অপূৰ্ব কুমাৰ বৰুৱা ভাৰতৰ সাম্প্ৰতিক ৰাজনীতিত সাম্প্ৰদায়িক ধৰ্মীয় ফেচীবাদৰ উপৰিও আন এটা মৌলিক সমস্যা হৈছে অসমী্যা বা বড়ো, কাৰ্বি, মিচিং আদিৰ ...
অপূৰ্ব কুমাৰ বৰুৱা
ভাৰতৰ সাম্প্ৰতিক ৰাজনীতিত সাম্প্ৰদায়িক ধৰ্মীয় ফেচীবাদৰ উপৰিও আন এটা মৌলিক সমস্যা হৈছে অসমী্যা বা বড়ো, কাৰ্বি, মিচিং আদিৰ দৰে ক্ষুদ্ৰ জাতি সত্বাক বিলুপ্তিৰ জৰিয়তে ভাৰতীয় বিভিন্নতাক ধ্বংস কৰি এক ৰাষ্ট্ৰবাদৰ প্ৰতিষ্ঠাৰ প্ৰচেষ্টা। এই সমস্যাটোৰ আলোচনাৰে আমি অসমীয়া জাতীয়তাবাদৰ ৰেহ্ ৰূপ বুজাৰ চেষ্টা কৰিম। ইয়াৰ বাবে প্ৰথমে জাতীয়তাবাদ সম্পৰ্কে কিছু আলোচনাৰ প্ৰয়োজন আছে।জাতীয়তাবাদ
জাতীয়তাবাদ বিংশ শতিকাৰ এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক ধাৰণা। বিংশ শতিকাৰ মাজভাগত আমি পৃথিৱীৰ প্ৰায় সকলো ঠাইতে জাতীয়তাবাদ অথবা জাতীয়তাৰ ৰাজনীতি প্ৰচলিত হোৱা দেখিছিলো। জাতীয়তাবাদৰ ধাৰণাই লাহে লাহে এনে এক ধুমুহাৰ সৃষ্টি কৰা দেখা গৈছিল যে, ই সমগ্ৰ বিশ্বৰ বৌদ্ধিক জগতৰ গৰিষ্ঠ অংশক প্ৰভাৱিত কৰিবলৈ লৈছিল। ফ্রেডেৰিক হার্টজে ১৯৪৪ চনতে লণ্ডনৰ পৰা প্ৰকাশিত Nationality in History and Politics নামৰ গ্ৰন্থত কৈছিল যে, আন ৰাজনৈতিক বিশ্বাসতকৈ, জাতীয়তাবাদ অধিক শক্তিশালী বুলি প্রমাণিত হৈছিল। সেই বিশ্বাসৰ লগত জড়িত ৰাজনীতিয়ে বহু বৃহৎ সাম্রাজ্যৰো পতন ঘটাইছিল। জাতীয়তাবাদৰ নামত বহু যুদ্ধ আৰু গণ অভ্যুত্থান আৰম্ভ হৈছিল, যিবোৰে পৃথিৱীৰ ৰূপ সলনি কৰি দিছিল। দেখা যায় যে, মানৱ জাতিৰ ইতিহাসত ব্যক্তি আৰু সম্প্ৰদায় দুয়োটাকে সততে প্ৰভাৱিত কৰা অর্থনৈতিক স্বাৰ্থ, নৈতিকতাৰ ধাৰণা আৰু আনকি ধর্ম বিশ্বাসৰ দৰে কাৰক সমূহেও জাতীয়তাবাদৰ প্রবলধাৰাক প্ৰতিৰোধ কৰিবলৈ সক্ষম হোৱা নাছিল। জাতীয়তাবাদৰ ফলত হোৱা বিবাদ সমূহে মানৱ সভ্যতাকে এক অটল গহ্বৰৰ দিশে ঠেলি দিব যেন লাগিছিল বুলিও হাৰ্টজে ভাবিছিল। কিন্তু জাতীয়তাবাদে আমাক অটল গহ্বৰৰ দিশে গতি কৰাইছে, নে আমাক অন্ততঃ কিছু মহৎ লক্ষ্য হাতত লবলৈ অনুপ্ৰাণিত কৰিছে, তাক নিশ্চিত ভাৱে কোৱা টান। এই দুয়োটা সিদ্ধান্তৰ যি কোনো এটাৰ সপক্ষে উত্থাপন কৰিবলৈ ইতিহাসত বহুতো বাস্তবিক উদাহৰণ আছে।
এক ৰাজনৈতিক পৰিঘটনা আৰু এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক প্ৰমূল্য হিচাপে জাতীয়তাবাদৰ গ্ৰহণযোগ্যতাই কুৰি শতিকাৰ পৃথিৱীত এনে এক সার্বজনীনতা পাইছিল যে, এফালে, জাতীয়তাবাদৰ অংশ নোহোৱা আৰু জাতীয়তাবাদী চেতনাই প্রভাৱিত নকৰা এজন ব্যক্তি সেই শতিকাত বিচাৰি পোৱাটো প্ৰায় অসম্ভৱ হৈ পৰিছিল। ইফালে প্ৰায় সমগ্ৰ বিশ্বৰে ৰাজনৈতিক কাম-কাজ আৰু ৰাজনৈতিক ধাৰা সমূহৰো সৰহ ভাগেই জাতীয়তাবাদী চেতনাৰ দ্বাৰা নিৰ্ধাৰিত হোৱা দেখা গৈছিল। দুই এক ব্যতিক্ৰম হয়তো আছিল। কিন্তু ব্যতিক্ৰম ব্যতিক্ৰমেই, ই সাধাৰণ নিয়মক প্ৰতি ফলিত নকৰে; সেই সময়ৰ ব্যতিক্ৰম সমূহেও সমসাময়িক ৰাজনৈতিক পাৰিপাৰ্শ্বিকতা বা পৰিৱেশক প্ৰতিফলিত কৰা নাছিল। বাস্তৱিকতে কুৰি শতিকাৰ বিশ্বত সমাজৰ সদস্যৰূপে ৰাজনৈতিক, অর্থনৈতিক, সাংস্কৃতিক, আনকি ব্যক্তিগত ক্ষেত্ৰত মানুহে কৰা কাম অথবা তেনে কামৰ লগত জড়িত সিদ্ধান্ত সমূহ জাতীয়তাবাদী চেতনাৰে প্ৰভাৱিত হোৱা পৰিলক্ষিত হৈছিল। ভালেমান সমাজ বিজ্ঞানীয়ে জাতীয়তাৰ মূল্যবোধক মানুহৰ অন্তৰত নিহিত হৈ থকা এক অনুভুতি বুলিও কোৱাৰ চেষ্টা কৰা দেখা গৈছিল। উদাহৰণ স্বৰূপে, ভ্লাডিমীৰ চল'ভয়েভে ১৮৯৭ চনত কৈছিল যে, জাতীয়তাবাদ ব্যক্তিৰ এক আভ্যন্তৰীণ, এৰাব নোৱাৰা সম্পদ – যিটো ব্যক্তিৰ বৰ প্ৰিয় আৰু ঘনিষ্ঠ।[Eugene Kamenka ই সম্পাদনা কৰা Nationalism: The Nature and Evolution of an Idea, London 1976 ত ভ্লাডিমীৰ চল'ভয়েভৰ ‘The justification of the God: an essay in Koral philosophy’ নামৰ ৰচনাখনৰ উল্লেখ কৰি এই কথা কৈছে।] সেই শতিকাত মানৱ সমাজৰ এক বৃহৎ অংশত জাতীয়তাবাদ এক গ্ৰহণযোগ্য প্ৰমূল্য হৈ পৰিছিল। জাতীয়তাবাদে প্ৰায়ে ব্যক্তিৰ মনোভাব বা দৃষ্টিভংগী গঠনত এনেধৰণে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল যে, ভালেমান দেশ বা সমাজত একোটা সময়ত এনে লাগিছিল যে, ব্যক্তিৰ সমস্ত মনোভাব জাতীয়তাবাদৰ চেতনাৰ অধীনলৈ আহিছিল। এই জাতীয়তাবাদ বহু সময়ত এনে পৰ্যায় পাবগৈ পাৰে যে, মানুহৰ সামাজিক চেতনা জাতীয়তাবাদী সচেতনতাৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিব পাৰে।
মার্ক্সে অৱশ্যে, জাতীয়তাবাদক পুঁজিবাদী সভ্যতাৰ এক প্ৰপঞ্চ হিচাপে বিচাৰ কৰিছিল আৰু সেয়েহে ইয়াক এক অৰ্থনৈতিক বিৱৰ্তনৰ এটা বিশেষ পৰ্যায়ৰ প্রভাৱত সৃষ্টি হোৱা শ্ৰেনী ভিত্তিক ধাৰণা বুলি গণ্য কৰিছিল। তেওঁ ভাবিছিল যে, যেতিয়া পুঁজিবাদে সমাজবাদক বাট এৰি দিব তেতিয়া ইয়াৰ (জাতীয়তাবাদৰ) প্ৰভাৱ মৰহি যাব। তেওঁৰ সৰ্বহাৰাৰ আন্তর্জাতিকতাবাদৰ বিষয়ে থকা যুক্তিত এই বিশ্বাস সুদৃঢ় যেন লাগে। কিন্তু বুর্জোৱা পৃথিৱীত জাতীয়তাবাদৰ প্ৰভাৱ ইমানেই বিস্তাৰিত হৈছিল যে, মাৰ্ক্সেও ভাবিবলৈ বাধ্য হৈছিল যে, মানুহৰ শ্ৰেণী চেতনাও জাতীয়তাবাদী সচেতনতাৰ ওপৰত নিৰ্ভৰশীল নেকি? ফৰাচী কৃষকৰ সম্পৰ্কে কবলৈ গৈ তেওঁ কৈছিল যে, ক্ষুদ্ৰ কৃষকৰ মাজত যেতিয়ালৈকে কেৱল স্থানীয় পাৰস্পৰিক যোগাযোগ থাকিব আৰু তেওঁলোকৰ নিজৰ স্বাৰ্থৰ বিষয়ে গঢ়ি উঠা ধাৰণাই নিজৰ একোটা নিৰ্দিষ্ট সম্প্রদায়ৰ সৃষ্টি কৰি, এক জাতীয়তাবাদৰ বন্ধন আৰু ৰাজনৈতিক সংঠনৰ জন্ম নিদিয়ে তেতিয়ালৈকে তেওঁলোকে এটা শ্রেণী হৈ উঠিব নোৱাৰে। এনে অৱস্থাত তেওঁলোকে (ক্ষুদ্ৰ কৃষক সকলে) তেওঁলোকৰ শ্ৰেণী স্বাৰ্থ, কোনো সংসদ অথবা সম্মিলনৰ মাজেৰে প্ৰতিষ্ঠা কৰিব নোৱাৰে। এই সম্পৰ্কত [ Karl Marx,The Eighteenth Brumaire of Louis Bonaparte , (Moscow, 1972) p.106 ] প্ৰকৃততে ওপৰত উল্লেখ কৰা কথাষাৰে সম্ভৱতঃ এইটো সূচায় যে কোনো কোনো ক্ষেত্ৰত, একোটাহঁত সামাজিক শক্তিৰ বাবে ( যেনে, মাৰ্ক্সে আলোচনা কৰা ফৰাচী ক্ষুদ্ৰ কৃষক সকলৰ ক্ষেত্ৰত ) জাতীয় বন্ধনৰ সচেতনতা বা জাতীয়তাবাদ, শ্ৰেণী চেতনা গঢ় লোৱাৰ এক অত্যাৱশ্যকীয় উপাদানো হৈ পৰিব পাৰে। গোড়া বাওঁপন্থাৰ ১৯ শতিকাৰ ধ্যান ধাৰণা বিশ্বায়ন আৰু শেহতীয়া পুঁজিবাদৰ দিনতো খামোচ মাৰি ধৰি বাওঁ প্ৰগতিশীল চিন্তাৰ প্ৰয়োজনীয় বিকাশত বাধাৰ প্ৰাচীৰ হৈ পৰা ৰাজনৈতিক নেতৃত্বৰ বাবে কথাষাৰ হজম কৰিবলৈ টান। কিন্তু এইটো স্পষ্ট যে, ক্ষুদ্ৰ কৃষকৰ ক্ষেত্ৰত মার্ক্সে চিন্তা কৰিছিল যে, তেওঁলোকৰ শ্ৰেণী সচেতনতাৰ বিস্তাৰ আৰু ৰাজনৈতিক ভাৱে ইয়াক প্ৰকাশ কৰাৰ ক্ষেত্ৰত জাতীয়তাৰ চেতনা এক ধনাত্মক কাৰক হব পাৰে। সেই ফালৰ পৰা জাতীয় সম্প্ৰদায় ভিত্তিক বন্ধনবোৰে বিভিন্ন জাতীয় সম্প্ৰদায়ৰ মাজত যি পাৰ্থক্যৰ সৃষ্টি কৰে তাক শ্ৰমিক বা কৃষকৰ শ্ৰেনী চেতনাই নোহোৱা কৰিব বুলি ভৱাটো শুদ্ধ ৰাজনৈতিক ধাৰণা হব নোৱাৰে।
এই ফালৰ পৰা চালে সামূহিক অস্তিত্ব বা সাম্প্ৰদায়িক আত্ম পৰিচয়ৰ গঠন ৰাজনৈতিক সংগঠনৰ লগত সংপৃক্ত। কিন্তু মার্ক্সে জাতীয় সচেতনতা বুৰ্জোৱা আৰু সৰ্বহাৰাৰ বাবে সমভাৱে জৰুৰী বুলি বিশ্বাস কৰিছিল বুলি প্ৰমান কৰিব নোৱাৰি। কমিউনিষ্ট মেনিফেষ্টো বা সাম্যবাদী ঘোষণাপত্ৰত মার্ক্স আৰু এংগেলছে প্রকৃততে যুক্তি সহকাৰে আলোচনা কৰিছিল যে, বুৰ্জোৱাসকলৰ বিকাশৰ বাবে বাণিজ্যিক স্বাধীনতাৰ প্ৰয়োজন। এই অৰ্থনীতিত সমগ্ৰ বিশ্ব জুৰি এক বজাৰৰ সৃষ্টি কৰাৰ প্ৰৱণতা থাকে। মুক্ত অৰ্থনীতি ভিত্তিক এনে বজাৰত বাণিজ্যিক ৰীতি-নীতি সমূহ একে ধৰণৰ হবলৈ লব বা এনে হোৱাৰ এক পৰিৱেশ শক্তিশালী সামাজিক শ্ৰেনী সমূহে নিৰ্দ্ধাৰণ কৰিব। সমগ্ৰ উৎপাদন ব্যৱস্থাৰ ওপৰতেই নিৰ্ভৰ কৰি এটা জীৱন শৈলী গঢ় লৈ উঠে। জীৱন শৈলী সমৰূপী হোৱাৰ বাবে বিভিন্ন জাতীয় সম্প্ৰদায়ৰ মজত থকা ভিন্নতা ক্ৰমান্বয়ে কমি অহাৰ আশা মাৰ্ক্স আৰু এংগেলছে কৰিছিল। কিন্তু এইটো স্পষ্ট যে, ই এক অপুৰণীয় স্বপ্ন হৈয়েই ৰ’ল।
পৃথিৱীৰ সমকালীন ঘটনাসমূহে আমাক পতিয়ন নিয়াব যে, জাতীয়তাবাদী অস্তিত্ব আৰু স্বাভিমান পৃথিৱীৰ সৰহভাগ সম্প্ৰদায়ৰে আজিও প্রধান ভাৱাদৰ্শ হৈ ৰৈছে। এনে ভাৱাদৰ্শ গঢ় লৈ উঠা সম্প্ৰদায়বোৰৰ অৰ্থনীতি, চৰকাৰী নীতি-নিয়ম, আন সম্প্ৰদায়ৰ প্ৰতি মনোভাৱ আৰু আচৰণ আদি সকলো গুৰুত্বপূৰ্ণ কথাৰ ওপৰতে জাতীয়তাবাদী মনোভাৱৰ প্ৰভাৱ পৰে। বিশ্বৰ সৰহ্ভাগ মানৱ সম্প্রদায় বা জনগোষ্ঠীয়েই তেওঁলোকৰ জাতীয়তাবাদী পৰিচয় আৰু, অধিকাৰ সাব্যস্ত কৰিছে বা এনে অধিকাৰৰ বাবে ৰাজনৈতিক সংগ্ৰাম চলাই আছে। ১৪ৰ পৰা ১৭ শতিকালৈ "ৰেনেচান্স" বা নৱজাগৰণৰ অভিজ্ঞতা হোৱা ইউৰোপীয় দেশসমূহত নৱজাগৰণৰ পিছতো জাতীয়তাবাদ এক শক্তিশালী ভাৱাদৰ্শ হৈ ৰোৱা দেখা গৈছে।
লেনিন, ষ্টেলিন, ৰোজা লাক্সেমবাৰ্গ, নিকোলাই বুখাৰিনকে আদি কৰি এচাম মার্ক্সবাদীয়ে ভাৱিছিল যে, অন্ততঃ ছোভিয়েট ইউনিয়নত জাতীয়তাবাদী প্ৰশ্নৰ লগত জড়িত সমস্যাৰ সমাধান হব। কিন্তু ছোভিয়েত ৰাছিয়াৰ পতনৰ পিছত দেখা গল যে, সমাজবাদী চৰকাৰৰ ৰাজনীতিৰ বিকাশৰ সত্বেও বহু সম্প্ৰদায়ৰ নৃগোষ্ঠীয় পৰিচয়ৰ, বা জাতীয় সত্ত্বাৰ দৃঢ়তা মাৰ্ক্সবাদৰ এটা ধাৰাৰ ওপৰত প্ৰতিস্থিত ৰাজনীতিয়ে কমাব পৰা নাছিল। এই দৰে জাতীয়তাবাদ, সামাজিক আৰু ৰাজনৈতিক আলোচনাত এক সমস্যাপূর্ণ ধাৰণা হৈ ৰৈছে। ইয়াৰ সংজ্ঞা আৰু ব্যাখ্যাৰো বহু সমস্যা আছে কাৰণ সকলো ধৰণৰ জাতীয়তাবাদীৰ ভিন্ন আৰু নিজস্ব ধাৰণা থাকে। (আগলৈ)
No comments