Page Nav

HIDE

শেহতীয়া:

latest

Ads Place

অসমত বিদ্যুৎ যোগান ব্যৱস্থাৰ বাণিজ্যিকীকৰণ -খনীন্দ্ৰ তালুকদাৰ।

    (২য় আৰু অন্তিম খণ্ড) বিদ্যুৎ সংস্কাৰৰ জৰিয়তে অসমত যি তিনিটা কোম্পানী গঠন কৰা হৈছিল ( APGCL, AEGCL, APDCL) তাত অসম চৰকাৰে কোনো নগদ...

 


 

(২য় আৰু অন্তিম খণ্ড)



বিদ্যুৎ সংস্কাৰৰ জৰিয়তে অসমত যি তিনিটা কোম্পানী গঠন কৰা হৈছিল (APGCL, AEGCL, APDCL) তাত অসম চৰকাৰে কোনো নগদ ধন বিনিয়োগ কৰি অংশ-পূজি বা শ্বেয়াৰৰ সৃস্টি কৰা নাছিল। চৰকাৰৰ পাওঁনা ধনখিনিকে শ্বেয়াৰ বুলি গণ্য কৰা হৈছিল। এনে শ্বেয়াৰৰ ওপৰত ১৪% বাৰ্ষিক মুনাফা স্বয়ং আইনখনে নিৰ্ধাৰণ কৰিছিল আৰু বিদ্যুৎ মাচুলৰ অতিৰিক্ত বোজা গ্ৰাহকৰ ওপৰত জাপি দি চৰকাৰে নিয়মিত ভাবে মুনাফা আদায় কৰি আহিছে।

 

বিদ্যুৎ আইন আৰু বহুধা বৰ্ষ ৰাজহ বিধি নিয়ম: বিদ্যুৎ আইন অনুসৰি নিয়ামক আয়োগে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদখন ভাঙি প্ৰতিষ্ঠা কৰা তিনিওটা কোম্পানীৰ বিত্তীয় শৃঙ্খলাৰ বাবে কিছুমান নিয়ম বান্ধি দিছিল। প্ৰত্যেক বৰ্ষত কোম্পানী কেইটাই বিদ্যুৎ উৎপাদন, পৰিবহন আৰু বিতৰণৰ বাবে বিভিন্ন শিতানত ধন ব্যয় কৰিবলগীয়া হয়। এনে ব্যয় পৰিমিত সীমাৰ অন্তৰ্গত ৰখাৰ উদ্দ্যেশে আয়োগে তাৰ সৰ্বোচ্চ মান সীমাবদ্ধ কৰাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিছিল। এই বিষয়ত কোম্পানী কেইটাৰ বাবে প্ৰযোজ্য বিভিন্ন শিতানৰ ভিন ভিন মাপক ভিত্তি কৰি নিৰ্দিষ্ট বছৰৰ বাবে যুক্তিসঙ্গত ব্যয় কিমান হোৱা উচিত তাক নিৰ্দ্ধাৰণ কৰাৰ ব্যৱস্থা কৰা হৈছিল। এনে ব্যয়বোৰক ৰীতিমাফিক (NORMATIVE) ব্যয় বোলা হৈছিল। কোম্পানীসমূহে প্ৰকৃততে কৰা বাস্তৱ ব্যয়ৰ বিপৰীতে এনে ৰীতিমাফিক ব্যয় কম বা বেচিও হ’ব পাৰে। নিয়ম অনুসাৰে বাস্তৱ ব্যয় ৰীতিমাফিক ব্যয়তকৈ কম হ’লে ৰাহি হোৱা অংশৰ ১/৩ (এক তৃতীয়াংশ) বিদ্যুৎ মাচুলত গ্ৰাহকক ৰেহাই দিয়া হয় আৰু ২/৩( দুই তৃতীয়াংশ) কোম্পানীৰ খাটাত জমা কৰা হয়। আনহাতে বাস্তৱ ব্যয় ৰীতিমাফিক ব্যয়তকৈ বেচি হ’লে লোকচানৰ ১/৩ ভাগ (এক তৃতীয়াংশ) গ্ৰাহকৰ বিদ্যুৎ মাচুলত সংযোগ কৰা হয় আৰু ২/৩( দুই তৃতীয়াংশ) সংশ্লিষ্ট কোম্পানীয়ে বহন কৰিব লগীয়া হয়। এই ব্যবস্থাকে বহুধা বৰ্ষ ৰাজহ বিধি নিয়ম (Multiyear Tariff Regulation) বুলি অভিহিত কৰা হৈছে। কোৱা বাহুল্য যে বিদ্যুৎ কোম্পানী সমূহে প্ৰতি বছৰে মাচুলৰ সংশোধনী বিচাৰি নিয়ামক আয়োগক হিচাপ নিকাচ সমূহ উক্ত নিয়মাৱলী অনুসৰি দাখিল কৰে কিন্তু বাস্তৱত কৰা সেই হিচাপ নিকাচৰ কোনো সংগতি নেথাকে। ফলত নিয়ামক আয়োগক দাখিল কৰা আয়-ব্যয়ৰ হিচাপ আৰু বাস্তৱত প্ৰতিফলিত হোৱা আয়-ব্যয়ৰ মাজত সদায়ে পাৰ্থক্য ৰৈ যায়। মুঠতে আয়োগৰ ওচৰত দাখিল কৰা হিচাপ-নিকাচৰ নথিয়ে কোম্পানীসমূহৰ আৰ্থিক স্বচ্ছতা কিম্বা দৈন্যতা প্ৰতিফলিত নকৰে। এনে বহুধা বৰ্ষ ৰাজহ বিধি নিয়মক ভিত্তি কৰি দিয়া হিচাপ-নিকাচৰ তথ্যবোৰে এখন কৃত্ৰিম ছবিহে প্ৰতিফলিত কৰা দেখা যায়। কেতিয়াবা বাৰ্ষিক হিচাপ-নিকাচত ব্যাপক ঘাটি থাকি যোৱাৰ পিচতো মাচুল বৃদ্ধি হোৱা দেখা নাযায় কাৰণ নিয়ামক আয়োগক দিয়া হিচাপ নিকাচত তেনে ঘাটি প্ৰতিফলিত হোৱা দেখা নাযায়। কেতিবাবা তাৰ সম্পুৰ্ণ ওলোটা ছবিও দেখা যায়। উদাহৰণ স্বৰূপে ২০২১-২২ চনৰ বিতৰণ কোম্পানী, এপিডিচিএলৰ বাৰ্ষিক গাণনিক অনুমোদিত খতিয়ানত ১১০ কোটি টকা ৰাহি হোৱাৰ বিপৰীতে একেই বিত্তীয় বৰ্ষত নিয়ামক আয়োগক দাখিল কৰা বিত্তীয় প্ৰতিবেদনত ৪৮৪ কোটি টকাৰ ঘাটি দেখুৱাই  সেই ঘাটি পুৰণৰ বাবে অতিৰিক্ত বিদ্যুৎ মাচুলৰ বাবে আবেদন কৰিছিল।

 

বিদ্যুৎ কোম্পানীৰ বাৰ্ষিক ঘাটি পূৰণ: উল্লেখযোগ্য যে বিদ্যুৎ বিতৰণ কোম্পানীয়ে ক্ৰমে উৎপাদন আৰু পৰিবহনৰ জৰিয়তে বিদ্যুৎ আহৰণ কৰি গ্ৰা্হকক বিদ্যুৎ বিতৰণ কৰে। এই ব্যৱস্থাৰ জৰিয়তে পৰিবহন কোম্পানীয়ে বিদ্যুতৰ মাচুল সংগ্ৰহ কৰি সকলো দেওঁনা আদায় দি নিজৰ খৰছ উলিয়াব লাগে। বিদ্যুৎ সংস্কাৰ হোৱাৰ পিছত বিগত বছৰবোৰত অসমৰ ৰাইজে প্ৰত্যেক বছৰেই বৰ্দ্ধিত হাৰত বিদ্যুতৰ মাচুল বহন কৰিবলগীয়া হৈছে। বিদ্যুৎ কোম্পানীবোৰৰ ঘাটি পূৰণ কৰাৰ বাবে যে এনে বিদ্যুতৰ মাচুল বৃদ্ধি কৰিব লগীয়া হৈছে তাক দুনাই কোৱাৰ কোনো প্ৰয়োজন নাই। কিন্তু এনে ঘাটিৰ কিমান অংশ গ্ৰাহকৰ পৰা অতিৰিক্ত মাচুলৰ জৰিয়তে পূৰণ কৰা হয় সেই সংখ্যা জনগনৰ বাবে সদায় দুৰ্বোধ্য হৈ আহিছে। ইতিমধ্যে উল্লেখ কৰা মতে বহুধা বৰ্ষ ৰাজহ বিধি নিয়ম (Multi Year Tariff Regulation) অনুসৰি বিদ্যুৎ কোম্পানীবোৰে দিয়া হিচাপত সমূদায় ঘাটিৰ ২/৩ অংশ নিজে গ্ৰহন কৰাৰ পিচতো কোম্পানীৰ তহবিলত প্ৰত্যেক বছৰে এক বিয়োগম পৰিমানৰ ঘাটি হয়। এনে সমূহ ঘাটি যদি বিদ্যুৎ মাচুলৰ জৰিয়তে আদায় কৰা হয় তেন্তে বিদ্যুৎ মাচুলৰ হাৰ গ্ৰাহক ৰাইজৰ বাবে অসহনীয় হৈ পৰিব। জনসাধাৰণক সকাহ দিয়াৰ উদ্দ্যেশ ৰাজ্য চৰকাৰে এনে ঘাটি পুৰণৰ বাবে কোম্পানীবোৰক ৰাজ সাহায্য প্ৰদান কৰি আহিছে। এপিডিচিএলৰ অনুমোদিত গাণনিক লাভ-লোকচান হিচাপমতে ২০২০-২১ বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰে কোম্পানীটোক ঘাটি পুৰণৰ বাবে গ্ৰান্ট আৰু ৰাজ সাহায্য শিতানত ১২৪৭.৪১ কোটি টকা আৰু ২০২১-২২ বিত্তীয় বৰ্ষত ১৩৬২.৮৮ কোটি টকা প্ৰদান কৰাৰ হিচাপ দাখিল কৰিছিল। পূৰ্বতেও এনে ৰাজ সাহায্য প্ৰদান কৰিছিল। এনে ৰাজ সাহায্যক কোম্পানীৰ আয় হিচাপে অন্তৰ্ভূক্ত কৰা হৈছে। অৰ্থাৎ বৰ্দ্ধিত বিদ্যুৎ মাচুলৰ বোজাৰ পৰা গ্ৰাহকক সকাহ দিয়াৰ উদ্দ্যেশে চৰকাৰে লোৱা এনে ব্যৱস্থা প্ৰশংষনীয়। কিন্তু এনে ৰাজসাহাজ্য প্ৰদান কৰি আকৌ সেই ধন বিদ্যুৎ মাচুল বৃদ্ধিৰ জৰিয়তে ওলোটাই আদায় কৰাৰ এক অভিনৱ পদ্ধতিয়ে সচেতন গ্ৰাহকক তবধ মনাইছে।

 

২০২২-২৩ চনৰ পৰা চৰকাৰে ঘাটি পুৰণৰ বাবে বিদ্যুৎ কোম্পানীবোৰক দিয়া এনে ৰাজসাহাজ্য পৰ্য্যায় ক্ৰমে কোম্পানীৰ অংশ-পুঁজিলৈ পৰিবৰ্তন কৰাৰ এক প্ৰস্তাৱ দিছিল। আকৌ সেই শ্বেয়াৰৰ ওপৰত ১৫ শতাংশ সূদ আৰোপ কৰি সেই ধন বিদ্যুৎ মাচুল বৃদ্ধিৰ জৰিয়তে আদায় কৰাৰ ব্যৱস্থা কৰা হৈছে।

 

 

এই আলোচনাৰ পৰা ওলাই পৰে বিদ্যুতৰ সংস্কাৰৰ পিচত চৰকাৰে প্ৰতিশ্ৰুতি দিয়া মতে পৰিমিত দৰত গুণসম্পন্ন অহৰহ বিদ্যুৎ যোগান ধৰাৰ ব্যৱস্থা কিমান দুৰূহ হৈ পৰিছে। আনহাতে বিদ্যুৎ সংস্কাৰৰ পিচত ৰাজ্যত ৬৫ লাখৰ ওপৰত গ্ৰাহকলৈ বিদ্যুৎ সংযোগ কৰি যোগান ধৰা হৈছে। কিন্তু জনমুৰি বিদ্যুতৰ ব্যৱহাৰৰ তালিকাত ২০২২ চনৰ তথ্য অনুসৰি অসমে ৩৪৬ ইউনিট আৰু দেশীয় জনমুৰি ২০২৩-২৪ বৰ্ষৰ মতে ১৩৯৫ ইউনিট । ইয়াৰ পৰাই উমান পাব পাৰি যে অসম কিমান পিচ পৰি আছে । আনপিনে বিদ্যুৎ উৎপাদনৰ দিশত ৰাজ্যখন প্ৰায় স্থবিৰ হৈ আছে বুলিব পাৰি। কোৱা বাহুল্য যে ২০১১-১২ চনত বিদ্যুৎ কোম্পানী,  এপিজিচিএলৰ সংস্থাপিত ভাৰ ৪০১.৫ মেগাৱাট আৰু ২০২৪-২৫ চনত এই ভাৰ সামান্য বাঢ়ি ৪০৬.৩৫ মেগাৱাট হয়। কিন্তু আচল উৎপাদন প্ৰায় ৩০০ মেগাৱাটহে হয় । কোৱা বাহুল্য যে অসমৰ সৰ্বোচ্চ চাহিদা ২৮০৯ মেগাৱাট, কিন্তু ইমান কম উৎপাদনৰ বাবে বাহিৰৰ উৎসৰ পৰা আমদানি কৰিব লগীয়া হয়।

 

এনে পৰিস্থিতিত অসমত শিল্পায়ন সম্পৰ্কত চৰকাৰৰ কিবা উদ্যোগ কিম্বা পৰিকল্পনা আছেনে নাই স্পষ্ট নহয়। অথচ বিদ্যুৎ উৎপাদনৰ বাবে অসমত কয়লা,  প্ৰাকৃতিক গেচ, জলৰ উৎসও আছে। আনহাতে চৰকাৰে কোনো স্পষ্ট উদ্যোগ নীতি নোলোৱাৰ বিপৰীতে অভিনৱ পদ্ধতিৰে বিদ্যুত মাচুল বৃদ্ধিৰ জৰিয়তে গ্ৰা্হকৰ ওপৰত বোজা জাপি দিয়াৰ এক চিৰন্তন ব্যৱস্থা কৰিছে।

 

No comments

Latest Articles