Page Nav

HIDE

শেহতীয়া:

latest

Ads Place

যুক্তিবাদী চিন্তা বনাম পৰম্পৰাবাদী চৰ্চা

ৰাতুল মহন্ত ১৬১০ চনত গেলিলিঅ' গেলিলিয়ে বৃহস্পতি গ্ৰহৰ উপগ্ৰহ আৱিষ্কাৰ কৰিছিল  আৰু আগতে  আমাৰ অসমত "হৰি-চৰণত শৰণ লৈলো , মানৱী জনম স...

ৰাতুল মহন্ত

১৬১০ চনত গেলিলিঅ' গেলিলিয়ে বৃহস্পতি গ্ৰহৰ উপগ্ৰহ আৱিষ্কাৰ কৰিছিল  আৰু আগতে  আমাৰ অসমত "হৰি-চৰণত শৰণ লৈলো , মানৱী জনম সফল কৈলো " বুলি মাধৱদেৱে ঘোষা ৰচনা কৰিছিল  । ১৬৫৫ চনত খ্ৰীষ্টিয়ান হাইজেনে শনি গ্ৰহৰ প্ৰথম উপগ্ৰহ "টাইটান" আৱিষ্কাৰ  কৰিছিল আৰু তাৰ কুৰি বছৰমান আগতে অসমত ভট্টদেৱে গীতা আৰু ভাগৱতখন গদ্যত ৰচনা কৰিছিল । ১৪৫৩ চনত  কনষ্টানটিনপলৰ পতনে মধ্যযুগৰ অৱসান ঘটাই ইউৰোপত আধুনিক যুগৰ উন্মেষ ঘটাইছিল আৰু সেই ঘটনাৰ ৩৭৩ বছৰৰ পাছত ১৮২৬ চনত ইংৰাজৰ অসম আগমনে অসমত আধুনিক যুগৰ সূচনা কৰিছিল বুলি ক'লেও প্ৰকৃত অৰ্থত অসমত আধুনিক যুগৰ উন্মেষ হৈছিল যোৱাটো শতিকাৰ পৰাহে আৰু এই আধুনিকতাও আছিল সম্পূৰ্ণ ৰূপে ঈশ্বৰ নিৰ্ভৰ । ব্ৰিটিছ-অসমৰ প্ৰতিজন অভিজাত অসমীয়াই আছিল সম্পূৰ্ণৰূপে ঈশ্বৰ নিৰ্ভৰ। সেই সময়ত যুক্তিবাদী ধ্যান ধাৰণা বোলা কথাটো কোনেও ভাবিবই পৰা নাছিল  । ভাৰতৰ প্ৰথম স্বাধীনতা আন্দোলনৰ অসমৰ ছহিদ মণিৰাম দেৱান প্ৰথমে ইংৰাজৰ অন্ধ সমৰ্থক আছিল।  অসম দেশত যাতে  "ইংৰাজ চৰকাৰ বাহাদুৰে কোনো অপায় অমঙ্গল নোহোৱাকৈ ইন্দ্ৰৰ দৰে শক্তিশালী ভাৱে  ৪৩২ কোটি বছৰ শাসন কৰিব পাৰে" তাৰ বাবে তেওঁ ভগৱানক প্ৰাৰ্থনা কৰিছিল অথচ সেইসময়তে ডাৰউইনে বিৱৰ্তন বাদ সম্পৰ্কীয় Origin of Species গ্ৰন্থ খন প্ৰণয়ন কৰিছিল। চৰু কৰ, হাল কৰ আদি বিভিন্ন কৰৰ বোজাত অসমীয়াই ককাল পোনাব নোৱৰা সত্বেও  গুণাভিৰাম বৰুৱাৰ দৃষ্টিত ইংৰাজ শাসনত অসমৰ  চাৰিওফালে জয়জয় ময়ময় অৱস্থা হৈছিল আৰু তেওঁ ইয়াৰ বাবে ভগৱানৰ ওচৰত কৃতজ্ঞ হৈছিল। ১৮৭৫ চনত লিখা তেওঁৰ "আসাম বুৰঞ্জী" খন ১৮৮৪ চনত  প্ৰকাশ পাইছিল। তাত তেওঁ লিখিছিল –"ব্ৰিটিশ গবৰ্ণমেণ্টৰ সুশাসনৰ নিমিত্তে এই দেশৰ অৱস্থা ক্ৰমে সকলো বিষয়তে উন্নত হ'বলৈ ধৰিলে । ইয়াতে এনে বোধ হয় জগদীশ্বৰে এই দেশৰ মঙ্গলৰ অৰ্থেহে  ইয়াক ব্ৰিটিশ গবৰ্ণমেণ্টৰ অধীন কৰিছে.... লোকসকলে এই সুশাসনত পৰম সুখে থাকি  পৰমেশ্বৰক ধন্যবাদ কৰিছে ।" আনন্দৰাম ঢেকিয়াল ফুকনেও গাঁৱে গাঁৱে পঢ়াশালি হ'বলৈ জগদ্বীশ্বৰকহে প্ৰাৰ্থনা কৰিছিল, অসমৰ ৰাইজক বিদ্যালয় প্ৰতিষ্ঠাৰ বাবে আহ্বান জনোৱা নাছিল।  এনেদৰে সকলো কথা কামতে ঈশ্বৰ নিৰ্ভৰ ব্যৱস্থাটো কোনো কাৰণতে আধুনিক চিন্তাৰ আধাৰ বুলি ক'ব নোৱাৰি । যোৱা ডেৰশ বছৰত অসমত যিমান সংখ্যক গ্ৰন্থ প্ৰকাশ হ'ল তাৰে ৯৯.৯৯%ত কৈয়ো অধিক গ্ৰন্থতে ঈশ্বৰৰ অস্তিত্বক স্বীকাৰ কৰাই  নহয়, বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো কাম এজন ঈশ্বৰৰ ইচ্ছাত পৰিচালিত হয় বুলি কৈ আহিছে  । কিন্তু বিজ্ঞানী সকলে "হাবোল" ,"জেমচ ৱেব স্পেচ"  আদি শক্তিশালী দূৰবীনৰ জৰিয়তে তেৰ শ কোটি আলোক বৰ্ষ পৰ্যন্ত   বিশ্বব্ৰহ্মাণ্ডৰ সন্ধান পাইছে  আৰু মানুহে কল্পনাও কৰিব নোৱৰা  এই বিশাল মহাবিশ্ব  "কোনোবা এজনে সৃষ্টি কৰিছিল আৰু সেইজনেই ঈশ্বৰ"– এনে ধাৰণা কৰাটো তেনেই তৰল কথা । অথচ  আমাৰ প্ৰায় সমস্ত সাহিত্য কৰ্ম– সেয়া  শংকৰী যুগেই হওক, প্ৰাক শংকৰী যুগেই হওক , শংকৰোত্তৰ যুগেই হওক বা অৰুণোদয়ে আৰম্ভ কৰা তথাকথিত আধুনিক যুগেই হওক  গুণগান কৰা হৈছে মানৱ সৃষ্ট কাল্পনিক ঈশ্বৰৰ।  এনে ধৰণৰ গ্ৰন্থ আৰু গ্ৰন্থকাৰৰ ভিৰৰ মাজতো কেইগৰাকীমান অসমীয়া লেখকে যুক্তিৰ আধাৰত গ্ৰন্থ লিখি জনসাধাৰণক ঈশ্বৰ নিৰ্ভৰৰ পৰিবৰ্তে যুক্তিবাদী কৰিবলৈ  নিৰৱিচ্ছিন্ন ভাৱে চেষ্টা কৰি আহিছে আৰু সেইসকলৰ ভিতৰত দেৱকান্ত সন্দিকৈ ,ৰিপুঞ্জয় গগৈ, ড০ শিৱনাথ বৰ্মন, প্ৰসেনজিৎ চৌধুৰী আদি  অন্যতম । "বিজ্ঞান বনাম অন্ধবিশ্বাস", "ব্যাধি আৰু বিশ্বাস ", "ঈশ্বৰ ইংৰাজ ইতিহাস","নিষিদ্ধ প্ৰসঙ্গ","অতীত অনুসন্ধান""যুক্তি অযুক্তি অপযুক্তি" আদি গ্ৰন্থ সমূহৰ জৰিয়তে  প্ৰসেনজিৎ চৌধুৰীয়ে অসমত যুক্তিবাদী ধাৰাটো আগুৱাই নিয়াত বিশেষ ভূমিকা পালন কৰি আহিছে । অৱশ্যে অসমত কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে ঊনবিংশ শতিকাতে ঠিয় দিছিল হেমকোষৰ স্ৰষ্টা হেম বৰুৱা । তেওঁকেই অসমৰ প্ৰথম যুক্তিবাদী লেখক বুলি অভিহিত কৰিব পাৰি। তৎসত্বেও হেমকোষত " ব্ৰহ্মদৈত্য" শব্দৰ অন্তৰ্ভুক্তি আৰু তাৰ বিশ্লেষণৰ পৰা তেওঁৰো  মনটো সম্পূৰ্ণৰূপে যুক্তিবাদী নাছিল বুলি ক'লে নিশ্চয় ভুল কোৱা নহ'ব । তেওঁৰ পাছত  কমলাকান্ত ভট্টাচাৰ্য্য আৰু দন্দিনাথ কলিতায়ো যুক্তিবাদৰ ধাৰা এটা বোৱাই নিবলৈ ক্ষীণ প্ৰচেষ্টা চলাইছিল। যিকি নহওক সাম্প্ৰতিক কালৰ যুক্তিবাদী লেখক সকলৰ সমান্তৰালভাৱে ড০ দীনেশ চন্দ্ৰ গোস্বামী,ড০ কুলেন্দু পাঠক,ড০ ক্ষীৰধৰ বৰুৱা, ড০ পবন কুমাৰ চহৰীয়া,ড০ পৰমানন্দ মজুমদাৰ,ড০ ৰণজিত চৌধুৰী, ড০ পৰমানন্দ মহন্ত,ড০ পদ্মপাণি, ড০ প্ৰীতম কুমাৰ বৰঠাকুৰ , ড০ অভিজিত বৰা, জাৰ্মানী নিৱাসী ড০ চেলিম এম আলী,ড০ বন্দিতা ফুকন,ড০ জয়ন্তী চুতীয়া, ড০ প্ৰণয়ী দত্ত,বন্দিতা শৰ্মা কন্দলী আদিয়ে বিভিন্ন  লেখাৰ জৰিয়তে বিজ্ঞানক জনপ্ৰিয় কৰি সমাজৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰিবলৈ নিৰলস ভাৱে যত্ন কৰি আহিছে । 

যুক্তিবাদ প্ৰতিষ্ঠা কৰিবলৈ, সেইমতে চিন্তা চৰ্চা কৰিবলৈ আৰু ভৱা কথা বিলাক প্ৰকাশ কৰিবলৈ  বিজ্ঞান পঢ়াৰ, বিজ্ঞানী হোৱাৰ প্ৰয়োজন  নাই । হঠাতে নদী খন শুকাই গৈছে–ইয়াৰ অৰ্থ হ'ল নদীখনৰ উৎপত্তি স্থলতে কিবা কাৰণত জলধাৰা শুকাই গৈছে সেয়েহে নদীখনত পানীৰ অভাৱ । কোনো দৈৱিক  কাৰণত নদীৰ পানী শুকুৱা নাই । খেতিপথাৰ চৰহা পোকে খাই শেষ কৰিছে তাৰ বাবে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব  লাগিব, নামঘৰলৈ চাকি আগবঢ়ালে পোকৰ আক্ৰমন বন্ধ নহয় । কথা বিলাক এনেদৰে ভাবিবলৈ বিজ্ঞান পঢ়াৰ আৱশ্যকতা নাই । পৰম্পৰাত উটি নগৈ সোঁতৰ বিপৰীতে সাতুৰিবলৈ সকলোৱে সাহস নকৰে । যুক্তিবাদী লেখক সকলৰ কিন্তু তেনে সাহস অফুৰন্ত। 

কথা বিলাক যুক্তিৰে বিবেচনা কৰিবলৈ, যুক্তিবাদ প্ৰতিষ্ঠা কৰিবলৈ বা যুক্তিবাদী লেখক হ'বলৈ যেনেদৰে বিজ্ঞান পঢ়িব নালাগে  ঠিক তেনেকৈ বিজ্ঞান পঢ়িলেই, বিজ্ঞানী হ'লেই, বিজ্ঞান বিষয়ক প্ৰবন্ধ-ৰচনা লিখিলেই তেওঁ বিজ্ঞান মনস্ক মনৰ অধিকাৰী নহ'বও পাৰে । বিজ্ঞানী হ'লেই যে তেওঁ এজন যুক্তিবাদী লেখক হ'ব, তেওঁৰ চিন্তা-চৰ্চাত যুক্তিয়ে প্ৰাধান্য পাব – তেনে কথা হ'ব নোৱাৰে । সেয়েহে মহাবিদ্যালয়ত পদাৰ্থ বিজ্ঞান পঢ়ুওৱা শিক্ষকৰো হাতত ৰঙাসূতা, ডিঙিত তাবিজ-মাদলী দেখিবলৈ পোৱা যায়, সুকলমে ডক্তৰেট ডিগ্ৰী পাবলৈ কামাখ্যা গোঁসানীৰ আগত ছাগলী বলি দিয়ে বা গাড়ীৰ আগেদি মেকুৰী পাৰহৈ গ'লে অশুভ লক্ষণ বুলি বিশ্বাস কৰি গাড়ীখন পিছলৈ নিয়ে ।  এনেবিলাক বিজ্ঞানীয়ে বিজ্ঞানৰ শিক্ষা দিয়াৰ কাৰণ হ'ল সেয়া তেওঁলোকৰ বৃত্তি । কিন্তু নিজৰ ঘৰটো নিৰ্মাণ কৰোঁতে ভাল দিন-বাৰ চাইহে আৰম্ভ কৰে । শ্ৰীধৰ পাণিকৰ সোমনাথৰ নিচিনা বিশ্ববিখ্যাত মহাকাশ বিজ্ঞানীয়েও অন্ধবিশ্বাসক সাৱটি লৈয়ে কুম্ভমেলাত স্নান  কৰি নিজৰ মানসিক জগতৰ অন্ধকাৰ দিশটো জগতৰ আগত উজ্জ্বল ৰূপত তুলি ধৰা নাই জানো ? 

বুৰঞ্জী লেখক সকলৰো মানসিক দিগন্ত বিস্তৃত  হোৱাৰ লগতে তেওঁলোক যুক্তিবাদী চিন্তা-চৰ্চাৰ অধিকাৰী হোৱা নিতান্তই প্ৰয়োজন । অতীতৰ কোনো এটা ঘটনাৰ শুদ্ধ ৰূপত বিচাৰ বিশ্লষণ কৰিবলৈকে নহয় সাম্প্ৰতিক কালত পৃথিৱীৰ বিভিন্ন কোণত সংঘটিত হৈ থকা ৰাজনৈতিক অস্থিৰতা সমূহৰ উৎস সমূহ জানিবলৈ হ'লে  বিগত শতিকাৰ বিশ্বৰ  ৰাজনৈতিক- অৰ্থনৈতিক ইতিহাস পুংখানুপুংখ ভাৱে জানিব লাগিব  আৰু সেয়া শুদ্ধ ৰূপত উপস্থাপন কৰিবলৈ হ'লেই প্ৰয়োজন হ'ব যুক্তিবাদৰ । বস্তুনিষ্ঠ ভাৱে বুৰঞ্জী চৰ্চা কৰাত খুঁত থকা মানেই সমাজলৈ ভুল বাৰ্তা যোৱাৰ অৱকাশ থাকে । বুৰঞ্জীৰ সেই অংশটোৱেই আটাইতকৈ ভয়াবহ য'ত তথ্যৰ অভাৱৰ বাবে ইতিহাসকাৰে কল্পনাৰ আশ্ৰয় লয় । অথচ একাংশ বুৰঞ্জী লেখকে প্ৰাপ্ত তথ্যকো বিকৃত কৰি নিজা ধৰণে ইয়াক ব্যাখ্যা কৰে । এই ক্ষেত্ৰত প্ৰচীন ভাৰতৰ গুপ্ত যুগৰ কথা ক'ব পাৰি । সেই যুগত ভাৰতত জাতিভেদ প্ৰথাৰ কঠোৰতা বৃদ্ধি পাইছিল। সমাজৰ তথাকথিত নিম্ন শ্ৰেণী সমূহক অস্পৃশ্য বুলি গণ্য  কৰা হৈছিল।পথেৰে চণ্ডাল গ'লে তেওঁলোকে  দুডাল বাঁহেৰে শব্দ কৰি "মই চণ্ডাল আহিছো, মই চণ্ডাল আহিছো" বুলি চিঞৰি যাব লাগিছিল যাতে তেওঁলোকৰ ছাঁটো স্পৰ্শ কৰি উচ্চ শ্ৰেণীটো অশুচি হ'ব নালাগে ! সমাজ ব্যৱস্থাত প্ৰচলিত  জাতিভেদ প্ৰথাৰ এনেধৰণৰ কঠোৰতা সত্বেও , সমাজৰ এটা শ্ৰেণীয়ে অমানুষিক কষ্ট ভোগ কৰা সত্বেও ড০ৰমেশ চন্দ্ৰ মজুমদাৰৰ নিচিনা ভাৰতৰ প্ৰখ্যাত ঐতিহাসিকেও গুপ্ত যুগটোক  প্ৰাচীন ভাৰতৰ সোণালী যুগ বুলি অভিহিত কৰিছে । সমাজৰ সকলো শ্ৰেণীৰ লোকৰে সামগ্ৰিক বিকাশ আৰু সমমৰ্যাদা অবিহনে সেই যুগটো কেনেকৈ সোণালী যুগ হ'ব পাৰে ? ই ইতিহাসকাৰৰ পক্ষপাতদুষ্ট বিশ্লেষণ নহয় জানো ?

সাহিত্য -ইতিহাস- বিজ্ঞান–সকলোৰে আধাৰ হওক আৱেগৰ পৰিবৰ্তে যুক্তি । যুক্তিসিদ্ধ চিন্তা চৰ্চাৰ অভাৱে একোটা জাতিক  পঙ্গু কৰিব পাৰে, নিশকতীয়া কৰিব পাৰে আনহাতে যুক্তিবাদে সমাজক পোহৰমূখী কৰিব পাৰে । মানুহক অমৃতৰ সন্তান বুলি অভিহিত কৰা হয় । সেয়ে অমৃতৰ সন্তান সদায়ে অমৃত পিয়াসী হ'ব লাগে আৰু তেনে অমৃতৰ সন্ধান দিব কেৱল যুক্তিবাদী চিন্তা চৰ্চাইহে ।

ফ'ন–98643-56428

No comments

Latest Articles