Page Nav

HIDE

শেহতীয়া:

latest

Ads Place

সমাজ পৰিৱৰ্তনৰ সপোন দেখা বিপ্লৱী ঢুলীয়া মঘাই ওজা

মছদ্দৰ হুছেইন ৰঙালী বিহু গুৱাহাটীত মঞ্চত উঠাৰ সময়ত তিনিগৰাকী শিল্পী বিহু-মঞ্চৰ এৰাব নোৱাৰা অংশত পৰিণত হৈ পৰিছিল৷ শিল্পী তিনিগৰাকীৰ নিজ নিজ ক...

মছদ্দৰ হুছেইন


ৰঙালী বিহু গুৱাহাটীত মঞ্চত উঠাৰ সময়ত তিনিগৰাকী শিল্পী বিহু-মঞ্চৰ এৰাব নোৱাৰা অংশত পৰিণত হৈ পৰিছিল৷ শিল্পী তিনিগৰাকীৰ নিজ নিজ ক্ষেত্ৰত সুকীয়া বৈশিষ্টৰ লগতে তেখেতসকলৰ কৰ্মত সাধাৰণ মানুহৰ হাঁহি-কান্দোন, দুখ-বেদনাবোৰ প্ৰকাশিত হোৱাৰ গুণতে তেখেতসকল জনসাধাৰণৰ হিয়াৰ আমঠুলৈ পৰিণত হৈ গণ শিল্পীলৈ ৰূপান্তৰিত হৈছিল৷ নাম নকলেও নিশ্চয় সকলোৱে ধৰিব পাৰিছে কাৰ কথা কোৱা হৈছে৷ হয়, স্বনামধন্য শিল্পী তিনিগৰাকী হৈছে যথাক্ৰমে ড০ ভূপেন হাজৰিকা, খগেন মহন্ত আৰু মঘাই ওজা৷ আজি আমি মঘাই ওজাৰ কথাকে ইয়াত আলোচনা কৰিম৷

মঘাই ওজাৰ জন্ম ১৯১৬ চনত৷ মৃত্যু ১৯৭৮ চনত৷ প্ৰকৃত নাম মঘাই বৰুৱা৷ যোৰহাট জিলাৰ হাতীগড় মৌজাৰ অন্তৰ্গত ভিতৰুৱা গাঁও নাওশলীয়াত অতি গৰীৱ পৰিয়ালত জন্ম৷ আজীৱন গৰীৱীৰ মাজতেই জীৱন অতিবাহিত হৈছিল৷ গৰীৱীৰ বাবেই প্ৰৱল ধাউতি থকা স্বত্বেও প্ৰাথমিক শিক্ষালাভৰ পাচতে শিক্ষা জীৱন সামৰিব লগীয়া হয়৷ তাৰ মাজতো ঢোলৰ যাদুকৰী শক্তিৰে অসমৰ জনসাধাৰণৰ পৰা অসীম ভাল পোৱা আদায় কৰিবলৈ সক্ষম হৈছিল৷ মঘাই ওজাৰ প্ৰতিভাই ৰাজ্যৰ সীমা চেৰাই সৰ্ব ভাৰতীয় পৰ্যায়লৈ বিয়পি পৰিছিল৷ চিনেমা আৰু মঞ্চ জগতৰ প্ৰৱাদ প্ৰতীম অভিনেতা বলৰাজ চাহনী, সঙ্গীতজ্ঞ সলিল চৌধুৰী আদিৰ দৰে ব্যক্তিত্বৰ পৰাও লাভ কৰিছিল স্নেহ আৰু প্ৰশংসা৷

জীৱিকাৰ বাবে প্ৰথমতে ওচৰৰ চাহ বাগিছাৰ সৰু চাকৰি এটাত সোমাইছিল৷ বেছিদিন চাকৰি নকৰিলে৷ ঢোলৰ প্ৰতি অপৰিসীম আসক্তিৰ বাবে চাহ বাগিচাৰ চাকৰি এৰি ওচৰৰে ঢুলীয়া ডিম্বেশ্বৰ গগৈৰ ওচৰত ঢোল বাদনৰ প্ৰশিক্ষণ গ্ৰহণ কৰে৷ খুব কম সময়ৰ ভিতৰত ঢোলৰ সকলো ছেও আয়ত্ত কৰিবলৈ সক্ষম হয়৷ প্ৰথমতে সাধাৰণ ঢুলীয়া হিচাপে বিয়া-বাৰুত ঢোল বজাই জীৱিকা উপাৰ্জন কৰিছিল৷ তেতিয়াই ঢোলৰ ছেৱত ‘গীত-মাত ৰাগ-সুৰ’ ৰচিছিল৷ ঢোল বাদনৰ ওপৰি মঘাই ওজাই নিজ প্ৰচেষ্টাত খোল, নেগেৰা, টোকাৰী আদিও শিকে৷ ঢোল, খোল, নেগেৰা আৰু টোকাৰী বজাবলৈ লোৱাৰ পৰাই ভক্তিমূলক গীত-মাত প্ৰতিও আকৰ্ষিত হয় আৰু নিজে তেনে গীত ৰচনা কৰি ঢোলত ছেও তুলিবলৈ লয়৷ 

মঘাই ওজা ঢোল বাদনৰ বাবে প্ৰথমবাৰ নিমন্ত্ৰণ লাভ কৰে তেজপুৰৰ পৰা আৰু তাতেই সাক্ষাৎ হয় হেমাঙ্গ বিশ্বাসৰ সৈতে৷ অসম আৰু বঙ্গৰ লোক সঙ্গীতৰ মহান সাধক হেমাঙ্গ বিশ্বাস আছিল ভাৰতীয় গণনাট্য সংঘৰ অন্যতম সংগঠক৷ অসম, বঙ্গৰ বহু কেইগৰাকী শিল্পী-প্ৰতিভাক জনমানসৰ সমূখলৈ অনাৰ কৃতিত্ব আছিল হেমাঙ্গ বিশ্বাসৰ৷ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিপ্লৱী মানসিকতাক প্ৰভাৱিত কৰা, ভুপেন হাজৰিকাক অসমৰ পৰা উলিয়াই সৰ্বভাৰতীয় পৰ্যায়ত পৰিচয় কৰাই দিয়াৰ আৰত বিশেষ ভূমিকা আছিল হেমাঙ্গ বিশ্বাসৰ৷ হেমাঙ্গ বিশ্বাসৰ সুদৃষ্টি পৰিছিল মঘাই ওজাৰ ওপৰত৷ মঘাই ওজাই হেমাঙ্গ বিশ্বাসৰ সৈতে সাক্ষাতৰ বিষয়ে লিখিছে, “তাত (তেজপুৰ) শ্ৰদ্ধেয় হেমাঙ্গ বিশ্বাসে মোক লগ ধৰি কথা বাৰ্তা পাতে আৰু সহায় সহানুভূতি আগবঢ়াই মোক ৰাইজৰ চকুৰ আগত  ওলাবলৈ উদগনি দিয়ে৷” মঘাই ওজাই জীৱ-জন্তুৰ মাত, ৰে’ল মটৰ গাড়ীৰ শব্দ, ধুমুহা-ঢেৰেকণি-বৰষুণৰ শব্দ ঢোলত তুলি দৰ্শকক মোহিত কৰে৷ ভৰি, আঠু, কিলাকুটি, থুঁতুৰি, মূৰ আৰু নাকেৰেও ঢোল বজাই দৰ্শকক চমকিত কৰিছিল৷ 

ঢোল বাদনত লাভ কৰা খ্যাতিয়ে মঘাই বৰুৱাক মঘাই ওজালৈ ৰূপান্তৰিত কৰে৷ হেমাঙ্গ বিশ্বাসৰ সঙ্গ লাভ কৰি মঘাই ওজাৰ প্ৰতিভা ভাৰতীয় গণনাট্য সংঘৰ জৰিয়তে বৃহত্তৰ পৰিসৰলৈ বিয়পি পৰে৷ বিহু মানেই ঢোল, পেঁপা, গগনা৷ সেই সময়তে পথাৰৰ পৰা মঞ্চলৈ উঠা ৰঙালী বিহু সন্মিলনবোৰৰ জৰিয়তে ঢুলীয়া মঘাই ওজাও মঞ্চৰ বিহুৰ এৰাব নোৱাৰা অঙ্গ হৈ পৰে৷ গণনাট্য সংঘৰ জৰিয়তেই অসমত সান্নিধ্যলৈ আহে বিষ্ণু ৰাভা, ফণী শৰ্মা, চৈয়দ আব্দুল মালিক, সলিল চৌধুৰী, ড০ ভূপেন হাজৰিকা আদিৰ দৰে বিশাল ব্যক্তিত্বৰ সৈতে৷ হেমাঙ্গ বিশ্বাসেই ১৯৫৪ চনত গণনাট্য সংঘৰ কলকতাৰ ৱেলিংটনত অনুষ্ঠিত অনুষ্ঠানলৈ ভূপেন হাজৰিকাৰ লগত লৈ গৈ বঙ্গৰ জনসাধাৰণৰ সৈতে পৰিচয় কৰাই দিছিল৷ দিল্লীৰ ৰামলীলা ময়দানত অনুষ্ঠিত গণনাট্য সংঘৰ সৰ্বভাৰতীয় সন্মিলনত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰাৰ জৰিয়তে বলৰাজ চাহানি, অমৰ শ্বেখ আদিৰ সান্নিধ্যলৈ আহে৷ বলৰাজ চাহনীৰ নিম্নত্ৰণত মঘাই ওজাই তেখেতৰ মুম্বাইৰ বাসগৃহৰ আলহীও হৈছিল৷ ১৯৫৯ চনত মস্কোত অনুষ্ঠিত সেই সময়ত জনপ্ৰিয় হৈ উঠা আন্তৰ্জাতিক যুৱ মহোৎসৱলৈ ভাৰতৰ প্ৰতিনিধিৰূপেও নিৰ্বাচিত হৈছিল৷ দুৰ্ভাগ্যক্ৰমে সাম্যবাদী আদৰ্শৰ প্ৰতি থকা নিষ্ঠাৰ বাবে তেখেতৰ পাছপোৰ্ট নহ’ল৷ 

ঢোলৰ ছেওৰ মাজেৰে শ্ৰেণী ভিত্তিক সমাজব্যৱস্থাৰ বৈষম্যসমূহ উদঙাই দিবলৈ সক্ষম হোৱা বাবেই তেখেতে গণশিল্পী আখ্যা পাইছিল৷ মঘাই ওজাই সেই সময়ৰ অসমৰ ভাষিক সংঘাতৰ উৰ্ধত উঠি সম্প্ৰীতিৰ হকে সক্ৰিয় আছিল৷ ১৯৬০ চনত ভাষাক লৈ হোৱা সংঘৰ্ষত গণনাট্য সংঘৰ নেতৃত্বত হেমাঙ্গ বিশ্বাস, বি্ষ্ণু ৰাভা, ড০ ভূপেন হাজৰিকা আদিৰ সৈতে লগ হৈ অসমীয়া আৰু বঙালীৰ মাজত ভুল বুজা আঁতৰাই সম্প্ৰীতিৰ সাকো পুনৰ গঢ়ি তুলিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল৷ হেমাঙ্গ বিশ্বাস আৰু ভূপেন হাজৰিকাৰ ‘ৰংমন হাৰামন’ৰ দৰে শ্ৰমজীৱী জনসাদাৰণৰ ঐক্যৰ প্ৰতি মঘাই ওজাও বিশেষভাৱে দায়বদ্ধ আছিল৷

এই খিনিতে পশ্চিম গুৱাহাটী বিহু সন্মিলনীত সংঘটিত এটা ঘটনা কোৱাৰ লোভ সামৰিব নোৱাৰিলো৷ মঘাই ওজা পশ্চিম গুৱাহাটী বিহু সন্মিলনৰো এৰাব নোৱাৰা অঙ্গ হৈ পৰিছিল৷ ১৯৫৪ চনত স্থাপিত পশ্চিম গুৱাহাটী বিহু সন্মিলনীৰ অন্যতম সংগঠক সকলৰ ভিতৰত আছিল প্ৰয়াত ধুৰ্জুতি শৰ্মা, ৰঞ্জিত চৌধুৰী, ত্ৰৈলোক্য ভূঁঞা, মনোৰঞ্জন গোস্বামী, তাহেৰ জামাল আদিসকল৷  ধুৰ্জুতি শৰ্মা, ৰঞ্জিত চৌধুৰী, ত্ৰৈলোক্য ভূঞা আছিল ভাৰতীয় গণনাট্য সংঘৰ গুৱাহাটী শাখাৰ অন্যতম সংগঠক৷ তেখেতসকলে মঘাই ওজাক প্ৰথমৰ পৰাই পশ্চিম গুৱাহাটী বিহু সন্মিলনলৈ আমন্ত্ৰণ জনাই আহিছিল৷ কেৱল স্থানীয় লোকৰ বৰঙনিৰে চলা বিহু সন্মিলনীৰ আজিৰ দৰে বহু পুঁজি নাছিল৷ সেয়ে শিল্পীক মাননী দিয়াৰ ক্ষেত্ৰত বহু সময়ত সমস্যা হৈছিল৷ মঘাই ওজাক কেতিয়াবা তামোল পানেৰে সন্মান জনায়ো বিদায় দিব লগীয়া পৰিস্থিতৰ সৃষ্টি হৈছিল৷ মঘাই ওজায়ো মাননী নোলোৱাকৈয়ে হাঁহ মুখেৰে বিদায় লৈছিল আৰু যাবৰ সময়ত কৈছিল অহাবাৰো যেন তেখেতক নিমন্ত্ৰণ জনাোৱা হয়৷ এয়াই আছিল গণশিল্পীৰ প্ৰকৃত চৰিত্ৰ৷ এবাৰ পুঁজিৰ নাটনি বেছি হোৱাত কাৰ্যসূচী স্থানীয় শিল্পীৰ জৰিয়তেই সমাপন কৰিবলৈ মনস্থ কৰা হ’ল৷ মঘাই ওজালৈ নিম্ত্ৰণ পত্ৰ নপঠালে৷ সেই সময়ত যোগাযোগ ডাকৰ জৰিয়তে হৈছিল৷ মঘাই ওজাই ভাৱিলে ডাক বিভাগে চিঠি বিতৰণ কৰোঁতে নিশ্চয় খেলিমেলি কৰিছে, সেয়ে চিঠি আহি পোৱা নাই৷ সেই সময়ত এনে ধৰণৰ ঘটনা স্বাভাৱিক আছিল৷ বিহুৰ দিনা মঘাই ওজা আহি উপস্থিত৷ উদ্যোক্তাসকল বিবুধিত পৰিল যদিও তেখেতক পাই উল্লাসিত হৈ পৰিল৷ মঘাই ওজাই কলে যে ডাক বিভাগে চিঠি দিয়াত পলম কৰিলে৷ কিন্তু পশ্চিম গুৱাহাটী ঘৰৰ বিহু, সেয়ে চিঠিলৈ বাট নাচাই গুচি আহিল৷ সকলোৱে মঘাই ওজাক লৈ ব্যস্ত হৈ পৰিল৷ ঠিক কৰিলে যিয়েই নহওক এইবাৰ মঘাই ওজাক খালি হাতেৰে উভতাই নপঠায়৷ আনহাতে হাতত পুঁজি বুলিবলৈ তেনেকৈ একো নাই৷ মঘাই ওজাৰ ঢোলে আকৌ এবাৰ পশ্চিম গুৱাহাটী বিহু সন্মিলন ৰজনজনাই তুলিলে৷ ৰাতি মঘাই ওজাক এঘৰত ৰাখি তাহেৰ জামালে ভূপেন সিং (পাছলৈ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ)ক লগত লৈ এজন সোণাৰীৰ ঘৰ ওলাল গৈ৷ জামালে হাতত পিন্ধা দামী আঙঠি এটা সোণাৰীজনৰ ওচৰত বিক্ৰী কৰি ধন খিনি মঘাই ওজাক মাননী হিচাপে আগবঢ়ালে৷ ধন কৰ পৰা যোগাৰ হ’ল সেয়া তেতিয়া কোনেও নাজানিলে৷ পাছত অধ্যাপক ভূপেন সিঙৰ জৰিয়তে কমিটিৰ কিছু মানুহে জানিলে৷ ভৰলুমুখৰ বিখ্যাত ঠিকাদাৰ বদৰ জামালৰ বৰপুত্ৰ তাহেৰ জামাল৷ পিছদিনা দেউতাকে তাহেৰ জামালৰ হাতত আঙুঠিটো নেদেখি কি হ’ল প্ৰশ্ন কৰাত ফাকি দি ক’লে যে কৰবাত হেৰাল, ক’ত খুলি পৰিল নাজানে৷ দেউতাকেও একো নকলে৷ উল্লেখ যোগ্য যে বদৰ জামাল নিজেও এগৰাকী সংস্কৃতিবান পুৰুষ আছিল আৰু পশ্চিম গুৱাহাটী বিহু সন্মিলনীৰ প্ৰধান পৃষ্ঠপোষক আছিল৷ এয়াই আছিল সেই সময়ৰ বিহু অনুষ্ঠান আৰু সমাজৰ পৰিচয়৷

মঘাই ওজাই ঢুলীয়া চৰিত্ৰত কেবাখনো অসমীয়া চিনেমাতো ভুমুকি মাৰিছিল৷ দূৰাৰোগ্য কেঞ্চাৰত আক্ৰান্ত হৈ জীৱনৰ শেষ সময়ছোৱা মঘাই ওজাই যথেষ্ট কষ্ট ভোগ কৰিছিল আৰু সেই ৰোগতেই ১৯৭৮ চনৰ ১৫ মাৰ্চত তেখেতৰ মৃত্যু হয়৷ জন্মস্থান নাওশলীয়া গাঁৱত পাছত মঘাই ওজা কলাক্ষেত্ৰ স্থাপন কৰা হয় আৰু মঘাই ওজা বটা প্ৰদানেৰে তেখেতৰ স্মৃতি যুগমীয়া কৰাৰ বাবেও বৰ্তমানে প্ৰয়াস কৰা হৈছে৷

No comments

Latest Articles