সংজ্ঞাৰ সমস্যা: আগৰ খণ্ডত আমি জাতীয়তাবাদৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰিছিলোঁ। এই খণ্ডত ইয়াৰ সংজ্ঞাৰ সমস্যা আলোচনা কৰোঁতে পশ্চিমীয়া সমাজত ব...

সংজ্ঞাৰ সমস্যা:
আগৰ খণ্ডত আমি জাতীয়তাবাদৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰিছিলোঁ। এই খণ্ডত ইয়াৰ সংজ্ঞাৰ সমস্যা আলোচনা কৰোঁতে পশ্চিমীয়া সমাজত বিজ্ঞানী সকলৰ প্ৰভাৱশালী অংশৰ কিছু মতামত উল্লেখ কৰিম। এই লোক সকলৰ লিখনিয়ে আধুনিক বিশ্বৰ প্ৰায়বোৰ দেশকে প্ৰভাৱিত কৰিছে। ভাৰত আৰু অসমতো ইয়াৰ প্ৰভাৱ লক্ষণীয়। কিন্তু এওঁলোকৰ চিন্তা পশ্চিম ইউৰোপ কেন্দ্ৰীয় হোৱা বাবে পূৰ্ব ইউৰোপ আৰু কুৰিশতিকাৰ মাজ ভাগৰ পৰা ঔপনিৱেশিক শাসনৰ অৱসান হৈ এচীয়া-অফ্ৰিকাৰ বহু ঠাইত গঢ়ি উঠা নতুন জাতীয় ৰাষ্ট্ৰবোৰৰ অভিজ্ঞতা বেলেগে আলোচনা কৰিব লাগিব। পশ্চিমৰ জাতীয়তাবাদী সংজ্ঞা আলোচনা কৰোঁতে ইউৰোপৰ ৰাষ্ট্ৰ গঠনৰ ইতিহাসৰ কথাও মনত ৰাখিব লাগিব। কাৰণ এই ঐতিহাসিক প্ৰক্ৰিয়াই জাতীয় ৰাষ্ট্ৰ আৰু জাতীয়তাবাদৰ আধুনিক ধ্যান-ধাৰণা গঠনত প্ৰভাৱ পেলাইছিল। এই খণ্ডত ইয়াৰে এচোৱা আগবঢ়াইছোঁ।
ইউৰোপীয় জাতীয়-ৰাষ্ট্ৰ (Nation-state) সমূহৰ গঠন প্ৰক্ৰিয়ালৈ মন কৰিলে দেখা যায় যে, এই দেশ সমূহত আধুনিক ৰাষ্ট্ৰ ব্যৱস্থা গঢ় লৈছিল খ্ৰীষ্টিয় ১৬-১৭ শতিকাত। কিন্তু ৫ম শতিকাতে ৰোমান সাম্ৰাজ্যৰ পতনৰ পিছৰ পৰা ইউৰোপত বিশাল সাম্ৰাজ্যৰ ওপৰত নিৰ্ভৰ কৰা ৰাজনৈতিক কৰ্তৃত্বৰ বিকন্দ্ৰীকৰণ আৰম্ভ হৈছিল। এই বিকেন্দ্ৰীকৰণৰ ফল স্বৰূপে একোটাহঁত নিৰ্দিষ্ট পৰিসীমাৰ ভিতৰত নিজৰ কৰ্তৃত্ব স্থাপন কৰিব পৰা স্থানীয় সামন্ত শাসকৰ সৃষ্টি হৈছিল। বিশাল সাম্ৰাজ্য একোখনৰ ৰাজনৈতিক ক্ষমতাৰ অধীনত স্থানী্য শাসকবোৰে নিজৰ কৰ্তৃত্বৰ বাবে কেন্দ্ৰীয় আমোলাতন্ত্ৰৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। কিন্তু ৰাজনৈতিক ক্ষমতাৰ বিকেন্দ্ৰীকৰণে এন এক পৰিস্থিতিৰ সৃষ্টি কৰিছিল যে, ইউৰোপত নতুনকৈ মুৰ ডাঙি উঠা সামন্ত শাসকসকলে নিজৰ ব্যক্তিগত আনুগত্যৰ জৰিয়তে নিজৰ অঞ্চলত শাসন চলাবলৈ লৈছিল। মধ্য যুগৰ শেহৰ ফালেহে কিছুমান ৰজাই আকৌ নিজৰ কবলত থকা একোটা ভুখণ্ডত এক ধৰণৰ কেন্দ্ৰীভূত নিয়ন্ত্ৰণ স্থাপন কৰিবলৈ সক্ষম হৈছিল। [এই বিষয়ক আলোচনাৰ বাবে পাঠকে চাৰ্লছ টিল্লি প্ৰণীত, আৰু ব্লেকৱেলে ১৯৯২ প্ৰকাশ কৰা, কৱাৰ্ছন, কেপিটেল, এণ্ড ইউৰোপীয়ান ষ্টেটছ, এ ডি ৯৯০-১৯৯২, কিতাপ খন চাব পাৰে।]
মধ্য যুগৰ শেষৰ ফালে ৰজাৰ শাসনৰ অধীনত গঢ় লোৱা এনে কেন্দ্ৰীভূত প্ৰশাসন থকা দেশবোৰতে ইউৰোপৰ প্ৰাথমিক আৰু অ-বিকশিত জাতীয়-ৰাষ্ট্ৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি টিল্লিয়ে কৈছে। এই জন সমাজ বিজ্ঞানীৰ মতে পশ্চিম ইউৰোপত ৰাষ্ট্ৰ গঠনৰ এক প্ৰধান চালিকা শক্তি আছিল যুদ্ধ। মধ্য যুগৰ এই নতুন ৰজা শাসিত দেশবোৰৰ মাজত ইউৰোপত হোৱা যুদ্ধসমূহৰ ফলতে ৰাষ্ট্ৰৰ জন্ম হৈছিল। ( পৃষ্ঠা ৬৭) মাইকেল ৰবাৰ্টছে ১৯৫৫ চনত বেলফাষ্টৰ কুইনছ বিশ্ববিদ্যালয়ত দিয়া এটা বক্তৃতাত ব্যাখ্যা কৰিছিল যে, ১৬-১৭ শতিকাৰ ইউৰোপত বিভিন্ন দেশৰ মাজত হোৱা যুদ্ধ বিগ্ৰহৰ্ সময়তে যুদ্ধৰ কৌশল আৰু প্ৰযুক্তিত পৰিৱৰ্তন আহি সংগঠিত বাহিনী একোটা প্ৰতিষ্ঠানত পৰিণত হৈছিল। এনে সৈন্যবাহিনী পৰিচালনাৰ বাবে একোটা কেন্দ্ৰীভূত প্ৰশাসনৰ প্ৰয়োজন হৈছিল। এই প্ৰয়োজন পুৰণৰ ক্ষেত্ৰত সংগঠিত প্ৰশাসন সম্বলিত ৰাষ্ট্ৰ ব্যৱস্থাই এক গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছিল। একোটা সংগঠিত সৈন্যবাহিনী প্ৰতিপালন কৰিবলৈ বিস্তৰ অৰ্থৰ প্ৰয়োজন হৈছিল। এই প্ৰয়োজন পুৰাবলৈকে আমি ওপৰত উল্লেখ কৰা ইয়ৰোপীয় দেশসমূহত কেন্দ্ৰীভূত আৰু সংগঠিত কৰ ব্যৱস্থা, ইয়াক পৰিচালনা কৰাৰ বাবে আমোলাতন্ত্ৰৰ সৃষ্টি হৈছিল। যিবোৰ দেশে এই নতুন পৰিস্থিতিত সম্পদ আৰু প্ৰয়োজনীয় কৰ্মী গোটাব পাৰিছিল সেইবোৰ শক্তিশালী ৰাষ্ট্ৰলৈ বিকশিত হৈছিল আৰু বাকীবোৰৰ পতন ঘটিছিল।
মনকৰিবলগীয়া কথাটো হল, এই সকলোবোৰৰ মাজতে ইউৰোপৰ অৰ্থনীতিত এক বৃহৎ পৰিৱৰ্তন আহিছিল। ভূমিৰ ওপৰত অধিকাৰ ভিত্তিক সামন্ত অৰ্থনীতিতকৈ বেচি উৎপাদনক্ষম পুজিবাদী অৰ্থনীতিৰ বিকাশ হৈছিল। এই নতুন অৰ্থনীতিয়ে ইউৰোপত আধুনিক ৰাষ্ট্ৰ ব্যৱস্থা প্ৰতিষ্ঠিত হোৱাত বিশেষ ভূমিকা পালন কৰিছিল। পেৰি এণ্ডাৰ্ছনৰ ১৯৭৪ চনত প্ৰকাশিত লিনিয়ে’জ অৱ এবছলিউটিষ্ট ষ্টেট, ১৯৮৩ চনত প্ৰকাশিত বেনেডিক্ট এণ্ডাৰ্ছনৰ ইমাজিন্দ কমিউনিটি আদি গ্ৰন্থত এই বিষয়ক আলোচনা কৰা হৈছে। এই খিনিতে এইটো দোহৰাৰ প্ৰয়োজন যে, সামন্ত প্ৰভু সকলৰ অধীনত চলা ব্যৱস্থাত মাটিৰ ওপৰত থকা দখলেই আনুগত্য আৰু ভূমিত কাম কৰা শ্ৰমিক্ সকলৰ ওপৰত ৰাজত্ব কৰা সকলৰ ৰাজনৈতিক ক্ষমতাৰ ভেটি আছিল। প্ৰথমে এওঁলোকে চাৰ্ফ (সামন্তৰ অধীনত কাম কৰা ভূ-শ্ৰমিক) সকলক গাৰ জোৰেৰে নিজৰ অধীনত ৰাখিছিল। অৱশ্যে, ইয়াৰ দ্বাৰা যে, দীঘলীয়া আনুগত্য আহৰণ কৰা কঠিন তাক সামন্তসকলে বুজিবলৈ লৈছিল আৰু সেই বাবেই ৰাষ্ট্ৰৰ দৈৱিক উৎসৰ দৰে তত্ত্বৰ সহায়েৰে এনে শাসক সকলে নিজকে ঈশ্বৰ প্ৰতিনিধি বুলি দাবী কৰি আনুগত্যক বৈধতা দিব খুজিছিল।
ইউৰোপৰ ৰাষ্ট্ৰ গঠনৰ আলোচনাত পেৰি এণ্ডাৰ্ছনে কৈছিল যে, সামন্তবাদী ব্যৱস্থাৰ পৰা পুঁজিবাদলৈ উত্তৰণৰ সময়ত নতুন শ্ৰেনী গাঁথনি আৰু এক নতুন ৰাষ্ট্ৰ ব্যৱস্থাৰ প্ৰয়োজন হৈছিল যি ব্যক্তিৰ সম্পদৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব আৰু লগতে শ্ৰমৰ বজাৰখন নিয়ন্ত্ৰণ কৰিব পাৰে। [পেৰি এণ্ডাৰ্ছন, ঐ, পৃ- ১৫-১৮] ৰাষ্ট্ৰ ব্যৱস্থাই পূজিবাদৰ প্ৰয়োজন অৱশ্যেই পূৰ্ণ কৰিব পাৰিব বুলি এটা ধাৰণা হৈছিল। সামন্ত যুগৰ ইউৰোপত গঢ় লৈ উঠা অভিজাত শ্ৰেণী আৰু নতুন পৰিস্থিতিত ব্যক্তিগত উদ্যমৰে ক্ৰয়-বিক্ৰয়ৰ ব্যৱসায় কৰি নিজকে প্ৰতিষ্ঠিত কৰিবলৈ ধৰা মধ্যবিত্ত বা উঠতি বুৰ্জোৱাৰ স্বাৰ্থ ৰক্ষাৰ বাবে যি নতুন ৰাষ্ট গঠন হৈছিল তাক স্বৈৰচাৰী ৰাজ্য বুলিব পাৰি। এই স্বৈৰতান্ত্ৰিক শাসন ব্যৱস্থাৰ পৰাই ইউৰোপত আধুনিক ৰাষ্ট্ৰৰ জন্ম হোৱা বুলি কব পাৰি। আমি ওপৰত উল্লেখ কৰা পেৰি এণ্ডাৰ্ছনৰ লিখনিত এই বিষয়ে বিস্তৃত আলোচনা পোৱা যায়। কিন্তু ইউৰোপৰ এই স্বৈৰাচাৰী ৰাজ্য বা ৰাষ্ট্ৰ সমূহত জাতীয়তাবাদৰ উত্থান হোৱা নাছিল।
কিন্তু এই স্বৈৰচাৰী ৰাষ্ট্ৰ বোৰতে গঢ় লোৱা নতুন ব্যৱসায়ী শ্ৰেনীৰ লগত স্বৈৰাচাৰী শাসক আৰু তেওঁলোকৰ অধীন ভূস্বামী অভিজাত সকলৰ স্বাৰ্থৰ সংঘাত অৱশ্যম্ভাৱী অছিল। ব্যৱসায় আৰু পুঁজিৰ বাবে সামন্ত প্ৰভূৰ অধীনত প্ৰায় দাসৰ দৰে জীৱন নিৰ্বাহ কৰা ভূ-শ্ৰমিক সকলক নতুন ব্যৱস্থাত কামত লগাবলৈ বেচা-কিনাৰ ব্যৱসায় কৰাৰ স্বতন্ত্ৰতা প্ৰতিপন্ন কৰাৰ প্ৰয়োজন আছিল, যাতে ভূস্বামী সকলে মাটিৰ ওপৰত নিজৰ নিৰংকুশ অধিকাৰ দৈৱিক অনুমোদনৰ দোহাই দি সাব্যস্ত কৰি তেওঁলোকৰ কৃষি ভূমিত কাম কৰা চাৰ্ফ সকলক নিজৰ সম্পত্তিৰ দৰে থাকিবলৈ বাধ্য কৰাব নোৱাৰে। এই ধৰণৰ সামন্ত প্ৰভুহঁতে ঈশ্বৰৰ দোহাই দি এনেদৰে চাৰ্ফৰ ওপৰত নিজৰ অধিকাৰ স্থাপন কৰিছিল যে, ভালেমান ঠাইত চাৰ্ফ সকলক বুজোৱা হৈছিল যে যিহেতু সামন্ত প্ৰভু ঈশ্বৰৰ প্ৰতিনিধি সেইবাবে তেওঁৰ অধীনত থকা মানুহ তেওঁৰ সম্পত্তি। চাৰ্ফ সকল আৰু তেওঁলোকৰ সতি-সন্ততিয়ে যাতে প্ৰভুৰ বশ্যতা স্বীকাৰ কৰাটো ন্যায় সংগত বুলি ভাবে তাৰ বাবে সামন্ত সকলে নীতি-নিয়ম তৈয়াৰ কৰিছিল। অধঃপাতে যোৱা সামন্ত ব্যৱস্থাৰ এক চকুত পৰা নিৰ্দশন আছিল ফ্ৰান্সত।
চাৰ্ফ সকলে বুজি পাব লাগিব যে, সামন্ত প্ৰভূৰ মাটিত বসবাস কৰি জীৱন নিৰ্বাহ কৰাৰ বাবে, তেওঁলোকৰ শৰীৰ, পৰিয়াল, সতি সন্ততি আৰু আহৰিত সকলো সম্পদ আচলতে সামন্ত প্ৰভূৰ আৰু সেইবাবে এই সকলোতে প্ৰভূৰ অধিকাৰ প্ৰথম। আৰু প্ৰভূৰ অনুগ্ৰহতহে এইবোৰ তেওঁলোকে উপভোগ কৰিব পাৰে। প্ৰভূৰ বিনা অনুমতিত তেওঁলোকে নিজৰ জীৱন সলনি কৰিব নোৱাৰে। এই উপলব্ধি হলেহে দমন নীতিৰে পৰিচালিত সামন্ততন্ত্ৰ সুচাৰুৰূপে চলিব বুলি সেই সময়ৰ ভালেমান ফৰাচী সামন্তই বিশ্বাস কৰিছিল। সেই বাবে ফ্ৰান্সৰ এচাম সামন্তই “প্ৰথম ৰাতিৰ অধিকাৰ” বুলি এক নিয়ম প্ৰৱৰ্তন কৰিছিল। এই নিয়মৰ অধীনত এজন চাৰ্ফে কোনো পত্নী গ্ৰহণ কৰা লগে লগে বিবাহিত জীৱনৰ প্ৰথম ৰাতি সেই নাৰীয়ে প্ৰথম নিশা প্ৰভূৰ লগত কটাব লাগিব। এই নিয়ম ইউৰোপৰ প্ৰায়বোৰ স্বৈৰাচাৰী ৰাষ্ট্ৰত প্ৰচলিত আছিল। ভল্টেয়াৰ আৰু ৰুছৰ ৰচনাত ইয়াৰ আলোচনা পোৱা যায়। [আগলৈ]
No comments