Page Nav

HIDE

শেহতীয়া:

latest

Ads Place

কন ইচিকাৱা-যুদ্ধ বিৰোধী জাপানী চলচ্চিত্ৰকাৰ

মৃগেন্দ্ৰ চন্দ্ৰ দাস (১) জাপানৰ চলচ্চিত্ৰৰ এক দীঘলীয়া ইতিহাস আছে। দ্বিতীয় বিশ্ব-যুদ্ধৰ পিছৰ পৰা ষাঠিৰ দশকটোৰ প্ৰায় শেষলৈকে জাপানী চলচ্চিত্ৰৰ...

মৃগেন্দ্ৰ চন্দ্ৰ দাস

(১)

জাপানৰ চলচ্চিত্ৰৰ এক দীঘলীয়া ইতিহাস আছে। দ্বিতীয় বিশ্ব-যুদ্ধৰ পিছৰ পৰা ষাঠিৰ দশকটোৰ প্ৰায় শেষলৈকে জাপানী চলচ্চিত্ৰৰ সোণালী যুগ বুলি অভিহিত কৰা হয়। যুদ্ধৰ আগৰ আৰু পাছৰ জাপানী চলচ্চিত্ৰৰ মাজত গুণগত তথা উপস্থাপনত যথেষ্টখিনি পাৰ্থক্য দেখা যায়। যুদ্ধৰ আগৰ সময়ছোৱাত যে জাপানী চলচ্চিত্ৰই কাৰিকৰী বা  **লাগত দিশতো উন্নত নাছিল এনে নহয়,  বৰঞ্চ এই ক্ষেত্ৰত বিশ্বৰ আন দেশৰ চলচ্চিত্ৰৰ তুলনাত  উন্নতহে আছিল । কিন্তু সেই সময়ত জাপানী চলচ্চিত্ৰই সুস্থ বিকাশৰ ক্ষেত্ৰত এক বাধাৰ সন্মুখীন হৈছিল। জাপানী চলচ্চিত্ৰ উদোগটোক সম্পূৰ্ণভাবে সেই সময়ৰ জাপানৰ ইম্পাৰিয়েল চৰকাৰে নিয়ন্ত্ৰণ কৰিছিল। বিশেষকৈ যুদ্ধত লিপ্ত থকা চৰকাৰৰ কেৱল জয়গানহে ছবিৰ জৰিয়তে প্ৰচাৰ হয় বাবে চৰকাৰে বান্ধি দিয়া কঠোৰ নিয়ম মানি চলচ্চিত্ৰ নিৰ্মাতাই ছবি কৰিবলৈ বাধ্য হৈছিল। যুদ্ধত পৰাজয়ৰ পাছত চৰকাৰী নীতি নিয়ম সলনি হোৱাত চলচ্চিত্ৰ নিৰ্মাতাসকলে মুক্ত চিন্তাৰে ছবি কৰাৰ উৎসাহ পায়। আগৰ চলচ্চিত্ৰ নিৰ্মাতাৰ সৈতে নৱ-প্ৰজন্মৰ চলচ্চিত্ৰ নিৰ্মাতাৰ জাপানী চলচ্চিত্ৰ জগতলৈ আগমন ঘটে আৰু তেওঁলোকৰ কৰ্মৰাজীয়ে জাপানী চলচ্চিত্ৰ জগতলৈ এক আমোল পৰিবৰ্তন আনি জাপানী চলচ্চিত্ৰই বিশ্ব-চলচ্চিত্ৰ জগতত এক চমক আনি দিবলৈ সক্ষম হয়। 

আকিৰা কুৰুশ্বোৱা, ওজু আদিৰ দৰে যি সকল মহান পৰিচালকৰ কৰ্মৰাজীৰ বাবে জাপানী চলচ্চিত্ৰ উদ্যোগে বিশ্ব চলচ্চিত্ৰ জগতত এক সোণালী ইতিহাস ৰচনা কৰি থৈ গৈছে তেখেত সকলৰ ভিতৰত কন ইচিকাৱা আছিল এগৰাকী অন্যতম বহুমুখী চলচ্চিত্ৰ নিৰ্মাতা যিয়ে নাটক, কমেডী, যুদ্ধ ছবি, তথ্যচিত্ৰ আদি বিভিন্ন মাধ্যমত কাম কৰিছিল। বিশেষকৈ যুদ্ধ বিৰোধী ছবিৰ বাবে তেওঁ বিশেষভাবে পৰিচিত আছিল। তেওঁৰ ছবিবোৰত যুদ্ধৰ ভয়াবহতা আৰু ব্যক্তি আৰু সমাজত ইয়াৰ প্ৰভাৱৰ বিষয়ে আলোকপাত কৰা দেখা যায়। 

১৯১৫ চনৰ ২০ নৱেম্বৰত জাপানৰ মি প্ৰিফেকচাৰৰ ইছে নামৰ চহৰত (Ise, Mie Prefecture) জন্মগ্ৰহণ কৰা কন ইচিকাৱাৰ ১৩ ফেব্ৰুৱাৰী ২০০৮ চনত মৃত্যু হয়। লৰাঁলি কালতেই ৱাল্ট ডিজনী ছবি চাই ইয়াৰ দ্বাৰা চিত্ৰকলাৰ প্ৰতি যথেষ্ট প্ৰভাবন্নিত হয় আৰু নিজেও ভবিষ্যতে এজন ভাল কাৰ্টুনিষ্ট হোৱাৰ সিদ্ধান্ত লয়। পিছত ডাঙৰ হৈ স্নাতক ডিগ্ৰী লাভ কৰি ১৯৩৩ চনত J.O. নামৰ ফিল্ম ষ্টুডিঅ’ এটাৰ এমিনেশ্বন শাখাত যগদান কৰি কৰ্ম জীৱনৰ পাতনি মেলে। এইদৰে তাত কাৰ্টুনিষ্ট হৈ কেইমাহমান কাম কৰাৰ পিছত ষ্টুডিঅ’ কৰ্তৃপক্ষই এমিনেশ্বন শাখাটো বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লোৱাত কন ইচিকাৱাই ষ্টুডিঅ’ৰ কাহিনী নিৰ্মাণ শখাত কাম কৰিব লগা হয়, যদিও তাৰ মাজতে কাৰ্টুনিষ্টৰ চৰ্চা অব্যাহিত ৰাখিছিল। কাহিনী ছবি নিৰ্মাণৰ ক্ষেত্ৰত সহকাৰী পৰিচালক হিচাপে তেওঁ কিছু ছবিত কাম কৰাৰ পিছত স্বতন্ত্ৰ ভাবে নিৰ্দেশক হিচাপে কন ইচিকাৱাই ১৯৪৬ চনত এ গাৰ্ল এট ডজো টেম্পল (A Girl at Dojo Temple / Musume Dojoji) নামৰ এখন চুটি ছবি সফলতাৰে নিৰ্মাণ কৰি উলিয়ায়। বিশ্ব যুদ্ধত জাপানৰ পৰাজয়ৰ পিছত সেই সময়ছোৱা জাপান আমেৰিকাৰ নিয়ন্ত্ৰণত আছিল আৰু আমেৰিকান প্ৰশাসনে কন ইচিকাৱাৰ এই ছবিখনক মুক্তিৰ অনুমতি দিয়া নাছিল। ১৯৪৮ চনত কন ইচিকাৱাৰ নাট্টো ৱাডা নামৰ এগৰাকী ইংৰাজী সাহিত্যৰ অনুাৰাগী জাপানী গাভৰুৰ সৈতে বিবাহ সম্পন্ন হয়। ইংৰাজী অনুবাদকৰূপে নাট্টো ৱাডা সেই সময়ত জাপানী এনিমেচন ষ্টুডিঅ’(TOHO)ৰ সৈতে জড়িত আছিল। পিছত তেওঁ ফুজিমোটো ( Fujimoto) চিনেমা প্ৰড্ৰাকশ্বন কোম্পানীত নিজৰ কেৰিয়াৰ আৰম্ভ কৰে আৰু তাতেই তেওঁ কন ইচিকাৱাক লগ পায়। বিবাহৰ পিছত স্বামীৰ সহকৰ্মী হৈ কেইবাখনো ছবিৰ চিত্ৰনাট্য প্ৰস্তুত কৰি সহযোগিতা কৰিছিল। পৰবৰ্ত্তী কালত কন ইচিকাৱাই পত্নী নাট্টোৰ সহযোগত ‘দ্যা বাৰ্মিজ হাৰ্প’(১৯৫৬), ‘ফায়াৰছ অন দ্যা প্লেইন’(১৯৫৯), ‘দ্যা কী’ (১৯৫৯), ‘এলোন অন দ্যা পেচিফিক’ (১৯৬২), অন এষ্টৰ ৰিভেঞ্জ’(১৯৬৩)ৰ দৰে কেইবাখনো উল্লেখনীয় ছবি সফলতাৰে নিৰ্মাণ কৰি উলিয়াইছিল।


‘দ্য বাৰ্মিজ হাৰ্প’ কন ইচিকাৱাৰ আটাইতকৈ মহত্বপূৰ্ণ তথা প্ৰশংসাপ্ৰাপ্ত ছবি বুলি বিবেচনা কৰা হয়। ছবিখনক বিশ্ব চিনেমাৰ এখন অন্যতম যুদ্ধবিৰোধী ছবি বুলি গণ্য কৰা হয়, য’ত এজন জাপানী সৈনিকে যুদ্ধ কৰিবলৈ অস্বীকাৰ কৰি তাৰ পৰিৱৰ্তে বৌদ্ধ সন্ন্যাসী হোৱাৰ কাহিনী বৰ্ণনা কৰিছে। জাপানৰ এগৰাকী সুসাহিত্যিক মিচিঅ টাকেয়ামাৰ (Michio Takeyama) এখন উপন্যাসৰ আধাৰত কন ইচিকাৱা আৰু নাট্টো ৱাডাই যুটীয়াভাবে চিত্ৰনাট্য প্ৰস্তুত কৰা এই ছবিখনে মুক্তি, মমতা আৰু যুদ্ধৰ অসাৰতাৰ বিষয়বস্তুৰ ওপৰত আলোকপাত কৰিছিল। 

‘দ্য বাৰ্মিজ হাৰ্প’ ছবিখনৰ মূল কাহিনী: বাৰ্মাত (বৰ্তমান ম্যানমাৰ) ২য় বিশ্বযুদ্ধৰ একেবাৰে অন্তিম সময়ত ঘটা এক ঘটনা। মহাপৰাক্ৰমী জাপানে হাৰ মানি মিত্ৰপক্ষৰ ওচৰত আত্মসমৰ্পণ কৰিছে। কিন্তু তেতিয়াও ভাৰত-বাৰ্মা সীমান্তত যুঁজ কৰি থকা জাপানী সৈন্যবাহিনীৰ কেইবাটাও কোম্পানীৰ বহু সংখ্যক জাপানী সৈনিকে বার্মাৰ পশ্চিম প্ৰান্তৰ নিজ দখললৈ আনি ভাৰতবৰ্ষৰ দিশে অগ্ৰসৰ হোৱাৰ প্ৰস্তুতি চলাই আছিল। সেই সময়তে জাপানী কৰ্তৃপক্ষই তেওঁলোকৰ সেই অঞ্চলৰ মূল কমাণ্ডাৰলৈ বাৰ্তা পঠায় যে জাপানী সৈন্যই আৰু আগ বাঢ়িব নালাগে, কাৰণ জাপানে পৰাজয় স্বীকাৰ কৰি আত্মসমপৰ্ণ কৰিছে। সেয়ে সকলো জাপানী সৈনিক যুদ্ধ ত্যাগ কৰি মুডান চহৰত স্থাপন কৰা যুদ্ধবন্দী শিবিৰত নিজকে আত্মসমৰ্পণ কৰিব লাগে। অনিচ্ছাস্বত্ত্বেও কোম্পানীটোৰ কমাণ্ডাৰজনে এই আদেশ মানি লৈ তেওঁৰ তলতীয়া বিষয়াৰ সৈতে আলোচনা কৰি সৈনিকসকলক আত্মসমপৰ্ণৰ বিষয়টো অৱগত কৰোৱাত প্ৰথমতে সৈনিকসকলে জাঙুৰ খাই উঠে, ইয়াৰ প্ৰতিবাদ কৰে যদিও অৱশেষত যুদ্ধবন্দী শিবিৰলৈ যাবলৈ মান্তি হয়। 

আত্মসমপৰ্ণৰ এই বাৰ্তাটো কিছু দূৰৈত এক দুৰ্গম স্থানত থকা এই ৰেজিমেণ্টৰে আন যোদ্ধা সৈনিকলৈ প্ৰেৰণ কৰাৰ উদ্দেশ্যে মিজুশিমা নামৰ এজন সাহসী সৈনিকৰ হাতত দি পঠায় আৰু লগতে বাৰ্তাটো অৰ্পণ কৰি তৎক্ষণাত তাৰ পৰা পোনে পোনে যুদ্ধবন্দী শিবিৰলৈ গৈ কমাণ্ডাৰজনক লগ কৰিবলৈ সৈনিকজনক আদেশ দিয়ে। এটা সময়ত মিজুশিমাই যেতিয়া সেই ঠাইত উপস্থিত হৈ আত্মসমপৰ্ণৰ এই বাৰ্তাটো অৱগত কৰে, তাত যুদ্ধ কৰি থকা সকলো সৈনিকৈ আত্মসমপৰ্ণৰ এই আদেশ মানি লবলৈ অস্বীকাৰ কৰি শত্ৰুৰ সৈতে যুজিবলৈ উত্ৰাৱল হৈ উঠে। নিৰ্দিষ্ট সময়ৰ ভিতৰত আত্মসমপৰ্ণ নকৰা দেখি বৃটিছ সৈন্যই আহি এই জাপানী সৈনিকসকলক চাৰিও পিনে ঘেৰি ধৰে। দুয়ো পক্ষৰ মাজত প্ৰচণ্ড  গুলীয়াগুলী হয়। ফলস্বৰূপে তাত থকা প্ৰায় সকলোখিনিৰে মৃত্যু হয়, দুই চাৰিজন মানহে অতি গুৰুতৰভাবে আহত হৈ জীয়াই থাকে। ভাগ্যক্ৰমে কেৱল মাত্ৰ মিজুশিমাই কোনো ধৰণৰ ক্ষয়ক্ষতি নোহোৱাকৈ দৈবাৎক্ৰমে বাচি যায়। বৃটিছ সেনাই সেই ঠাইৰ পৰা আতৰি যোৱাৰ পিছত সি তাৰ পৰা ওলাই আহি কিছুদূৰ যোৱাৰ পিছত এজন বৌদ্ধ-ভিক্ষুকক লগ পাই তেওঁৰ লগতে দুদিনমান থাকে। কিন্তু তাত এনেদৰে থাকিলে শত্ৰুৰ হাতত ধৰা পৰাৰ ভয়ত এদিন  সুযোগ বুজি নিজৰ মুৰৰ চুলি খুৰাই ভিক্ষুকজনৰ বস্ত্ৰধাৰণ তাৰ পৰা ওলাই আহে৷  নিজ কোম্পানীটোৰ কমাণ্ডাৰজনক এই বিষম পৰিণিতি বিষয়ে অৱগত কৰাৰ উদ্দেশ্যে আগ বাঢ়ি যোৱাৰ সময়ত বাটত বহু জাপানী সৈনিকৰ মৃতদেহ চাৰিও পিনে সিঁচৰিত হৈ পৰি থকা দেখে। ইয়াকে দেখি সৈনিকজনে এই মৃতদেহবোৰক জাপানী পৰম্পৰাৰে সৎকাৰ কৰিবলৈ লয় আৰু আহত সকলক পাৰ্যমানে শুশ্ৰূষা কৰিবলৈ চেষ্টা কৰে। ইপিনে সময়মতে মিজুশিমা ঘুৰি নহাত কমাণ্ডাৰজনে তাৰ বাটতে মৃত্যু হোৱা বুলি ভাবি লগত থকা কোম্পানীটোৰ সৈনিকসকলক লৈ বন্দী-শিবিৰলৈ যায়। এইদৰে মিজুশিমা তাত অকলশৰীয়া হৈ পৰে আৰু পৰবৰ্তী কালত এজন সচাঁ বৌদ্ধ সৈন্যাসী হৈ আজীৱন বাৰ্মাতে অতিবাহিত কৰে। এইদৰে এজন সৈনিক বৌদ্ধ সন্ন্যাসীলৈ ৰূপান্তৰ হোৱাৰ কাহিনীৰে ছবিখনে মুক্তি, মমতা আৰু যুদ্ধৰ অসাৰতাৰ দৰে বিষয়বস্তুৰ ওপৰত আলোকপাত কৰিছে। “দ্য বাৰ্মিজ হাৰ্প” ছবিখনৰ মূল চৰিত্ৰ প্ৰাইভেট মিজুছিমা এজন সাহসী সৈনিক হোৱাৰ লগতে সংগীত সাধকো আছিল, যুদ্ধৰ সময়তো তাৰ লগত ৰখা বীণাখন বজাই ঝঙ্কাৰ তুলি নিজৰ সতীৰ্থ সৈনিকসকলৰ মনোবল  অটুত ৰাখিবলৈ চেষ্টা কৰিছিল।

দ্য বাৰ্মিজ হাৰ্পত ইচিকাৱাৰ পৰিচালনাৰ বৈশিষ্ট্ হৈছে ইয়াৰ সংযত আৰু চিন্তাশীল দৃষ্টিভংগী। ছবিখনে জাপানত সমালোচনাত্মক আৰু ব্যৱসায়িক সফলতা দুয়োটাই লাভ কৰে ইয়ে ইচিকাৱাক জাপানৰ এজন প্ৰধান চলচ্চিত্ৰ নিৰ্মাতা হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল। আজিৰ তাৰিখতো “দ্য বাৰ্মিজ হাৰ্প”ক এতিয়ালৈকে নিৰ্মিত বিশ্বৰ অন্যতম যুদ্ধবিৰোধী শ্ৰেষ্ঠ ছবি হিচাপে গণ্য কৰা হয়। যুদ্ধৰ অসাৰতা আৰু সাধাৰণ মানুহৰ ওপৰত ইয়াৰ প্ৰভাৱৰ ই এক মাৰ্মান্তিক আৰু প্ৰভাৱশালী পৰীক্ষা আছিল। “দ্য বাৰ্মিজ হাৰ্প”ত যুদ্ধৰ ভয়াবহতাক বিপৰীতে বাৰ্মাৰ মনোমোহা প্ৰাকৃতিক দৃশ্যক সুন্দৰভাৱে বন্দী কৰি এক তীব্ৰ পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰিছে যিয়ে ব্যক্তি আৰু সম্প্ৰদায় উভয়ৰে ওপৰত সংঘাতৰ বিধ্বংসী প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ শক্তিশালী চিনেমেট’গ্ৰাফী আৰু যুদ্ধত বন্দী হোৱা সৈনিক আৰু সাধাৰণ নাগৰিকৰ মন চুই যোৱা চিত্ৰণৰ বাবেও উল্লেখযোগ্য। মিজুছিমাৰ যাত্ৰাৰ মাজেৰে ছবিখনে অপৰাধবোধ, সহানুভূতি আৰু আধ্যাত্মিক অতিক্ৰমণ সন্ধানৰ বিষয়বস্তুৰ ওপৰত গভীৰভাৱে বুৰ গৈছে। কৰ্তব্যৰ দ্বাৰা পৰিচালিত সৈনিকৰ পৰা এজন দয়ালু মানুহলৈ মিজুছিমাৰ ৰূপান্তৰ ছবিখনৰ মুখ্য আৱেগিক অনুৰণন। সতীৰ্থ সৈনিকসকলক বন্দী আৰু হত্যা কৰাৰ লগে লগে মিজুছিমাই জীয়াই থাকিবলৈ নিজকে বৌদ্ধ সন্যাসীৰ বেশ লোৱাৰ সিদ্ধান্তই গোটেই ছবিখনতে তেওঁ সৈনিক হিচাপে নিজৰ ভূমিকা আৰু তেওঁ প্ৰত্যক্ষ কৰা অত্যাচাৰৰ সৈতে যুঁজিছে, শেষত তেওঁৰ সংগীত আৰু মমতাৰ কাৰ্য্যৰ জৰিয়তে মুক্তি বিচাৰিছে। ছবিখনৰ অন্যতম কেন্দ্ৰীয় আকৰ্ষণ হৈছে বাৰ্মিজ বীণা, যিটো মিজুছিমাই লগত লৈ ফুৰি সান্ত্বনা আৰু নিৰাময় কঢ়িয়াই অনা সুৰ বজাবলৈ ব্যৱহাৰ কৰছিল। যুদ্ধৰ বিশৃংখলতা আৰু ধ্বংসৰ মাজত বীণা আশা, মানৱতা, শিল্পৰ শক্তিৰ প্ৰতীক হৈ পৰে। 


অস্কাৰৰ বিদেশী ভাষাৰ শ্ৰেষ্ট ছবিৰ শিতানত ১৯৫৭ চনত দ্য বাৰ্মিজ হাৰ্পএ মনোনয়ন লাভ কৰিছিল। ভেনিচ চলচ্চিত্ৰ মহোৎসৱত দ্য বাৰ্মিজ হাৰ্পছবিখন পুৰস্কৃত হৈছিল। ভেনিচত পৰিচালক ইচিকাৱা বিশেষভাবে সন্মানিত কৰা হয়। ১৯৮৫ চনত ছবিখনৰ ৰঙীণ সংঙ্কৰণ কৰা হয়।  

(২)

ফায়াৰছ অন দ্য প্লেইন (Fires on the Plain, ১৯৫৯): দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ফিলিপাইনছৰ পৰিৱেশত নিৰ্মিত কন ইচিকাৱাৰ আন এখন যুদ্ধ-ছবি,  এই ছবিখনে যুদ্ধৰ বিশৃংখলতা আৰু হতাশাৰ মাজত এজন জাপানী সৈনিকে জীয়াই থকাৰ সংগ্ৰামৰ কাহিনী বৰ্ণনা কৰিছে। ছবিখন যুদ্ধৰ ভয়ানক তিক্ততা আৰু ইয়াৰ বাস্তৱিক চিত্ৰণৰ বাবে আলোচিত। ফিলিপাইনছত দ্বিতীয় বিশ্বযুদ্ধৰ শেষৰ দিনবোৰৰ পৰিৱেশত ছবিখন নিৰ্মিত। যক্ষ্মা ৰোগত আক্ৰান্ত হোৱাৰ বাবে লেইট দ্বীপৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা জাপানী সৈনিক তামুৰাৰ কাহিনী ইয়াত বৰ্ণনা কৰা হৈছে। আমেৰিকান সৈন্য বাহিনীয়ে জাপানৰ হাতৰ পৰা ফিলিপাইনছৰ এই দ্বীপটো দখল কৰাত তাত থকা চিকিৎসালয়খন ধ্বংস হৈ 


যোৱাত তাত চিকিৎসাধীন হৈ থকা তামুৰাই কোনোমতে অলপ খাদ্য বস্তু যোগাৰ কৰি জংগললৈ পলায়ন কৰিবলৈ বাধ্য হয়। জংগলৰ মাজেৰে যাত্ৰা কৰোঁতে তামুৰাই যুদ্ধৰ ভয়ংকৰ পৰিণতিৰ সাক্ষী হৈ পৰে আৰু ক্ৰমান্বয়ে বিচ্ছিন্ন আৰু হতাশ হৈ পৰে। হতাশাৰ সন্মুখত তেওঁ নিজৰ মানৱীয়তাবোধ বজাই ৰাখিবলৈ সংগ্ৰাম কৰে। যুদ্ধৰ তীব্ৰতা আৰু অটল চিত্ৰণৰ বাবে, আৰু হিংসাৰ অসাৰতা আৰু মানৱ মনোভাৱৰ স্থিতিস্থাপকতাৰ দৰে বিষয়বস্তু ছবিখনত অন্বেষণৰ কৰা দেখা যায়। ইচিকাৱাই এক তীব্ৰ আৰু অনুভূতিহীন শৈলীৰে চিত্ৰায়িত কৰা ছবিখনে বাস্তৱবাদ আৰু তাৎক্ষণিকতাৰ অনুভূতি বৃদ্ধি কৰিছে। “ফায়াৰছ অন দ্য প্লেইন” মুক্তিৰ পিছত সমালোচকৰ যথেষ্ট প্ৰসংশা লাভ কৰাত কন ইচিকাৱা জাপানী চলচ্চিত্ৰ জগতত পুনৰ সুপ্ৰতিষ্ঠ হয়। “ফায়াৰছ অন দ্য প্লেইন”; কন ইচিকাৱাৰ অন্যতম শ্ৰেষ্ঠ ছবি হিচাপে গণ্য কৰা হয়।

কন ইচিকাৱাৰ আন কেইখন উল্লেখ্যোগ্য ছবি হৈছে এন এক্টৰচ ৰিভেঞ্জ (An Actor’s Revenge ) - অভিনেতাৰ প্ৰতিশোধ (১৯৬৩)৷ ই দৃশ্যগতভাৱে আচৰিত ধৰণৰ পিৰিয়ডিকেলছ নাটক। এই ছবিখনত এজন কাবুকি (জাপানী নাটক) অভিনেতাই পিতৃ-মাতৃৰ মৃত্যুৰ প্ৰতিশোধ লব বিচৰাৰ কাহিনী। ইয়াত ট্ৰেজেডী, ৰোমাঞ্চ আৰু পৰম্পৰাগত জাপানী থিয়েটাৰৰ উপাদানসমূহৰ মিশ্ৰণ পোৱা কন ইচিকাৱাৰ পৰিচালনাত এখন দৃশ্যগতভাৱে আচৰিত ধৰণৰ ছবি। ইয়াৰ জটিল বিষয়বস্তুৰ বাবেও ই পৰিচিত; নিজৰ পৰিয়াল আৰু নিজৰ কেৰিয়াৰ ধ্বংস কৰা তিনিজন লোকৰ বিৰুদ্ধে প্ৰতিশোধ লব বিচাৰে। যিয়ে প্ৰতিশোধ, প্ৰেম আৰু পৰিচয়ৰ প্ৰকৃতি অন্বেষণ কৰে। মুখ্য অভিনেতা কাজুও হাচেগাৱাই ইউকিনোজোৰ (নাৰী) চৰিত্ৰত শক্তিশালী অভিনয় কৰিছে আৰু ছবিখনৰ দৃশ্য শৈলী আৰু আচৰিত চিনেমেট’গ্ৰাফীয়ে ইয়াক জাপানী চিনেমাৰ এক ক্লাছিক কৰি তুলিছে। ছবিখনৰ আন উল্লেখনীয় দিশ ইয়াৰ স্পন্দনশীল ৰং আৰু আকৰ্ষণীয় চিত্ৰকল্পৰ ব্যৱহাৰ। ছবিখনৰ প্ৰতিশোধ, প্ৰেম, পৰিচয়ৰ তৰলতা আদি বিষয়বস্তুৱে আজিও দৰ্শকৰ মাজত প্ৰতিধ্বনিত হৈ আছে।

দ্য মাকিঅ’কা চিষ্টাৰছ (The Makioka Sisters, ১৯৮৩)৷ জুনিচিৰো টানিজাকিৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত এই ছবিখনত দ্বিতীয় বিশ্বযুদ্ধৰ পূৰ্বৰ জাপানৰ ওছাকাত বাস কৰা এটা অৱনতি ঘটা অভিজাত মাকিঅ’কা পৰিয়ালৰ চাৰিগৰাকী ভগ্নীৰ জীৱন চিত্ৰিত কৰা হৈছে। পৰিয়ালৰ গতিশীলতা, পৰম্পৰা, সমাজৰ পৰিৱৰ্তনৰ এক মাৰ্মান্তিক কাহিনী বৰ্ণনা কৰা হৈছে । চাৰিগৰাকী মাকিওকা ভগ্নী – চুৰুকো, ছাচিকো, ইউকিকো, আৰু টাইকো – কাহিনীটোৰ কেন্দ্ৰবিন্দু, আৰু তেওঁলোকৰ সম্পৰ্ক আৰু সংগ্ৰামেই ছবিখনৰ হৃদ-স্পন্দন । ছবিখনে যুদ্ধৰ আগৰ বছৰবোৰত জাপানৰ সমজ জীৱনত পৰিৱৰ্তিত মূল্যবোধৰ সন্ধান কৰা এখন সময়ভিত্তি দলিল স্বৰূপ। মাকিওকা পৰিয়ালৰ ভগ্নীসকলে ম্লান হৈ অহা জীৱনশৈলীক প্ৰতিনিধিত্ব কৰে, আৰু তেওঁলোকৰ কাহিনীটো এই সময়ছোৱাত জাপানত ঘটি থকা বৃহত্তৰ সামাজিক আৰু সাংস্কৃতিক পৰিৱৰ্তনৰ প্ৰতিফলন। 

পৰিচালকৰূপে ইচিকাৱায়ে তেওঁৰ পৰিচালনাত এক সুক্ষ্ম তথা সূক্ষ্ম স্পৰ্শৰ দ্বাৰা চিহ্নিত হৈছে, যিয়ে মাকিঅ’কা ভগ্নীসকলৰ জগতখনৰ সৌন্দৰ্য্য আৰু জটিলতাক ধৰি ৰাখিছে। ছবিখনৰ আচৰিত ধৰণৰ চিনেমাট’গ্ৰাফী আৰু সবিশেষৰ প্ৰতি সুন্দৰ 


মনোযোগে ইয়াক জাপানী চিনেমাৰ এখন ক্লাছিক কৰি তুলিছে। কন ইচিকাৱাৰ অন্যতম নিপুণ পৰিচালনাই “দ্য মাকিঅ’কা চিষ্টাৰছ”ক সফল কৰি তুলিছে। পৰিয়াল কেন্দ্ৰীক, পৰম্পৰা আৰু সাংস্কৃতিক পৰিৱৰ্তনৰ প্ৰভাব ই জাপান তথা সমগ্ৰ বিশ্বৰে সু-সভ্য সংঙ্কৃতিৱান জাতিৰ ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ মুহূৰ্তৰ এক শক্তিশালী আৰু প্ৰভাৱশালী পৰীক্ষা হৈয়েই আছে, আজিও ই দৰ্শকৰ মাজত অনুৰণন ঘটায়। 

দ্য টকিঅ অলিম্পিয়াড (The Tokyo Olympiad , ১৯৬৫): ১৯৬৪ চনৰ টকিঅ অলিম্পিকক ধৰি ৰখা “টকিঅ’ অলিম্পিয়াড” হৈছে ১৯৬৫ চনত কন ইচিকাৱাৰ পৰিচালনাত নিৰ্মিত এখন তথ্যচিত্ৰ, য’ত ১৯৬৪ চনত জাপানৰ টকিঅ’ত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকৰ নথিভুক্ত কৰা হৈছে। তথ্যচিত্ৰৰ আধাৰত ইয়াত ইচিকাৱাই ক্ৰীড়া চলচ্চিত্ৰ নিৰ্মাণৰ কলাত্মক দৃষ্টিভংগী প্ৰদৰ্শন কৰিছে। ছবিখনে আকৰ্ষণীয় ক্ৰীড়াৰ সৈতে খেলুৱৈসকলৰ নিষ্ঠা আৰু অনুষ্ঠানটোৰ সাংস্কৃতিক তাৎপৰ্য্যৰ মানৱতাবাদী অন্বেষণৰ সংমিশ্ৰণ ঘটাইছে। ছবিখনক সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ক্ৰীড়া তথ্যচিত্ৰ হিচাপে গণ্য কৰা হয় আৰু ইয়াৰ উদ্ভাৱনী শৈলী আৰু আকৰ্ষণীয় দৃশ্যৰ বাবে উল্লেখযোগ্য।

ছবিখনৰ মূল লক্ষ্য হৈছে স্বয়ং খেলুৱৈসকল, আৰু ইচিকাৱাই তেওঁলোকৰ গতিবিধিৰ কৌশল আৰু সৌন্দৰ্যক ধৰি ৰাখিবলৈ শ্লো-মোচন আৰু চৰম ক্ল’জ-আপ শ্বট ব্যৱহাৰ কৰিছে। ছবিখনত পৰিঘটনাৰ নাটক আৰু উত্তেজনা, আৰু খেলুৱৈসকলে কেনেদৰে কেমেৰাৰ আগত প্ৰৰ্দশন কৰিব লাগিব সেই কথাও বন্দী কৰা হৈছে। লগতে ইয়াত কৰা শব্দৰ ব্যৱহাৰে পৰিঘটনাৰ পৰিৱেশৰ আৰু দৰ্শকৰ ভিৰৰ প্ৰতিক্ৰিয়াক ধৰি ৰাখিছে। টোছিৰো মায়ুজুমিৰ দ্বাৰা ৰচিত ছবিখনৰ স্কোৰকো এক মাষ্টাৰপিছ বুলি গণ্য কৰা হয়, আৰু ইয়াত পৰিঘটনাৰ নাটক আৰু আৱেগক ধৰি ৰখা হৈছে। “টকিঅ’ অলিম্পিয়াড” মুক্তিৰ পিছত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ই কেইবাটাও বঁটা লাভ কৰিছিল।

কনফ্লাগ্ৰেশ্বন  (Conflagration , ১৯৫৮, জ্বালাতন /অগ্নিকাণ্ড ): ইউকিঅ মিছিমাৰ The Temple of the Golden Pavilion উপন্যাসৰ পৰা অনুপ্ৰাণিত হৈ কন ইচিকাৱাৰ এই ছবিখন নিৰ্মাণ কৰে। এজন যুৱকৰ এটা ঐতিহাসিক মন্দিৰৰ প্ৰতি থকা আকৰ্ষণ আৰু অৱশেষত তেওঁ মন্দিৰটোত অগ্নিসংযোগৰ কাৰ্যৰ কাহিনী বৰ্ণনা কৰিছে। ইয়াত সৌন্দৰ্য্, শিল্প আৰু আৱেগৰ ধ্বংসাত্মক শক্তিৰ বিষয়বস্তু অন্বেষণ কৰা হৈছে। 


“দ্য কী (The Key/ ১৯৫৯):  জুনিচিৰো টানিজাকিৰ উপন্যাসৰ পৰা সংগৃহীত এই মানসিক নাটকখনে মধ্যবয়সীয়া দম্পতী আৰু এগৰাকী যুৱতীৰ মাজৰ জটিল সম্পৰ্ক আৰু যৌন ইচ্ছাৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰিছে। ই কামোদ্দীপকতা আৰু শক্তি গতিবিদ্যাৰ অন্বেষণৰ বাবে জনপ্ৰিয় ছবি হৈ উঠে। কন ইচিকাৱাৰ ছবিসমূহত প্ৰায়ে চিনেমাট’গ্ৰাফী, সামাজিক ধাৰাভাষ্য আৰু গল্প কোৱাৰ ক্ষেত্ৰত মানৱতাবাদী দৃষ্টিভংগীৰ প্ৰতি এক তীক্ষ্ণ দৃষ্টি প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়। ইচিকাৱাৰ ছবিসমূহে প্ৰায়ে মানৱীয় সম্পৰ্কৰ জটিলতাসমূহক অন্বেষণ কৰে, -ৰোমান্টিক প্ৰেমৰ পৰা আৰম্ভ কৰি পাৰিবাৰিক বন্ধন আৰু বন্ধুত্বলৈকে। তেওঁৰ ছবিবোৰ মানৱতাবাদী দৃষ্টিভংগীৰ বাবে পৰিচিত, আৰু ই সাধাৰণ মানুহৰ আৱেগিক জীৱন এখন  খিৰিকী সদৃশ। মানৱতাবাদী দৃষ্টিভংগী কন ইচিকাৱাৰ ছবি এক প্ৰধান বৈশিষ্টতা৷ কন ইচিকাৱাৰ ছবিসমূহ সাধাৰণ মানুহৰ সংগ্ৰাম আৰু অভিজ্ঞতাক কেন্দ্ৰ কৰি গল্প কোৱাৰ ক্ষেত্ৰত মানৱতাবাদী দৃষ্টিভংগীৰ বাবে জনাজাত। তেওঁৰ ছবিবোৰে প্ৰায়ে মানৱ সম্পৰ্কৰ জটিলতা আৰু মানুহক সংযোগ কৰা আৱেগিক বান্ধোনৰ সন্ধান কৰে। কন ইচিকাৱাৰ ছবিসমূহৰ আন এটি প্ৰধান চৰিত্ৰ – স্বকীয় দৃশ্য শৈলী প্ৰয়োগ- ইচিকাৱাৰ ছবিসমূহত অতি দৃশ্যমান আৰু প্ৰায়ে কাব্যিক শৈলীৰ দ্বাৰা চিহ্নিত কৰা হৈছে। তেওঁৰ  উদ্ভাৱনীমূলক কেমেৰা কৌশল, যেনে চৰম ক্ল’জ-আপ আৰু ধীৰ-গতিৰ (শ্লো-মোচন) শ্বটৰ ব্যৱহাৰৰ বাবে আৰু সাজ-পোছাক আৰু চেট ডিজাইনত বিতংভাৱে মনোযোগ দিয়াৰ বাবে পৰিচিত। যিয়ে উদ্ভাৱনীমূলক কেমেৰা কৌশল, আকৰ্ষণীয় দৃশ্য, আৰু সাজ-পোছাক আৰু চেট ডিজাইনত বিতংভাৱে মনোযোগৰ সংমিশ্ৰণ ঘটায়। তেওঁৰ ছবিবোৰ চোৱাটো দৃশ্যগতভাৱে এক আচৰিত অভিজ্ঞতা হ’ব পাৰে যিটো আকৰ্ষণীয় আৰু চিন্তা-উদ্দীপক দুয়োটা দিশতে হ’ব পাৰে। ইয়াৰ সমান্তৰালভাবে ঐতিহাসিক আৰু সামাজিক প্ৰেক্ষাপটৰ ওপৰত গৰুত্ব প্ৰদান কৰা হয়৷ ইচিকাৱাৰ প্ৰায়খিনি ছবিয়েই ঐতিহাসিক অথবা সামাজিক পটভূমিত ৰচিত, আৰু জাপানী সমাজৰ পৰিৱৰ্তিত মূল্যবোধ আৰু নীতি-নিয়মৰ সৈতে জড়িত বিষয়বস্তুৰ সন্ধান কৰে। তেওঁৰ ছবিসমূহে প্ৰায়ে পৰম্পৰা আৰু আধুনিকতাৰ মাজৰ উত্তেজনা, আৰু ব্যক্তি আৰু সম্প্ৰদায়ৰ ওপৰত ঐতিহাসিক পৰিঘটনাৰ প্ৰভাৱৰ বিষয়ে অন্বেষণ কৰে। ইচিকাৱাৰ বহু ছবিয়েই ঐতিহাসিক বা সামাজিক পটভূমিত নিৰ্মাণ কৰা হৈছে, যিয়ে বিংশ শতিকাৰ সময়ছোৱাত জাপানৰ সাংস্কৃতিক, সামাজিক আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰে। তেওঁৰ ছবিবোৰ চাই জাপানী ইতিহাস আৰু সমাজৰ বিষয়ে বিস্তাৰিত ভাবে বুজিবলৈ দৰ্শকক সহায় কৰে যিয়ে জাপানী ইতিহাসৰ গুৰুত্বপূৰ্ণ সময়ছোৱাত সাধাৰণ মানুহৰ জীৱনৰ আভাস দিয়ে। 

বিষয়ভিত্তিক ভাৱেও ইচিকাৱাৰ কৰ্মই এক উল্লেখযোগ্য ধাৰাবাহিকতা / সামঞ্জস্যতা প্ৰদৰ্শন কৰিছে। তেওঁৰ স্থায়ী চিন্তা হৈছে তেওঁৰ দেশৰ শেহতীয়া ইতিহাস। বিংশ শতিকাত বিকাশৰ ক্ষেত্ৰত জাপানক চলচ্চিত্ৰৰ মাধ্যমেৰ অধিক প্ৰকট কৰাত আনতকৈ অধিক প্ৰধান্য দিয়া দেখা যায়। সেই বিষয়বস্তুৰ প্ৰতি তেওঁৰ ব্যৱহাৰ ওজুৰ তুলনাত অধিক ব্যাপক (যিটোৱে পৰম্পৰাগত জাপানীজ পাৰিবাৰিক মূল্যবোধৰ বিভাজনৰ ওপৰত অধিক সংকীৰ্ণভাৱে মনোনিৱেশ কৰিছিল) আৰু মিজোগুচিৰ তুলনাত অধিক প্ৰত্যক্ষ, যিটোৱে তেওঁৰ ছবিক  সদায় ৰাজনৈতিকভাৱে তীক্ষ্ণ কৰি তুলিছিল। সেয়া তেওঁৰ কৰ্মৰাজিত দেখা যায় ৷ 

১৯৪৮ চনৰ পৰা ২০০৮ চনলৈ সুদীৰ্ষ ষাঠি বছৰ কালত কন ইচিকাৱায়ে আটষষ্ঠিখন (৬৮) জাপানী ছবি নিৰ্মণৰ সৈতে জড়িত আছিল। ২০০৮ চনত তেখেতে অন্তিমখন ছবি নিৰ্মাণ কৰে। জীৱন কালত কন ইচিকাৱায়ে ভেনিচ, কান আদিৰ দৰে বিশ্বৰ আগশাৰীৰ চলচ্চিত্ৰ মহোৎসৱ সমূহত কেইবাটাও মনোনয়নকে ধৰি তেওঁ সমগ্ৰ কেৰিয়াৰত অসংখ্য বঁটা আৰু সন্মান লাভ কৰিছিল।

দ্য বাৰ্মিজ হাৰ্পৰ দৃশ্য-গ্ৰহণৰ সময়ত অভিনেতাৰ সৈতে পৰিচালক কন ইচিকাৱা


No comments

Latest Articles