মূল ঃ মিলি জাফতা | অনুবাদ ঃ ৰঞ্জনা দত্ত বাছখন ৰোৱাৰ লগে লগে সকলো যাত্ৰী হুৰমূৰাই নামি পৰিল। সেইদিনা আছিল শুকুৰবাৰ, সপ্তাহৰ শেষ , মাহৰ শেষ, ব...
মূল ঃ মিলি জাফতা | অনুবাদ ঃ ৰঞ্জনা দত্ত
বাছখন ৰোৱাৰ লগে লগে সকলো যাত্ৰী হুৰমূৰাই নামি পৰিল। সেইদিনা আছিল শুকুৰবাৰ, সপ্তাহৰ শেষ , মাহৰ শেষ, বছৰৰো শেষ কিন্তু ৱিণ্ডহিকৰ কিছু উত্তৰৰ দিশে থকা এই পথছোৱা কি ভীষণ গৰম ! এইবাৰ মই আগৰ দৰে লৰালৰি কৰা নাই, বাছ খন খালি নোহোৱালৈকে বহিয়েই থাকিলোঁ। তাৰ পিছত বস্তুবাহনি গোটাই পিটাই দৰজাৰ ফালে আগুৱাই গ’লো। খিৰিকি খনেৰে চকুত পৰিল মাৰিয়া ঠেলাহেঁচা কৰি মোৰ চুটকেছ দুটা ল’বৰ বাবে আগুৱাই আহিছে।
বাছৰ পৰা নমাৰ লগে লগে অপৰাহ্নৰ উত্তাপ গাত লাগিল। বাহিৰৰ এই গৰম আৰু বাছৰ ভিতৰৰ মানুহৰ গাৰ উত্তাপ একেবাৰে বেলেগ। ঘাম আৰু বেছি মছলাৰ ফাষ্টফুডৰ গোন্ধ এতিয়া যেন অতীতৰ স্মৃতি।
এতিয়া নাকটো ভৰি উঠিছে চোকা ৰ’দত উদঙাই থোৱা মাংসৰ ধুনীয়া গোন্ধেৰে। গছৰ ডাল আৰু অস্থায়ী দোকান বোৰত ওলোমাই ৰখা মাংসৰ ডাঙৰ টুকুৰা বোৰৰ ওপৰত চিকচিকাই থকা সেউজীয়া ৰঙৰ ভেনা মাখিবোৰ চক্ৰাকাৰে ঘূৰি ঘূৰি আহি বহিছে। আকৌ চক্ৰাকাৰে উৰি যায় আৰু বহে – সিহঁতৰ গুণগুণনিৰ শব্দও মই শুনিবলৈ পাইছিলোঁ।কিনা বেচা কৰা মানুহবোৰে দৌৰা দৌৰিকৈ দিনৰ শেষ কিনা বেচা বোৰ কৰিবলৈ উথপথপ লগাইছিল। প্ৰত্যাশাৰে ভৰি পৰিছিল আকাশ খন।
মাৰিয়াই মূৰটো অলপ চাপৰাই দায়সৰা ধৰণেৰে মোক চুমা এটা দিলে। তাৰ পিছত ডাঙৰ চুটকেছটো মূৰৰ ওপৰত তুলি মোতকৈ আগেয়েই খোজকঢ়া আৰম্ভ কৰি দিলে। অন্য চুটকেছটো মূৰৰ ওপৰত তুলি মই দুয়ো হাতেৰে কঁকালত ধৰি নিজকে কিছু স্থিৰ কৰি ল’লো, তাৰ পিছত তাইৰ পিছে পিছে খোজ কাঢ়িবলৈ আৰম্ভ কৰিলোঁ। মন কৰিলো মেৰুদন্ড পোন কৰি মাৰিয়াই দীপ্ত ভঙ্গীত মূৰটো ওখ আৰু পোন কৰি দৃঢ় খোজেৰে আগুৱাই গৈছে। কি সুন্দৰ এই অদমিত মানবসত্তা ! কিবা কথা পাতিবলৈ খুব ইচ্ছা গৈছিল কিন্তু প্ৰাণপণে চেষ্টা কৰাৰ পিছতো কোনো শব্দ জিভাৰ আগলৈ অহা নাছিল। মূৰৰ ভিতৰত কিমান যে কথা তোলপাৰ লগাই আছিল কিন্ত মুখ খন আছিল একেবাৰে বাকৰূদ্ধ আৰু শূন্য। আগে আগে গৈ থকা অচিনাকি যেন লগা মানব শৰীৰটো মোৰেই তেজ মঙহৰ ছোৱালী। তাই আৰু মই, নীৰৱে আগবাঢ়ি গৈ আছিলোঁ।
এয়ে হ’ল ঘটনাটো। মোৰনো কি আশা আছিল ? গোটেই গাওঁখন হিল দ’ল ভাঙি ওলাই আহিব তেওঁলোকৰ বহুবছৰ আগেয়ে হেৰাই যোৱা ছোৱালী জনী ঘৰলৈ ঘূৰি অহাৰ আনন্দ উদযাপন কৰিবলৈ ? কিমান বছৰ হ’ল বাৰু ? চল্লিছ বছৰ টো হৈছেই। হেৰাই যোৱা সময় বোৰ কেনেদৰেযে হেৰুৱাই পেলালো ? সময়ৰ যে হিচাব ৰাখিম সেই আশা কেনেকৈনো কৰিব পাৰো, যেতিয়া বিভিন্ন ঠাইত নিজকে কেনেদৰে কিমান খাপ খুৱাই ল’ব পাৰো কেবল সেইটোৱেই আছিল সময়ৰ মাপকাঠি ? মই শষ্যৰ বীজ সিঁচিছো কিন্তু সেই শষ্যৰ পৰা গছে ঠন ধৰি উঠাৰ দৃশ্য চোৱাৰ সৌভাগ্য হোৱা নাই ........., সন্তান ধাৰণ কৰিছো- সিহঁতৰ ডাঙৰ হোৱা দেখা নাই, কাৰণ তেতিয়া মই কোনো বিজাতীয় ভাষাত নিজকে পাৰ্গত কৰি তোলাৰ চেষ্টা কৰি গৈছিলো ......... শিকিছিলো কিদৰে ইলেকট্ৰিক কেটলি ব্যৱহাৰ কৰিব লাগে, কেতিয়া ইলেকট্ৰিক ষ্টভ নুমুৱাব লাগে, শিকিব লগীয়া হৈছিল যে অচিনাকি কাকো দৰজা খুলি দিব নেলাগে আৰু মই শিকিছিলো যে লগ পোৱা সকলোৰে সতে মই কৰমৰ্দন কৰি সম্ভাষণ জনাব নোৱাৰোঁ।
সমুখৰ দীঘল ধুলিভৰা পথটো নোচোৱাকৈ খোজ কঢ়াৰ চেষ্টা কৰিছিলো, যদিও বিশেষ ভাবে চাব লগা একো নাছিল। মনত ভাব হৈছিল সকলো যেন নিষ্ফল আৰু শূন্য। কোনো গছ নাই, ঘাঁহ নাই, চাৰিওফালে কেবল কমলা ৰঙৰ শুকান মাটি। অস্তগামী সুৰুযে যেন তাত সোনলী আভা চটিয়াই দিছে। আমি দুয়ো মূৰত বস্তু বাহনি লৈ সৰু ৰাস্তাটোৰে আগা পিছাকৈ আগুৱাই গৈ আছো – ডুবিবলৈ ধৰা বেলিটোৰ বিপৰীতে আমাৰ দীঘলীয়া ছাঁ পৰিছে – নিশ্চিত ভাবে এই দৃশ্যৰ এখন ধুনীয়া তৈল চিত্ৰ হ’ব পাৰিলে হেতেঁন !
সেইটো ডিচেম্বৰ মাহ আছিল- এখন সুন্দৰ চিত্ৰ দেখিছিলোঁ, এটা জিৰাফৰ। মনত আছে, চিত্ৰ খন চাই চাই কোনো এটা মুহুৰ্তত বৰষুণত তিতি উঠা মাটিৰ গোন্ধৰ বাবে মই আকুল হৈ পৰিছিলো। কিন্তু তেতিয়া মই মালিকনীৰ লগত সোয়াকপমণ্ডত আছো, তেওঁ তালৈ পৰিয়ালৰ লগত গৈছিল বিশ্ৰামৰ প্ৰয়োজনত। সেইটো আছিল মোৰ ছুটিৰ সময় ; কিন্তু মই মোৰ পৰিয়ালৰ লগত থাকিব পৰা নাছিলো, মোৰ গোটেই বছৰটো এনেদৰেই কাটি গৈছিল । এনেদৰেই পাৰ হৈ গৈছিল মোৰ জীৱনৰ আধাতকৈও বেছি ভাল সময়।
এতিয়া এই সকলোবোৰ পিছলৈ দলিয়াই থৈ আহিছো। মই ঘৰলৈ ঘূৰি আহিছোঁ। বহু বছৰ আগেয়ে যি বাটেৰে খোজকাঢ়ি ওলাই গৈছিলো আজি সেই বাটেৰেই ঘূৰি আহিছো। কেৱল তেতিয়া মই আছিলো এজনী সোতৰ বছৰ বয়সীয়া ছোৱালী আৰু মোৰ দৃষ্টি আছিল সুদূৰ প্ৰসাৰী। এজনী কিশোৰী ছোৱালী গুছি গৈছিলো – এই চল্লিছ বছৰত তিনিটা সন্তানৰ মাতৃ হ’লো, দুবাৰমান গাঁৱলৈ আহিছো- এতিয়া ঘৰলৈ উভটি আহিছো এক বৃদ্ধা।
মোৰ অচিনাকি সেই ছোৱালী জনী হঠাতে ৰৈ গ’ল, তাৰপিছত প্ৰশ্নবোধক চাৱনিৰে মোৰ ফালে চালে। বুজিলো এটা উত্তৰ বা কোনো ধৰণৰ ইঙ্গিতৰ অপেক্ষা কৰিছে তাই। মই এনেভাবে চিন্তাত ডুবি পৰিছিলো যে তাই কি উত্তৰৰ বাবে অপেক্ষা কৰিছে একো ধাৰণা কৰিব পৰা নাছিলোঁ। অবশ্যে মোৰ সন্তান বোৰে কেতিয়া কি বিচাৰে সেই ধাৰণা মোৰ কেতিয়াও নাছিল। আকৌ শান্তভাবে তাই প্ৰশ্নটো কৰিলে - তাই খুব বেছি খৰকৈ খোজকাঢ়িছে বাবে মোৰ কিছু অসুবিধা হৈছে নেকি ? হে ভগবান! ইমান মৰম ! অন্ততঃ কোনোবা এজনে সঁচাকৈয়ে জানিব বিচাৰিছে মোৰ তাল মিলাই খোজ কাঢ়োতে অসুবিধা হৈছে নেকি। মোক আৰু খৰকৈ খোজকাঢ়িবলৈ কোৱা নাই, কোৱা নাই মোৰ ঘৰত পুৰুষৰ প্ৰবেশ নিষেধ, কোৱা নাই পুৱা আৰু সোনকালে শুই উঠিবলৈ, কামত আৰু মনোযোগী হ’বলৈ, কুকুৰটোক গা ধুৱাবলৈ......মই অভিভূত হৈ পৰিলোঁ। চকুপানীৰে ভৰি পৰিল মোৰ দুচকু, বুকুলৈকে উজাই আহিল এবুকু আবেগ কিন্তু মোৰ প্ৰাণ জাগি উঠিল। অপৰিচিত সেই ছোৱালী জনীয়ে মূৰৰ পৰা চুটকেছটো নমালে। তাৰপিছত মোৰটো ধৰি নমাই অন্যটোৰ কাষতে ৰাখিলে।
মৃদু স্বৰে ক’লে, ‘আমি অকণমান জিৰাই লওঁ’।
বাকচদুটাৰ ওপৰত ওচৰা ওচৰিকৈ বহাৰ পিছত তাই ক’লে, ‘তুমি ঘৰলৈ ঘুৰি আহিছা, ইমান যে ভাল লাগিছে’।
তাৰপিছত আমি একেবাৰে মনে মনে বহি পৰিলো। বতাহত কেবল জিলিৰ ঝিঁ ঝিঁ শব্দ। ইমান সুখ, ইমান শান্তি মই আগতে কেতিয়াও পোৱা নাই। সেই অচিনাকি ছোৱালী জনীৰ ফালে চাই মোৰ নিজৰেই ছোৱালী জনী দেখিবলৈ পালোঁ। বুজি পালো মই সচাঁকৈ ঘৰলৈ উভটি আহিছোঁ। মই অনাহূত নহয়। মোৰ গৰ্ভজাত ফল আৰু মই একেলগে হৈছো। মোৰ শৰীৰতে জন্ম হৈছিল এই ফল। নিজৰ বিধ্বস্ত, আপচু শৰীৰটোৰ ফালে চাই পৃথিৱীৰ কথা মনলৈ আহিল- কিমান ধুনীয়া ধুনীয়া ফুল ফুলে ইয়াৰ মাটিত।
মাৰিয়াই উঠি লৈ ক’লে, “এতিয়া যাব লাগিব, সকলোৱে অপেক্ষা কৰি আছে। এইবাৰ তুমি আগবাঢ়া। তোমাৰ সুবিধা মতে খোজকাঢ়া, মই তোমাৰ পিছত থাকিম”।
এইবাৰ মই মেৰুদণ্ড পোনকৈ ৰাখি, দৃষ্টি সমূখলৈ নিক্ষেপ কৰি সেই সৰু ৰাস্তাটোৰে মাৰিয়াৰ আগে আগে যাবলৈ আৰম্ভ কৰিলোঁ। সোনকালে ঘৰ পাবগৈ লাগিব।
------------------------------------------------------------------------------------------------------------
লেখক পৰিচয় ঃ চাউথ আফ্ৰিকাৰ পৰ্ট এলিজাবেথ চহৰত পঞ্চাশৰ দশকৰ মাজভাগত মিলি জাফটাই জন্ম গ্ৰহণ কৰে। হোষ্টেলত থকা সময়তে কলেজ আৰু হোষ্টেলৰ আলোচনীৰ বাবে লিখা আৰম্ভ কৰা মিলি জাফতাৰ “হম কামিং” গল্পটো তেখেত চাকৰিত যোগদান কৰাৰ পিছত লিখা। কেইবাটাও বিখ্যাত চুটি গল্প, কবিতা, চুটি বোলছবি, টিভি চিৰিজ, বুৰঞ্জী মূলক ঘটনা, ইত্যাদিৰ উপৰিও জনপ্ৰিয় বোলছবি ‘হম কামিং’ খনৰ সম্পূৰ্ণ চিত্ৰনাট্য আৰু কাহিনীটো তেওঁ লিখি উলিয়াইছিল। সমসাময়িক আফ্ৰিকাৰ মহিলা সকলৰ দ্বাৰা লিখিত চুটিগল্পৰ সংকলন ‘আফ্ৰিকাৰ চুটি গল্প’ কিতাপখন তেওঁ সম্পাদনা কৰি উলিয়াইছে। ১৪ টা প্ৰকাশন গোষ্ঠীয়ে সমান্তৰাল ভাবে তেখেতৰ লেখা সমূহ ৩টা ভাষাত প্ৰকাশ কৰি আহিছে। ১৯৯০ চনৰ স্বাধীনতাৰ পিছত তেখেতে নামিবিয়াৰ নাগৰিকত্ব গ্ৰহণ কৰিছে আৰু বৰ্তমান নামিবিয়াৰে বাসিন্দা।
No comments