Page Nav

HIDE

শেহতীয়া:

latest

Ads Place

অসমীয়াৰ স্বাভিমান গামোচাখন

হিৰম্বেশ্বৰ কটকী অসমীয়া জাতিৰ স্বাভিমান আৰু মৰমৰ ‘গামোচা’খনৰ ভিতৰত কিমানখিনি জানিবলগীয়া কথা সোমাই আছে, সেয়া আমি জনাৰ অতিকৈ দৰকাৰ বুলি বিবেচন...

হিৰম্বেশ্বৰ কটকী

অসমীয়া জাতিৰ স্বাভিমান আৰু মৰমৰ ‘গামোচা’খনৰ ভিতৰত কিমানখিনি জানিবলগীয়া কথা সোমাই আছে, সেয়া আমি জনাৰ অতিকৈ দৰকাৰ বুলি বিবেচনা কৰি ‘গামোচা’খনৰ বিষয়ে কিছু কথা লিখিবলৈ চেষ্টা কৰিলোঁ আৰু লিখনিটোৰপৰা পঢ়ুৱৈ সমাজ অলপ হ’লেও উপকৃত হ’ব বুলি অনুভৱ কৰিছোঁ৷

আমাৰ মানে অসমীয়াৰ যিখন প্ৰকৃত গামোচা তাৰ এটা ফালে ফুল বচা থাকে আৰু আনটো ফালে আঁচু দিয়া হয়৷ ফুল বচা শাৰীটোৰ আগত ৰঙা সুতাৰে তিনিদাল আঁচ দিয়া থাকে৷ এই আঁচ কেইদালে অসমৰ সংস্কৃতিৰ তিনিটা বিহুৰ কথা বুজায়৷ যেনে– ৰঙালী বিহু [ব’হাগ বিহু], ভোগালী বা মাঘ বিহু আৰু কঙালী বা কাতি বিহু৷ এই আঁচ কেইদালক ‘পুলি ভাঙি দিয়া’ বুলিও কোৱা হয়৷ গামোচাখনৰ ফুল বচা দিশটোৱে নাৰী অৰ্থাৎ স্ত্ৰী জাতিক বুজায় লগতে সকলো জাতি-জনগোষ্ঠীৰ সংস্কৃতিক বুজায়৷ আনফালে থকা অংশটোৱে পুৰুষক বুজায়, যিহেতু ‘পুৰুষ আৰু প্ৰকৃতি’ মিলিয়ে সৃষ্টি হৈছে জন-জীৱন, সমাজ৷ মাজৰ বগা অংশটোৱে উৰ্বৰা পথাৰখনক বুজায় কাৰণ অসমীয়াৰ তিনিটা বিহুৱেই ধান খেতিৰ লগত জড়িত৷ গামোচাখনৰ আচু থকা অংশটোৱে বোৱতী নদীক বুজায় আৰু কাষত থকা ৰঙা ৰংটোৱে সাহস, আত্মবিশ্বাস, শৌৰ্য্য বীৰ্য্যক বুজাই৷ অসমীয়া মানুহে ব্যৱহাৰ কৰা গামোচাখন এবিধ বস্ত্ৰ৷ সাধাৰণতে গামোচাখনৰ চাৰিওফালে ৰঙা সুতাৰে [সেউজীয়া ৰঙো থাকে] পাৰি দি বোৱা এখন বগা দীঘলীয়া কাপোৰ৷ কপাহী সুতাৰে বিশেষভাৱে গামোচাখন বনোৱা হয় যদিও পাট আদি আন সুতাৰেও বনোৱা গামোচা অসমীয়া সমাজত প্ৰচলন হৈ আছে৷

ইতিহাসবিদ ড॰ লীলা গগৈৰ মতে আহোম সম্ৰাজ্যৰ দিনটো অসমত ‘গামোচা’ৰ প্ৰচলন আছিল বুলি জনা যায়৷ কিন্তু চুকাফাই অসমলৈ ‘গামোচা’লৈ অহাৰ বা প্ৰচলন কৰাৰ কোনো তথ্য পঢ়িবলৈ পোৱা নাযায়৷ মহাপুৰুষ শঙ্কৰদেৱৰ সময়তো অসমৰ নামঘৰত গামোচাৰ প্ৰচলন ও ব্যৱহাৰ হৈছিল বুলি জনা যায়৷

এডোৱাৰ্ড গেইটৰ ‘The History of Assam’  গ্ৰন্থখনত উল্লেখ থকা মতে ১৮ শতিকাত এখন গামোচাৰ মূল্য আছিল মাত্ৰ পাঁচ পইচা৷ ইয়াৰ পৰাই ঠাৱৰ কৰিব পৰা যায় যে অসমত অতি প্ৰাচীন কালৰ পৰাই গামোচাৰ প্ৰচলন আৰু ব্যৱহাৰ হৈ আহিছে৷

অসমীয়া সমাজত বিভিন্ন ক্ষেত্ৰত গামোচা ব্যৱহাৰ কৰে৷ এক কথাত ক’বলৈ গ’লে অসমীয়াৰ সমাজ-সংস্কৃতি, পূজা-পাৰ্বন, আচাৰ-নীতি সকলোতে বিশেষ বিশেষ কাৰণত গামোচাৰ অৱদান মন কৰিবলগীয়া আৰু ইয়াক দৈনিক কাৰ্যত ব্যৱহাৰ কৰা দেখা যায়৷ যেনে–

ক] গা ধোৱাৰ পিছত শৰীৰ মচিবলৈ ব্যৱহাৰ কৰা হয়৷

খ] নামঘৰৰ বা মন্দিৰৰ থাপনাত কোনো শাস্ত্ৰ ঢাকি ৰাখিবলৈ গামোচা ব্যৱহাৰ কৰা হয়৷

গ] খেতিয়কসকলে গামোচাখন ককাল বন্ধা টঙালী বা কঁকালত বন্ধা কাপোৰ হিচাবে ব্যৱহাৰ কৰে৷

ঘ] নামঘৰ বা মন্দিৰ অথবা আন কোনো মাংগলিক কাৰ্যত পৱিত্ৰ স্থানলৈ যোৱাৰ সময়ত গামোচাখন ডিঙিত ওলোমাই লোৱা হয়৷

ঙ] কোনো সভা-সমিতিত, ৰাইজ মেল আদিত বিশিষ্টজনক সন্মান বা জ্যেষ্ঠজনক মান ধৰাৰ বাবেও ব্যৱহাৰ কৰা দেখা যায়৷

অসমীয়া সমাজত ‘গামোচা’ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি গামোচাখনক বেলেগ বেলেগ নাম দিয়া দেখা যায়৷

ক] পানী গামোচা

খ] বিহুৱান

গ] ফুলাম গামোচা

ঘ] কমৰ বন্ধা বা কঁকাল বন্ধা টঙালী গামোচা

ঙ] আনাকাটা গামোচা

চ] দৰা ধৰা গামোচা

ছ] বুটা বচা বা ফুটুকী গামোচা

জ] কেচ কটা গামোচা

ঝ] দহি গুঠা গামোচা

ঞ] গাভৰু গামোচা

ট] তিয়নী গামোচা

ঠ] থাপনাৰ গামোচা

শদিায়ৰ গামোচাৰ বিষয়ে বিহুগীতত তলত উল্লেখ কৰা ধৰণে পোৱা যায়–

“গাত লৈ ফুৰালে বতাহে ফালিব

মুঠিতলৈ ফুৰালহে ভাল

এ আগে বাছিলোঁ সেউতী মালতী

এ আগে বাছিলোঁ ফুল

এ আগে বাছিলোঁ বাঘে ভালোকে

বাটে মানুহ মাৰি খাই

এ আগে বাছিলোঁ চৰাই হালধীয়া

উৰি শদিয়ালৈ যায়৷”

অসমত গামোচাখনক অসমীয়া সমাজে বিভিন্ন ধৰণে নামাকৰণ কৰিছে যদিও এই লিখনিত কেইখনমান গামোচাৰ বিশেষত্ত্বৰ কিছু ব্যাখ্যা আগবঢ়ালোঁ৷

কেঁচা সুতা সিজাই তৈয়াৰ কৰা তৈয়াৰ কৰা গামোচাখনক ‘পানী গামোচা’ বুলি কোৱা হয়৷ এই গামোচাত দুয়োফালে আঁচু দিয়া থাকে কিন্তু ফুল নাথাকে৷ এইখন গামোচা কেৱল গা মচিবলৈহে ব্যৱহাৰ কৰা হয়৷

ডাঙৰ ফুলৰ ভমকা ফুলীয়া গামোচাখনক ‘বিহুৱান’ বুলি কোৱা হয়৷ কাষৰি, জুৰ আদিৰে এখন বিহুৱান হয়৷ এটা কাষে ফুল আৰু এটা কাষে কাষৰি দিয়া হয় যদিও তাত ফুল থাকিবও পাৰে, নাথাকিবও পাৰে৷

সেইদৰে দুয়োকাষে ৰঙা সুতাৰে বঁচা আৰু ফুল বঁচা গামোচাখনক ‘ফুলাম গামোচা’ বুলি জনা যায়৷ তেনেকৈ আনফালে ককালত বন্ধা বা ককালত বন্ধা টঙালী কাপোৰখনক কমৰ বন্ধা কাপোৰ বুলিও জনা যায়৷

আলোকচিত্ৰ ঃ দ্বিজেন মহন্ত

নামনি অসমত প্ৰচলিত ‘আনাকাটা’ গামোচাখনৰ এক বিশেষ মৰ্যাদা আছে৷ এইখন গামোচা অতি পৱিত্ৰ বুলি গণ্য কৰা হয়৷ আনাকাটা কাপোৰ [গামোচা] বোৱাৰ এক বিশেষ নিয়ম আছে আৰু অইন কাপোৰ বোৱাতকৈ এইখন ববলৈ বৰ কষ্টকৰ৷ এবাৰ তাঁত বাতি কাঢ়ি কেৱল এখনেই কাপোৰ ব’ব পাৰে৷

তাঁত বাতি কাঢ়ি ৰাঁচত ভৰাই ব’ তুলি কাপোৰ বোৱা হয় আৰু বোৱা শেষ হ’লে ৰাঁচৰ মূৰত ৰৈ যোৱা সুতাৰ কাপোৰখন তাঁতৰ পৰা বিছিন্ন কৰা হয় যদিও কাটিব নোৱাৰে৷ কোনো অস্ত্ৰ নলগোৱাকৈ অথবা নকটা নিচিঙাকৈ বস্ত্ৰখন তাঁতৰ পৰা উলিওৱা কাপোৰখন ৰাঁচত সুতা ভৰোৱাৰ পিচত যেনেকৈ ব’ তোলা হয়, তেনেকৈ তাঁতত তৰি থোৱা আৰু বৈ উলিওৱা কাপোৰখন থাকোটেই পুনৰ চেৰেকী বা উখাত পকাই ব’ খুলি আনিব লাগে৷ তাৰ পিচত ৰাঁচৰ পৰা টানি ৰৈ যোৱা দীঘল দহিখিনিৰে জলম বটা হয়৷ কাটিব নোৱাৰে বাবেই ইয়াৰ নাম ‘আনাকাটা’ বুলি কোৱা হয়৷ এই বস্ত্ৰখন বৈ থাকোতে সামান্য ফিচিকি গ’লেও ইয়াৰ পৰিচয় লোপ পায়৷ কাপোৰখন বোৱা পদ্ধতিৰ বাবেই অসমীয়া বস্ত্ৰ শিল্পৰ লগত এক আধ্যাত্মিক সম্পৰ্কৰ চানেকি বহন কৰে৷ আনাকাটা গামোচা নামনি অসমত মাংগলিক কাৰ্যত ব্যৱহাৰ কৰা হয়৷ বিয়া, লগুণ গাঠি দিয়া, দৰা আদৰা, নোওৱা, পঞ্চামৃত খুওৱা, অন্নপ্ৰসন্ন, চুড়াকৰণ আদি মাংগলিক কাৰ্যত আনাকাটা কাপোৰখন অপৰিহাৰ্য্য৷ ইয়াৰ আকাৰ বিভিন্ন হ’ব পাৰে৷ নাৰী-পুৰুষ উভয়ৰে পৰিধেয় যদিও এই বস্ত্ৰ গোঁসাই থাপনাত দিয়া হয়৷ আনাকাটা কাপোৰ বোৱাৰ নিদিৰ্ষ্ট বিধি আছে৷ এবাৰ বিধি ভঙ্গ হ’লে আনাকাটা কাপোৰ অপৱিত্ৰ বা চুৱা বুলি গণ্য কৰা হয়৷

অসমীয়াৰ দৰে অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোক সকলৰ নিজা নিজা গামোচা আছে৷ উদাহৰণস্বৰূপে কচাৰী আৰু কোচ সকলৰ গামোচা হালধীয়া ৰঙৰ, তিৱা সকলৰ কমলা ৰঙৰ, ৰাভা সকলৰ ৰঙা৷ বগা ৰঙৰ গামোচাখন উজনি অসমত সৃষ্টি হৈছিল বুলি জনা যায় আৰু ইয়াৰ থলুৱা ভূমিপুত্ৰ চুতীয়া, বৰাহী, দেউৰী, মৰান ইত্যাদি জনগোষ্ঠীৰ লোকে গামোচা ব্যৱহাৰ কৰিছিল৷ এওঁলোকৰ গামোচাৰ ৰং বগা হোৱাৰ এক বিশেষ কাৰণ আছে৷ প্ৰাচীন কালত উজনি অসমত জন-জাতি লোক সকলৰ মাজত তান্ত্ৰিক ধৰ্মৰ প্ৰচলন আছিল আৰু থান সমূহত দেউৰী পূজাৰী সকলে নীতি-নিয়ম অনুসৰি থানৰ ভিতৰত বগা ৰঙৰ বস্ত্ৰৰ সলনি আন বস্ত্ৰ পৰিধান কৰি প্ৰৱেশ কৰাত নিষেধ আছিল৷ লোক বিশ্বাস মতে বগা ৰঙৰ বাহিৰে আন ৰঙৰ বস্ত্ৰ দেৱীয়ে সহ্য কৰা নাছিল বা নকৰে৷ দেৱীক সন্তুষ্ট কৰি ৰাখিবলৈ গামোচাৰ লগতে মন্দিৰলৈ যোৱা লোক সকলে সাজ পাৰো বগা ৰঙৰহে পৰিধান কৰি প্ৰৱেশ কৰিছিল আৰু আজিও এই নিয়ম কঠোৰভাৱে পালন কৰি থকা হৈছে৷

অসমীয়া সকলৰ দৰে বঙালী, বিহাৰী, উড়িয়া আদি আন আন লোক সকলেও গামোচা সদৃশ ‘গমছা’ বা ‘গামছা’ ব্যৱহাৰ কৰা দেখা যায় যদিও অসমীয়াৰ ‘গামোচা’খনৰ লগত যথেষ্ট পাৰ্থক্য আছে৷ অসমীয়া মানুহে গামোচাখনক এক সাংস্কৃতিক ও সন্মানৰ প্ৰতীক হিচাবেহে ব্যৱহাৰ কৰে৷ আন ঠাইত ইয়াক অকল নিত্য ব্যৱহাৰ্য্য সামগ্ৰী হিচাবে ব্যৱহাৰ কৰা যায়৷ নামনি অসমত গামোচাক ‘গামচা’ বা ‘দুহেইটা’ আদি নামেৰে জনাজাত৷ অসমীয়াৰ গামোচাখনৰ চাৰিওফালে ৰঙা ৰঙৰ সূতাৰে [সেউজীয়াও হ’ব পাৰে] পাৰি দি বোৱা এখন বগা দীঘলীয়া কাপোৰ কপাহী সূতাৰে বিশেষভাৱে গামোচা তৈয়াৰ কৰা হয় যদিও পাট আদি আন সূতাৰেও গামোচা তৈয়াৰ কৰা হয়৷ মুঠৰ ওপৰত অসমীয়াৰ গামোচাখন স্বাভিমানৰ পৱিত্ৰ, সন্মানৰ আৰু মৰমৰ বস্ত্ৰ হ’লেও এই গামোচাখন বিশেষ বিশেষ কাৰণতহে যেতিয়া ব্যৱহাৰ কৰা হয়, তেনেক্ষেত্ৰত আজি কালি আমিবোৰে গামোচাখনৰ ব্যৱহাৰ ইফাল সিফাল কৰি আৰু নভৱা নিশ্চিন্তাকৈ সকলোতে ব্যৱহাৰ কৰাটো কিমান সমৰ্থনযোগ্য সেইটোহে বিচাৰ্য্যৰ বিষয় বুলি ভৱাৰ থল নথকা নহয়৷

যিয়েই নহওঁক অসমৰ সম্প্ৰীতি, স্বাভিমান, সন্মানৰ প্ৰতীক ‘গামোচা’খন নিজস্ব মৰ্য্যদাৰে বিশ্বদৰবাৰত জিলিকি থাকক তাকে কামনা কৰিলোঁ

(সামাজিক মাধ্যম আৰু আন বিভিন্ন উৎসৰপৰা সংগৃহীত তথ্যৰ আধাৰত যুগুত কৰা)

2 comments

  1. সংলগ্ন ফটোখনৰ ফটোগ্ৰাফাৰৰ নামটো উল্লেখ কৰা উচিৎ। কাৰন এখন ফটো তুলিবলৈ যাওতে ফটোগ্ৰাফাৰজনৰ বহু কষ্ট আৰু সময় ব্যয় হয়। আশাকৰোঁ এতিয়াও নাম উল্লেখ কৰিব।

    ReplyDelete
  2. ধন্যবাদ৷ উচিত কথা এটা আঙুলিয়াই দিছে৷ এই ক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ বাবে নিৰ্দেশ দিয়া হৈছে৷ অনিচ্ছাকৃত আৰু অসাৱধানতাৰ বাবে মাৰ্জনা বিচাৰিছোঁ৷

    ReplyDelete

Latest Articles