Page Nav

HIDE

শেহতীয়া:

latest

Ads Place

পৰিৱেশ আৰু প্ৰদূষণ

প্ৰণৱজ্যোতি ডেকা মানৱ জীৱনৰ বাবে দুটা অপৰিহাৰ্য বিষয় হৈছে সুস্বাস্থ্য আৰু সুস্থমন।সুস্বাস্থ্যই আমাৰ শাৰীৰিক, মানসিক, সামাজিক আৰু আধ্যাত্মিক...

প্ৰণৱজ্যোতি ডেকা


মানৱ জীৱনৰ বাবে দুটা অপৰিহাৰ্য বিষয় হৈছে সুস্বাস্থ্য আৰু সুস্থমন।সুস্বাস্থ্যই আমাৰ শাৰীৰিক, মানসিক, সামাজিক আৰু আধ্যাত্মিক উৎকৰ্ষৰ ওপৰত প্ৰভাৱ পেলাব পৰা জীৱনৰ সকলো দিশ সামৰি লৈছে। জনসাধাৰণৰ স্বাস্থ্য আৰু কল্যাণৰ সামগ্ৰিক বিকাশৰ পৰা স্বাস্থ্যসেৱা পৃথক নহয়, সেই বাবেই  পৰিৱেশ সুৰক্ষাৰ বাবে সজাগতা বৃদ্ধি আৰু কাৰ্য্যক উৎসাহিত কৰাৰ লক্ষ্যৰে বিশ্বব্যাপী বিশ্বপৰিৱেশ দিৱস পালন কৰা হয়। প্ৰতি বছৰে ৫ জুনত উদযাপন কৰা এই অনুষ্ঠানৰ লক্ষ্য হৈছে জলবায়ু পৰিৱৰ্তন, প্ৰদূষণ, বনাঞ্চল ধ্বংস, আৰু জৈৱ বৈচিত্ৰ্য হেৰুৱাৰ দৰে পৰিৱেশ বিষয়ক কেন্দ্ৰ কৰি সজাগতা বিয়পাই দিয়া। সেয়েহে মানৱ সভ্যতা আগবাঢ়ি যোৱাৰ লগে লগে  বিশ্বপৰিৱেশ দিৱসৰ তাৎপৰ্য্য অধিক গভীৰ হৈ পৰিছে।উল্লেখযোগ্য যে বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় ৪০ শতাংশ লোকে পৰিৱেশ প্ৰদূষণৰ ফলত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। সেইবোৰৰ ভিতৰত খোৱা পানীৰ অভাৱ, মাটিৰ উৰ্বৰতা হ্ৰাস আদি প্ৰধান। বিজ্ঞানীসকলে ধাৰণা কৰা মতে যদিহে এই হাৰত পৰিৱেশ প্ৰদূষণ হৈ থাকে, তেনেহ’লে বিশ্বত এক চৰম পৰ্যায়ৰ সন্মুখীন হ’ব লাগিব সমগ্ৰ মানৱ জাতি।

বিশ্বপৰিৱেশ দিৱস  প্ৰতি বছৰে বেলেগ বেলেগ দেশে  আয়োজন কৰে, কাৰণ দেশসমূহে  জলবায়ু সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহৰ প্ৰতি নিজৰ দৃষ্টিভংগী বিশ্বক  জনাবলৈ সুবিধা আৰু সুযোগ লাভ কৰে। 

১৯৭২ চনৰ ৫ জুনৰ পৰা ১৬ জুনলৈকে অনুষ্ঠিত মানৱ পৰিৱেশ(Human Environment) সন্মিলনত পোন প্ৰথমে এই দিৱস আৰম্ভ কৰিছিল। পিছৰ বছৰ অৰ্থাৎ ১৯৭৩ ত ‘Only one Earth’ মূল বিষয়বস্তুৰে এই দিৱস উদযাপন কৰা হয়। 

উদাহৰণ স্বৰূপে, ২০১১ চনৰ বিষয় আছিল 

‘অৰণ্য: প্ৰকৃতি আপোনাৰ সেৱাত’। ২০১০ চন: ‘অনেক প্ৰজাতি: এটা গৃহ, এক ভৱিষ্যৎ’। এইদৰে যোৱা বছৰ ২০২৩ত _ "প্লাষ্টিক প্ৰদূষণক পৰাজিত কৰক" (Beat PlasticPollution) 

আৰু এইবাৰ ২০২৪ ত "আমাৰ পৃথিৱীখনেই আমাৰ ভৱিষ্যত, আমি আমাৰ প্ৰজন্মৰ পুনৰুদ্ধাৰকাৰী।”  “প্ৰকৃতি থাকক, জীৱন থাকক।”  “এক পৃথিৱী, এটা সুযোগ – আমাৰ ঘৰখনক সুৰক্ষিত কৰক।”

এইখিনিতে উল্লেখ কৰিব পাৰি যে ১৯৭২ চনৰ ৰাষ্ট্ৰসংঘৰ ষ্টকহোম সন্মিলনৰ শ্লোগান আছিল- "একমাত্ৰ এখনেই পৃথিৱী।" অৰ্থাৎ ৫২ বছৰ অতিক্ৰম কৰাৰ পিছত শ্লোগান সমূহৰ  বিশেষ সলনি হোৱা নাই। ইয়াৰ পৰা এটা কথাই উপলব্ধি কৰিব পাৰি যে মানুহক সজাগ কৰিবলৈ বিশ্বৰ  পৰিবেশ বিজ্ঞানীসকলে যি প্ৰচেষ্টা হাতত লৈছে, এতিয়াও সফল হবলৈ বহু বাকী।  উন্নত দেশসমূহৰ নাগৰিকসকল  বহুতেই পৰিবেশ সংৰক্ষণৰ ক্ষেত্ৰত অধিক তৎপৰ হোৱা দেখা গৈছে, কিন্তু তৎপৰ হোৱা নাই পুঁজিপতি আৰু উদ্যোগপতিসকল। ধন আৰু সম্পত্তি আহৰণ কৰাই এওঁলোকৰ উদ্দেশ্য।  সেয়েহে ২০২৪ত থীম লোৱা হৈছে, "প্ৰকৃতি থাকক, জীৱন থাকক। এখন পৃথিৱী, এটা সুযোগ– আমাৰ ঘৰখনক সুৰক্ষিত কৰক", কিন্তু পুঁজিপতিসকলে  প্ৰকৃতি ধ্বংস কৰি নিজৰেই  সন্তানৰ ভৱিষ্যত কেনেদৰে ধ্বংস কৰিবলৈ লৈছে, হয়তো এই কথা বুজিবলৈ তেওঁলোকৰ বহু বাকী।

পৰিবেশ বিনষ্ট হোৱাৰ মূলতে প্ৰধানকৈ খনিজ সম্পদৰ দ্ৰুত আহৰণৰ ফলত  ভূ-গৰ্ভ ভাৰসাম্যহীন হৈ পৰে, যাৰ ফলত সঘনাই  ভূমিকম্পৰ সৃষ্টি হয়। 

শব্দ প্ৰদূষন  সমগ্ৰ বিশ্বৰে এটা ডাঙৰ সমস্যা। শব্দ প্ৰদূষণৰ  ফলত শ্ৰৱণ শক্তি বাধাপ্ৰাপ্ত হয় আৰু স্নায়ুতন্ত্ৰৰ ওপৰত চাপ সৃষ্টি হয়। তাৰোপৰি বহুসময়ত হৃদযন্ত্ৰৰ ক্ৰিয়া মৃত্যুমুখতো পৰাৰ এটা কাৰণ এই শব্দ প্ৰদূষণ। ছুইডেন, নৰৱে, ফিনলেণ্ডৰ বাসিন্দাসকলে কেতিয়াও গাড়ীৰ হৰ্ণ নবজায়। এবাৰ কি হল, চুইডেনত দুজন ভাৰতীয় যুৱকে  খোজ কাঢ়ি কথা পাতি পাতি গৈ আছিল, তেওঁলোকে নাজানে যে সেইটো আচলতে চাইকেল ট্ৰেক, এজন ভদ্ৰলোকে যুৱক দুজনৰ পিছে পিছে চাইকেলখন ঠেলি গৈ আছে, তথাপিও টিলিঙা বজোৱা নাই, কিছু সময় পিছত যুৱক দুজনে নিজৰ ভুল বুজিব পাৰি  চাইকেল আৰোহীক বাট এৰি দিলে আৰু বিনয়ী ভাৱে হাঁহি এটি মাৰি  তেওঁ পুনৰ চাইকেল চলাই আঁতৰি গল। ইমানেই সচেতন সেই দেশবোৰৰ নাগৰিক কিন্তু ভাৰতবৰ্ষৰ দৰে দেশত গৰি মতৰৰ অনাহক হৰ্ণ, কল কাৰখানাৰ পৰা নিৰ্গত ধোঁৱা আৰু শব্দই সাধাৰণ নাগৰিকৰ জীৱন দুৰ্বিবহ কৰি তুলিছে| 

কৃষিকাৰ্য্যত ব্যবহাৰ কৰিবলৈ সাৰৰ  প্ৰায়োজন কোনেও নুই নকৰে। কিন্তু কৃত্ৰিমভাৱে প্ৰস্তুত কৰা ৰাসায়নিক সাৰ প্ৰয়োগে মাটি, পানী, বায়ু সকলোতে প্ৰদূষণৰ সৃষ্টি কৰি আহিছে ৷ কৃত্ৰিম সাৰ, কীটনাশক ঔষধৰ প্ৰয়োগে শস্য উৎপাদন বৃদ্ধি কৰিছে ঠিকেই, কিন্তু ইয়াৰ ফলত  মানুহ বিভিন্ন ৰোগত আক্ৰান্ত হবলগীয়া হয়।অলপতে এটা গৱেষকৰ দলে প্ৰস্ৰাৱৰ  পৰা এমনীয়া নিষ্কাষণ কৰি অৰ্গেনিক সাৰ প্ৰস্তুত কৰি উলিয়াইছে।

সভ্যতা গঢ় লৈ উঠে পানীক  কেন্দ্ৰ কৰি, পিছে উন্নয়নশীল দেশসমূহত আজিও খোৱা পানীৰ অভাৱত  মানুহ নানা ধৰণে বিপৰ্য্যস্ত  হয়।এটা সমীক্ষাত প্ৰকাশ যে  যি হাৰত জলপৃষ্ঠসমূহ শুকাই আহিছে, সেয়া অব্যাহত থাকিলে  ২০৫০ চনলৈ সমগ্ৰ বিশ্বই তীব্ৰ জলসংকটৰ সন্মুখীন হ’বলগীয়া হ’ব। 

মানুহৰ নিত্য ব্যৱহাৰ্য অভাৱসমূহ পুৰণ কৰিবলৈ বহু মূল্যৱান গছ কাটি পেলোৱা হৈছে। মানৱ সভ্যতা মূলতে অৰণ্যকেন্দ্ৰিক, কিন্তু আজি এই মানৱ সভ্যতাৰ  নামত উন্নয়ন ত্বৰান্বিত কৰিবলৈ  গছ গছনি কাটি পেলোৱা হৈছে, তাৰ ফলত এফালে গোলকীয় উষ্ণতা বৃদ্ধি পাইছে আৰু আনফালে বিশুদ্ধ বায়ু সেৱন কৰাৰ পৰা মানুহ বঞ্চিত হৈছে।শুনিলে আচৰিত হব লাগে আমি ব্যবহাৰ কৰা  ডিষ্পজেবল নেপকিন তৈয়াৰ কৰিবলৈ বিশ্বত দিনে ২৭ হেজাৰ জোপা গছ নিধন কৰিবলগীয়া হয়।

এচাম দুৰ্নীতিপৰায়ণ স্বাৰ্থলোভীয়ে আজিও চোৰাংভাৱে গছ কাটি প্ৰকৃতিক ধ্বংসৰ গৰাহলৈ ঠেলি অসৎ উপায়েৰে ধন ঘটি আছে। আমি ভালকৈ উপলদ্ধি কৰা উচিত ভৱিষ্যৎ প্ৰজন্মই  নিৰোগী হৈ সুস্থিৰে জীৱন-যাপন কৰিবলৈ প্ৰকৃততে কিহৰ প্ৰয়োজন?

জলবায়ু সংকটৰ সৈতে বিশ্বই যুঁজি থকাৰ সময়তে আমাৰ বনাঞ্চলৰ সংৰক্ষণ আৰু সম্প্ৰসাৰণৰ গুৰুত্ব দিনে দিনে বাঢ়ি আহিছে।  আমাৰ সেউজ বেল্ট সুৰক্ষিত কৰিব পাৰিলেহে  জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ কমিব। আমি উন্নয়নৰ প্ৰয়োজনীয়তাক স্বীকাৰ কৰোঁ, কিন্তু ইয়াক পৰিৱেশ পৰিচালনা আৰু বহনক্ষমতাৰ সৈতে ভাৰসাম্য ৰক্ষা কৰিব লাগিব।  হ্ৰস্বম্যাদী লাভৰ বাবে আমাৰ সেউজীয়া স্থানক ত্যাগ কৰাৰ পৰিৱৰ্তে আমি কৰ্তৃপক্ষক আহ্বান জনাইছো যে আমাৰ প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত আৰু বৃদ্ধি কৰা বহনক্ষম উন্নয়নৰ পদ্ধতিসমূহক অগ্ৰাধিকাৰ দিয়ক। সেউজ আন্তঃগাঁথনি, পৰিৱেশ-বন্ধুত্বপূৰ্ণ  পৰিকল্পনা, আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণক প্ৰসাৰিত কৰাৰ ব্যৱস্থাসমূহ আগত লৈ আগবাঢ়িব পাৰিলেহে চৰকাৰে উন্নয়নৰ দাবী কৰিব পাৰে৷ 

অলপতে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ফিলিপাইনছৰ নতুনকৈ প্ৰৱৰ্তিত এখন আইনে এক অভূতপূৰ্ব  চৰ্ত আৰোপ কৰিছে৷এই চৰ্ত অনুসৰি ফিলিপাইনছৰ কলেজীয়া শিক্ষাৰ্থীসকলে স্নাতক ডিগ্ৰী লাভ কৰাৰ পূৰ্বচৰ্ত হিচাবে অন্ততঃ দহজোপা গছপুলি ৰোপণ কৰিব লাগিব৷ নিঃসন্দেহে ই এক সুন্দৰ আদৰণীয় পদক্ষেপ৷ পৰিৱেশ সুৰক্ষিত কৰি ৰাখিবলৈ সমাজৰ সকলো শ্ৰেণীকে সজাগ কৰি তুলিব লাগিব।জনসাধাৰণৰ সচেতনতা অবিহনে পৰিৱেশ সুৰক্ষা নিষ্ফল৷

গোলকীয় উষ্ণতা বৃদ্ধি পোৱাৰ লগে লগে বিদ্যুৎৰ ব্যবহাৰ বৃদ্ধি পাইছে, কাৰণ জহৰ দিনত অতিপাত গৰম সহ্য কৰিব নোৱাৰি বাতানুকুল যন্ত্ৰসমূহৰ ব্যবহাৰ বৃদ্ধি হয়। ফলত দেখা দিয়ে বিদ্যুৎ সংকটে। আমাৰ দেশত প্ৰধানকৈ তাপ আৰু জলশক্তিৰ জৰিয়তে বিদ্যুৎ উৎপাদন কৰা হয়। যিহেতু জলশক্তিৰ জৰিয়তে বিদ্যুৎ উৎপাদন সীমিত, তাৰ ফলত কয়লাক ইন্ধন হিচাবে ব্যবহাৰ কৰা হয়। কয়লা খননৰ জৰিয়তে  বিদ্যুৎ উৎপাদন কৰাৰ ফলত ভুগৰ্ভত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰে। তদুপৰি কয়লাৰ ধোৱাই সৃষ্টি কৰা প্ৰদূষনে মানুহৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে।

২০২৩ বৰ্ষত ভাৰতৰ বিভিন্ন অঞ্চলত সৰ্বোচ্চ তাপমাত্ৰা এনেকুৱা - লক্ষ্ণৌ ৪৭ ডিগ্ৰী, দিল্লী ৪৭ ডিগ্ৰী, আগ্ৰা ৪৫ ডিগ্ৰী, নাগপুৰত ৪৯ ডিগ্ৰী, কোটা ৪৮ ডিগ্ৰী, হায়দৰাবাদত ৪৫ ডিগ্ৰী, পুনে ৪২ ডিগ্ৰী, আহমেদাবাদত ৪৬ ডিগ্ৰী, মুম্বাইত ৪২ ডিগ্ৰী, নাছিক ৪০ ডিগ্ৰী, বাংগালুৰু ৪০ ডিগ্ৰী, চেন্নাইত ৪৫ ডিগ্ৰী আৰু  ৰাজকোটত ৪৫ ডিগ্ৰী। অসমত বিগত কেইবছৰমানৰ পৰা উষ্ণতা বহু বৃদ্ধি পাইছে, আৰু প্ৰায় , ৩৮ ডিগ্ৰী উষ্ণতা গুৱাহাটীত ৫২ ডিগ্ৰী হিচাবে অনুভৱ হয়। 

আমাৰ দৈনন্দিন জীৱনত প্লাষ্টিক ব্যৱহাৰে অনাগত দিনত ভয়ঙ্কৰ বিপদৰ সৃষ্টি কৰিব পাৰে৷ সেয়েহে প্লাষ্টিক প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ পলিথিন বা প্লাষ্টিক সামগ্ৰীসমূহ বৰ্জন কৰা নিতান্তই আৱশ্যক ৷ যিহেতু প্লাষ্টিক সামগ্ৰীসমূহ সহজে পচি নাযায়, সেয়ে পৰাপক্ষত যিমান পাৰি এই সামগ্ৰীবোৰ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে ৷ অলপতে আন্দামান নিকোবৰ দ্বীপপুঞ্জ ভ্ৰমন কৰি দেখিলোঁ যে তাত দুই লিটাৰৰ তলত প্লাষ্টিকৰ পানীৰ বটল ব্যবহাৰ নিষিদ্ধ। প্লাষ্টিক ব্যৱহাৰ নাই, আনকি দুটকীয়া চেম্পো আদিৰ প্ৰচলনো নাই।

বিভিন্ন সময়ত বিভিন্ন পণ্ডিত, বিজ্ঞানী, চিন্তাশীল ব্যক্তিসকলে ভৱিষ্যতৰ পৃথিৱীখনক লৈ শংকিত হৈ ভৱিষ্যতবাণী কৰি আহিছে। সেই ভৱিষ্যতবাণীলৈ কৰ্ণপাত কৰিবলৈ আজি আমাৰ সময় নাই ৷

বৰ্তমান ইণ্টাৰনেটৰ যুগত উজ্জ্বল ভৱিষ্যতৰ কথা চিন্তা কৰি সন্তানক প্ৰতিদ্বন্দিতাৰ মুখলৈ ঠেলি দিছোঁ, কিন্তু  পৰিৱেশ আৰু জলবায়ু সন্তুলিত কৰি ৰাখিবলৈ গছ পুলি এটা ৰুবলৈ আমি আমাৰ সন্তানক শিকোৱা নাই, এয়াই হৈছে আজিৰ বাস্তব। 

বৰ্তমান সুস্থ পৰিৱেশত এই ধৰাত বৰ্তি থাকিবলৈ সকলো বনজ সম্পদ সংৰক্ষণ কৰা অতিকে প্ৰয়োজন হৈ পৰিছে ৷ পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গছপুলি ৰোপণেৰে  বৃহৎ বনানীকৰন আৰু অৰণ্য স্থাপন  কৰিব নোৱাৰিলে বিশ্ব পৰিবেশ সোনকালে ধ্বংসৰ মুখত পৰিব। আনকি পাকিস্তানৰ দৰে দেশৰ  প্ৰধানমন্ত্ৰীয়ে ৭,৩০০ বৰ্গ কিল’মিটাৰতকৈও অধিক ভূমি অঞ্চল সংৰক্ষণ আৰু ৫,৫০০তকৈও অধিক বননীকৰণৰ বাবে উদ্যোগ হাতত লোৱা দেখা গৈছে।

১৯৮৬ চনত পৰিৱেশ (সুৰক্ষা) আইন এখন প্ৰৱৰ্ত্তন কৰা হয়। মানুহৰ উপৰিও প্ৰাণীজগত, উদ্ভিদ জগত, বিভিন্ন সা-সম্পত্তি আৰু পৰিৱেশ সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যে এই গুৰুত্বপূৰ্ণ আইনখন প্ৰৱৰ্ত্তন কৰা হৈছে। আইনখনত চাৰিটা অধ্যায় আৰু ২৬ টা অনুচ্ছেদ আছে।

পৰিৱেশ, পৰিৱেশ প্ৰদূষণৰ এই নিয়মাৱলী অনুসৰি য’তে ত’তে উদ্যোগ স্থাপন কৰাত বাধা প্ৰদান কৰা হৈছে। কিন্তু ভাৰত  চৰকাৰে ২০২১ চনত  এই আইন উলংঘা কৰিছে। EIA (Environmental Impact Assessment ),২০২১ত বিল সংশোধন  কৰি উদ্যোগপতিৰ হাতত অধিক ক্ষমতা তুলি দি পৰিবেশ বিনষ্ট কৰাত  ইন্ধন যোগাইছে। 

এই আইনখনত দিয়া মতে পৰিৱেশ হ’ল পানী, বায়ু, মাটি আৰু এই তিনিবিধ উপাদানৰ সৈতে মানৱ প্ৰজাতি, অন্যান্য জীৱ, উদ্ভিদ, ক্ষুদ্ৰ প্ৰজাতি আৰু সম্পদৰ মাজত থকা অন্তৰ্নিহিত সম্পৰ্ক।

আইনখনৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰক এনে কিছুমান ক্ষমতা দিয়া হৈছে যিবোৰ ব্যৱহাৰ কৰি পৰিৱেশ উন্নত কৰিব পৰা যায় আৰু সংৰক্ষিত কৰিব পৰা যায়। চৰকাৰসমূহকো তদ্ৰূপ কিছুমান ক্ষমতা দিয়া হৈছে।

পৰিৱেশ উন্নত কৰা আৰু সংৰক্ষিত কৰাৰ উদ্দেশ্যে এই আইনখনে কোনো কাৰখানাৰপৰা নিৰ্গত হোৱা গেছীয় আৰু অন্যান্য বায়ু প্ৰদূষণকাৰী পদাৰ্থৰ সহনসীমা নিৰ্দ্ধাৰণ কৰি দিছে। প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদসমূহে এই আইখনৰ নিৰ্দেশ অনুযায়ী বিভিন্ন প্ৰদূষণকাৰী উৎসবোৰ নিয়ন্ত্ৰিত কৰাৰ ক্ষমতা লাভ কৰিছে।

এই আইনখনৰ অধীনত কেন্দ্ৰীয় চৰকাৰক পৰিৱেশ সংৰক্ষণ নিয়মাৱলী প্ৰস্তুত কৰাৰ অধিকাৰ দিয়া হৈছে। সেইমতে কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰালয়ে পৰিৱেশ (সংৰক্ষণ) নিয়মাৱলী (১৯৮৬) প্ৰণয়ন কৰি বলবৎ কৰিছে। এই নিয়মাৱলী অনুসৰি য’তে ত’তে উদ্যোগ স্থাপন কৰাত বাধা প্ৰদান কৰা হৈছে। ১৯৮৭ চনত আইনখনৰ কিছু সংশোধন ঘটোৱা হৈছে।

পৰিৱেশ (সুৰক্ষা) আইনৰ অধীনত ৰাসায়নিক দুৰ্ঘটনা (আপদকালীন পৰিকল্পনা, প্ৰস্তুতি আৰু সঁহাৰি) নিয়মাৱলী (১৯৯৬) প্ৰতিখন ৰাজ্যতে প্ৰৱৰ্ত্তন কৰা হৈছে। এই নিয়মাৱলীৰ অধীনত ৪৩১ বিধ ৰাসায়নিক পদাৰ্থ পৰিৱেশৰ বাবে বিষাক্ত বুলি গণ্য কৰা হৈছে। ইয়াৰ উপৰিও ১৮ বিধ পেলনীয়া বস্তু পৰিৱেশৰ বাবে বিপদজনক বুলি চিহ্নিত কৰা হৈছে।(উৎস: পৰিৱেশ বিভাগ, ভাৰত চৰকাৰ)।

যি সময়ত  ২০১৮চনতে আৰম্ভ কৰা Fridays for Future আন্দোলনৰ  মাজেৰে খ্যাতি লাভ কৰা কনমানি গ্ৰেটা থুনবাৰ্গে  ২০১৯ ত ইউনাইটেড নেচনচ ক্লাইমেট চেঞ্জ কনফাৰেন্সত বিশ্ববাসীক সকিয়াই দিছিল - " How dare you.....আমাৰ ভবিষ্যত আমাক ঘূৰাই দিয়া" বুলি , সেই একে সময়তে ভাৰতবৰ্ষ আৰু বিশ্বৰ বহু দেশ মহাদেশৰ  দূষিত পৰিবেশে মানুহৰ মানসিক স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাত ইন্ধন যোগাইছে।

ৰ'ব, আপুনি এই লেখাটো পঢ়িলেনে, তেন্তে আপোনাৰ সন্তানৰ সতে এবাৰ বহক, কথাবোৰ তেওঁলোকৰ সাতে আলোচনা কৰক, অন্যথা এই লেখা মূল্যহীন।

No comments

Latest Articles