Page Nav

HIDE

শেহতীয়া:

latest

Ads Place

কাশ্মীৰীয়তক উৰ্ধত তুলি ধৰক -মছদ্দৰ হুছেইন

      আদিল এজন ঘোঁৰাচালক৷ ভূস্বৰ্গ কাশ্মীৰত সৰুজাতৰ টাটু ঘোৰা পৰ্যটকৰ মাজত খুবেই জনপ্ৰিয়৷ প্ৰায় পৰ্যটকে টাটুৰ পিঠিত উঠি পহলগাম ভ্ৰমণৰ ...

 


 

 


আদিল এজন ঘোঁৰাচালক৷ ভূস্বৰ্গ কাশ্মীৰত সৰুজাতৰ টাটু ঘোৰা পৰ্যটকৰ মাজত খুবেই জনপ্ৰিয়৷ প্ৰায় পৰ্যটকে টাটুৰ পিঠিত উঠি পহলগাম ভ্ৰমণৰ স্মৃতি সজীৱ কৰি ৰাখে৷ আদিলে তেনে এটা টাটুকে চলায়৷ টাটুটো নিজৰ নহয়৷ গৰীৱ আদিলৰ নিজাকৈ টাটু কিনাৰ সামৰ্থ নাই৷ সিদিনাও মালিকৰ পৰা টাটুটো লৈ দুপইচা অৰ্জনৰ বাবে বৈচাৰণত উপস্থিত হৈছিল৷

 বৈচাৰণ কাশ্মীৰৰ অন্যতম আকৰ্ষণীয় পৰ্যটন থলী৷ পহলগামৰ টেক্সি আস্থানৰপৰা লিডাৰ নৈৰ পাৰেদি উইলো আৰু পপলাৰ গছৰ পাহাৰী বনৰ অপূৰ্ব নৈসৰ্গিক দৃশ্যৰ মাজেৰে আগুৱাই গৈ পোৱা যায় বৈচাৰণ৷ ছয় কিলোমিটাৰ জোৰা পথটিত টাটু ঘোঁৰা যথেষ্ট জনপ্ৰিয়৷

সিদিনা সন্ত্ৰাসবাদীৰ আক্ৰমণত পৰ্যটকক এৰি পলাই অহা নাছিল আদিল৷ চাৰিজন সন্ত্ৰাসবাদী থকা অৱস্থাতো তাৰে এজনৰ ওপৰত জপিয়াই পৰিছিল আদিল৷ উদ্দেশ্য সন্ত্ৰাসবাদীটোৰ হাতৰপৰা ৰাইফল কাঢ়ি লোৱা৷ নিমিষতে আন তিনিজনৰ ৰাইফল আদিলৰ ওপৰত গৰ্জি উঠিছিল আৰু আদিলে চাহাদত অৰ্জন কৰিলে৷

শিলচৰৰ অসম বিশ্ববিদ্যায়ৰ অধ্যাপক দেৱাশিস ভট্টাচাৰ্যই সন্ত্ৰাসবাদীৰ সন্মূখত কলিমা আওৰাই সাৰি গৈছিল সিহঁতৰ ৰাইফলৰ লক্ষ্যৰ পৰা৷ তাৰ পাছত যেতিয়া ফেন্সিং পাৰ হৈ পাহাৰীয়া পথেৰে পত্নীসহ পলায়, স্থানীয় লোকসকলেই টুৰিষ্ট গাইডৰ লগত মোবাইলেৰে কথাপতা, তেওঁলোকক হোটেললৈ যোৱাৰ পথ দেখুৱাই দিয়া, দুজন  ঘোঁৰাচালক ঠিক কৰি দি নিৰাপদে হোটেল গৈ পোৱাত সহায় কৰিছিল৷

কাশ্মীৰবাসীৰ বাবে পৰ্যটক ভগৱান৷ তেওঁলোকে বুজি পায় সন্ত্ৰাসবাদ তেওঁলোকৰ জীৱন-জীৱিকাৰ শত্ৰু৷ পহালগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে সমগ্ৰ কাশ্মীৰ উত্তপ্ত হৈ উঠেছে৷ সন্ত্ৰাসবাদ আৰু ধৰ্মীয়-সাম্প্ৰদায়িক মৌলবাদৰ বিৰুদ্ধে একমাত্ৰ অস্ত্ৰ হৈছে হিন্দু-মুছলমান ঐক্য৷ সেয়ে ঘটনাৰ পাছতে হোৱা বিক্ষোভক আগস্থান লাভ কৰিছে হিন্দু-মুছলমান ঐক্য জিন্দাবাদৰ শ্লোগানে৷ এতিয়া কাশ্মীৰৰ সৰ্বত্ৰ বিয়পি পৰিছে শ্লোগান, “দিল চে আৱাজ আয়ি, হিন্দু-মুছলমান ভাই-ভাই”৷ ঘটনাৰ বাতৰি কাশ্মীৰত বিয়পি পৰাৰ লগে লগে স্থানীয় চিকিৎসালয়ত ধৰ্ম-জাতি নিৰ্বিশেষে কাশ্মীৰীসকল উপচি পৰিছিল ৰক্তদানৰ বাবে৷

আদিলৰ ঘৰত যেতিয়া কান্দোনৰ ৰোল উঠিছিল, তেওঁলোকে কেৱল আদিলৰ বাবে


চৈয়দ আদিল হুছেইন শ্বাহ 

কন্দা নাছিল, নিহত আন ২৫জন পৰ্যটকৰ বাবেও কান্দিছিল৷ নিহতৰ পৰিয়াল, সদ্যবিবাহিত বিধৱাসকলৰ বাবে আদিলৰ পৰিয়ালৰ লোকসকলে কান্দিছিল৷ আদিলৰ জানাজাৰ সময়ত পেহীয়েকে খালিদা পাৰৱিনে কৈছিল, “আমি কেৱল আদিলৰ মৃত্যুত শোকাহত নহয়৷ কালিৰ এই নৃশংস আক্ৰমণত যিসকল পৰ্যটকক হত্যা কৰা হ, এই জানাজাত আমি তেওঁলোকৰ বাবেও  চকুৰ পানী পেলাইছোঁ৷ সমগ্ৰ কাশ্মীৰে তেওঁলোকৰ বাবে কান্দিছে৷ যিসকলে এই জঘন্য অপৰাধ কৰিছে, সিহঁতে যেতিয়ালৈকে শাস্তি নাপায় তেতিয়ালৈকৈ বিশ্ৰাম লোৱা হুচিত নহয়৷” আদিলৰ এগৰাকী আত্মীয়ই কৈছিল, “এয়া আমাৰ কাশ্মীৰীয়তৰ ওপৰত আক্ৰমণ৷” সমগ্ৰ গাঁওবাসীয়ে নিহত পৰ্যটকসকলৰ বাবে দোৱা কৰিছিল৷

হিজাব পৰিহিতা এগৰাকী যুৱতী সাংবাদিকে শ্ৰীনগৰৰ লালচৌকত অটোচালকসকলৰ সাক্ষাৎ গ্ৰহণ কৰিছিল৷ যুৱতী গৰাকীয়ে কেমেৰা লাইভ দেখুৱাইছিল- লালচৌকৰ অটোচালকসকলে নিজৰ নিজৰ অটোত লিখি ৰাখিছে, “এয়াৰ্পৰ্টলৈকে বিনামুলীয়া যাত্ৰা”, “ৰেলষ্টচনলৈকে বিনামুলীয়া যাত্ৰা”৷ অটোচালকৰ মুখবোৰ বেদনাৰে সিক্ত৷ তেওঁলোকে কেমেৰাৰ সন্মূখত সন্ত্ৰাসবাদীসকলক নিৰ্ভীকভাৱে ধিক্কাৰ জনাইছে৷ তেওলোকে কৈছে –“এতিয়া পৰ্যটকৰ পৰা ধন ঘটাৰ সময় নহয়৷ তেওঁলোকৰ পৰা আমি সদায় ধন ঘটি পৰিয়াল চলাও৷ আজি আমি তেওঁলোকৰ বাবে একো কৰিব নোৱাৰিলেও এইখিনি সহায় কৰিব পাৰো৷” পৰ্যটক অবিহনে তেওঁলোকৰ ভৱিষ্যৎ কি সেয়া তেওঁলোকে ভালদৰে জানে৷ কাশ্মীৰিয়তত যাতে চেকা নালাগে তাৰ বাবেই পৰ্যটকৰ বাবে সকলো অটোচালকে বিনামূলীয়া সেৱা আগবঢ়বলৈ উদগ্ৰীৱ হৈ ৰৈছে৷

অথচ এই বিপদৰ মুহুৰ্ততো বিমান পৰিবহন কোম্পানীবোৰে পৰ্যটকক লুণ্ঠন কৰাৰ সুযোগ ত্যাগ কৰা নাই৷ শ্ৰীনগৰৰপৰা কলকাতালৈ ভাড়া আদায় কৰিছে ৪৩ হাজাৰ টকা৷ এজন যাত্ৰীয়ে সামাজিক মাধ্যমত মন্তব্য কৰিছে, “আমি কোন অসুস্থ পৃথিৱীত বাস কৰিছোঁ৷” হয়তো সেই একেজন যাত্ৰী লালচৌকৰ পৰা বিমানবন্দৰলৈ যাওতে অটোচালকজনে বিনামূলীয়াকৈ লৈ গৈছিল৷

কাশ্মীৰৰ পহলগামৰ ওচৰৰ বৈচাৰণ পৰ্যটন স্থলীত যোৱা ২২ এপ্ৰিলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক সকলোৱে গৰিহণা দিছে৷ ঘটনাৰ বিষয়ে নতুনকৈ কবলৈ নাযাও, সকলোৱা জানে৷ কিন্তু এই বৰ্বৰোচিত, অমানৱীয় ঘটনাকলৈ সাম্প্ৰসায়িক মেৰুকৰণৰ ৰাজনীতিক অধিক তীক্ষ্ণ কৰিবলৈ একাংশ দল-সংগঠন, ব্যক্তি, আনকি সংবাদ মাধ্যমৰ একাংশও তৎপৰ হৈ পৰিছে৷ একে সময়তে, তেওঁলোকে চৈয়দ আদিল হুছেইন শ্বাহৰ আত্মত্যাগক নস্যাৎ কৰি একে অমাৱীয়তাক প্ৰশ্ৰয় দিছে৷ কাশ্মীৰবাসীৰ প্ৰচণ্ড ক্ষোভ, সাম্প্ৰদায়িক ঐক্য-সংহতিৰ আহবানক প্ৰচাৰৰ বাহিৰত ৰাখি সন্ত্ৰাসবাদৰ বিৰুদ্ধে সংগ্ৰামৰ অভিমুখ বিপথে পৰিচালিত কৰাৰ যিকোনো ষড়যন্ত্ৰক প্ৰতিহত কৰিব লাগিব৷

 

No comments

Latest Articles