Page Nav

HIDE

শেহতীয়া:

latest

Ads Place

ব্ৰহ্মাণ্ড বিজ্ঞান আৰু জেমছ ৱেব মহাকাশ দূৰবীণৰ চমকপ্ৰদ আৱিষ্কাৰ

ড॰ সঞ্জীৱ কলিতা পটভূমি: ব্ৰহ্মাণ্ড বিজ্ঞান ইতিহাসে ঢুকি নোপোৱা সময়ৰে পৰা মানুহে নিশাৰ আকাশখন অপৰিৱৰ্তনীয় বা অনাদি-অনন্ত বিশ্ব এখন হিচাপে দেখ...

ড॰ সঞ্জীৱ কলিতা

পটভূমি: ব্ৰহ্মাণ্ড বিজ্ঞান


ইতিহাসে ঢুকি নোপোৱা সময়ৰে পৰা মানুহে নিশাৰ আকাশখন অপৰিৱৰ্তনীয় বা অনাদি-অনন্ত বিশ্ব এখন হিচাপে দেখা পাইছিল৷ কিন্তু ১৬১০ চনত পোনপ্ৰথমবাৰৰ বাবে ইটালীৰ বিজ্ঞানী গেলিলিও গেলিলিৰ নিজা আৱিষ্কাৰ দূৰবীক্ষণ যন্ত্ৰটিত বিশ্বব্ৰহ্মাণ্ডখনে যেন প্ৰকৃত ৰূপত নিজকে প্ৰকাশ কৰিছিল৷ বৃহস্পতি গ্ৰহৰ চৌদিশে পৰিভ্ৰমণৰত উপগ্ৰহ চাৰিটাই গেলিলিওৰ জৰিয়তে পোণপ্ৰথমবাৰৰ বাবে মানৱ জাতিক এখন গতিশীল বিশ্বব্ৰহ্মাণ্ডৰ দৰ্শন কৰাইছিল৷ ই কেৱল দূৰবীন যুগৰ আৰম্ভণিয়েই নাছিল৷ ই বিশ্বব্ৰহ্মাণ্ড সম্পৰ্কে থকা আমাৰ হাজাৰ বছৰীয়া চিন্তাত এক নৱজাগৰণৰো সৃষ্টি কৰিছিল৷ ১৮ শতিকাৰ মাজভাগত জ্যোতিৰ্বিজ্ঞানী সকলে সৌৰজগতৰ গ্ৰহবোৰৰ উপৰিও নিশাৰ আকাশৰ তৰাবোৰৰ পৰা অহা পোহৰ ধৰা পেলোৱা দূৰবীণৰো উদ্ভাৱন কৰিছিল৷ ইয়াৰ প্ৰায় ২ শতিকামান পিছত আমি তৰা গঠনকাৰী পৰমাণু বা মৌলবোৰৰ চিনাক্তকৰণ কৰিব পৰা দূৰবীন প্ৰযুক্তিও পালো৷ আমি গ’ম পালো যে বিশ্বখন বিৱৰ্তনশীল৷ আন্তঃনাক্ষত্ৰিক মহাকাশত মহাজাগতিক গেছ, ধূলিকণাৰ পৰা তৰাবোৰৰ উৎপত্তি হৈ থাকে৷ এটা সময়ত বিস্ফোৰণ ঘটি তৰাবোৰৰ মৃত্যু হয়৷

নিশাৰ আকাশৰ তৰাবোৰৰ প্ৰায়বোৰেই আমাৰ সূৰ্যৰ নিচিনা নক্ষত্ৰ৷ ইহঁতৰ মাজৰ গড় দূৰত্ব ৪ আলোকবৰ্ষ. ইয়াতেই কৈ থোৱা যুগুত যে ১ আলোকবৰ্ষ হৈছে পোহৰ ৰশ্মি এটাই শূন্য মহাকাশত এবছৰত অতিক্ৰম কৰা দূৰত্ব৷ এই দূৰত্ব বৰ বিশাল, প্ৰায় ৯২,৫০০ কোটি কিলোমিটাৰ৷ জাৰ্মানীৰ দাৰ্শনিক জ্যোতিৰ্বিদ ইমানুৱেল কান্টে  পোন প্ৰথমে এই ধাৰণা দিছিল যে এই তৰাবোৰে বিশ্ব ব্ৰহ্মাণ্ডৰ বৃহৎ পৰিসৰত ক্ৰিয়াশীল মহাকৰ্ষণত বান্ধ খাই এক তৰা সমষ্টি বা নীহাৰিাকা তৈয়াৰ কৰিছে৷ পিছৰ কালত বিশেষকৈ কুৰি শতিকাৰ দ্বিতীয় দশকত জ্যোতিৰ্বিদসকলে শক্তিশালী দূৰবীণৰ সহায়ত কাণ্টৰ এই ধাৰণা প্ৰতিষ্ঠা কৰিছিল৷ তৰাবোৰে গোট খাই তাৰকাৰাজ্য গঠন কৰে৷ আমি হাতীপটি বা Milky Way তাৰকাৰাজ্যৰ বাসিন্দা৷ সূৰ্যকে ধৰি নিশাৰ আকাশৰ তৰাবোৰে প্ৰায় ১০,০০০ নিযুত নক্ষত্ৰৰে গঠিত এই হাতীপটি তাৰকাৰাজ্যত বাস কৰিছে৷

কুৰি শতিকাৰ দ্বিতীয় আৰু তৃতীয় দশকত আমেৰিকাৰ জোতিৰ্বিদ ভেষ্টো শ্লিফাৰ আৰু এডুইন হাবলে দূৰবীণৰ সহায়ত দেখুৱালে যে হাতীপটিৰ বাহিৰত অন্যান্য তাৰকাৰাজ্যও আছে৷ এই অন্যান্য ‘হাতীপটি’বোৰৰ আৱিষ্কাৰে আমাক পোন প্ৰথম বাৰৰ বাবে বিশ্বব্ৰহ্মাণ্ডৰ বৃহৎ গঠন আৰু মহাকাশৰ বিশালতাৰ লগত পৰিচয় কৰালে৷একৈশ শতিকাৰ প্ৰথম দশকলৈ হোৱা দূৰবীন প্ৰযুক্তিৰ অগ্ৰগতিৰ ফলত আমি গম পালো যে দৃশ্যমান বিশ্বব্ৰহ্মাণ্ডৰ পৰিসৰত প্ৰায় ২০০ হাজাৰ কোটিখনমান তাৰকাৰাজ্য আছে৷ অৰ্থাৎ এই তাৰকাৰাজ্যবোৰেই হ’ল বিশ্বব্ৰহ্মাণ্ডৰ বৃহৎ গঠণৰ মূল একক৷ মহাকাশৰ বৃহৎ পৰিসৰত এই তাৰকাৰাজ্যবোৰৰ বিতৰণ, এইবোৰৰ গতিবিধি, উৎপত্তি আৰু বিৱৰ্তনৰ অধ্যয়নেই হ’ল ব্ৰহ্মাণ্ড বিজ্ঞান বা বিশ্বতত্ববিজ্ঞান [Cosmology]৷ পদাৰ্থবিজ্ঞান, গণিত, জ্যোতিৰ্বিজ্ঞান আৰু দূৰবীণেৰে কৰা মহাকাশীয় বস্তুবোৰৰ নিৰীক্ষণ হ’ল ইয়াৰ মূল আহিলা৷

বিশ্বৰ প্ৰসাৰণ আৰু কিছুমান মৌলিক প্ৰশ্ন

এডুইন হাবল আৰু ভেষ্টো শ্লিফাৰৰ নিৰীক্ষণে দেখুৱাইছিল যে তাৰকাৰাজ্যবোৰ ইখন সিখনৰ পৰা প্ৰচণ্ড বেগেৰে আঁতৰি গৈ আছে৷ হাবলে তাৰকাৰাজ্যবোৰৰ অপসৰণ বেগ নিৰ্ধাৰণ কৰিছিল৷ ইয়াৰ পৰা আমি গ’ম পালো যে বিশ্বব্ৰহ্মাণ্ডৰ পৰিসৰ বৃদ্ধি পাই আহিছে৷ অৰ্থাৎ ইয়াৰ প্ৰসাৰণ ঘটিছে৷ এই আৱিষ্কাৰ কুৰি শতিকাৰ বিজ্ঞানত এক নৱজাগৰণ বুলি পৰিগণিত হৈছিল৷ ব্ৰহ্মাণ্ডৰ প্ৰসাৰণৰ আৱিষ্কাৰৰ ফলত যেন মানুহৰ জ্ঞানৰ দিগন্তৰো প্ৰসাৰণ ঘটিছিল৷ এই বৌদ্ধিক বিপ্লৱত ইন্ধন যোগাইছিল ১৯১৫ চনত আইনষ্টাইনে আৱিষ্কাৰ  কৰা মহাকৰ্ষণ বলৰ উৎপত্তিৰ এক নিখুঁত ব্যাখ্যা৷ এই ব্যাখ্যা মতে বিশ্বব্ৰহ্মাণ্ডৰ পদাৰ্থবোৰৰ লগত মহাকাশ আৰু সময়ৰ অস্তিত্ব ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে৷ মহাকাশৰ বিস্তাৰ আৰু কালৰ প্ৰৱাহ পদাৰ্থৰ বিস্তৃতিয়েই নিৰ্ধাৰণ কৰে৷ সাধাৰণ আপেক্ষিকতাবাদে পদাৰ্থ আৰু মহাকাশ-কালৰ সমন্বয় ঘটোৱাত এই কথা গ’ম পোৱা গ’ল যে তাৰকাৰাজ্যবোৰ ইখন সিখনৰ পৰা আঁতৰি যোৱাটোৱে মহাকাশ আৰু কালৰ পৰিসৰৰো বৃদ্ধি হৈ থকা বুজাইছে৷ অৰ্থাৎ মহাকাশ আৰু সময় অন্তিম বাস্তৱতা নহয়৷ পদাৰ্থৰ লগত ইহঁতৰ বিৱৰ্তন হয়৷

এই তত্বৰ সহায়ত ৰাছিয়াৰ গণিতজ্ঞ আলেক্‌জেণ্ডাৰ ফ্ৰীড্‌মেন [১৯২২ চন] আৰু বেলজিয়ামৰ জ্যোতিৰ্বিদ জৰ্জ লেমাইট্ৰে [১৯২৭ চন]এ দেখুৱাইছিল যে যদি বৰ্তমানৰ বিশ্বখন প্ৰসাৰিত অৱস্থাত আছে তেন্তে কালৰ বুকুত পিছুৱাই গ’লে দেখা যাব যে এই প্ৰসাৰণ এক ঘনীভূত অৱস্থা বা বিন্দু এটাৰ পৰা উৎপত্তি হৈছে৷ অতীতৰ এই ঘনীভূত অৱস্থাত পদাৰ্থ, সময় আৰু মহাকাশ লুপ্ত প্ৰায় হৈ আছিল৷

এই বিন্দুৰ অসীম হাৰত প্ৰসাৰণ ঘটি পদাৰ্থ, তাপ, পোহৰ, মহাকাশ আৰু সময়ৰ উৎপত্তি হৈছিল৷ ফ্ৰীড্‌মেন আৰু লেমাইচট্ৰেৰ এই তত্বক পিছলৈ মহানাদ বা Big Bang বুলি জনা গৈছিল৷

কিন্তু মহানাদৰ সময়ত কি ঘটিছিল? আমি বিশ্বৰ অতীত অৱস্থা জানিব পাৰোনে?  কল্পনা কৰক যে বহু দূৰৈৰ পৰা ভ্ৰমণকাৰী এজন খোজ কাঢ়ি আহি আপোনাক লগ ধৰিছেহি৷ যিহেতু তেওঁ যথেষ্ট সময় কটাই ভিন ভিন সময়ত ভিন ভিন ঘটনা প্ৰৱাহ দেখি আহিছে, গতিকে আমি তেওঁৰ মুখৰ পৰা বহু সময় আগৰ ঘটনাৰাজিৰ বিষয়ে খবৰ পাম৷ তেওঁ যিমানেই বেছি দুৰত্ব অতিক্ৰম কৰি আহে সিমানেই আমি অতীতৰ ঘটনাৰাজিৰ বিষয়ে গম পাম৷ বিশ্বতত্ববিজ্ঞানত প্ৰকৃততে আমি এই পদ্ধতিয়েই ব্যৱহাৰ কৰো৷ মহাকাশত আমি যিমানেই দূৰলৈ চাওঁ সময়ত সিমানেই পিছুৱাই যাওঁ৷ কাৰণ বিশ্বখন আমি পোহৰ ৰশ্মিৰ সহায়তহে নিৰীক্ষণ কৰো৷ দূৰৈৰ তাৰকাৰাজ্যৰ পৰা আহি আমাৰ দূৰবীণত আপতিত হোৱা পোহৰ ৰশ্মি এটা হৈছে আমাৰ কল্পনাৰ সেই ভ্ৰমণকাৰীজন৷ পোহৰে এঠাইৰ পৰা আনঠাইলৈ সসীম বেগেৰে যাওঁতে কিছু সময় পাৰ হৈ যায়৷ দুখন ঠাইৰ মাজৰ দূৰত্ব মহাজাগতিক হ’লে পাৰ হৈ যোৱা সময়ো বৃহৎ মানৰ হয়৷ যেনে ধৰক ২০০ নিযুত আলোকবৰ্ষ নিলগত থকা তাৰকাৰাজ্যখন দেখা পোৱা মানে আমি ২০০ নিযুত বছৰ আগৰ তাৰকাৰাজ্যখনহে দেখিছো৷ অথাৰ্ৎ বিশ্বব্ৰহ্মাণ্ডৰ অতি বৃহৎ দুৰত্বত থকা তাৰকাৰাজ্যবোৰ নিৰীক্ষণ কৰিব পাৰিলে আমি বিশ্বখনৰ অতীত অৱস্থাৰ বিষয়ে গম পাওঁ৷ এই কথাটিয়েই ব্ৰহ্মাণ্ড বিজ্ঞানৰ মূল ভেটি৷ যিমানেই বিশাল দূৰত্বৰ বস্তু চাব পৰা দূৰবীণ প্ৰযুক্তিৰ উদ্ভৱ হ’ব সময়ত আমি সেমানেই বেছি পিছুৱাই গৈ বিশ্বৰ শৈশৱ অৱস্থাৰ কথা গম পাব পাৰিম৷

১৯৬০ ৰ দশকতেই এই কথা ধৰা পৰিছিল যে বহু দূৰৈৰ তাৰকাৰাজ্যবোৰৰ গঠণ নিচেই ওচৰৰবোৰতকৈ বহু বেলেগ৷ অৰ্থাৎ অতীত আৰু বৰ্তমান একে নহয়৷ বিশ্বব্ৰহ্মাণ্ডৰ ভৌতিক গঠণৰ বিৱৰ্তন হৈ আছে৷ মূল প্ৰশ্ন হ’ল এই তাৰকাৰাজ্যবোৰ অৰ্থাৎ বিশ্বৰ পদাৰ্থগোটৰ উৎপত্তি হ’ল কেতিয়া? মহানাদেই বা কেতিয়া ঘটিছিল৷ অৰ্থাৎ বিশ্বখন কিমান পূৰণি? ইয়াৰ আদিম অৱস্থা কেনেকুৱা আছিল? নতুন প্ৰজন্মৰ বিজ্ঞানৰ বাবে এইবোৰ মৌলিক প্ৰশ্ন৷

ব্ৰহ্মাণ্ডৰ ওজন আৰু বয়স

১৯৯০ ৰ দশকত নাছাৰ হাবল মহাকাশ দূৰবীণে সহস্ৰাধিক তাৰকাৰাজ্যৰ দূৰত্ব আৰু অপসৰণ বেগ জুখিছিল৷ তদুপৰি মহানাদত নিৰ্গত হোৱা আৰু প্ৰসাৰণৰ প্ৰভাৱত শীতল হৈ পৰা নেপথ্য তাপ বিকিৰণ [Cosmic Background Radiation] ধৰা পেলোৱা মহাকাশ দূৰবীণৰো নিৰ্মাণ হৈছিল৷ এইবোৰ নিৰীক্ষণৰ আধাৰত বিশ্বব্ৰহ্মাণ্ড গঠন কৰা পদাৰ্থ আৰু শক্তিৰ মুঠ পৰিমাণ গণনা কৰিব পৰা গৈছিল৷ আমি গ’ম পালো যে বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বমুঠ পদাৰ্থৰ মাথো ৪ শতাংশহে আমাৰ দৃষ্টিগোচৰ হোৱা তৰা, গ্ৰহ, তাৰকাৰাজ্য আদি৷ ইহঁত পৰমাণু অৰ্থাৎ প্ৰটন, ইলেকট্ৰন আৰু নিউট্ৰনেৰে গঠিত৷ বাকী ৯৬ শতাংশ অতি ৰহস্যময় পদাৰ্থ৷ ইয়াৰ ২৬ শতাংশই মহাকৰ্ষণ শক্তিৰে তাৰকাৰাজ্যবোৰক বান্ধি সুস্থিৰ কৰি ৰাখিছে৷ আনহাতে বাকী ৭০ শতাংশই মহাশূন্যত এক বিকৰ্ষণ শক্তি সৃষ্টি কৰি বিশ্বৰ প্ৰসাৰণ গতি ত্বৰন্বিত কৰিছে৷ ইহঁতক যথাক্ৰমে অন্ধকাৰ পদাৰ্থ [Dark Matter] আৰু অন্ধকাৰ শক্তি [Dark Energy] বোলা হয়৷ অৰ্থাৎ বিশ্বৰ ওজন জুখি গম পোৱা গ’ল যে ৯৬ শতাংশ পদাৰ্থ পৰমাণুৰে গঠিত নহয়৷ সাধাৰণ আপেক্ষিকতাবাদ মতে যিহেতু পদাৰ্থৰ পৰিমাণ আৰু সময়ৰ প্ৰৱাহ সংলগ্ন হৈ আছে, গতিকে বিশ্বৰ ওজন জোখাৰ পিছত বিজ্ঞানীসকলে বিশ্বৰ বয়সো গম পালে৷ ঠাৱৰ কৰা হ’ল যে বিশ্বৰ প্ৰসাৰণ প্ৰায় ১৩৮০ কোটি বছৰ আগেয়ে আৰম্ভ হৈছিল৷ অৰ্থাৎ মহানাদৰ ক্ষণ হ’ল ১৩৮০ কোটি বছৰ আগৰ এক ঘনীভূত অৱস্থাৰ সময়৷ নিৰীক্ষণ আৰু পদাৰ্থবিজ্ঞানৰ তত্বৰ আধাৰত বিশ্বব্ৰহ্মাণ্ডৰ উৎপত্তি আৰু বিকাশৰ বৈজ্ঞানিক ব্যাখ্যা পোৱা সম্ভৱ বুলি আমি গ’ম পালো৷

আদিম বিশ্বৰ তাৰকাৰাজ্যবোৰৰ পৰা অহা পোহৰ ধৰা পেলাই সেইবোৰক প্ৰত্যক্ষভাৱে চাব নোৱাৰিনে? যদি এনেকুৱা প্ৰযুক্তি নিৰ্মাণ হৈছে তেন্তে বিজ্ঞানৰ দিগন্তৰ এক অপ্ৰত্যাশিত প্ৰসাৰণ ঘটা স্বাভাৱিক৷ কিয়নো এনেকুৱা প্ৰযুক্তিৰে আমি মহানাদৰ ঘটনাৱলীৰ পৰা উদয় হোৱা পদাৰ্থ গোটবোৰৰ প্ৰত্যক্ষ দৰ্শন পাম৷ এই নতুন প্ৰযুক্তিৰ নামেই হৈছে জেমছ ৱেব মহাকাশ দূৰবীন [James Webb Space Telescope] বা চমুকৈ JWST৷

JWST আৰু বিশ্বৰ উৎপত্তিৰ ক্ষণ

হাবল মহাকাশ দূৰবীনে প্ৰায় ১৩০০ কোটি আলোকবৰ্ষ দূৰৈৰ তাৰকাৰাজ্যবোৰ নিৰীক্ষণ কৰি আমাক সময়ত ১৩০০ কোটি বছৰ পিছুৱাই লৈ গৈ বিশ্বৰ শৈশৱ অৱস্থা চাবলৈ দিছে৷ এই তাৰকাৰাজ্যবোৰৰ পৰা অহা পোহৰে আমাক বিগ বেঙৰ প্ৰায় ৮০০ নিযুত বছৰ পিছৰ শিশু বিশ্বখন দেখুৱাইছে৷ এই সময়ত বিশ্বৰ বয়স আছিল আজিৰ পৰা প্ৰায় ৬ শতাংশ৷ সময়ত আৰু বেছি পিছুৱাই গৈ আমাৰ আৰু আমি বাস কৰা বিশ্বব্ৰহ্মাণ্ডৰ অস্তিত্বৰ আঁত বিচাৰি চোৱাৰ উদ্দেশ্যে ২০২১ চনৰ ২৫ ডিচেম্বৰত ইউৰোপীয়ান স্পেচ এজেন্সী আৰু কানাডিয়ান স্পেচ এজেন্সীৰ সহযোগত নাছাই JWST ক মহাকাশলৈ পঠিয়াইছিল৷ নাছাৰ প্ৰশাসনিক বিষয়া James  E Webb ৰ সন্মানাৰ্থে নামাকৰণ কৰা এই দূৰবীনটোৱে পৃথিৱীৰ পৰা প্ৰায় ১৫ লাখ কিলোমিটাৰ আঁতৰত অৱস্থান কৰি পৃথিৱীৰে সৈতে একে পৰিভ্ৰমণ কালৰে সূৰ্যৰ চৌদিশে ঘূৰি বিশ্বব্ৰহ্মাণ্ডখন নিৰীক্ষণ কৰি আছে৷ হাবল দূৰবীনে চাব পৰা তাৰকাৰাজ্যবোৰতকৈ ১০০ গুণে নিষ্প্ৰভ তাৰকাৰাজ্যবোৰ নিৰীক্ষণ কৰিব পৰা ক্ষমতা থকা JWST য়ে বিশ্বব্ৰহ্মাণ্ডৰ সীমামুৰীয়া তাৰকাৰাজ্য কিছুমানৰ পৰা অহা অতি ক্ষীণ অৱলোহিত [Infrared] ৰশ্মি ধৰা পেলাই জ্যোতিৰ্বিজ্ঞানৰ দিগন্তৰ প্ৰসাৰণ ঘটাইছে৷

ইয়াৰ সহায়ত আমি বিগবেঙৰ ২০০ ৰ পৰা ৪০০ নিযুত মান বছৰ পাছৰ পৰিঘটনাসমূহ চাব পাৰিছো৷ এই সময়ত বিশ্বৰ বয়স আজিৰ ২ শতাংশহে আছিল৷ ই ৬০ বছৰীয়া মানুহ এজনৰ ১৪ মহীয়া শিশু অৱস্থাটো দেখা পোৱাৰ সমতুল্য৷ JWST য়ে আমাৰ দৃষ্টি আদিম বিশ্বলৈ লৈ গৈছে৷

মহাকাশত স্থাপিত হোৱাৰ পিছতেই JWST য়ে বিশ্বব্ৰহ্মাণ্ডৰ গঠন আৰু উৎপত্তিৰ বিষয়ে থকা আমাৰ প্ৰচলিত ধাৰণাত নতুন প্ৰশ্নৰ অৱতাৰণা কৰিছে৷ এবছৰমান আগত JWST য়ে অতি দূৰৈৰ তাৰকাৰাজ্য এখন ধৰা পেলাইছিল৷ ই মহানাদৰ প্ৰায় ৩০০ নিযুত বছৰ পাছত গঠিত হোৱা তাৰকাৰাজ্য৷ আচৰিত কথাটি হ’ল তাৰকাৰাজ্যখন প্ৰাপ্তবয়স্ক আৰু অতি উজ্বল তৰাৰ পোহৰেৰে উদ্ভাসিত৷ প্ৰামাণিক মহানাদ তত্ব মতে প্ৰাপ্তবয়স্ক, তৰাৰে ভৰপূৰ তাৰকাৰাজ্য এখন গঠিত হওঁতে প্ৰায় ৯০০ নিযুত বছৰ লাগে৷ এই আৱিষ্কাৰে কৈছে যে হয়তো প্ৰামাণিক মহানাদ তত্বই কোৱা বিশ্বৰ জন্ম ক্ষণটি ভূল৷ বিশ্বখন হয়তো ১৩৮০ কোটি বছৰতকৈও পূৰণি৷ অৰ্থাৎ JWST ৰ তাৰকাৰাজ্যকন গঠন হ’বলৈ হ’লে আমি মহানাদৰ ক্ষণটি আৰু অতীতলৈ পিছুৱাই দিব লাগিব৷ আনহাতে যদি মহানাদৰ ক্ষণটি ১৩৮০ কোটি বছৰত স্থিৰ ৰখা যায়, তেন্তে তাৰকাৰাজ্যৰ উৎপত্তিৰ পদাৰ্থবিজ্ঞানৰ সূত্ৰবোৰ সলনি কৰিব লাগিব৷ শিশু বিশ্বত প্ৰাপ্তবয়স্ক তাৰকাৰাজ্যৰ অস্তিত্বই এতিয়া প্ৰচলিত মহানাদ তত্বক প্ৰশ্ন কৰিব৷ হয়তো এনেকুৱা ধাৰণাও আহিব পাৰে যে মহানাদ বিশ্বৰ প্ৰকৃত আৰম্ভনি নহয়েই৷ বিশ্বখন হয়তো অনাদি৷

প্ৰথম প্ৰজাতিৰ তৰা আৰু জীৱনৰ ৰসায়ন

এইটো প্ৰতিষ্ঠিত যে পৃথিৱীৰ জীৱকুলৰ উৎপত্তি আৰু বিৱৰ্তনত ভাগ লোৱা অক্সিজেন, কাৰ্বন, নাইট্ৰ’জেন, ফছফৰাছ আদি মৌলৰ পৰমানুসমূহ তৰাৰ গৰ্ভত নিউক্লীয় সংযোজন প্ৰক্ৰিয়াৰে উৎপত্তি হয়৷ আমাৰ সূৰ্যৰ জন্মৰ আগতেই প্ৰাচীন তৰাবোৰৰ বিস্ফোৰণ হৈছিল৷ সেইবোৰৰ গৰ্ভত তৈয়াৰ হোৱা ৰাসায়নিক মৌলবোৰ সূৰ্য আৰু আমাৰ গ্ৰহমণ্ডলী গঠিত হোৱা নীহাৰিকাটিত মিহলি হৈ গৈছিল৷ এনেদৰেই পৃথিৱীৰ জন্মলগ্নত ইয়াৰ মহাসাগৰ ভাগত নৱজাত সূৰ্যৰ তাপ শক্তিৰ প্ৰভাৱত এই মৌলবোৰৰ মাজত হোৱা বিভিন্ন জৈৱ-ৰাসায়নিক বিক্ৰিয়াৰ ফলস্বৰূপে পৃথিৱীত জীৱনৰ বিকাশ হ’ল৷ চমুকৈ আমাৰ উৎপত্তিৰ মূল কথা এইখিনিয়েই৷

প্ৰশ্ন হ’ল– বিশ্বব্ৰহ্মাণ্ডত জীৱৰ উৎপত্তিৰ বাবে প্ৰয়োজনীয় প্ৰথম প্ৰজাতিৰ তৰাবোৰৰ সৃষ্টি কেতিয়া হৈছিল? এইবোৰ নিশ্চয় সূৰ্যতকৈও বহু পুৰণি হ’ব লাগিব৷ বিশ্বতত্ববিজ্ঞানীসকলে ঠাৱৰ কৰিছে যে মহানাদৰ প্ৰায় ২০০ ৰ পৰা ৫০০ নিযুত মান বছৰ পাছতেই এই তৰাবোৰৰ সৃষ্টি হৈছিল৷ ইহঁত সূৰ্যতকৈ শত-সহস্ৰগুণে ডাঙৰ আছিল আৰু ইহঁতৰ বিস্ফোৰণৰ ফলত ইহঁতৰ গৰ্ভত তৈয়াৰ হোৱা কাৰ্বন, অক্সিজেন আদি মৌল পিছৰ প্ৰজাতিৰ তৰাৰ বাবে মহাকাশত কেঁচা সামগ্ৰী হিচাপে থাকি গৈছিল৷ JWST য়ে ইয়াৰ সংবেদনশীল সঁজুলিৰে এই প্ৰথম প্ৰজাতিৰ তৰাবোৰৰ পোহৰ ধৰা পেলাব পাৰিব৷ ইয়াৰ সহায়ত আমি গম পাম যে বিশ্বব্ৰহ্মাণ্ডখনক জীৱন ধাৰণৰ বাবে উপযোগী কৰি তোলা এই তৰাবোৰৰ উৎপত্তি কিদৰে হৈছিল৷

বিশ্বব্ৰহ্মাণ্ডৰ ঘূৰ্ণন গতি

অতি শেহতীয়াকৈ JWST য়ে তাৰকাৰাজ্যবোৰৰ গতিবিধি অধ্যয়ন কৰি এই কথা ঠাৱৰ কৰিছে যে আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ এক ঘূৰ্ণন গতি আছে৷ মহানাদ তত্বমতে ইমান দিনে বিজ্ঞানীসকলে ভাৱিছিল যে বিশ্বখন কেৱল ৰৈখিক গতিতেই প্ৰসাৰিত হৈ আছে৷ যদি JWST ৰ এই নিৰীক্ষণ পুনৰ প্ৰতিষ্ঠিত হয় তেনেহলে তত্ববিদসকলে মত পোষণ কৰিছে যে মহানাদ বিশ্বৰ প্ৰকৃত আৰম্ভণি হ’বই নোৱাৰে৷ আমাৰ বিশ্বখন ঘূৰ্ণীয়মান অৱস্থাত থাকিবলৈ হ’লে ই এক বিশাল কৃষ্ণগহ্বৰ বা Black Hole ৰ অন্তৰ্ভাগত আছে বুলি মত দিয়া হৈছে৷ এই তত্ব মতে মহানাদৰ পূৰ্বতে এখন অইন বিশ্বব্ৰহ্মাণ্ডৰ মহাসংকোচন ঘটি ঘনীভূত আৱস্থা পোৱাত এটি ঘূৰ্ণীয়মান কৃষ্ণগহ্বৰৰ সৃষ্টি হৈছিল৷ এই কৃষ্ণগহ্বটোৰ প্ৰচণ্ড ঘূৰ্ণন শক্তিৰ পৰা পদাৰ্থৰ উৎপত্তি হৈ চৌদিশে বিয়পি পৰি মহানাদৰ নিচিনা ৰূপ লৈছিল৷ অৰ্থাৎ বিশ্বৰ উৎপত্তিৰ পূৰ্বেও অইন বহুতো বিশ্ব আছিল বুলি অনুমান কৰা গৈছে৷ এয়া এক চমকপ্ৰদ আৱিষ্কাৰ৷ মুঠতে JWST য়ে বিশ্বব্ৰহ্মাণ্ডৰ উৎপত্তিৰ বিজ্ঞানখিনি পুনৰ নিখুঁতকৈ বিবেচনা কৰি চাবলৈ বিজ্ঞানী সমাজক আহ্বান জনাইছে৷

সামৰণি

আমি দেখিছো যে JWST য়ে মহাকাশীয় বস্তুবোৰৰ নিৰীক্ষণ আৰম্ভ কৰাৰ পিছত জোতিৰ্বিজ্ঞান আৰু পদাৰ্থবিজ্ঞানত এক চাঞ্চল্যৰ সৃষ্টি হৈছে৷ নিত্য-নতুন তাৰকাৰাজ্যৰ আৱিষ্কাৰে মানুহৰ প্ৰযুক্তিৰ বিপ্লৱেই সুচোৱা নাই, বৰং এইবোৰে আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ লগতে আমাৰো উৎপত্তিৰ বৈজ্ঞানিক তত্বসমূহ নিখুঁতকৈ গঢ় দিব৷ বিশ্বৰ প্ৰাৰম্ভিক অৱস্থাৰ বিজ্ঞান, আমাৰ অস্তিত্বৰ বাবে লাগতিয়াল সামগ্ৰী তৈয়াৰ কৰা প্ৰথম প্ৰজাতিৰ তৰাবোৰৰ উৎপত্তি আদিৰ বিষয়ে JWST য়ে বৈপ্লৱিক ধাৰণা আগবঢ়াব বুলি আশা কৰা হৈছে৷ আমোদজনক কথা এয়েই যে নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰী আৰু বিজ্ঞানপ্ৰেমী সকলৰ বাবে নিকট ভৱিষ্যতে এক নতুন বিজ্ঞান গা কৰি উঠাটো নিশ্চিত৷ ইয়াৰ লগে লগে হয়তো বিজ্ঞান, সাহিত্য, দৰ্শন আৰু সমাজতো অইন এক জ্ঞানৰ নৱজাগৰণৰ আবিৰ্ভাৱ হ’ব৷

লেখকৰ পৰিচয়: লেখক গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক৷ তেখেতৰ গৱেষণাৰ বিষয় হৈছে তাত্বিক জ্যোতি পদাৰ্থ বিজ্ঞান আৰু বিশ্বতত্ববিজ্ঞান৷ তেওঁ লণ্ডনৰ ৰ’য়েল এষ্ট্ৰ’নমিকেল চ’ছাইটিৰ ফেল’ সদস্য [F.R.A.S] আৰু ভৱিষ্যতে হাৱাই দ্বীপত নিৰ্মাণ হ’বলগীয়া বৃহৎ ৩০ মিটাৰ ব্যাসৰ দূৰবীণৰ বিশ্বতত্ব বিজ্ঞানীৰ দলটিৰ এজন সদস্য হিচাপেও কৰ্মৰত৷

E-mail : sanjeev@gauhati.ac.in, মোবাইল নং: ৯৮৬৪০-৮৭৩০৪

No comments

Latest Articles