শান্তি ছায়া ৰয় জেং বিহুৰ কথা মনলৈ আহিলে মই প্ৰথমেই নাম ল’ব লাগিব পশ্চিম গুৱাহাটী বিহুতলীৰ, যিখন বিহুতলীয়ে অসমৰ দ্বিতীয়খন বিহু সন্মিলনৰ দাবীদ...
শান্তি ছায়া ৰয়
জেং বিহুৰ কথা মনলৈ আহিলে মই প্ৰথমেই নাম ল’ব লাগিব পশ্চিম গুৱাহাটী বিহুতলীৰ, যিখন বিহুতলীয়ে অসমৰ দ্বিতীয়খন বিহু সন্মিলনৰ দাবীদাৰ হ’ব পাৰে৷ ১৯৫২ চনত প্ৰয়াত সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ সৃষ্টি লতাশিল বিহু সন্মিলনৰ ঠিক দুবছৰৰ পিছতে জন্মলাভ কৰিছিল পশ্চিম গুৱাহাটী বিহু সন্মিলনে ১৯৫৪ চনত৷ আৰু এইখন বিহু মঞ্চতেই আমাৰ আৰম্ভ হৈছিল ‘জেং বিহু’ৰ জয়যাত্ৰা৷ সেয়ে এই মঞ্চখনি মোৰ বাবে চিৰনমস্য৷ ১৯৭৮ চনত প্ৰথম মঞ্চত জেং বিহু উপস্থাপন কৰোতে কোন সভাপতি, কোন সম্পাদক আছিল সেই কথা মোৰ এতিয়া মনত নাই৷ কিন্তু যিয়েই নাথাকক শান্তিপুৰৰ ৰাইজ, পশ্চিম গুৱাহাটী বিহু সন্মিলনৰ সকলো কাৰ্যকৰ্তাক মোৰ একান্ত কৃতজ্ঞতা জ্ঞাপন কৰিলো৷ লোক কলা সংস্কৃতি, নৃত্য, নাচ, নাট সকলো মানুহৰে, সমাজৰে অৱলম্বন৷ মানুহ মাত্ৰেই নিৰ্মল সমাজ ব্যৱস্থাৰ দ্বাৰা প্ৰভাৱিত৷ আনন্দ প্ৰদান আৰু হিত বা উপকাৰ সাধনাৰ বাবে লোক সংস্কৃতি, নৃত্য নাট, জীৱ শ্ৰেষ্ঠ মানুহৰ বাবেই প্ৰয়োজন৷ এক সাধনাৰ ফচল৷ গৃহবাসী হৈ প্ৰথমে পৰিয়াল আৰু পৰৱৰ্তী সময়ত এখন সুস্থ সমাজত বসবাস কৰাৰ হাবিয়াস সকলোৰে আছে৷ অসম অসমীয়াৰ লোক সংস্কৃতি বিহুক লৈ কত কথা, কত আলোচনা-বিলোচনা সেইবোৰ কৈ অন্ত কৰিব নোৱাৰি৷ মাটি, পানী, নৈ, জান-জুৰি, বৰ গছৰ তল, ঘৰৰ চোতাল, ঢেঁকীশাল, ভঁৰাল ঘৰ এই সকলো আমাৰ বাবে যুগ যুগৰ চিনাকি৷ প্ৰত্যেকটো ঋতুৱে আমাক সোঁৱৰাই দিয়ে আমি কোন? আমাক কাষলৈ যেন মাতি আনে, বুকুৰ মাজত স্থান দিয়ে৷ পৰিৱেশ, পাৰিপাৰ্শ্বিকতাৰে একাত্ম হৈ পুৰুষ-নাৰী, যুৱক-যুৱতী সকলোৱে আনন্দ উপভোগ কৰিবলৈ এফাকি বিহু নাম জুৰিবলৈ হাবিয়াস কৰে৷ সংস্কৃতিৰে সমৃদ্ধিশালী সমাজ, সোণাৰাম খেলপথাৰৰ অনুষ্ঠিত বিহু সন্মিলনৰ কথা পাহৰি পেলোৱা অসম্ভৱ৷ এইখন মঞ্চই নাৰীৰ মুক্তিকামী লোক নাচ ‘জেং বিহু’ৰ প্ৰথম পৰিৱেশন কৰি পিছলৈ সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে প্ৰতিষ্ঠা লাভ কৰিবলৈ, চৰ্চা অব্যাহত ৰাখিবলৈ আমাক পথিক ৰূপে বাট বুলিবলৈ সাহস দিছে৷ জেং বিহুৰ আৰম্ভণিৰ এই চমৎকাৰিত্ব, শিপ্লী সকলৰ ঐকান্তিক সহযোগ সততে পাহৰিব পৰা নাযায়৷ কাৰণ ইয়াৰ আদৰ্শ, ইয়াৰ সাৰ্বজনীনতাৰ জেউতি আজিৰ সময়ত কিমান পোখা মেলিবলৈ ধৰিছে, সেই কথা ভাবিলে আচৰিত নহৈ নোৱাৰি৷
নগৰীয়া বিহু সন্মিলনকেইখনৰ লোক সংস্কৃতিৰ প্ৰতি থকা শ্ৰদ্ধা আৰু সন্মানৰ বাবে এসময়ত বিহু নাচৰ চৰ্চা, মহিলাৰ জেং বিহুৰ ওপৰত থকা আস্থাহীনতা, আদৰ্শগতভাৱে চলা বিৰোধ ভাব, সকলো তল পৰিল৷ ‘জেং বিহু’ক পুনৰ সঞ্জীৱিত কৰা হ’ল৷ কাৰণ দৰ্শক, শ্ৰোতা আৰু সমাজ শিপ্লীৰ প্ৰাণ৷ বিহু অসমৰ লোক সমাজৰ, লোক-সংস্কৃতিৰ সৈতে নিবিড় সম্পৰ্ক আছে বুলি বিজ্ঞসকলে কৈ গৈছে
সেইবাবেই হয়তো জনজীৱনৰ লগত বিহুৰ সম্পৰ্ক এনেভাৱে নিহিত হৈ আছে তাক পৃথক কৰা সহজ কাম নহয়৷ বিহু অসমীয়াৰ ছন্দোময়, প্ৰেমময় আনন্দৰ স্বতঃস্ফূৰ্ত ভাবৰ প্ৰকাশ৷ মূলতঃ কৃষি ভিত্তিক বুলি ধৰি ল’লেও ইয়াৰ মাজতে সাঙোৰ খাই আছে অসমৰ শিপ্ল-সংস্কৃতি, স্নেহময় ভাব প্ৰকাশ, একতা আৰু সময়ৰ প্ৰতিশ্ৰুতি৷ কিন্তু বৰ্তমানে মুকলিমুৰীয়া গ্ৰাম্য পৰিৱেশৰ বিহু এতিয়া লুপ্তপ্ৰায়৷
চ’ত মাহ খৰাং হৈ থকা প্ৰকৃতিৰ বুকুলৈ নতুন জোৱাৰ আহে৷ গছে-বনে কোমল কুঁহিপাত মেলে৷ কুলি-কেতেকীৰ মিঠা মাতত মন বলিয়া হোৱা এই বতৰত ল’ৰাৰ পৰা বুঢ়ালৈ, গাভৰুৰ পৰা বুঢ়ীলৈ সকলোৰে মন ৰাই-জাঁই কৰে৷ বৰগছৰ তল, আঁহতৰ তল, নৈৰ কাষৰ বালি চাপৰি, ম’হৰ শিঙৰ পেঁপা, গগনাৰে চৌদিশ ৰজনজনাই উঠে, আনন্দৰ খলকনি তোলে তাৰেই বিকশিত ৰূপ হ’ল বিহু৷ বসন্তৰ ৰূপে ৰঙে ভৰা, যৌৱন ওপচা, প্ৰকৃতিৰ নাচ, গান, ঢোলৰ চাপৰ, পেঁপা আৰু গগনাৰ মাজত বহুতে নজনাকৈ আৰু এটা নাম জড়িত হৈ আছে৷ সেয়া হৈছে জেং বিহু৷
জেং বিহু উজনি অসমৰ গাভৰুহঁতৰ অতি মৰমৰ, অতি চেনেহৰ বিহু৷ চ’তৰ আৰম্ভণিৰে পৰাই গাঁৱে-ভূঞে ঢোল, পেঁপাৰ মাত, তাঁতশালৰ মাকোৰ খিতখিতনি শব্দই আপোন পাহৰা কৰি তোলে সকলোকে৷ যৌৱন গৰকা গাভৰুহঁতৰ মনৰ বতৰা প্ৰকাশ কৰাৰ সময় এয়া৷ খোপাত কপৌ ফুল গুজি, হাতত টকা-গগনা লৈ বিহুৱতী গাভৰুৱে পথাৰে পথাৰে ঢাপলি মেলে৷ মুকলি আকাশৰ তলত ক’ব নোৱৰাকৈ বিহু মাৰে৷ অতীজতে জেং বিহু তিনি দিন বা সাত দিন ধৰি মাৰিছিল বুলি কয়; কিন্তু সময়ৰ লগে লগে এই বিহুক সকলোৱে পাহৰি পেলালে আৰু গুৰুত্বই নোহোৱা কৰিলে এখন সংৰক্ষণশীল সমাজে৷ মহিলা সকলে মনৰ আনন্দ প্ৰকাশ কৰাৰ পৰা যেন আঁতৰি যাবলগীয়া হ’ল৷ সেই সময়ৰ বহুতো বিদগ্ধ পণ্ডিত সমাজে বিহুটিক হীন দৃষ্টিৰেও চাইছিল, অশ্লীল বুলি মন্তব্য কৰা বহু কথা পঢ়িবলৈ পাইছিলো৷ গতিকে মহিলাৰ জেং বিহুটিক আদৰি লোৱাৰ প্ৰই নুঠে৷ সেয়ে হয়তো অৱহেলিত হৈ ৰ’ল৷
এতিয়া আহো ব্যক্তিগত জীৱনৰ কিছু কথালৈ৷ সৰুৰে পৰাই নাচ-গান, নাটক-অভিনয় এইবোৰৰ প্ৰতি কেনেকৈ আকৃষ্ট হৈছিলো, মই নিজেই নাজানো৷ দেউতা প্ৰয়াত তনুৰাম বৰুৱা, আইতা (মোৰ মা) প্ৰয়াত বিৰজা বৰুৱা, ককাইদেউ প্ৰয়াত ডম্বৰু বৰুৱা, বাইদেউহঁত, সকলোৱেই কম-বেছি পৰিমাণে বিহু, অভিনয় এইবোৰৰ প্ৰতি ৰাপ থকা দেখিবলৈ পাইছিলো৷ দেউতাই হুচৰি মাতি হাঁহৰ মাংসৰে চেৱা দিয়া বৰা ভাত খুৱাই আনন্দ লভিছিল৷ এইবোৰৰ প্ৰত্যক্ষদৰ্শী আছিলো আমি৷ কেতিয়াবা হুচৰিৰ লগত ঢোলৰ চাপৰত এপাক-দুপাক নচাৰ কথাও মনত পৰে৷ হয়তো তেনেকৈয়ে বিহুৰ মাজত সোমাই পৰিছিলো৷ কেতিয়াবা কঠিয়া তোলোতে, কেতিয়াবা ধান দাই থাকোতে, কেতিয়াবা ভৰিৰে ধান মাৰি থাকোতে ক’ব নোৱৰাকৈয়ে বিহু নামবোৰ গুণগুণাই গাইছিলো৷ নামবোৰৰ ঠেও-থমকবোৰে তেতিয়া নিজে নিজে গাত লম্ভিছিলহি৷ তেনেকৈয়ে বিহু নামৰ লগত নাচটোও নিজে নিজে ফুটি উঠিছিল৷ ককাইদেউ বিহু নামত পাকৈত আছিল৷ আইতাও সেইদৰে বিহুনামবোৰ শিকাই দিছিল৷ লগতে বিহু নাচবোৰো৷ ১৯৭১-৭২ চনৰ কথা৷ সঠিককৈ মনত নাই৷ গুৱাহাটীলৈ বুলি প্ৰথম ৰংমন হুচৰি দলৰ লগত আহিছিলো৷ উজনিৰ বিহু বুলি ক’লে মানুহে জুমি জুমি চাইছিল৷ তেতিয়াই পশ্চিম গুৱাহাটী বিহু মঞ্চত বিহু মাৰিছিলো আৰু বোধহয় বিহু কুঁৱৰী নে কিবা এটা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলো৷ দুৰ্ভাগ্যবশতঃ থলুৱা নহয় বাবে বঞ্চিত হৈ ৰ’লো৷ এইবোৰ তেতিয়াও আছিল৷ আমি গাঁৱৰ ছোৱালী৷ বৰকৈ আও-ভাও নাপাওঁ এইবোৰৰ৷ তাৰ পিছতো দুই-তিনিবাৰ মান অহা মনত পৰে৷ হুচৰিৰ লগত বিহু মৰা সেয়ে শেষ যদিও জেং বিহু আইতাহঁতে কেনেকৈ মাৰিছিল, সেয়া জানিছিলো৷ তাৰ কিছু দিনৰ পিছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা সময়ত জেং বিহু ভালকৈ মই দেখা পাইছিলো৷ কেতিয়াবা কৰবাত এপাক-দুপাক নচাৰ কথা মনত পৰে৷ কিন্তু সেই সময়ত দলগত হিচাবে জেং বিহু কৰাৰ কথা ভাবিবই নোৱাৰি৷ খুউব কম সংখ্যক বিহুৱতীয়ে তথা গাভৰু-বোৱাৰীয়ে জেং বিহু মাৰিছিল৷ এতিয়াও অৱশ্যে জেং বিহু উজনি অসমৰ বিভিন্ন ঠাইত জীয়ৰী-বোৱাৰীয়ে লগ লাগি বিহু মাৰে, বিহু পকে৷ জেং বিহুৰ বিষয়ে ক’বলৈ বহু কথা থাকিলেও সকলো কথা প্ৰকাশ কৰা সম্ভৱ নহয়৷ প্ৰয়াত ড০ নিৰ্মলপ্ৰভা বৰদলৈ বাইদেৱে তেখেতৰ লিখনিত কৈ গৈছে ‘পৃথিৱীৰ ঠাই নাম, সংস্কৃতিৰ বস্তু প্ৰতিটো নামৰে নিজা ইতিহাস আৰু অৰ্থ থাকে৷ জেং বিহুৰো ইতিহাস আছে আৰু অৰ্থও আছে৷ তদুপৰি ইয়াৰ আছে নিজা চৰিত্ৰ আৰু বৈশিষ্ট্য৷’
বিহু মোৰ ইমানেই ভাল লাগিছিল যে বিশ্ববিদ্যালয়ত পঢ়ি থাকোতে প্ৰয়াত ড০ ভূপেন হাজৰিকাদেৱৰ ‘আহ ওলাই আহ এইজনী... ’ গীতটিৰ লগত এটা বিহু নাচ বন্দনা নামৰ আন এগৰাকী শিপ্লীক লগত লৈ মঞ্চত পৰিৱেশন কৰা মনত পৰে৷ দৰ্শকৰ হাত চাপৰিৰে গোটেই প্ৰেক্ষাগৃহ ৰজনজনাই উঠিছিল৷ বৰ ভাল লগা কিছু স্মৰণীয় মুহূৰ্ত মনৰ মাজত এতিয়াও সযতনে ৰাখি থোৱাৰ প্ৰয়াস কৰিছো৷
তাৰ পিছত বৈবাহিক জীৱন আৰম্ভ হোৱাৰ লগে লগে সংসাৰৰ মায়া-মোহত আৱদ্ধ হৈ পৰিলো৷ বিহু আহিলেই মনত পৰে ঘৰলৈ, বিহু নাম, বিহু নাচ এইবোৰলৈ৷ মনে মনে গুণগুণাই থাকো৷ খাটি খোৱা অসমীয়াৰ মনৰ ভাব প্ৰকাশৰ একমাত্ৰ মাধ্যম বিহুনাম৷ সেয়ে হয়তো কৰবাত ঢোলৰ চেও অথবা বিহু নাম এফাকি শুনিলে নাচিবৰ মন যায়৷ এয়া অসমীয়াৰ স্বভাৱজাত প্ৰক্রিয়া নিশ্চয়৷ পশ্চিম গুৱাহাটীৰ শান্তিপুৰৰ আশ্ৰম ৰ’ডৰ এটি সান্ত পৰিয়াল প্ৰয়াত কিশোৰী মোহন ৰয়ৰ মই দ্বিতীয় গৰাকী বোৱাৰী৷ অৰ্থাৎ শ্ৰীযুত দুলাল ৰয়ৰ পৰিবাৰ অৰ্থাৎ শান্তিপুৰৰ বোৱাৰী৷ বোৱাৰী হ’লেও মনৰ মাজত সদায় এটা ভাবেই সোমাই আছিল৷ গুৱাহাটীৰ বিহু তলিতো যদি এপাক জেং বিহু নাচিব পাৰিলোহেঁতেন৷ কিন্তু কেনেকৈ? জেং বিহু উজনিৰ গাভৰুসকলৰ মৰমৰ কঠিয়াতলী৷ কিমান আনন্দ, সুখ-দুখ, মনৰ মাজত ৰাখি সমনীয়াৰ লগত ভাব বিনিময় কৰে বিহু নামৰ মাধ্যমেৰে৷ সেইবোৰ কথা ভাবি ভাবি স্বামীৰ আগত এদিন প্ৰকাশ কৰিলো মনৰ কথা৷ একে আষাৰতে সন্মতি প্ৰকাশ কৰি তেখেতে জনালে ‘যদি সাহস কৰিব পাৰা, তেনেহ’লে মোৰ কোনো আপত্তি নাই৷’ তাৰ পিছত চিন্তা হ’ল, আবুৰ মানে আইতা আৰু শহুৰ দেউতাৰ কাৰণে৷ লগতে বৰজনা প্ৰয়াত হেমেন্দ্ৰ কুমাৰ ৰয়ৰ বাবেও৷ তেখেত সকল নামনি অসমৰ স্থায়ী বাসিন্দা৷ তাতে সান্ত পৰিয়াল৷ বিহু হুচৰি এইবোৰ হয়তো পশ্চিম গুৱাহাটী বিহু মঞ্চত দেখা পাইছিল৷ কাৰণ পশ্চিম গুৱাহাটী বিহু মঞ্চ স্থাপিত হৈছিল ১৯৫৪ চনত বোধকৰো৷ আৰু পিছলৈ জানিব পৰা মতে, বিহু সন্মিলনে লোকগীত, লোকনৃত্য, এইবোৰৰ ওপৰতহে বেছি গুৰুত্ব আৰোপ কৰিছিল৷ সেয়ে ভাবিলো, পশ্চিম গুৱাহাটীতে জেং বিহু প্ৰদৰ্শন কৰিব লাগিব৷ মৰসাহ কৰি সকলোৰে পৰা সন্মতি লৈ দল গঠন কৰিবৰ বাবে কাক ল’ম, কি কৰিম, কেনেকৈ কি কৰিম এইবোৰ চিন্তাই মনত ক্রিয়া কৰিবলৈ ধৰিলে৷ অৱশ্যে মনৰ সৎ সাহস থাকিলে সকলো সম্ভৱ হয়৷ প্ৰথমতে মোৰ জা প্ৰয়াত তৰুদেৱী ৰয় তেওঁ ওলাল, লগতে ননদ শ্ৰীমতী ছন্দা ৰয়, ওচৰৰে আন এগৰাকী ননদ পাঞ্চালী উজিৰ, শান্তিপুৰ হিল চাইডৰ মোৰ পেহী শাহু শ্ৰীযুতা অনুপমা ভূঞা, তেখেতৰ ছোৱালী ঝিনু, কবি অম্বিকাগিৰী ৰায়চৌধুৰীৰ কনিষ্ঠ কন্যা শ্ৰীযুতা যুগব্ৰতা দত্ত (ৰায়চৌধুৰী), বনলতা, মানসী, ভিলু, অঞ্জুকে আদি কৰি (কেইগৰাকীমানৰ নাম মোৰ মনলৈ অহা নাই) মুঠ ১২ গৰাকী মান জীয়ৰী-বোৱাৰীক লগত লৈ দলটি গঠন কৰা হ’ল৷ শান্তিপুৰ আশ্ৰম ৰ’ডৰ পুৰণি প্ৰাথমিক বিদ্যালয়খনিতে প্ৰথম আখৰা আৰম্ভ হ’ল৷ তাৰ পিছত আমাৰ ঘৰৰ ড্ৰয়িংৰূম, চোতাল, হিল চাইডৰ পেহীহঁতৰ ঘৰত এনেদৰে মুঠতে সম্পূৰ্ণ আখৰা চলিল৷ জেং বিহুক কলাৰ মাধ্যমেৰে কেনেকৈ মঞ্চত উপস্থাপন কৰিব পাৰি তাকেই প্ৰকাশ কৰিবৰ বাবে ১৯৭৮ চনত পশ্চিম গুৱাহাটী বিহুতলীৰ বিহু মঞ্চত প্ৰথমবাৰৰ বাবে জেং বিহু প্ৰদৰ্শন কৰে আমাৰ দলটিয়ে৷ জেং বিহু প্ৰকৃততে কি, বিহু নাম কি হ’ব, কি নাচিব, কেনেকৈ নাচিব এইবোৰ কথা ভাবি শিপ্লী কেইগৰাকীয়ে নানান প্ৰ কৰা মোৰ মনত পৰে৷ যেনেকৈ পাৰো তেখেতসকলক বুজাবৰ বাবে চেষ্টা কৰিবলৈ ল’লো৷ অৱশেষত মহিলাসকলেও যে এনেদৰে বিহুত আনন্দ উপভোগ হাঁহি-ধেমালি কৰিব পাৰে সেই কথা ভাবি সকলোৱে আনন্দ লাভ কৰিছিল আৰু আন্তৰিকতাৰে সহযোগ৷ সৰুকৈ ফুল দিয়া মুগাৰ মেখেলা, কেঁছ বছা ৰিহা, ৰঙা ব্লাউজ, হাতত (মুঠি খাৰু নহয়) এপাতকৈ বোধহয় গামখাৰু, ডিঙিত গলপতা, জোনবিৰি, বেনা, খোপাত কিনি অনা ফুল এইবোৰ প্ৰত্যেক গৰাকীয়ে বিচাৰি গোটাই লৈ বিহু কৰিবৰ বাবে সাজু হৈ পৰিল৷ মোৰ আকৌ বিহু নাম মুখত আছিলেই৷ গতিকে অসুবিধাও হোৱা নাছিল তেনেকৈ৷ পেহী শাহু আছিল জামগুৰিৰ প্ৰখ্যাত ভূঞা পৰিয়ালৰ ভূঞা, জা আছিল তেজপুৰৰ৷ বিহু নাম তৰু দেৱী ৰয়েও ভালকৈ জানিছিল৷ প্ৰথম মঞ্চত উঠাৰ দিনা আনন্দ, ভয়, শংকা, বুকু দুৰুদুৰুকৈ কঁপি উঠিছিল৷ আবু প্ৰয়াত সুভাগী ৰয়ক গাড়ীৰে নি বিহুৰ পেণ্ডেলত আগত বহুৱাই দিয়া হৈছিল৷ শাহু শ্ৰীযুতা প্ৰভাৱতী ৰয় (আখৰা কৰোতে এপাক-দুপাক এনেয়ে নাচি ভাল পাইছিল, দলত নাছিল যদিও) বৰ উৎকণ্ঠাৰে আমাৰ লগতেই ওলাই গৈছিল৷ কিমান যে আনন্দ, কিমান স্ফূৰ্তি, কিমান হাঁহি ভাবি ভাবি এতিয়া মনত পেলাবলৈ চেষ্টা কৰো কথাবোৰ৷ বিহু নামবোৰলৈ মনত পৰে৷ বাদ্যযন্ত্ৰ বুলি ক’বলৈ তেতিয়া টকা আৰু গগনাখনহে আছিল৷ মঞ্চত শাৰী পাতি এজনী এজনীকৈ উঠি গৈছিলো৷ কিৰিলিপাৰি হাঁহি হাঁহি উলাহেৰে লাস্যময়তাৰে পৰিৱেশন কৰা বিহুনাম ফাকি আছিল এনে ধৰণৰ
ৰিণিকি ৰিণিকি দেখো গাঁৱে খনি
ব’ল আমি তালৈকে যাওঁ
শুনি কি নুশুনি গগনাৰ বিননি
ব’ল আমি বিহুলৈ যাওঁ৷’
তাৰ পিছত টকা বজাই বৃত্তাকাৰে ঘূৰি ঘূৰি প্ৰত্যেক গৰাকীয়েই নাচি নাচি এটা সময়ত আনন্দেৰে কিৰিলি পাৰি পুনৰ গাবলৈ আৰম্ভ কৰিছিলো আন এফাঁকি বিহু নান৷
‘হায় হায় বিলত পানী নহ’লে
পদুম ফুল নুফুলে
ফুলিলেও মৰহি যায়ে ভনীটি
হিয়াত মৰম থাকিলে
বিলাব নাজানিলে
হিয়াতে ঐ মৰহি যায় ভনীটি
চালনীৰে চালিবা
কুলাৰে জাৰিবা
সোতাইনো সাৰি সাৰি যাবা ভনীটি৷
নিজ হাতেৰে বিচনী
বনাই দিম নাচনী
বিচি বিচি টোপনি যাবা৷
ইত্যাদি ইত্যাদি৷ আমি প্ৰত্যেকগৰাকীয়েই গাব পাৰিছিলো, নাচিবও পাৰিছিলো৷ আজিকালি যিদৰে মঞ্চত একাষৰীয়াকৈ মাইকৰ আগত থিয় হৈ বিহু নাম ধৰে, আমি মাইক ব্যৱহাৰ কৰা মনত নপৰে৷ মঞ্চত সাধাৰণতে ব্যৱহৃত হোৱা ধ্বনিৰ ব্যৱস্থাৰ সন্মুখত আমাৰ অনুষ্ঠান পৰিৱেশন কৰিছিলো৷ শহুৰ দেউতা আৰু বৰজনাই লুকাই চুৰকৈ জেং বিহু চাইছিল৷ অৰ্থাৎ কোনোবাই কিবা ক’ব পাৰে বুলি তেখেতসকলৰ মনত এক শংকা, ভয় সোমাইছিল৷ সান্ত পৰিয়ালৰ জীয়ৰী-বোৱাৰীয়ে লগ লাগি বিহু মঞ্চত উঠি বিহু নাচিছে তাতে আকৌ জেং বিহু৷ স্বামী শ্ৰীযুত দুলাল ৰয় আৰু পৰিয়ালৰ পৰা যি সাহস, উৎসাহ আৰু প্ৰেৰণা পালো সেই কথা পুনৰ উল্লেখ কৰাৰ প্ৰয়োজন নাই৷
পশ্চিম গুৱাহাটীৰ বিহু মঞ্চত জেং বিহু কৰি প্ৰশংসা পোৱাৰ বাতৰি কাকতত প্ৰকাশ হৈছিল৷ আৰু পিছদিনাই উজান বজাৰৰ লতাশিল বিহুতলীৰ পৰা আমন্ত্ৰণ লৈ এসময়ৰ টেনিচ খেলুৱৈ, সাংবাদিক (খেল) বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ সক্রিয় কৰ্মী প্ৰয়াত পুলিন দাস (মামা) আমাৰ ঘৰ ওলাইছিলহি৷ ‘লতাশিলৰ বিহুতলী’ৰ বাবে বোৱাৰীহঁতৰ বিহুটো লাগে৷’৷ স্বামী দুলাল ৰয়ে সম্পূৰ্ণ সহযোগিতাৰে ঘৰৰে জিপ গাড়ীখনত লৈ বিহুতলীলৈ বুলি আমাক লৈ ওলাই গৈছিল৷ দৰ্শকৰ প্ৰশংসা পাই সেই বছৰতে নাৰেঙ্গী আৰু ভালেকেইঠাইত ‘জেং বিহু’ প্ৰদৰ্শন কৰা হয়৷ তাৰ পিছৰে পৰা গুৱাহাটীৰ বিভিন্ন ঠাই বেলতলা, বশিষ্ঠ, গণেশগুৰিকে আদি কৰি বহুতো ঠাইত জেং বিহু পৰিৱেশন কৰা হৈ আহিছে৷ সকলোৰে মৰম, আদৰ, প্ৰশংসা পাই সময়ৰ বলুকাত হেৰাই যাব খোজা উজনিৰ মহিলাৰ ‘জেং বিহু’ক উজ্জীৱিত কৰি ৰাইজৰ মাজত কেনেকৈ স্থান অধিকাৰ কৰে তাৰ চেষ্টা অবিৰতভাৱে চলি থাকিল৷
১৯৯০ চনত গুৱাহাটী দূৰদৰ্শনযোগে ‘জোনবিৰি’ নামেৰে পুনৰ দল এটি গঠন কৰা হয়৷ শ্ৰীমতী মাধুৰিমা চৌধুৰী, চেতনা দাস, মিনু বনিয়া, প্ৰীতি কোঁৱৰ, ইন্দুমতী গোহাঁই, চান্দমাৰীৰ উমানন্দা বৰুৱা, প্ৰতিভা বৰুৱা, কনিকা শইকীয়া, বৰ্নালী দাস আদি শিপ্লীসকলক লৈ প্ৰথমবাৰৰ বাবে দূৰদৰ্শনৰ পৰ্দাত পৰিৱেশন কৰা হয়৷ দীঘল হাতৰ ৰঙা চিত কাপোৰৰ ব্লাউজ, ফুল দিয়া মুগাৰ মেখেলা, কলিয়া ৰিহা পিন্ধি বিহু পৰিৱেশন কৰাৰ পিছত প্ৰবীণ নৃত্যবিদ, প্ৰয়াত প্ৰদীপ চলিহাদেৱে কৈছিল, ‘গাভৰুসকলে মৰাণ সম্প্ৰদায়ৰ কলিয়া ৰিহা পিন্ধি নাচিলেও নাচটো কিন্তু মৰাণৰ নাচ নাছিল৷ প্ৰয়াত সত্য প্ৰসাদ বৰুৱাদেৱেও সুন্দৰ মন্তব্য দাঙি ধৰিছিল৷ ড০ পুষ্প গগৈদেৱৰ মতে আহোম সকলে পূৰ্বতে ক’লা মেখেলা-চাদৰ ৰিহা অধিক পছন্দ কৰিছিল৷ বিহু হ’ল বুলিয়েই হাজাৰ টকীয়া মুগাৰ মেখেলা-চাদৰ পিন্ধিব লাগিব বুলি কথা নাই৷ ফুলাম কপাহী কাপোৰ এসাজেও বিহুৱতীৰ দেহত আদৰ্শনীয় স্বৰূপ হৈ পৰিব পাৰে৷
ইয়াৰ পিছতে আমাৰ দলটিয়ে ‘অসম উপত্যকা সাহিত্য বঁটা’, ‘কমল কুমাৰী বঁটা’ প্ৰদান অনুষ্ঠান, আলি আই লিগাং উৎসৱ, সদৌ অসম ছাত্ৰ সন্থাৰ বিহু উৎসৱত অংশগ্ৰহণ কৰি আহিছে৷ ১৯৯১ চনত কলিকতাৰ পূব মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰৰ সমাৰোহত অংশগ্ৰহণ কৰি যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হয়৷ বোধকৰো অসমৰ ‘জেং বিহু’ সেইবাৰেই প্ৰথম অসমৰ বাহিৰত প্ৰদৰ্শন কৰা হৈছিল৷ কলিকতাৰ ৰবীন্দ্ৰ সদনৰ প্ৰেক্ষাগৃহত জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বজাইছিল৷ তেতিয়াৰ পশ্চিমবংগৰ ৰাজ্যপাল তথা পূব মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰৰ অধ্যক্ষ এছ নুৰুল হাচান ডাঙৰীয়াই প্ৰদান কৰা তাম্ৰপত্ৰখনিৰ লেখনিটো ইয়াতে প্ৰকাশ কৰাৰ লোভ সামৰিব নোৱাৰিলো
astern Zonal Cultural Centre
Presented to
Smt. Santi Chaya Roy and her Troupe JonBiri Group in appreciation of their Performance on July 22, 1991
at Rabindra Sadan
Calcutta.
(S. Nurul Hassan)
Governor of West Bengal x Chairman Eastern Zonal Cultural Centre.
১৯৯২ চনত উৰিষ্যাৰ কোনাৰ্ক নৃত্য মহোৎসৱলৈ আমন্ত্ৰিত হৈছিলো৷ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত ‘হিটচ’ পাতিহে বাছনি কৰিছিল আমাৰ জেং বিহু দলটিক৷
১৯৯৫ চনত পুনৰ পূব মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰৰ আয়োজিত লোকনৃত্য সমাৰোহলৈ দ্বিতীয়বাৰৰ বাবে আমন্ত্ৰণ পাওঁ৷
১৯৯৬ চনত কলিকতাৰ ছলেকত আয়োজিত ‘অসম দিৱস’ৰ সাংস্কৃতিক অনুষ্ঠানত অসমৰ ‘মহিলাৰ জেং বিহু’ দেখি সকলো অভিভূত হৈ পৰিছিল৷ ঢোল, পেঁপা নোহোৱাকৈ কেৱল হাতৰ চাপৰি, টকা, গগনা, ভৰিৰ গিৰিপনিৰে একোখন বিহু যে প্ৰাণৱন্ত হৈ উঠিব পাৰে সেই কথা প্ৰয়াত ড০ ভূপেন হাজৰিকাদেৱে কৈ গৈছে৷ ড০ হাজৰিকাই মঞ্চলৈ উঠি আহি সকলোকে আশীৰ্বাদ দিছিল আৰু বিহু নাম গাবলৈ আৰম্ভ কৰিছিল৷ সেই সময়ত আমি আপোন পাহৰা হৈ নাচিবলৈ আৰম্ভ কৰিছিলো৷ আমাৰ পৰম সৌভাগ্য বুলিয়েই ক’ব লাগিব৷ ইয়াৰ পিছতে প্ৰয়াত হাজৰিকাদেৱৰ তথ্যচিত্ৰৰ চেলুলয়ডত আমাৰ জেং বিহুক ধৰি ৰাখিছিল৷ এতিয়াও মনত আছে প্ৰয়াত কপ্লনা লাজমীক লগত লৈ খাৰঘূলিৰ নদীৰ পাৰত শ্বুটিং কৰাৰ কথা৷ সেইসময়ত শৃংখলাবদ্ধভাৱে জেং বিহু পৰিৱেশন কৰা কোনো দল নাছিল বুলিয়েই ক’ব পাৰি৷ এইদৰেই ‘জেং বিহু’ ৰাইজৰ মৰম বুটলি আগুৱাই গৈ থাকিল নতুন উদ্যম আৰু হেঁপাহেৰে৷
এইখিনিতে কলিকতা আৰু গুৱাহাটীৰ বিহু মঞ্চত জেং বিহু পৰিৱেশন কৰা মহিলা শিপ্লীৰ নাম নল’লে পাপে চুব৷ কেৱল জোনবিৰি দলটিৰ নাম ল’লেই সম্পূৰ্ণ নহয়৷ বিভিন্ন ঠাইৰ মহিলা শিপ্লী সকলক লগ পাইছো৷ বিভিন্ন দল, সংগঠনক বিহু নাম, বিহু নাচ শিকাই দিয়াৰ চেষ্টা অব্যাহত ৰাখিছো৷ গুৱাহাটী আৰু কলিকতাত পিছত জেং বিহু পৰিৱেশন কৰা বহু মহিলা শিপ্লীয়ে সহযোগ কৰি প্ৰত্যেকটো অনুষ্ঠানেই সৰ্বাংগ সুন্দৰ কৰি তুলিছিল৷ সেই কথা মই কেতিয়াও পাহৰিব নোৱাৰিম৷ জেং বিহুৰ সংৰক্ষণ, সংবৰ্ধন আৰু উত্তৰণৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা শিপ্লীসকল শ্ৰীমতী মিনতি কোঁৱৰ, মন্দিৰা গগৈ, হিমাদ্ৰী কোঁৱৰ, ঘুনুচা গগৈ বৰুৱা, মনালিছা কোঁৱৰ, মিলি কোঁৱৰ, বিমলা নাজিৰ, মনিমালা দাস, লেখা বৰা, অন্তৰা দেৱী, বিজেতা বৰুৱা, মুনমুন দাস, মধুৰ কংকনা ৰয়, সুমধুৰ ৰয়, বিদিশা ৰয়, বৰ্ণালী দাস, গীতা কোঁৱৰ, টুনা গৌতম, ভাৰতী হাজৰিকা, জুৰি বৰুৱা, পাৰুল বৰুৱা, পুষ্প মাউত, ৰঞ্জু বুঢ়াগোহাঁই, মানসী গগৈ, ভানু কোঁৱৰ, গৌৰী কোঁৱৰ ইত্যাদি৷ বৰ্তমানলৈকে এইসকল শিপ্লীৰ লগত মোৰ গভীৰ সম্পৰ্ক আছে৷ যদিওবা গুৱাহাটীৰ বিভিন্নঠাইৰ বাসিন্দা এওঁলোক৷
২০০০ চন এটা নতুন শতিকাৰ আৰম্ভণি৷ এই শতিকাৰ আৰম্ভণিতে শঙ্কৰদেৱ কলাক্ষেত্ৰত বিহুৰ সম্পৰ্কে এলানি কাৰ্যসূচী হাতত লৈছিল৷ সেই বছৰৰ ২৭ মাৰ্চৰ পৰা ৩০ মাৰ্চলৈ বিহু সম্পৰ্কীয় এখনি কৰ্মশালা অনুষ্ঠিত হৈছিল বুলি মনত পৰে৷ লোকগীত মাত, নাচৰ ক্ষেত্ৰত পৰীক্ষা নিৰীক্ষাৰ মাজেৰে বৰঙণি আগবঢ়াই অহা ভালেকেইজন ব্যক্তিৰ উপস্থিতি উল্লেখনীয়৷ জয়কান্ত গন্ধীয়া, হেম বুঢ়াগোহাঞি, কুলধৰ কোঁৱৰ, বিজন দত্ত, বিমলা গগৈ, ড০ পুষ্প গগৈ, প্ৰয়াত তীৰ্থ ফুকন, দেওকন চেতিয়া, গোলোক মৰাণ, দুৰ্লভা মৰাণ, সোমনাথ বৰা, ড০ প্ৰসন্ন গগৈ আদি লোক সকলে৷ জেং বিহুক লৈ বহু বাক্-বিতণ্ডাৰো সৃষ্টি হৈছিল৷ বিহুৰ লগত জড়িত সকলোৰে বোধ হয় এই কথা নিশ্চয় মনত আছে৷ মই পুনৰ দোহাৰিব খোজা নাই৷ এতিয়া বিহু বহু প্ৰকাৰৰ হৈছে৷ মুকলি বিহু, হুচৰি, গাজৰু বিহু, জেং বিহু, আইতাৰ বিহু, বোৱাৰীৰ বিহু আৰু যে কত কি৷ মূলতঃ বিহু আনন্দৰ মাধ্যম বুলি ভাবিলেও বৰ্তমানে কিন্তু ব্যৱসায়ৰ মাধ্যম হৈ পৰিছে বুলিয়ে ক’ব লাগিব৷ অসমৰ পুৰণিকলীয়া পৰম্পৰাগতভাৱে চলি অহা জেং বিহুক জীয়াই ৰাখিবৰ বাবে প্ৰয়াস কৰি অহা হৈছে৷ বহু ঘাত-প্ৰতিঘাত, সমালোচনাৰো সন্মুখীন হোৱাৰ পৰাও আঁতৰি আহিব পৰা নাই৷ কাগজে পত্ৰই জেং বিহুক লৈ এটা আলোড়ন সৃষ্টি হৈছিল৷ অৱশেষত সকলো সমালোচনাৰ অন্ত পেলাই জেং বিহুৰ যে ইতিহাস আছে, পৰম্পৰা আছে, স্বকীয় বৈশিষ্ঠ আছে এই কথা প্ৰতীয়মান হৈছিল৷
জেং বিহুক লৈ অবিৰাম এক যাত্ৰা অবিৰতভাৱে চলি থাকিল৷ ২০০০ চনৰ ২০ জুনত বেলতলা পাণ্ডৱ নগৰৰ এটি নতুন অনুষ্ঠানৰ জন্ম দিয়া হয়৷ মহিলাৰ উন্নয়নমুখী এক সন্মিলিত প্ৰচেষ্টা ত্ৰিৱেণী মহিলা চ’ৰা৷ মহিলাসকলৰ কৰ্মশক্তি প্ৰকৃততে অসীম আৰু ভাব প্ৰৱণতামুক্ত৷ সেইবাবেই নিজকে উন্নয়নমূক কামত ব্যস্ত কৰিবলে সৃষ্টি শক্তি দুগুণে বৃদ্ধি পায়৷ ইয়াৰে আলম লৈ ২০০১ চনত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত প্ৰথমবাৰৰ বাবে অসম ভিত্তিত ‘জেং বিহু প্ৰতিযোগিতা’ এখনি আয়োজন কৰা হৈছিল৷ উদ্বোধন কৰিছিল সাহিত্যিক শিপ্লী, প্ৰয়াত তুলতুল বৰুৱা বাইদেৱে৷ অসমৰ চুকে-কোণে থকা ৩৫ টা জেং বিহুৰ দলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰবীন্দ্ৰ ভৱনৰ চৌহদ উখল-মাখল কৰি তুলিছিল৷ ড০ পুষ্প গগৈ (ধেমাজি), অধ্যাপক পৱন গোহাঁই (গড়গাঁও কলেজ), প্ৰয়াত তীৰ্থ ফুকন (গুৱহাটী), ৰত্নেশ্বৰ কোঁৱৰ (শিৱসাগৰ), ননী বৰুৱা (গুৱাহাটী), খগেন ফুকন (গুৱাহাটী) আদি বিশিষ্ট ব্যক্তি তথা লোক সংস্কৃতিৰ গৱেষকসকলক আমন্ত্ৰণ কৰি জেং বিহুৰ ওপৰত আলোচনা চক্রও আয়োজন কৰা হৈছিল৷
২০০২ চনত পুনৰ এদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত জেং বিহু প্ৰতিযোগিতা দ্বিতীয়বাৰৰ বাবে অসম ভিত্তিত আয়োজন কৰা হৈছিল৷ মুঠ ২২ টা মান দলে অংশগ্ৰহণ কৰে৷ কেন্দ্ৰীয় গীত-নাট বিভাগৰ অৱসৰ প্ৰাপ্ত সঞ্চালক, নৃত্যশিপ্লী প্ৰয়াত কৃষমূৰ্তি হাজৰিকাদেৱে উদ্বোধন কৰিছিল প্ৰতিযোগিতাখনি৷ বঁটা বিতৰণি সভাত উপস্থিত আছিল সাহিত্যিক প্ৰয়াত সৰস্বতী ড০ নিৰ্মল প্ৰভা বৰদলৈ বাইদেউ৷ প্ৰকাশন পৰিষদৰ তেতিয়াৰ সচিব শ্ৰীযুত বিমল হাজৰিকা, গোলাঘাটৰ অধ্যাপক ড০ কৃষকান্ত সন্দিকৈ, এসময়ৰ বৰ বিহুৱতী গোলাঘাটৰ অমি সন্দিকৈ, তেতিয়াৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক শ্ৰীযুত প্ৰীতম শইকীয়া আৰু বহু গণ্য-মান্য ব্যক্তিয়ে জেং বিহুক ৰাইজৰ মাজলৈ উলিয়াই অনাৰ বাবে উৎসাহ প্ৰদান কৰিছিল৷ কিছু বছৰৰ পিছত ২০০৮ চনত পুনৰ এই প্ৰতিযোগিতা আয়োজন কৰি এই অনুষ্ঠানটিয়ে যথেষ্ট অনুপ্ৰাণিত কৰিছিল মহিলা শিপ্লীসকলক৷
বৰ্তমান অসমৰ প্ৰায় সকলো ঠাইতে জীয়ৰী-বোৱাৰীসকলৰ জেং বিহু দেখি আনন্দত আত্মহাৰা হোৱা যেন লাগিছে৷ তথাপিও ক’ব বিচাৰো এতিয়াও হীন চকুৰে চোৱা মানুহৰ অভাৱ হোৱা নাই৷ মহিলা কাৰণেই বোধকৰো এনেবোৰ বিসংগতি৷ কোনোবা কৌটি কালৰে পৰা মহিলাই বিহুনাম গোৱা, বিহুনাচ নচা প্ৰথা চলি আহিছে৷ অসমৰ লোক সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ জেং বিহু৷ ঘৰৰ চাৰিবেৰৰ মাজত সোমাই ৰন্ধা-বঢ়া কৰি খুৱাই-ধুৱাই জীৱনটো অতিবাহিত কৰাৰ কথাও দেখোন ভাবিব নোৱাৰি৷ আনহাতে, একালৰ বিহুৱতী গাভৰুবোৰ লোকৰ ঘৰৰ লখিমী হৈ ৰ’ল৷ বিহু সম্ৰাজ্ঞী, বৰ বিহুৱতীবোৰে বাৰু এনেকৈয়ে থাকিবনে? তেওঁলোকৰ মনবোৰ জানো কোনোবাই বান্ধি ৰাখিব পাৰিব? বিহু বুলিয়েই যদি সকলো মহিলা একগোট হৈ হাঁহি-ধেমালি কৰে তাতেনো কি মহাভাৰতখন অশুদ্ধ হয়৷ কেৱল মঞ্চমুখী হ’লেই প্ৰসাৰতা বাঢ়িব বুলি ক’ব নোৱাৰি৷ পৃথিৱীৰ আন ঠাইৰ লোকনৃত্যসমূহৰ যেনে ধৰণৰ কৰিঅ’গ্ৰাফ, শিপ্লীৰ কণ্ঠ চৰ্চা, বাদ্য বাদনৰ অনুশীলন এই সকলো জোখে-মাখে থাকিলেহে একোটা দলৰ জনপ্ৰিয়তা বৃদ্ধি পায়৷ একোগৰাকী মহিলা একেধাৰে গায়িকা, নৃত্যাংগনা আৰু বাদ্যবাদকো হ’ব পাৰে৷ যদি জেং বিহুৰ জীয়ৰী-বোৱাৰীহঁতকো বিশ্লেষণ কৰি চাওঁ, আমাৰ মাজতো এনে শিপ্লীৰ অভাৱ নহ’ব৷ গতিকে জীয়ৰী-বোৱাৰীসকলো লগ লাগি পৰম্পৰাগতভাৱে চলি অহা জেং বিহুক প্ৰদৰ্শনাত্মক কলা হিচাপে ধৰি ৰাখিবৰ বাবে চেষ্টা অব্যাহত ৰাখক৷ নাৰী শক্তিপ্ৰদায়িনী৷ নাৰীৰ মৰ্যাদাও সুকীয়া৷ বিহু সংস্কৃতিৰ সৃষ্টিও নাৰীক কেন্দ্ৰ কৰিয়েই৷
লেখনিটো সামৰাৰ আগতে এষাৰ কথা সাঙুৰিব খুজিছো আৰু আত্মবিশ্বাসেৰে ক’ব বিচাৰিছো জেং বিহু অসম, অসমীয়াৰ লোক -সংস্কৃতিৰ মুখ্য অৱদান৷ মই ভাবো জেং বিহু পথাৰ, নৈৰ চাপৰি, গছৰ তলৰ গ্ৰাম্য পৰিৱেশৰ পৰা আহি প্ৰদৰ্শনাত্মক কলা হিচাপে যদিও মুকলি মঞ্চত স্থান ল’বলৈ ধৰিলে, তথাপিও লোকাচাৰ, অভিনয়, কথা বস্তু, গীত মাতত থকা সাৰমৰ্মক সামগ্ৰিক সূক্ষ্ম অনুভূতি, চিন্তাৰ গভীৰতাৰে নান্দনিক দিশৰ প্ৰতি লক্ষ্য ৰাখি কৰিঅ’গ্ৰাফ কৰি উপস্থাপন কৰিব পাৰিলে অসমেই নহয়, সমগ্ৰ বিশ্বৰ বাবে গ্ৰহণযোগ্য হৈ পৰিব৷ এই নাচো অৱশ্যে নাটকৰ দৰে ( Slice of reality) অৰ্থাৎ আংশিক বাস্তৱহে৷ সম্পূৰ্ণ বাস্তৱ নহয়৷
শেষত ক’ব বিচাৰিছো ১৯৭৮ চনতে মঞ্চত আৰম্ভ কৰা জেং বিহুৱে বৰ্তমানে যি অৱস্থাত আহি পাইছে, ইয়াৰ অন্তৰালত বহু কষ্ট, দুখ, বেদনা, হা-হুমুনিয়াহ সোমাই আছে বুলি ক’ব লাগিব৷ আক্ষেপ নাই৷ ৰাইজৰ মৰম আৰু স্বীকৃতি কেতিয়াও নুই কৰিব নোৱাৰি৷ জেং বিহুৰ বহুতো বিশেষজ্ঞ, গুৰু প্ৰশিক্ষকৰ আৱিৰ্ভাৱ হ’ল৷ ভয় হৈছিল অপাত্ৰৰ হাতত পৰি লোক সংস্কৃতিৰ সমলবোৰ এনেদৰে লুপ্ত হৈ পৰিব নেকি৷ কিন্তু নহয় প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিৰপেক্ষ সমালোচক শ্ৰীযুত নিতুমণি শইকীয়াই প্ৰতিষ্ঠিত শিপ্লী গায়িকা জুবলি বৰুৱা, বৰ্ণালী কলিতা আৰু মৈত্ৰেয়ী পাতৰৰ সৈতে যোৱা ৯ ফেব্ৰুৱাৰীত হোৱা সাক্ষাৎকাৰে পুনৰ যেন প্ৰাণ পাই উঠিল জেং বিহুৱে৷ এই আপাহতে তেখেতসকললৈ মোৰ পৰম কৃতজ্ঞতা জ্ঞাপন কৰিলো৷ প্ৰতিটো অনুষ্ঠানতে সহযোগিতা কৰা লগতে মোৰ স্বামী শ্ৰীযুত দুলাল ৰয়দেৱ, পৰিয়ালৰ দুই কন্যা মধুৰ আৰু সুমধুৰ, ভগ্নী প্ৰীতি কোঁৱৰৰ ত্যাগ আৰু কষ্টৰ অৱদানৰ বাবে মোৰ সীমাহীন শ্ৰদ্ধা ভালপোৱা আৰু শুভ আশিস জন্ম জন্মান্তৰে থাকি যাব৷
No comments