা ধৃষ্টতা মোৰ নাই বুলি স্বীকাৰ কৰি এই লেখাটো পাঠকলৈ আগবঢ়ালো। 

অবিভক্ত নগাঁও জিলাৰ দক্ষিণাঞ্চলৰ এখন সৰু গাঁও লংকা (বৰ্তমান এখন ডাঙৰ বাণিজ্যিক চহৰ)ত মোৰ জন্ম৷ ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC-1951)ত মোৰ নাম আছে, বয়স দেখুওৱা হৈছে ৩ বছৰ৷ সেই মতে ১৯৪৮ চনৰ কোনোবা এটা মাহৰ কোনোবা এটা দিনত মোৰ জন্ম৷ আম্মাৰ মুখৰ পৰা শুনিছো দেশ স্বাধীন হোৱাৰ দেড়বছৰমান পিছত মোৰ জন্ম৷ আমি পিতা আৰু আইক আব্বা আৰু আম্মা বুলি মাতো৷ সম্বোধন দুটা খুব ভাল লাগে৷ মোৰ তলৰ ভাইটি মোতকৈ তিনি বছৰৰ সৰু৷ তাৰ জন্ম ১৯৫১ চনৰ আগষ্ট মাহৰ ২১ তাৰিখে৷ সেই মতেও মোৰ জন্ম ১৯৪৮ ৰ শেষৰ বা ১৯৪৯ৰ প্ৰথমৰ ভাগত হ’ব৷ ভাইটিৰ জন্মৰ এদিন আগতে আমাৰ গাঁৱৰে তাৰ প্ৰিয় বন্ধু আব্দুল লতিফৰ জন্ম। তাৰ পিতৃ পুলিচৰ হাবিলদাৰ আছিল। তাৰ জন্মৰ তাৰিখটো লিখি ৰাখিছিল।

শুনিছো লংকাত এসময়ত কাৰবি জনগোষ্ঠীৰ লোকৰ বসবাস আছিল৷ প্ৰথম মহাযুদ্ধৰ সময়ত তেওঁলোকৰ বেছিসংখ্যক লোকে নিজৰ বসতি অঞ্চল এৰি দূৰৰ গভীৰ অৰণ্য আৰু পাহাৰীয়া অঞ্চললৈ গুচি যায়৷ ৰেল লাইন স্থাপনৰ পিছত বৃটিছ চৰকাৰে কিছু প্ৰাক্তন চাহ শ্ৰমিকক লংকাৰ কিছু ঠাইত ভূমি আবণ্টন দিয়ে৷ দ্বিতীয় বিশ্বযুদ্ধৰ উকমুকনিৰ আগতেই বৃটিছ সাম্ৰাজ্যবাদী শাসকে লংকাত যুদ্ধ বিমান অৱতৰণ কৰাৰ বাবে এটা বিমান ঘাটি সাজিছিল৷

আমাৰ পৰিয়াল আনকি গাঁওখনত, চুবাটোত কোনো শিক্ষিত মানুহ নাছিল৷ আব্বা-আম্মা, ককা আইতা আটায়ে আছিল নিৰক্ষৰ৷ জন্মৰ চন তাৰিখ লিখি ৰখাৰ কোনো পৰম্পৰা নাছিল৷ সেয়ে মোৰ জন্মৰ সঠিক তাৰিখ মই দিব নোৱাৰো৷ আম্মাৰ পৰা শুনিছো। বাৰটো আছিল বৃহস্পতিবাৰ আবেলি (আচৰৰ নামাজৰ পাছত)৷

বিংশ শতিকাৰ চল্লিশৰ দশকৰ বৰ বানপানীত নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চলৰ কৃষক ৰাইজৰ নাজল-নাস্থল অৱস্থা হৈছিল৷ আৰ্থিকভাৱে জুৰুলা কিছু কৃষকক সেই সময়ৰ চৰকাৰে লংকা অঞ্চলত নতুনকৈ মাটি মুকলি কৰি সংস্থাপিত কৰিছিল৷ কিছুমানে নিজে আহি সাঁচতীয়া পইচাৰে লংকাত মাটি কিনে৷ আমাৰ ককাই তেতিয়া ডবকাৰ বগুৰী অঞ্চলৰ পৰা লংকালৈ উঠি আহে৷ আজু ককাহঁতৰ (মাৰ ককা) ঘৰ আছিল তদানীন্তন অসম ৰাজ্যৰ চিলেট জিলাৰ ভাদেশ্বৰত৷ আমাৰ ককা-আইতা (আব্বাৰ বাবা-মা)ক আমি দেখা নাই৷ আব্বাৰ পৰা শুনিছো ককাহঁতৰ ঘৰ আছিল চিলেট জিলাৰ চাতকত৷ সৰুতে পিতৃ-মাতৃ দুয়োকে হেৰুৱাইছিল৷ আব্বাহঁতৰ ভাই-ককাই তিনিজন৷ ডাঙৰ ককায়েক আব্বা সৰু থাকোতে ঢুকাইছে৷ আব্বাই আমাক কোৱা মতে মাজু বৌৱেকৰ অত্যাচাৰত ১০/১১ বছৰমান বয়স হওতে নহওতেই তেওঁ ঘৰ এৰি ওলাই যায়৷ এয়া ১৯৩৩/৩৪ চন অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধৰ ৮/১০ বছৰমান আগৰ কথা৷ হাতত ফুটাকড়ি এটাও নাই৷ এনেদৰে অনাই-বনাই ঘূৰি ফুৰি এদিন তেওঁ চট্টগ্ৰাম বন্দৰত উপস্থিত হয়৷ ভোকে-পিয়াহে লেবেজান হৈ অনাই-বনাই ঘূৰি ফুৰোতে বন্দৰৰ ওচৰত জাহাজৰ চাৰঙ্গ (নাবিক) এজনক লগ পায়৷ তেওঁৰ ঘৰ আব্বাহঁতৰ গাঁওখনৰ ওচৰৰ চাতক নামৰ বাণিজ্যক চহৰৰ আন এটা প্ৰান্ততৰ গাঁও এখনত। দয়াপৰৱশ হৈ চাৰঙ্গজনে হোটেল এখনলৈ লৈ গৈ আব্বাক পেট ভৰাই খাবলৈ দিয়ে৷ বয়স কম যদিও আব্বা আছিল ওখপাখ আৰু স্বাস্থ্যৱান৷ কামবনত আগ্ৰহী৷ দৈনিক আঠঅনা (মজুৰি) দৰমহা বন্দবস্তিত চাৰঙ্গজনে আব্বাক জাহাজৰ বইলাৰত কয়লা দিয়া খালাচী (যোগালি) হিচাপে নিযুক্তি দিয়ে৷ খোৱা-বোৱা ফ্ৰী৷ এদিন বাণিজ্যিক জাহাজখনে চট্টগ্ৰাম বন্দৰৰ পৰা যাত্ৰা আৰম্ভ কৰে৷ এচিয়া, ইউৰোপ আৰু আফ্ৰিকাৰ বিভিন্ন দেশৰ বিভিন্ন বন্দৰ ঘূৰি প্ৰায় আঠ মাহমানৰ মূৰত এদিন জাহাজখনে পুনৰ চট্টগ্ৰাম বন্দৰত ৰলহি৷ বহুকেইখন দেশৰ বন্দৰত জাহাজখন ৰখিছিল যদিও কতো জাহাজৰ কোনো কৰ্মচাৰীকে নিৰ্দিষ্ট আবেষ্টনীৰ বাহিৰলৈ যাবলৈ দিয়া হোৱা নাছিল৷ তপত বয়লাৰৰ কাষত ঠিয় হৈ বেলচাৰে কয়লা দিয়া কামটো আছিল অত্যন্ত কষ্টকৰ৷ আঠমাহতে তজবজীয়া কিশোৰজন ৰুগীয়া হৈ পৰিল৷ জাহাজত আৰু কাম নকৰাৰ ইচ্ছা ব্যক্ত কৰাত চাৰঙ্গজনে তেওঁৰ ২৪০ দিনৰ (৮ মাহ) দৰমহা ১২০ টকা আব্বাৰ হাতত দি বিদায় দিলে৷ মাজু বৌৱেকৰ অত্যাচাৰৰ কথা ভাবি আব্বাই ইতিমধ্যে ঘৰলৈ ঘূৰি নোযোৱাৰ সিদ্ধান্ত মনে মনে লৈ থৈছিল৷ এতিয়া যাব কলৈ৷ জাহাজত থাকোতে কেবাজনো কৰ্মচাৰীৰ মুখত শুনিছিল অসমৰ নগাঁও জিলাৰ দক্ষিণ অঞ্চলত চিলেট জিলাৰ বহু কৃষকে আহি হাবি-জংঘল কাটি নিগাজীকৈ বসতি স্থাপন কৰিছে৷ মাত্ৰ ৫ টকাৰ ৰেলৰ টিকট কাটি অসমৰ যিকোনো ঠাইলৈ যাব পাৰি৷ জাহাজত কাম কৰি উপাৰ্জন কৰা ১২০ টকা হাতৰ মুঠিত লৈ ৫ টকাৰ টিকট এখন কাটি আব্বাই নিজৰ ভাগ্যৰ অন্বেষণত চট্ট্যগ্ৰাম ৰে’লষ্টেচনত গাড়ীত উঠি বহিল৷ কেবাদিনৰো কষ্টকৰ যাত্ৰাৰ অন্তত এদিন পুৱা তেওঁ যমুনামুখ ৰে’লষ্টেচনত নামিল৷ সেয়া ৩৩-৩৪ চন মানৰ কথা৷ সেই সময়ত নগাঁও জিলাত মাত্ৰ দুখন থানা আছিল– পুৰণিগুদাম আৰু যমুনামুখ৷ যমুনামুখ আছিল ধানৰ ভড়াল৷ যমুনামুখ, লংকা, চাপৰমুখ, কঠিয়াতলি চাৰিআলী, ক্ষেত্ৰী আদিত ৰাজস্থানৰ পৰা অহা বণিকে ডাঙৰ ডাঙৰ ধান বনা কল স্থাপন কৰিছিল৷ জাহাজত তেওঁ শুনিছিল শ্ৰীহট্ট বা ছিলেট জিলাৰ ভাদেশ্বৰৰ কিছু পৰিয়ালে ১৯২৬/২৭ চন মানতে নগাঁও জিলাৰ যমুনামুখ ৰেলষ্টেচনৰ ৫ মাইল (৮ কিলোমিটাৰ) দূৰত গাঁও পাতি বসতি স্থাপন কৰিছে৷ আব্বাই মানুহক সুধি সুধি গাঁওখনলৈ গ’ল কিন্তু বেছিদিন নাথাকিল।

কোনোবাই যেন তেওঁক কাণে কাণে বাৰে বাৰে কৈ আছে নিজৰ ভৰিত ঠিয় দিবলৈ হ’লে তই ইয়াৰ পৰা দূৰলৈ আৰু দূৰলৈ যাব লাগিব৷ গাড়ীত লগ পোৱা এজন সহযাত্ৰীৰ মুখত শুনিছিল লংকাত হেনো চৰকাৰে এৰোপ্লেন নমাৰ ফিল্ড এখন বনোৱাৰ কাম আৰম্ভ কৰিছে৷ আব্বাই মনতে ঠিৰাং কৰিলে লংকালৈ যাব৷ ভবা মতে কাম৷ এদিন গাঁওখনৰে এজন ডেকা লৰাৰ লগ লাগি দুয়ো প্ৰায় ২৫ কিলোমিটাৰ খোজকাঢ়ি ভাদেশ্বৰীৰ পৰা লংকা ওলালগৈ। তেতিয়ামানে বেলিয়ে পশ্চিম আকাশত ডুব মাৰিছিল৷ লংকাত আব্দুল ছাত্তাৰ চৌধুৰী (ছাত্তাৰ মিয়া) নামৰ এজন ঠিকাদাৰৰ আশ্ৰয়ত থাকিবলৈ ল’লে৷ ছাত্তৰ মিয়াও আছিল ছিলেট জিলাৰ৷ তেওঁৰ এজন কিশোৰ ভাতৃ আছিল। নাম আব্দুল হান্নান চৌধুৰী (হানৈ মিয়া)। তেওঁৰ সৈতে থাকি কাম-কাজ আৰম্ভ কৰিলে৷ হানৈ মিয়াৰ সৈতে আব্বাৰ বন্ধুত্ব গঢ়ি উঠিল৷ ছাত্তাৰ মিয়া ঠিকাদাৰে বৃটিছে তৈয়াৰ কৰা বিমান ঘাটিত সৰুসুৰা ঠিকাৰ কাম কৰাৰ লগতে সৰিয়হ, মৰাপাট, ধান আদিৰ ব্যৱসায় কৰিছিল৷ আব্বাই হাতৰ মুঠিত থকা চাৰঙ্গজনে দিয়া ধনেৰে এজোৰ মহ আৰু এখন গাড়ী কিনিলে৷ সেইখন গাড়ীৰে তেওঁ ছাত্তাৰ ঠিকাদাৰ আৰু আন আন বেপাৰীৰ ধান-মৰাপাট সৰিয়হ কঢ়িয়াই দুপইচা উপাৰ্জনৰ বাট মুকলি কৰিলে৷

সেই সময়তে বৰ্তমান কৰিমগঞ্জ জিলাৰ ফকিৰা বজাৰৰ ওচৰৰ গাঁও এখনৰ ৰায়ুব আলী চৌধুৰী নামৰ এজন যুৱক লংকালৈ আহে৷ তেওঁ খুব কৰ্মঠ আৰু চালাক-চতুৰ আছিল৷ দৈনিক হাজিৰা কাম কৰাৰ পৰা পিছলৈ ঠিকা ভিত্তিক কাম কৰি প্ৰচুৰ ধন উপাৰ্জন কৰিবলৈ সক্ষম হয়৷ এটা সময়ত তেওঁ লংকাৰ ভিতৰত আটাইতকৈ ধনী ব্যক্তি হিচাপে স্বীকৃত হয়৷ আমি প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা সময়তেই তেওঁ হজলৈ যায়৷ আমি শোভাযাত্ৰা কৰি তেওঁক লংকা ষ্টেচনত ৰে’লৰ ডবাত উঠাই দিয়া এতিয়াও মনত আছে৷ সেয়া আছিল ১৯৫৪ চনমানৰ কথা৷ আব্বাৰ লগত তেওঁৰ আছিল অতি ঘনিষ্ঠ বন্ধুত্ব৷ আমি চৌধুৰী চাচা বুলি মাতিছিলো৷ আব্বা হজলৈ গৈছিল ১৯৫৮ চনত৷ আব্বা, আইতা, আইতাৰ মাক (আমি বুড়ামাহী বুলি মাতিছিলোঁ) আৰু আমাৰ গাঁৱৰে মছ্‌জিদৰ ইমাম (হাফিজ আব্দুৰ ৰহমান) হাফিজচাহাবসহ নানাক গাঁওখনৰ সকলোৰে সৈতে শোভাযাত্ৰা কৰি আগুৱাই দিছিলোঁ৷ ময়ো আছিলো সেই শোভাযাত্ৰাত৷ সেই সময়ত মই আছিলোঁ লংকা প্ৰাইমাৰী স্কুলৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ৷


আব্বা আছিল অতি কষ্টসহিষ্ণু আৰু দৃঢ় মনা৷ দুৰ্গম বাটপথ, ঢিলামাটিৰ কেঁচা খলাবমা ৰাস্তাৰে মেটমৰা বোজাসহ মহৰ গাড়ী চলোৱাটো আছিল অতি কষ্টকৰ কাম৷ নৰম পলসুৱা মাটিত চকা বহি গলে মহে টানিব নোৱাৰি কেতিয়াবা শুই দিয়ে৷ তেনে অৱস্থাত বহুবাৰ আব্বাই যুৱলীৰ পৰা শুই পৰা মহটো এৰি দি নিজৰ বুকু কান্ধেৰে যুৱলী ঠেলি গাড়ী দাবৰ (দ ঠাই) পৰা উঠোৱাৰ চেষ্টা কৰিছিল৷ সেইসময়ত ফচী যোৱা চকা ঠেলি লগত থকা সহায়ক নূৰজামাল মামাই গাড়ী উঠোৱাত সহায় কৰা কেবাটাও ঘটনা আমি তেওঁ (মামা)ৰ পৰা শুনিছো৷ আমি মনত কষ্ট পাম বুলি এইবোৰ কথা আব্বাই আমাক কোনো দিনে কোৱা নাছিল৷

আমাৰ আম্মাৰ নাম তৈমুননেছা৷ তেওঁৰ পিতৃ অৰ্থাৎ আমাৰ ককাৰ নাম আব্দুল ওৱাহাব৷ ককাৰ বাবাৰ নাম নৈমূল্লা৷ আজু ককা নৈমূল্লাই ১৯২৬/২৭ চন মানত চিলেটৰ ভাদেশ্বৰৰ পৰা আহি নগাঁও জিলাৰ যমুনামুখৰ পৰা ৮ কিঃ মিঃ দূৰৈৰ বগুৰিত মাটি আবাদ কৰি বসতি স্থাপন কৰে৷ একে সময়তে কটৈ মিয়া নামৰ আন এজন লোকে পৰিয়ালসহ বগুৰিলৈ আহে৷ কটৈমিয়াৰ জীয়ৰীৰ লগত ককাৰ বিবাহৰ সূত্ৰে দুয়োটা পৰিয়াল মৈত্ৰী হৈ পৰে৷ ১৯৪০ চনৰ বৰবানত ককাহঁতৰ আৰ্থিক অৱস্থা আকৌ এবাৰ জুৰুলা হৈ পৰে৷ ১৯৩২ চনত আজু ককা নৈমূল্লাই ৪০০ টকা বন্দবস্তিত লংকা মৌজাৰ চামবৰীয়াত জনৈক বৰা উপাধিৰ এজন লোকৰ পৰা ৩২ বিঘা মাটি ক্ৰয় কৰিছিল৷

আমি পাঁচটা ভাই-ককাই৷ মই ডাঙৰ, মোৰ তলত আব্দুল গণি, আব্দুল ছাত্তাৰ, আব্দুল মতিন আৰু আব্দুল জলিল৷ মোৰ জন্মৰ তিনিবছৰ পিছত গণিৰ জন্ম, ছাত্তাৰ গণিতকৈ ৩ বছৰ সৰু, মতিন-ছাত্তাৰতকৈ চাৰি বছৰ আৰু জলিল মতিনতকৈ ৪ বছৰ ৬ মাহমান সৰু৷ আব্বাই নিজৰ পৰিশ্ৰমৰ উপাৰ্জনেৰে মোৰ জন্মৰ আগতেই অলপ খেতি মাটিৰ লগতে ককাৰ লগত একে লগ হৈ ১০ বিঘা বাৰীৰ মাটি ক্ৰয় কৰিছিল৷ ককাৰ মাটিতে আইতাহঁতৰ ভেটিৰ কাষতে ঘৰ সাজি আমি আছিলোঁ৷ মই প্ৰথম শ্ৰেণীত পঢ়ি থাকোতে আমাৰ আব্বাই গাঁৱৰে জামে মছ্‌জিদৰ দক্ষিণ সীমাত থকা মছ্‌জিদৰে ইমাম হাফিজ আব্দুৰ ৰহমান চাহাবৰ ২ বিঘা মাটি ঘৰেমাটিয়ে দুই হাজাৰ টকাত ক্ৰয় কৰে৷ 

একে বছৰতে পুৰণা ঘৰবোৰ মেৰামতি কৰি আমি ককাহঁতৰ পৰা দুশ মিটাৰ দূৰৈত নতুন ঘৰলৈ উঠি যাও৷ সেইদিনা গোটেই দিনটো আম্মা আৰু আইতাৰ কান্দি থকা কথা মোৰ স্পষ্ট মনত আছে৷ ঘৰ লোৱাৰ আগে আগে তাত এখন মিলাদৰ আয়োজন, মছজিদৰ ইমাম হাফিজ চাহাব, মুক্তাবৰ মৌলবী দুগৰাকী আৰু গাঁৱৰে কেবাগৰাকী মুখীয়াল লোক, সম্পৰ্কীয় মানুহখিনিক দাৱাত দিয়া হৈছিল৷ গোটেই দিনটো নতুন ঘৰ আৰু আইতাহঁতৰ ঘৰৰ মাজত মই টাকুৰি ঘূৰাদি ঘূৰি থকা কথাটো মোৰ এতিয়াও মনত সজীৱ হৈ আছে৷ মাহীহঁতে ৰন্ধা-বঢ়া কৰাৰ লগতে হাঁহি-ফূৰ্তিৰে নতুন ঘৰটো সজীৱ কৰি ৰখাৰ সময়তে পুৰণা ঘৰটোত মাঁ আৰু আইতাই ওৰে দিনটো নীৰৱে চকুলো টুকি থকা মই দেখিছো৷ নিজৰ এখন ঘৰ হ’ব, ২ বিঘা মাটিৰ এখন ডাঙৰ বাৰী হ’ব, জীয়েক এখন নিজস্ব ঘৰৰ মালিক হ’ব, তথাপি কিন্তু মাক (আইতা) আৰু জীয়েকৰ (আম্মাৰ) মুখত হাঁহি নাই, চকুলো মচি মচি শাৰীৰ আচল দুয়োয়ে তিয়াই পেলাইছে৷ মই আচৰিত হৈ কেৱল দুজনলৈ চাইছিলোঁ৷ তেতিয়া ভালদৰে বুজা নাছিলোঁ মমত্ববোধ, মাতৃস্নেহৰ মাহাত্ম্যৰ কথা৷ এতিয়া বুজা হৈছো কিবা এটা পোৱাৰ মাজতো হেৰুৱাৰ অবুজ বেদনা কিমান গভীৰলৈ থাকিব পাৰে৷

No comments

Latest Articles