(১ম খণ্ড) ১৯৫৮ চনৰ বিদ্যুৎ যোগান আইনৰ ভিত্তিত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ গঠন কৰা হৈছিল। বিদ্যুৎ পৰিষদ গঠন হোৱাৰ পিচতে সমগ্ৰ ৰাজ্য...
(১ম খণ্ড)


যিহেতু সেই সময়ত চৰকাৰে বিদ্যুৎ যোগানক সেৱা হিচাপে নীতি গ্ৰহণ কৰিছিল, তেনেস্থলত গ্ৰাহক ৰাইজক
সকাহ দিবৰ বাবে চৰকাৰে নিজেই বিদ্যুৎ মাচুল নিৰ্দ্ধাৰণ
কৰি দিছিল। জনসাধাৰণ আৰু ৰাজ্যৰ অৰ্থনীতিত গধুৰ বোজা কমাই ৰাখিবৰ বাবে চৰকাৰে বিদ্যুৎ পৰিষদক পুঁজিৰ যোগান
ধৰিছিল। সেই পুঁজিৰ ওপৰত বাৰ্ষিক সূদৰ হাৰ ধাৰ্য কৰা হৈছিল বাণিজ্যিক ভাবে কিন্তু চৰকাৰে বিনিয়োগ কৰা পুঁজিৰ প্ৰকৃত মাচুল আদায়
কৰিবলৈ ল’লে প্ৰতি ইউনিট বিদ্যুতৰ মাচুল
আকাশলংঘী হয় বাবেই চৰকাৰে গ্ৰাহক আৰু ৰাজ্যৰ স্বাৰ্থ আগত ৰাখি বিদ্যুৎ মাচুল নিয়ন্ত্ৰণ কৰিবলৈ বাধ্য হৈছিল। অসম ৰাজ্যিক
বিদ্যুৎ পৰিষদ ক্ৰমান্নয়ে ধাৰত নিমজ্জিত
হৈছিল আৰু গ্ৰাহকৰ পৰা পোৱা মাচুলে পৰিষদক এই ধাৰৰ পৰা উদ্ধাৰ কৰাৰ কোনো উপায় নাছিল।
১৯৯১ চনত শেষৰ পিনে ছোভিয়েট ইউনিয়নৰ পতনৰ লগতে সমাজবাদী শিৱিৰ দুৰ্বল
হৈ পৰে। ইয়াৰ ফলশ্ৰুতিত
আমেৰিকা সহ অন্যান্য পুঁজিবাদী দেশবোৰে ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশবোৰৰ অৰ্থনীতিত উদাৰীকৰণ, ব্যক্তিগতকৰণ
আৰু গোলকীয়কৰণৰ নীতি জাপি দিবৰ বাবে তৎপৰ
হৈ উঠে। নবৈৰ দশকত ভাৰতৰ অৰ্থনীতি ক্ৰমান্নয়ে শোচনীয় হৈ পৰে আৰু তদানীন্তন বিত্ত মন্ত্ৰী ডঃ মনমোহন সিঙৰ নেতৃত্বত
আমাৰ দেশে আন্তৰ্জাতিক সংস্থাবোৰৰ চৰ্তবোৰ মানি ল’বৰ উপক্ৰম হৈছিল। ১৯৯১ চনত ভাৰতত বিদেশী মুদ্ৰাৰ তীব্ৰ নাটনিৰ সৃস্টি হয়
আৰু ঋণৰ বাবে বিশ্ব
বেঙ্ক, আন্তৰ্জাতিক মুদ্ৰা নিধি আদি অনুষ্ঠানৰ ওচৰ চাপিব লগীয়া হয়। কিন্তু
এই ঋ্ণ পাবৰ বাবে
আন্তৰ্জাতিক সংস্থাবোৰে আৰোপ কৰা চৰ্তবোৰ মানি লোৱাটো অপৰিহাৰ্য্ হৈ পৰিছিল। এই চৰ্তবোৰৰ ভিতৰত বিদ্যুৎ সেৱাক বাণিজ্যিকীকৰণ আৰু বিদ্যুৎ
পৰিষদবোৰক ভংগ কৰি উৎপাদন, পৰিবহণ
আৰু বিতৰণ কোম্পানীলৈ পৰিণত কৰাৰ চৰ্তও আৰোপ কৰা হৈছিল। দেশৰ অৰ্থনীতিৰ পুনৰুদ্ধাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ শৰণাপন্ন হৈছিল। বিশ্ববেঙ্ক আৰু আন্তৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ
হেঁচাত চৰকাৰে কাল্যাণকামী চৰিত্ৰ বিসৰ্জন দিবলৈ ক্ৰমাগতভাৱে অগ্ৰসৰ হৈছিল৷ সেই
পটভূমিতে বিদ্যুৎ নিয়ামক আয়োগ সম্পৰ্কীয় আইন-১৯৯৮ গৃহীত হৈছিল।
অসম ৰাজ্যিক বিদ্যুৎ
নিয়ামক আয়োগত পৰিষদৰ বাৰ্ষিক কাৰিকৰী আৰু বিত্তীয় খতীয়ান দাখিল কৰা হৈছিল। প্ৰথমবাৰৰ বাবে ৰাজহুৱা কৰা
খতীয়ানত পৰিষদৰ শোচনীয় কাৰিকৰী আৰু বিত্তীয় অৱস্থা
দেখি বিদ্যুৎ নিয়ামক আয়োগ হতবাক হৈ পৰিছিল। বিদ্যুৎ পৰিষদে দাবী কৰা মতে বিদ্যুতৰ মাচুল আকাশলঙ্ঘী হ’বলৈ দিব পৰা নাছিল।
সৰ্বসাধাৰণ গ্ৰাহকৰ অনুকুলে ৰায় দান কৰি বিদ্যুতৰ মাচুল নিয়ন্ত্ৰন কৰা হৈছিল। কিন্তু পৰৱৰ্তী কালত মূল বিষয়টোৰ ওপৰত
কোনো আশাসুধীয়া সমাধানৰ দিশ
নিৰ্ণয় কৰা নহ’ল।
বিদ্যুৎ আইনৰ পটভূমিঃ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অৱস্থিতিতে বিদ্যুৎ
আইন-২০০৩ বলবৎ কৰা হৈছিল। দেশত
বিদ্যুৎ সম্প্ৰসাৰণৰ বাবে ইতিমধ্যে বহু হেজাৰ কোটি টকা খৰছ কৰা হ’ল। তাৰে এটা অংশ পুঁজি ব্যয় কৰি সম্পত্তি
গঢ়ি তোলা হৈছিল যদিও সেই পুঁজিৰ এটা বুজন অংশ জনসাধাৰণৰ ওপৰত বোজা কমোৱাৰ বাবে বিদ্যুত সেৱাত ব্যয় কৰা হৈছিল। বাণিজ্যিক
ভাবে সেৱাৰ মূল্য
নিৰুপন কৰা হোৱা নাছিল। নতুন আইন মতে বিদ্যুৎ সেৱাৰ মূল্য নিৰূপন কৰি বাণিজ্যিকীকৰণ কৰাৰ নিয়ম প্ৰচলন কৰা হ’ল।
বিদ্যুৎ পৰিষদ সমুহক কেৱল সেৱা প্ৰদান কৰা অনুষ্ঠানৰ
পৰা বাণিজ্যিক গোট হিচাপে গঢ়ি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ল। পৰিকল্পনা মতে বিদ্যুৎ পৰিষদক বাণিজ্যিক গোটলৈ পৰিবৰ্তন কৰিবৰ বাবে
প্ৰথমে পৰিষদৰ বিত্তীয় অৱস্থাৰ
বাস্তব মূল্যায়নৰ প্ৰয়োজন আছিল। ইতিমধ্যে বিদ্যুৎ পৰিষদৰ চৰকাৰী ঋণ, সূদ আদি মিলি বিয়োগোম ধন দেওনা শিতানত জমা হৈছিল। তাৰোপৰি পৰিষদৰ কাৰিকৰী
ব্যৱস্থাটো এক শোচনীয় অৱস্থাত
উপনীত হৈছিল। অৰ্থৰ অভাৱত পৰিবহন আৰু বিতৰণ ব্যৱস্থাটোৰ উন্নতি কৰিব পৰা হোৱা নাছিল। ফলস্বৰূপে গ্ৰাহকক
নিম্নমানৰ সেৱা প্ৰদান কৰা হৈছিল। বিদ্যুতৰ
বাস্তব চাহিদা অনুসৰি যোগান ধৰাৰ বাবে পৰিষদৰ নিজৰ উৎপাদন তেনেই সীমিত আছিল। সেয়েহে চাহিদা পূৰণ কৰিবৰ বাবে
বাহিৰৰ উৎসৰ পৰা বিদ্যুৎ ক্ৰয় কৰিবলৈ বাধ্য হৈছিল।
তাৰ বাবে নগদ ধনৰ প্ৰয়োজন হৈছিল। আনপিনে বিতৰণৰ বাবদ কাৰিকৰী আৰু বাণিজ্যিক
ক্ষেত্ৰত লোকচান ভৰিব লগীয়া হৈছিল। চাহিদা অনুসৰি বিদ্যুৎ সৰবৰাহ কৰিবলৈ হ’লে
পৰিষদৰ লোকচানৰ পৰিমানো
বাঢ়ি গৈছিল। কাৰণ আগৰ দৰে বিদ্যুৎ পৰিষদলৈ চৰকাৰে বিদ্যুৎ মাচুল সুলভ কৰাৰ বাবে আৰ্থিক সাহায্য দিয়া প্ৰথাটোৰ
অন্ত পেলোৱা হৈছিল। ফলত লোড শ্বেডিং অৱশ্যম্ভাবী হৈ পৰিছিল। মুঠতে ক’বলৈ হ’লে পৰিষদৰ কাৰিকৰী ব্যৱস্থাটোৰ ব্যপক সংস্কাৰৰ
প্ৰয়োজন হৈছিল। কিন্তু সংস্কাৰৰ
বাবে ৰাজ্য চৰকাৰৰ নিজস্ব পুঁজি নাছিল। কেন্দ্ৰীয় চৰকাৰে বিদ্যুৎ আইন-২০০৩ খন প্ৰয়োগ কৰি আন্তঃগাঠনিৰ সংস্কাৰ
অবিহনে কাৰিকৰী সংস্কাৰৰ বাবে পুঁজি আগবঢ়োৱা নহ’ব বুলি চৰ্ত আৰোপ কৰিছিল। পৰিণতিত খৰ খেদাকৈ পৰিষদৰ পাওঁনা আৰু দেওঁনাৰ
হিচাপ নকৰাকৈ ৰাজ্য
চৰকাৰে বিদ্যুৎ পৰিষদখন ভাঙি উৎপাদন, পৰিবহণ আৰু বিতৰণৰ বাবে তিনিটাকৈ পৃথক পৃথক কোম্পানী গঠন কৰিলে।
কোম্পানী সমূহৰ অংশ-পুঁজি: ইতিমধ্যে উল্লেখ কৰা মতে ৰাজ্য চৰকাৰে অসম
ৰাজ্যিক বিদ্যুৎ পৰিষদৰ পৰা পাওঁনা
মূলধনৰ অংশ তিনিওটা কোম্পানীৰ অংশ-পুঁজিলৈ পৰিবৰ্তন কৰা হৈছিল।উক্ত মূলধনৰ পৰা পাবলগীয়া সূদখিনি ৰেহাই দিয়া
হৈছিল। ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা ৯০% গ্ৰান্ট আৰু ১০ % ঋণ হিচাপে পোৱা ধন আৰু ইতিমধ্যে সৃষ্টি কৰা
সম্পত্তিক মূলধন হিচাপে লৈ বিদ্যুৎ সংস্কাৰৰ
বাণিজ্যিক যাত্ৰা আৰম্ভ কৰিছিল। উল্লেখ্য
যে কোনো কোম্পানী স্থাপিত কৰাৰ বাবে উদ্যেক্তাৰ তৰফৰ পৰা নিৰ্দিষ্ট অংশ-পুঁজি (Share Capital) বিনিয়োগ কৰা হয়।
এই অংশ-পুঁজি বা শ্বেয়াৰৰ মূল্যৰ ওপৰত ভিত্তি কৰি বিত্তীয় প্ৰতিষ্ঠানে ঋণ দিয়ে। এই শ্বেয়াৰৰ (অংশ-পুঁজি) ওপৰত
বিনিয়োগকাৰীয়ে কোম্পানীৰ পৰা বাৰ্ষিক মুনাফা লাভ কৰে।
No comments