আ-হে’ সভাসদ “দীঘলীপুখুৰীৰ গছ বিলাক বোলে কাটি পেলাব?” বিভিন্ন সময়ত সামাজিক সমস্যাসমূহলৈ মত বিনিময় কৰা আৰু দৰকাৰত ৰাজপথত থিয় দিয়া সতীর্থ এজন...
আ-হে’ সভাসদ
“দীঘলীপুখুৰীৰ গছ বিলাক বোলে কাটি পেলাব?”
বিভিন্ন সময়ত সামাজিক সমস্যাসমূহলৈ মত বিনিময় কৰা আৰু দৰকাৰত ৰাজপথত থিয় দিয়া সতীর্থ এজনৰ উৎকণ্ঠাভৰা ফোন আৰু তাৰ পিছৰ পর্যায়ত শিল্পী, সাহিত্যিক, সাধাৰণ ৰাইজ আৰু প্ৰকৃতিপ্ৰেমীৰ স্বতঃস্ফূর্ত, আৱেগভৰা কিন্তু দৃঢ় পদক্ষেপেৰে গছ ৰক্ষাৰ প্ৰচেষ্টাৰ সফল সমাপ্তিয়ে যেন ৰোপণ কৰিলে “আ-হে সভাসদ”ৰ বীজ ! এটা কথা আমি মর্মে মর্মে অনুভৱ কৰিলোঁ যে মানুহৰ মন মগজু আজি নিজস্ব সমস্যাৰাজিৰ ওপৰিও কিন্তু বিভিন্ন সামাজিক ঘটনা পৰিঘটনাই ভাৰাক্ৰান্ত কৰি তুলিছে আৰু ইয়াৰ প্ৰকাশৰ বাট বিচাৰিছে৷ নিশাৰ মায়াৱী দীঘলীপুখুৰীৰ পাৰত উজাগৰী যুৱক-যুৱতী সকলৰ গীত মাত, বাদ্যযন্ত্ৰৰ ধ্বনিয়ে যেন সমাজলৈ কঢ়িয়াই আনিলে জাগ্ৰত প্ৰহৰীৰ বার্তা- “ৰাইজ সজাগ হোৱা”! সেই তৰুণ-তৰুণী সকলৰ সামাজিক সজাগতা আৰু উদ্যমে তিনিকুৰিৰ দেওনা পাৰ হোৱা আমি কেইজনমানক পতিয়ন নিয়ালে যে বর্তমান পৰিস্থিতিত অনেকে মুকলি মুৰীয়াকৈ নিজস্ব চিন্তাৰে বহু মূল্যৱান কথাই কবলৈ বিচাৰে, সেই অভিব্যক্তি লাগিলে লিখিত ভাষাৰেই হওক বা কোনো ছবি, নাটক অথবা সংগীতৰ মাধ্যমেই নহওক কিয়!
আমাৰ আলোচনাত ঠাই পোৱা এটা বিষয় আছিল যে, বর্তমান বিভিন্ন মাধ্যমৰ জৰিয়তে মানুহৰ মাজলৈ অনেক মিছা কথা আৰু ভূল বার্তা লৈ যোৱা হৈছে, যিয়ে মানুহৰ চিন্তাত খেলি মেলি লগাইছে আৰু সমাজত অস্থিৰতাৰ সৃষ্টি কৰিছে৷ ঠিক যেন জর্জ অৰৱেলে তেওঁৰ ১৯৪৬ত লিখা "ৰাজনীতি আৰু ইংৰাজী ভাষা" (Politics and English Language) ত কোৱাৰ দৰে ৰাজনৈতিক ভাৱে ব্যৱহাৰ কৰা ভাষাই পোনপেটীয়া কথাবোৰ আওপকীয়া কৰি তাৰ প্ৰকৃত উদ্দ্যেশ্য লুকুৱাই অন্য এক ধাৰণা দিবলৈ চেষ্টা কৰে৷ “তেওঁলোকে মিছাক সত্য আৰু হত্যাক সন্মানজনক বুলি দেখুৱাবলৈ প্ৰয়াস কৰে৷” আমি চিন্তা কৰিছিলোঁ, কেনেকৈ সর্বসাধাৰণ পাঠক বা শ্ৰোতাই এনে ধৰণৰ ৰাজনৈতিক ভাষাবোৰ সঁচা বুলি গ্ৰহণ কৰাতকৈ প্ৰকৃত সত্য বিচৰাৰ মানসিকতা আহৰণ কৰিব পাৰে৷ যদি বিকাশৰ সুন্দৰ ধাৰণা দি বনানী ধংস কৰিছে অথবা অবৈজ্ঞানিক বাখ্যাৰে মানুহৰ মনবোৰ অন্ধবিশ্বাস, জাত-পাত, পবিত্ৰ-অপবিত্ৰ, ধর্মী-বিধর্মী আদি কথাৰে মানুহৰ মন কলুষিত কৰিছে, তেন্তে মানুহে প্ৰশ্ন কৰাৰ মানসিকতা আহৰণ কৰিব লাগিব৷ আমি অনুভৱ কৰিছিলোঁ যে তেনে ভ্ৰান্ত ধাৰণাবোৰ ভাঙি সামাজিক সমস্যাবোৰ যুক্তি আৰু বৈজ্ঞানিক পদ্ধতিৰে বাখ্যা কৰাৰ স্থল আছে৷
আমাৰ উদ্বিগ্নতাৰ এটা বিশেষ কাৰণ হ’ল সমাজত ক্ৰমাগতভাৱে বাঢ়ি অহা অসহিষ্ণুতা আৰু ধৰ্মনিৰপেক্ষ মূল্যবোধৰ পতন৷ শতিকাজোৰা বৈচিত্ৰতা, বহুত্বতাবাদ, সহিষ্ণুতা আৰু ধৰ্মনিৰপেক্ষ মূল্যবোধৰ মাজেৰে গঢ়ি উঠা গৰিমাময় ‘ভাৰত-ধৰাণা’ আজি আক্ৰান্ত৷ প্ৰচাৰ মাধ্যম, সাহিত্য, সংস্কৃতি, মানৱ অধিকাৰকে ধৰি সমাজ জীৱনৰ সকলো ক্ষেত্ৰই এই বিপদজনক প্ৰৱণতাৰ গ্ৰাসত৷ এখন অপৰিচিত ভাৰত আৰু অনিশ্চিত ভৱিষ্যতলৈ আমাক ঠেলি দিয়া হৈছে৷
এনে পৰিস্থিতিত ব্যক্তি স্বাধীনতাৰ মৌলিক অধিকাৰৰ প্ৰসাৰ আৰু সংবিধান প্ৰদত্ত গণতন্ত্ৰ, ধৰ্মনিৰপেক্ষতা আৰু সমাজতান্ত্ৰিক আদৰ্শক ৰক্ষা কৰাৰ উদ্দেশ্য সমূখত ৰাখি অসমীয়া আৰু ইংৰাজীত দ্বিভাষিক ডিজিটেল আলোচনীখন প্ৰকাশ কৰা হৈছে৷ আলোচনীখনৰ নাম ৰখা হৈছে “আ-হে’ সভাসদ”৷ ইংৰাজীত নামাকৰণ কৰা হৈছে ‘We the People’ ৷ “আ-হে’ সভাসদ”ক আমি একপক্ষীয় বার্তা হিচাপে কল্পনা কৰা নাই৷ এই আলোচনীত একেবাৰে তৃণমূল পৰ্যায়ৰ সর্বসাধাৰণ ৰাইজৰো মাত -তেওঁলোকৰ, অভিজ্ঞতা, চিন্তা, ধাৰণা, প্ৰশ্ন ইত্যাদিকো সমানেই গুৰুত্ব দিয়া হ’ব৷ শ্ৰীমন্ত শঙ্কৰদেৱৰ কালজয়ী সৃষ্টি ভাওনাত ব্যৱহাৰ হোৱা ‘সূত্ৰধাৰে’ যিদৰে ভাওনাৰ আৰম্ভণিতে “আ-হে’ সভাসদ” বুলি সম্বোধন কৰি দৰ্শকসকলক অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনায় আৰু দর্শক আৰু মূল কাহিনীৰ মাজত যোগাযোগ স্থাপন কৰে, সেইদৰে “আ-হে’ সভাসদ” আলোচনীয়েও ৰাইজ আৰু সামাজিক বাস্তৱতাৰ মাজত যোগসূত্ৰ স্থাপন কৰিব পাৰিব বুলি আমাৰ বিশ্বাস৷
আমাৰ ডিজিটেল আলোচনীখনত বৰ্তমান সময়ৰ আন্তৰ্জাতিক, ৰাষ্ট্ৰীয়, অসম তথা উত্তৰ পূব ভাৰতৰ অৰ্থনীতি, ৰাজনীতি, বিজ্ঞান, বৈজ্ঞানিক মানসিকতা, সমাজ, সাহিত্য-সংস্কৃতি, ক্ৰীড়া, পাৰিপাৰ্শ্বিকতা ইত্যাদি বিভিন্ন দিশ সামৰি লবলৈ বিচৰা হৈছে৷ “আ-হে’ সভাসদ”ত বিশুদ্ধ নিৰপেক্ষতা অৱলম্বন কৰাৰ বিপৰীতে লিখনি আৰু দৃশ্য-শ্ৰব্য মাধ্যমত যথাসম্ভৱ নিৰ্ভীকতাৰে গণতন্ত্ৰ, ধৰ্মনিৰপেক্ষতা আৰু সহিষ্ণুতাৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়োৱা হ’ব৷
“আ-হে’ সভাসদ”ৰ আজিৰ পৰা আৰম্ভ হোৱা যাত্ৰাৰ শুভ মুহুৰ্তত মৰম, চেনে,হ সহায়, সহযোগিতাৰ লগতে আপোনাসৱৰ অংশীদাৰিত্বও কামনা কৰিছোঁ৷ ধন্যবাদ৷
No comments