মেজৰ (ড °.) মহম্মদ আলী শ্বাহ (অৱসৰপ্ৰাপ্ত) তহত মেৰুদণ্ডহীন কাপুৰুষ , মাজ ৰাতি কেতিয়াবাই পাৰ হ’ল— পুৱা হ’বলৈ অলপেই বাকী , ...
তহত মেৰুদণ্ডহীন
কাপুৰুষ,
মাজ ৰাতি কেতিয়াবাই পাৰ হ’ল— পুৱা হ’বলৈ অলপেই বাকী, এতিয়ালৈকে মই ভাল দৰে শুব পৰা নাই। মোৰ মাতৃভূমিৰ নিৰীহ লোকসকলক তোমালোকে নিৰ্মমভাবে হত্যা কৰাৰ বাতৰি শুনাৰ পিছত মোৰ শৰীৰ-মন অস্থিৰ হৈ উঠিছে। তহত অসুস্থ মানুহ!
মই এজন ক্ষুব্ধ, হতাশাগ্ৰস্ত ভাৰতীয় মুছলিম হিচাপে তহতলৈ এই চিঠি লিখিছোঁ। অবৰ্ণনীয় শোক আৰু জ্বলন্ত ক্ৰোধে মোক মানসিকভাৱে ছিন্নভিন্ন কৰি পেলাইছে। কাৰণ, পাহালগামত সাধাৰণ নাগৰিকক আক্ৰমণ কৰি তহতে কেৱল এডোখৰ ঠাইত নহয়, সমগ্ৰ ভাৰতীয়লোকৰ হৃদয়ত আঘাত কৰিছ, যিসকলে ঐক্য, শান্তি আৰু ন্যায়ত বিশ্বাস কৰে।
মই কেৱল এজন ব্যক্তি হিচাপে নহয়, এনে এটা পৰিয়ালৰ সন্তান হিচাপে কৈছো যি এই দেশৰ সেৱাত সদায় নিয়োজিত হৈ আহিছে। দেশপ্ৰেম মোৰ শিৰাই শিৰাই উপস্থিত। মোৰ দেউতা, লেফটেনেণ্ট জেনেৰেল জমীৰ উদ্দিন শ্বাহ, ভাৰতীয় সেনাবাহিনীৰ ডেপুটি চীফ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল আৰু পিছলৈ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে মুছলমান বুদ্ধিজীৱীসকলৰ কণ্ঠস্বৰ হৈ উঠিছিল। তেখেতৰ সৰু ভাতৃ, প্ৰখ্যাত অভিনেতা নাছিৰুদ্দিন শ্বাহ—পদ্মশ্ৰী আৰু পদ্মভূষণ বঁটাৰে সন্মানিত—আৰু দেউতাকৰ ডাঙৰ ভাতৃ- এগৰাকী সন্মানিত আইআইটিৰ স্নাতক, সকলোৱে এই মহান দেশৰ সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ দ্বাৰা সন্মানিত হৈছে।
মোৰ পৰিয়ালক সদায় সন্মানৰ চকুৰে চোৱা হৈছে, আৰু মই সদায় আন যিকোনো পৰিচয়ৰ পূৰ্বে এজন গৰ্বিত ভাৰতীয়। এই সন্মান, সেৱা আৰু দেশ-প্ৰথম মনোভাৱৰ ঐতিহ্যৰ পৰাই মই শক্তি সংগ্ৰহ কৰো—আৰু আমাৰ এই ঐতিহ্যই তহঁতৰ কাৰ্যকলাপক মোৰ বাবে অধিক ঘৃণনীয় কৰি তুলিছে।
মই অভিনয় কৰা বহুতো চলচ্চিত্ৰ—যিবোৰে প্ৰেম, ত্যাগ আৰু একতাক প্ৰতিফলিত কৰিছে—পাহালগাম আৰু কাশ্মীৰৰ অপূৰ্ব উপত্যকাবোৰত শ্বুটিং কৰা হৈছিল। ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ যেনে হাইদৰ, বজৰংগী ভাইজান, মৌজী, আৰু ৱেবচিৰিজ অৱৰোধ (য’ত মই এজন পেৰা কমান্ডোৰ চৰিত্ৰ ৰূপায়ণ কৰিছিলোঁ)—এই সকলোবোৰ ঠাই তহতে অপৱিত্ৰ কৰিব বিচৰা মাটিতেই জন্ম হৈছিল। মই সেই নিৰ্মল পথবোৰত খোজ দিছোঁ, পৰ্বতৰ বায়ুৰ পবিত্ৰতা অনুভৱ কৰিছোঁ, আৰু পাহাৰৰ প্ৰতিটো কোণত বাস কৰা সম্প্ৰীতি স্বচক্ষে দেখা পাইছোঁ। বিশ্বজুৰি মোৰ TEDx অনুষ্ঠানত মই ভাৰতৰ আত্মাৰ কথা কৈছো—বিবিধতাৰ মাজত ইয়াৰ শক্তি, ইয়াৰ অতুলনীয় আধ্যাত্মিক আৰু সাংস্কৃতিক ঐশ্বৰ্য্যৰ কথা। আৰু আজি, তহঁতে সেই আত্মাক ছিঙি=ভাঙি দিবলৈ চেষ্টা কৰিছ।
কিন্তু মই তহঁতক এটা কথা কওঁ—তহঁতৰ গুলীয়ে কাশ্মীৰৰ সৌন্দৰ্য্যক নি:শেষ কৰিব নোৱাৰে। তহঁতৰ ঘৃণাই সম্প্ৰীতিক মচি পেলাব নোৱাৰে। পাহালগাম কেৱল এডোখৰ ঠাই নহয়—ই ভাৰতৰ সঁচা মূল্যবোধৰ এক জীৱন্ত স্মৃতি। আৰু ইয়াৰ মাটিত তেজেৰে ৰাঙলি কৰি তহতে আমাক দুৰ্বল কৰিব নোৱাৰ, বৰঞ্চ অধিক দৃঢ়তাৰে ৰক্ষা কৰিবলৈ আমাক সজাগ কৰিছ।
তহঁতে কিবা এটাৰ বাবে যুঁজ দিয়া বুলি দাবী কৰ। কাৰ বাবে যুঁজ কৰ? ইছলামৰ বাবে? কাশ্মীৰৰ বাবে?
আমাৰ বুদ্ধিক অপমান নকৰিবি।
তহঁত স্বাধীনতা সংগ্ৰামী নহয়, তহঁত কোনো বীৰ নহয়—তহঁত কেৱল বন্দুক, মুখা আৰু মিছা শ্লোগানৰ আঁৰত লুকাই থকা কাপুৰুষ। তহঁত কেৱল হত্যাকাৰী।
তহঁতৰ সেনাৰ মুখামুখি হ’বলৈ সাহস নাই। তহঁতে নিৰীহ সাধাৰণ নাগৰিক, পৰ্যটক, শিশু, মাতৃ, তীৰ্থযাত্ৰী, নতুন বিবাহিত দম্পতী—নিঃশস্ত্ৰ, অসহায় মানুহক লক্ষ্য কৰি লৈছ। আৰু ইয়াকে জিহাদ বুলি ক’বলৈ দু:সাহস কৰ?
নহয়, এয়া জিহাদ নহয়। জিহাদৰ অৰ্থ হৈছে "সংগ্ৰাম"। তহঁতে যি কৰিছ, সেয়া গুনাহ—পাপ, হত্যা৷ মানৱতা আৰু আল্লাহৰ প্ৰতি বিশ্বাসঘাতকতা। তহঁতে পবিত্ৰ আল্লাহৰ নাম পাহালগামৰ ৰক্তাক্ত মাটিত ভূলুণ্ঠিত কৰিলি। শান্তিৰ ধৰ্মক বিকৃত কৰি তাক সন্ত্ৰাসৰ অস্ত্ৰলৈ ৰূপান্তৰ কৰিলি। তহঁত লাজ্ নোহোৱা প্ৰাণীবোৰ—তহঁত নৰকত পচি থাকিবি।
মই লজ্জিত যে মই আৰু তহঁত একে ধৰ্মত জন্ম লৈছোঁ—কিন্তু আমি একে নহয়। মোৰ ধৰ্ম হৈছে মানৱতা। মোৰ ইছলামে মোক নিৰীহক ৰক্ষা কৰিবলৈ শিকায়। তহঁতৰটোৱে হত্যাক মহিমান্বিত কৰে। মোৰ ইছলামে দেশ সেৱা কৰিবলৈ কয়, তহঁতৰটোৱে দেশ ভাঙিবলৈ শিকায়।
মোৰ অন্তৰেৰে তহঁতক যিমানেই বেছি শাপ নিদিওঁ কিয় , সেয়াও কমহে হয়।
আৰু তহঁতৰ বাবেই মই এনে এটা বোজা কঢ়িয়াই ফুৰিছো যিটো মই কেতিয়াও বিচৰা নাছিলো। যেতিয়া কোনোবাই এটা মুছলিম নাম শুনে বা টুপি দেখে, সন্দেহৰ দৃষ্টিৰে চায়। এইবোৰ কেৱল তহঁতৰ বাবেই হৈছে। দেশপ্ৰেমিক, সুস্থ মনৰ মুছলমানসকলকো আজি অপৰাধী সাব্যস্ত কৰা হয়—অথচ এনেবোৰ কাম তেওঁলোকে কৰা নাই, এনেবোৰ বিশ্বাস তেওঁলোকে সমৰ্থন নকৰে।
তহতে জীৱন লৈছ, কিন্তু তাতোকৈ বেয়া কাম—তহঁতে বিশ্বাস ভঙ্গ কৰিবলৈ প্ৰচেষ্টা চলাইছ। এজন ভাৰতীয় মুছলমানক মুক্তভাৱে দেশপ্ৰেম প্ৰদৰ্শন অসুবিধাজনক কৰি তুলিছ।
এইটোৱেই হৈছে তহঁতৰ আচল অপৰাধ।
আৰু জান কি? তহঁত ব্যৰ্থ হৈছ।
সদায় ব্যৰ্থ হ’বি।
কাৰণ আমি—প্ৰকৃত মুছলিম, প্ৰকৃত ভাৰতীয়—আজিও মূৰ তুলি থিয় দি আছোঁ। আৰু আমি ক্ষুব্ধ। ভয় খোৱা নাই—ক্ষুব্ধ হৈছোঁ। আমাক এচুকলৈ ঠেলি দিব নোৱাৰিবি। তহঁতৰ গুলীয়ে আমাক স্তব্ধ কৰিব নোৱাৰে। আমাৰ পৰিচয়ক পুনৰ সংজ্ঞায়িত কৰিবলৈ দিব নোৱাৰিবি।
হে’ ভাৰতবাসী সকল—এই দানৱসকলক আপোনাৰ মুছলমান ভাই-ভনীসকলৰ সৈতে একেলগ নকৰিব। আমি আপোনাৰ দৰেই শোকস্তদ্ধ, আপোনাৰ দৰেই ক্ৰোধান্বিত। আমি আপোনালোকৰ শত্ৰু নহয়। এই কাপুৰুষসকলে যেনেকৈ প্ৰত্যেক ভাৰতীয়ক আঘাত কৰিছে, আমিও ঠিক তেনেকৈয়ে আঘাতপ্ৰাপ্ত।
সন্ত্ৰাসবাদীহঁত—তহঁত মানৱতাৰ কলংক, এক দাগ, এক পচা ঘাঁহ। কিন্তু এই দেশ, ইয়াৰ একতা, এই ভাৰতৰ ধাৰণা—চিৰন্তন।
তহঁতে আমাক ভয় খুৱাব বিচাৰ, কিন্তু আমাক সজাগ কৰিলি।
পাহালগামৰ পৰিয়ালবোৰলৈ মোৰ শ্ৰদ্ধাৰ লগতে এটা প্ৰতিশ্ৰুতি—আমি এই আঘাত নাপাহৰো নাই আৰু সিহঁতক ক্ষমাও নকৰোঁ। যেতিয়ালৈকে আপোনাৰ ক্ষতি এই দেশৰ বিবেকত প্ৰতিধ্বনিত নহয়—আৰু ন্যায় প্ৰতিষ্ঠা নহয়—তেতিয়ালৈকে আমি বিশ্ৰাম নলও। কেৱল আদালতৰ ন্যায়তে ই সীমাৱদ্ধ নাথাকিব, এই দেশৰ আত্মাত অনুৰণিত হ’ব।
হত্যা কৰাৰ আগতে নাম আৰু ধৰ্ম সোধাৰ সাহস তহঁতে ক’ৰ পৰা পালি? তহঁত মুছলমান নহয়। বিশ্বৰ মুছলমান সমাজে তহঁতক অস্বীকাৰ কৰিছে। তহঁত তেজপিয়া সন্ত্ৰাসী।
তহঁতে কেৱল কাশ্মীৰক আক্ৰমণ কৰা নাই,
তহঁতে আমাক সকলোকে আক্ৰমণ কৰিছ।
আৰু আমি এটা জাতি হিচাপে, ভাৰতীয় হিচাপে, জাগ্ি উঠিম।
জয় হিন্দ।
No comments